মূল পৃষ্ঠা / কৃষি / ৰেচম শিল্প / ননী খেতিৰ উন্নত পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ননী খেতিৰ উন্নত পদ্ধতি

ননী খেতিৰ উন্নত পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

পানী জমা হোৱা মাটিৰ বাহিৰে যিকোনো ধৰণৰ মাটি আৰু পৰিৱেশত ননী খেতি হয়। এই গছ বালিচহীয়া, পলসুৱা মাটিত ভাল হ’লেও সাৰযুক্ত বালিচহীয়া মাটিত ইয়াৰ ভাল হয়। ভাল নলাযুক্ত হিউমাছ থকা মাটি ননী খেতিৰ বাবে অতি উত্তম|

খেতিৰ প্ৰণালী

 

উষ্ণ আৰ্দ্ৰতা বিশিষ্ট জলবায়ু ননী খেতিৰ বাবে উপযোগী। মে’ৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আৰু ফেব্ৰুৱাৰীৰ পৰা এপ্রিল মাহলৈকে ননী গছ ৰোপণৰ বাবে আদৰ্শ আৰু উপযুক্ত সময়, কিয়নো এই সময়ত জলসিঞ্চনৰ সুবিধা আছে। ননীগছ ৰোপণৰ কাৰণে এজোপা গছৰ পৰা আনজোপা গছৰ নূন্যতম দূৰত্ব তিনি মিটাৰ হোৱাটো আৱশ্যক। প্রতি হেক্টৰ মাটিত ৩ মিঃ x ৩ মিঃকৈ (১১১১) এহেজাৰ এশ এঘাৰট পুলি ৰুব পাৰি। বন্ধ পানী ননী খেতিৰ বাবে উপযোগী নহয়, কিন্তু পুলি অৱস্থাত ইয়াক যথেষ্ট পৰিমাণৰ পানীৰ প্রয়োজন হয়। সেইবাবে ননীগছ ৰোপণ কৰা পিছৰপৰা নিয়মিত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে ভাল ফল পোৱা যায়। এবাৰ এই গছ ঠন ধৰি উঠাৰ পাছত শুকান পৰিৱেশতো জীয়াই থাকিবলৈ সক্ষম হয়। ননী গছবোৰৰ মাজে মাজে বহুতো খালী ঠাই এনেয়ে পৰি থকা দেখা যায়। এই দৰে থকা খালী ঠাইবোৰত অন্য লাগতিয়াল শস্যৰ খেতি কৰি ননী খেতিত হোৱা অপতৃণবোৰ ৰোধ কৰিব পাৰি বা সময় সাপেক্ষে অপতৃণবিলাক উভালি পেলাই ননী গছবোৰ ৰক্ষণাবেক্ষণ দিব পাৰি।

খেতি চপোৱা কার্য

 

ননী গছৰ কলম দিয়া কাণ্ডবিলাক ৰোপণ কৰাৰ ৪-১০ মাহৰ পাছত ফুল ফুলিবলৈ আৰম্ভ কৰে, কিন্তু বীজৰ পৰা হোৱা গছবিলাকৰ পৰা ফুল-ফল লাগিবলৈ ২ বছৰ সময়ৰ প্রয়োজন হয়। এপ্রিলৰ পৰা নৱেম্বৰ মাহলৈকে ফুল আৰু ফল লগাৰ উপযুক্ত সময়। অসমৰ জলবায়ুত এজোপা পূৰঠ তিনিবছৰীয়া গছৰ পৰা প্রায় ৫-৭ কেজি ফল পাব পাৰি। ই এটা স্থায়ী খেতি আৰু গড় আয়ুস ৪০ বছৰ, কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ননী খেতিৰ গড় আয়ুস ১০-২৫ বছৰ পর্যন্ত বুলি জানিব পৰা গৈছে। ননী ফলবিলাক যেতিয়া সেউজীয়াৰ পৰা সেউজ হালধীয়া বৰণৰ বা ক্রীম বগা বৰণৰ হয় তেতিয়া গছৰ পৰা ছিঙি আনিব লাগে।

পৰিপুষ্টিত পৰিচালনা

 

ননী খেতিৰ বাবে সীমিত পৰিমাণৰ সাৰ প্রয়োগ কৰিলেই হয়। প্রতি বছৰে ফেব্ৰুৱাৰী–মার্চ আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত দুবাৰ ২০-৩০ কেজি নিম কেক, প্রতি হেক্টৰ মাটিত দিলেই যথেষ্ট হয়। পুলি অৱস্থাত গছবোৰত নিয়মীয়া জলসিঞ্চনৰ প্ৰয়োজন। অতিৰিক্ত পানী যোগান ননী গছৰ বাবে উপযুক্ত নহয় কাৰণ অধিক পানীয়ে শিপা আৰু গছৰ গুৰি পচাই নিমাট’ড সংক্ৰমণৰ সুবিধা কৰে।

