মূল পৃষ্ঠা / কৃষি / ৰেচম শিল্প / বিজ্ঞানসন্মত এৰা খেতি আৰু এৰী পলু পালন পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানসন্মত এৰা খেতি আৰু এৰী পলু পালন পদ্ধতি

বিজ্ঞানসন্মত এৰা খেতি আৰু এৰী পলু পালন পদ্ধতি

এৰা গছৰ পাত এৰীপলুৰ মূল খদ্য। অসমৰ পৰিবেশত একবৰ্ষী আৰু বহুবৰ্ষী দুই বিধৰ এৰা গছ পোৱা যায়।

সাধাৰণতে ৰঙা আৰু সেউজীয়া ৰঙৰ, পাউদাৰযুক্ত আৰু পাউদাৰবিহীন আদি নানা জাতৰ এৰা গছ পোৱা যায়। অসমত এৰী পলু পালকসকলৰ কোনো নির্দিষ্ট প্রণালীবদ্ধ এৰা গছৰ খেতি নথকাৰ বাবে তেওঁলোকে ওচৰ-পাজৰত হোৱা এৰা গছৰ পাত সংগ্ৰহ কৰি এৰী পলু পালন কৰে। ফলত, উন্নত মানৰ পাত উপযুক্ত পৰিমাণে যোগান ধৰিব নোৱাৰাৰ বাবে এৰীসূতাৰ উৎপাদন আশানুৰূপ নহয়। সেয়েহে এৰীপলু পালনত এৰা পাতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰিকাত এৰা খেতিৰ বিজ্ঞানসন্মত কৃষি পদ্ধতি উল্লেখ কৰা হৈছে।

মাটি নির্বাচন

  • জৈৱিক সাৰযুক্ত ওখ, পানী জমা নোহোৱা সমান মাটি এৰা খেতিৰ বাবে উপযুক্ত।
  • এৰা-তলীৰ পৰা পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থাকিব লাগে।
  • মাটিৰ অম্লতা (PH) ৫.০-৬.০ ৰ ভিতৰত হোৱাৰ আৱশ্যক।

এৰা গছৰ জাত আৰু বীজ নির্বাচন

  • স্থানীয় জাতৰ ভিতৰত পাউদাৰবিহীন ৰঙা জাতৰ আৰু অধিক উৎপাদনক্ষম জাতৰ ভিতৰত ৪৮-১ ৰ নিৰোগী আৰু পুৰঠ বীজহে এৰা খেতিৰ বাবে নির্বাচন কৰা উচিত।

এৰা-তলী প্রস্তুতিকৰণ

  • মাটিডৰা ২-৩ বাৰ দকৈ হালবাই চাহ কৰা উচিত।
  • উক্ত মাটিত ৯০ ছে.মি. দূৰত্বত ভেটি কৰি, ভেটিৰ ওপৰত ৪৫ ছে.মি. দূৰত্বত খল খান্দি লব লাগে।

সাৰ প্ৰয়োগ

মাটি চহোৱাৰ সময়ত প্রতি বিঘাত ৬.৫ কুইন্টল পচন সাৰ আৰু ১৭ কি.গ্রা, ইউৰিয়া, ৩৩ কি.গ্ৰা. চিংগল চুপাৰ ফচপেট (এছ এছ পি) আৰু ৪ কিলোগ্ৰাম মিউৰেট অফ পটাছ(এম অ পি)সাৰ প্ৰয়োগ কৰিব লাগে। আটাইখিনি এছ.এছ.পি. আৰু এছ.এছ.পি. সাৰ মাটি চহোৱাৰ সময়ত প্রয়োগ কৰিব লাগে।ইউৰয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ মাটি চহোৱাৰ সময়ত আৰু আনটো ভাগ গুটি সিচাৰ ৪৫ দিনৰ পাছত প্রয়োগ কৰিব লাগে। এই দ্বিতীয়ভাগ ইউৰিয়া গছৰ গুৰিৰ পৰা ১০-১৫ ছে:মি আতঁৰত খল(furrow)খান্দি গছৰ শাৰীবোৰৰ মাজত প্ৰয়োগ কৰিব লাগে।