সান-মিহলি খেতি-

 

অধিক আয়ৰ বাবে ননী খেতিৰ সৈতে বিভিন্ন উদ্ভিদৰ খেতি কৰিব পাৰি, যিবিলাকে ননী গছক অপকাৰ নকৰে বা যিবিলাকত কীটনাশক দ্রব্যৰ প্ৰয়োগ নহয়। এই খেতি সম্পূৰ্ণ জৈৱিক হোৱাটো উচিত। শিপাৰ ভাৰসাম্য ৰক্ষা আৰু সূৰ্যৰ পোহৰৰ অসুবিধা নকৰা গছ ইয়াৰ লগত সমানে খেতি কৰিব পাৰি। এই ক্ষেত্ৰত খেতিয়কসকলক একেলগে তামোল, আদা, হালধি আৰু Stevia খেতি কৰাৰ পৰামর্শ দিব পাৰি। ইয়াৰোপৰি ননী খেতিৰ সৈতে কিছুমান দুষ্প্ৰাপ্য ফলৰ গছ যেনে— পনিয়ল, ৰূপহী থেকেৰা, নগালিচি, নগাটেঙা আদিৰো খেতি কৰিব পাৰি,যাৰ বাবে এই গছবোৰ সংৰক্ষিত হয়।

অনিষ্টকাৰী কীট পতংগ, বিভিন্ন ৰোগ আৰু সিহঁতৰ নিয়ন্ত্রণ-

 

যদিও ননী কীট-পতংগ আৰু বেমাৰ ৰোধকাৰী গছ, তথাপি প্রয়োজন সাপেক্ষে জৈৱিক কীটনাশক প্রয়োগ কৰি ননী গছৰ কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। সাধাৰণতে ফৰিং, চগা পোকৰ কণী, পাতখোৱা কীট পতংগবোৰ অপকাৰী আৰু এই অপকাৰবোৰ তেনেই সীমিত। এই কীট পতংগবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সঘনাই ননী উদ্যান চিকুণাই ৰাখিব লাগে আৰু নিমকেকৰ পানী ছটিয়ালে পোকবোৰ নষ্ট হয়। বেছি ভয়ানকভাৱে আক্রমণ কৰিলে নিম তেল ছটিয়ালে সুফল লাভ কৰিব পাৰি।

ননীৰ ৰোগবোৰ

 

১) ননীৰ এনথ্রাকন’চ বেমাৰ

এই ৰোগ এবিধ বীজাণুৰ কাৰণে হয়। সংক্রমিত অংশত টাৰগেট স্পট দেখা যায় অর্থাৎ পাতত কিছুমান ঐক্যকেন্দ্রিক বৃত্ত আকৃতিৰ দাগ দেখা দিয়ে, যিবোৰ ক্ৰমান্বয়ে বহল হ’বলৈ আৰম্ভ কৰে। সংক্ৰমিত অংশত ডাঙৰ ক’লা পৰা দাগ দেখা যায়। সংক্ৰমিত পাতবোৰ অকালতে সৰি পৰে। ৰোগৰ বিজাণু বায়ু আৰু বৰষুণৰ পানীৰ দ্বাৰা বিস্তাৰিত হয়।

নিয়ন্ত্ৰণ

ক) তলত সৰি পৰা ৰোগাক্ৰান্ত পাতবোৰ গছৰ তলৰ পৰা আঁতৰাই পেলাব লাগে।

খ) উপযুক্তভাৱে পানী ওলাই যোৱা নলা-নর্দমা স্থাপন, গছৰ গুৰিটো বন্ধ পানীৰ পৰা আঁতৰাই ৰখা, গছৰ কটা ডাল আৰু তলবোৰ চিকুণাই ৰখা।

গ) আক্ৰান্ত পাতবোৰত ভেঁকুৰনাশক স্প্ৰে’ কৰিব লাগে।

ঘ) চপোৱাৰ সময়ত হাত আৰু ব্যৱহৃত যন্ত্ৰৰ পৰা হ’ব পৰা সংক্রমণ ৰোধ কৰা|

২) ননীৰ ক’লা পতাকা ৰোগ

প্ৰৱলভাৱে আক্রান্ত এই বেমাৰৰ মূল বৈশিষ্ট্য হ’ল যে পাতবোৰ লেৰেলি যোৱাৰ নিচিনা হয় আৰু এই পাতবোৰ ডাল আৰু গা-গছৰ পৰা ওলমি পৰে। ৰোগৰ আৰম্ভণিতে পাত, ডাল আৰু মূল গা-গছজোপাত ক’লা আঁচ থকা দেখা যায়। বেমাৰ বেছিকৈ হ’লে গা-গছ আৰু ডালবোৰ ক’লা পৰি ভাঙি যায়। আক্রান্ত গছৰ ফলবোৰ অকালতে মৰহি যায়। সেমেকা বতৰ হ’লে এই বেমাৰ হয়। শুকান বতৰত ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা নাযায়| এজোপা গছৰ পৰা আনজোপা গছলৈ বোৱতী পানীৰ দ্বাৰা এই ৰোগ বিয়পে। শুকান পৰিৱেশৰ বতৰত আক্রান্ত গছবোৰ নতুনকৈ পোখা মেলি ৰোগৰ পৰা আৰোগ্য হ’ব পাৰে।

নিয়ন্ত্রণ

 

ক) উপযুক্ত সময়ত আন গছৰ লগত সান-মিহলিকৈ নৰখা, উপযুক্ত খেতিৰ প্ৰণালী, সমূহীয়া প্রচেষ্টা আৰু প্ৰতিৰোধক ব্যৱস্থাৰে ননীৰ ক’লা পতাকা ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

খ) ৰোগাক্রান্ত ডাল-পাতবোৰ চিনাক্ত আৰু ধ্বংস কৰা। ডাল কটা সঁজুলিবোৰ বীজাণুমুক্ত কৰি লোৱা।

গ) উপযুক্ত নলা খান্দি গছবোৰৰ মাজত পানী জমা নোহোৱা ব্যৱস্থা কৰা আৰু অপতৃণবোৰ ৰোধ কৰা|

ঘ) গছৰ বাবে উপযুক্ত খাদ্য আৰু পাতত ফচফৰাচ এচিড বা ফ’চগার্ড স্তেপ্ৰ’ কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

মলিবডেনামৰ অভাৱত হোৱা ৰোগ

মলিবডেনাম সহজে মাটি আৰু পানীত বিয়পি থাকে। গছৰ শ্ৰীবৃদ্ধিৰ বাবে নাইট্ৰজেন অতি প্রয়োজনীয় আৰু এই নাইট্ৰজেনৰ বিপাকীয় কার্যত মলিবডেনাম অতি দৰকাৰী| ম’লিবডেনামৰ অভাৱত পাতবোৰ ঠেক আৰু বয়সীয়া পাতবোৰ হালধীয়া হয়। পাতবোৰ সৰু ঠেক হৈ ঘোৰ খাই পৰে। অজৈৱিক যৌগ এম’নিয়াম মলিবডেট বা ছডিয়াম মলিবডেট প্রয়োগ কৰি এই অভাৱজনিত ৰোগ প্ৰতিকাৰ কৰিব পাৰি।

ননী খেতিৰ অৰ্থনৈতিক মূল্যায়ন-

 

ননী খেতি ৰোপণৰ ২৪ মাহৰ পাছৰ পৰা খেতি চপোৱা কাম আৰম্ভ হয়। ফলৰ পৰা লাভালাভ বছৰি বৃদ্ধি হৈ গৈ থাকে। এই লাভ ৪০ বছৰ বা তাতোকৈ বেছি বছৰলৈ পোৱা যায়। তুলনামূলকভাৱে অসমত আম, মাটিকঁঠাল আদিৰ খেতিতকৈ ননী খেতি আতি লাভজনক খেতি। ননী ফলৰ ৰস অত্যন্ত ঔষধি বজাৰমূল্য অতি উচ্চ গতিকে অসমৰ কৃষক ৰাইজে সকলো সময়তে এই ফলৰ ৰস কিনি খোৱাটো সম্ভৱ নহয়। যদিহে অসমৰ ৰাইজে ঘৰতে পৰি থকা মাটি ডোখৰত এই খেতি কৰি ননীজুচ প্রস্তুত কৰি খাব পাৰে তেনেহ’লে অদূৰ ভৱিষ্যতে সকলো মানুহ নিৰোগী হৈ থাকিব বুলি অনুমান কৰা হৈছে।

বর্ষা অৰণ্য গৱেষণা প্রতিষ্ঠানে কৃষকৰ সুবিধার্থে বৈজ্ঞানিক প্রযুক্তি প্রয়োগ কৰি এই ননী গছৰ ওপৰত গৱেষণা ইতিমধ্যে আৰম্ভ কৰিছে আৰু ননী জুচৰ প্ৰস্তুত কৌশল উদ্ভাৱন কৰিছে। অদূৰ ভৱিষ্যতে অসমৰ নিবনুৱা কৃষকসকলে এই খেতি কৰি স্বাৱলম্বী হ’ব বুলি আশা কৰা হৈছে। যদিহে কোনো কৃষকে এই ননী খেতি কৰিবলৈ মন মেলে, তেতিয়াহ’লে উৎপাদিত ননী ফলবিলাক যোৰহাটৰ বৰভেটাত অৱস্থিত মেঘালী উদ্যোগত বিক্ৰী কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ’লে বর্ষা অৰণ্য গৱেষণা প্রতিষ্ঠানৰ (যোৰহাট)ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

লেখিকাদ্বয়: গায়ত্রী গগৈ কোৱৰ, জেচমিনৱাৰা বেগম, দৈনিক জনমভূমি।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top