বীজ শোধন

বীজ সিচাৰ আগতে ৰাসায়নিক ঔষধ কেপটাফ নাইবা ৱেভিষ্টিন প্রতি লিটাৰ পানীত ৩ গ্রামকৈ মিহলাই সেই মিশ্রণত বীজখিনি ১৬-১৮ ঘন্টা তিয়াই ৰাখি শোধন কৰি ল’ব লাগে।

বীজ সিচাৰ সময় আৰু পদ্ধতি

চত-বহাগ (মার্চ-এপ্রিল) আৰু আহিন-কাতি (অক্টোবৰ-নবেম্বৰ) মাহ এৰা গছৰ বীজ সিচাৰ বাবে উত্তম সময়।

  • আগতে তৈয়াৰ কৰি লোৱা প্রতিটাে খলত ৩ টাকৈ পূৰঠ বীজ কমেও ৬ ছে.মি. দকৈ পুতি দিব লাগে।
  • বীজ সিঁচাৰ পাছত প্রয়োজন সাপেক্ষে ২-৩ বাৰ পানী দিয়াৰ ব্যৱস্থা কৰা উচিত।
  • বীজ সিঁচাৰ পৰা ৭-১০ দিনৰ ওপৰত বীজ অংকুৰিত হয়।
  • পুলিবিলাক ১৫ ছে.মি. মান ওখ হোৱাৰ লগে লগে আটাইতকৈ নিশকতীয়া পুলিটো উভালি দিব লাগে। বাকী

পুলি দুটা ৩০ ছে.মি. মান ওখ হ’লে আটাইতকৈ ভাল পুলিটো ৰাখি আনটো উভালি পেলাব লাগে আৰু পুলিটোৰ গুৰিত মাটি চপাই দিব লাগে।

প্রতিপালন

এৰা খেতিডৰাত মাটিৰ জীপ কমি গ’লে প্রয়োজন সাপেক্ষে ১৫-২০ দিনৰ ব্যৱধানত ২-৩ বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

  • এৰা খেতিডৰাত ৩-৪ বাৰ পাতলিয়াকৈ কোৰ মাৰি ঘাঁহ বন নিৰাই দিব লাগে।

ৰোগ আৰু কীট পতঙ্গ নিয়ন্ত্রণ

এৰা গছপুলি পোৰা (seedling blight) বেমাৰৰ দ্বাৰা আক্রান্ত হ’লে কপাৰ অক্সিক্লৰাইড (ফাইট লান) প্রতিলিটাৰ পানীত ৩ মি.লি. হিচাবে লৈ গছৰ গুৰিত মাটিত প্রয়োগ কৰিব লাগে আৰু আক্রান্ত পুলিবোৰ উভালি পেলাব লাগে।

কীট-পতঙ্গৰ ভিতৰত এৰা গছত পাত শোহ পোক (castor semi looper), এৰা মজ্জা আৰু গুটি খোৱা পোক (castor shoot and capsule borer), Tēl বিছা (red hairy caterpillar), castor jassids & STEEN’ (M*li RIB|| নিয়ন্ত্রণ ব্যৱস্থা হিচাবে আক্রান্ত হোৱা গছৰ ডাল, পাতবোৰ কাটি পাতত থকা বিছাবোৰ নষ্ট কৰি পেলাব লাগে। ৰাসায়নিক পদ্ধতিৰে এন্দোচালফন চাৰি শতাংশ (Endosulphon 4%) দ্রৱণ এৰা খেতিডৰাত প্রয়োগ কৰিব লাগে।

কৃষি পৰিচালনা

পাতৰ উৎপাদন বৃদ্ধিৰ কাৰণে মুখ্য আৰু গৌণ ডালবোৰৰ আগবোৰ কাটি দিব লাগে আৰু গৌণ ডালৰ পুষ্প মুকুলবোৰ আতৰাই দিব লাগে।

পাত সংগ্রহ

  • পলু পালনৰ বাবে পুলি গজৰ ২/-৩ মাহৰ পাচত প্রথম পাত সংগ্ৰহ কৰিব পাৰি।
  • প্রথম পাত সংগ্ৰহৰ ১-১/ মাহৰ অন্তৰে অন্তৰে মাহ পর্যন্ত পাত সংগ্ৰহ কৰিব পাৰি। •

কীটনাশক দ্রব্য প্রয়োগ কৰিলে ২০-২৫ দিনৰ পাছতহে পাত সংগ্ৰহ কৰিব লাগে।

এৰী পলু পালন পদ্ধতি

উত্তৰ-পূৰ্বাঞ্চলৰ ৰেচম শিল্পৰ ভিতৰত এৰী পলুৰ স্থান অন্যতম। ভাৰতবৰ্ষত এৰী সূতা উৎপাদনৰ প্রায় ৫০ শতাংশ অসমত উৎপাদন কৰা হয়। এৰী পলু যিহেতু বহুচক্রী, ইয়াক বছৰটোত ৬-৭ বাৰ পুহিব পৰা যায়। অন্য পলুৰ তুলনাত এৰী যথেষ্ট ৰোগ প্রতিৰোধ ক্ষমতা আছে, তথাপি উন্নত কাৰিকৰী জ্ঞানৰ অভাৱত পলু পালকসকলে আশানুৰূপ ফল পাবলৈ অসমর্থ হয়। গতিকে এই পত্রিকাত বিজ্ঞানসন্মত পলু পালন পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে।

পলু পালন গৃহ

  • পলু পোহা গৃহত বতাহ চলাচলৰ সু-ব্যৱস্থা থাকিব লাগে।
  • চাৰিওকাষে বাৰান্দাযুক্ত আছুতীয়া গৃহ পলু পুহিবৰ বাবে উপযুক্ত।
  • পলু পোহা গৃহ সাধাৰণতে উত্তৰমুৱা হোৱা আৱশ্যক।
  • পলু পোহা গৃহৰ দুৱাৰ-খিৰিকিবোৰ মাখি নাহিবৰ কাৰণে জালি লগোৱাৰ ব্যৱস্থা কৰিব লাগে।

পলুৰ সঁচ নির্বাচন

উন্নত, বেমাৰ বিহীন থলুৱা পলুৰ সঁচ নির্বাচিত কৰিব লাগে।

পলু পালনৰ সময়

চত-বহাগ আৰু আহিন-কাতি মাহ পলু পালনৰ বাবে উপযুক্ত সময়। প্রয়োজনীয় পাতৰ ব্যৱস্থা থাকিলে এৰী পলু গোটেই বছৰ ধৰি পালন কৰিব পাৰি।

পলু পালন গৃহ আৰু সঁজুলি পৰিশোধন

  • পলু পোহা ঘৰৰ মজিয়াখন আৰু সঁজুলিসমূহ শতকৰা চাৰিভাগ ফৰমেলিন পানীৰ লগত মিহলাই ধুই ল'ব লাগে।
  • পলু পালন গৃহৰ চাৰওফালে ব্লিচিং পাউদাৰ আৰু চূনৰ মিশ্ৰনৰ স্প্ৰে কৰি দিব লাগে।
  • পলু পালনৰ পিছত ততালিকে পলু পালন গৃহ আৰু সজুলিঁসমূহ একেধৰনৰে পৰিশোধন কৰি লব লাগে।

কণী উমনি দিয়া

২২-২৯° ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮৫-৯০% আপেক্ষিক আদ্রতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত পৰিবেশ।

পলুৰ কণীৰ পৰিশোধন

কণীবোৰ পলু জগাৰ আগতে ২% ফৰমেলিন (Formalin) দ্রৱৰে ধুই শোধন কৰি শুকুৱাই ল’ব লাগে।

পলু পালন পদ্ধতি

  • কণী ফুটি ওলোৱাৰ পাচ সদ্যজাত পলুবোৰ সামূহিকভাৱে থুপ খাই থাকে। এৰা গছৰ কুমলীয়া পাত খাবলৈ দিলে পাতৰ তল ভাগলৈ বগাই আহে আৰু থুপ পাতি খাবলৈ আৰম্ভ কৰে। এনে অৱস্থাত পাতেৰে সৈতে পলুবোৰ ডলালৈ স্থানান্তৰ কৰা হয়।পলুৰ বয়সৰ লগত সামঞ্জস্য ৰাখি পলুৰ প্রথম আৰু দ্বিতীয় অৱস্থাত কুমলীয়া পাত,তৃতীয় অৱস্থাত মধ্যমীয়া,আৰু চতুৰ্থ আৰু পঞ্চম অৱস্থাত পূৰঠ পাত খাবলৈ দিব লাগে।
  • দেহ বৃদ্ধিৰ লগে লগে পলুৰ খোৱাৰ মাত্ৰাই ক্ৰমে বৃদ্ধি পায়।সেয়েহে পলুৰ প্ৰথম অৱস্থাত দিনটোত এবাৰ,দ্বিতীয় অৱস্থাত দুবাৰ,তৃতীয় অৱস্থাত তিনিবাৰ,চতুৰ্থ আৰু পঞ্চম অৱস্থাত চাৰিবাৰ পাত খাবলৈ দিব লাগে।
  • পলু পালনৰ সময়ত প্ৰ্তিদিনে ডলাৰৰ ভালদৰে পৰিস্কাৰ কৰি লব লাগে।প্ৰ্তিদিনে পুৱা ডলাবোৰৰ পলুটো সৰকিব  পৰাকৈ একোখনকৈ জাল পাৰি ,জালৰ ওপৰত নতুন পাত দিব লাগে।তেনে কৰিলে ডালত থকা পলুবোৰ জালিৰ ওপৰলৈ পাত খাবৰ্ বাবে বগাই আহে।পলুবোৰ জালিৰ ওপৰলৈ অহাৰ পাছত তলৰ ডলাখন ভালদৰে পৰিস্কাৰ কৰি দিব লাগে।
  • পলু পালন কৰোতে পলু পালন কৰা ঘৰটো আৰু সজুলিঁবোৰ প্ৰতিদিনে পৰিস্কাৰ কৰি লব লাগে।
  • উপযুক্ত পৰিৱেশ নিয়ন্ত্ৰনৰ কৰিবৰ কাৰনে পলু পোহা ডলাবোৰত পলুৰ অৱস্থা অনুসৰি ইহতৰ পৰিমান নিৰ্নয় কৰিব লাগে।
  • তৃতীয়বাৰ মূদ সলোৱাৰ পাচত পলুবোৰক এৰাপাতৰ জোকা বন্ধি অৰ্থাৎ চাৰি বা পাচ খিলা পৈনত  এৰাপাত একলগ কৰি খেৰ বা টঙালৰে বান্ধি দিব লাগে।জোকাবোৰ চাৰি খুটিয়া পলুপোহা ষ্টেণ্ডত পথালিকৈ বাহঁৰ মাৰি দ বান্ধি দিব পাৰি।জোকাবোৰৰ তলত ডলা ৰাখিলে পলুৰলাদ পেলোৱাত সহজ হয়।

মোট সলাওতে ল’ব লগা সাৱধানতা

  • এৰী পলুৱে চাৰিবাৰ মোট সলায় বা ছাল কাটে।
  • ছাল কটাৰ সময়ত পলু পালন কৰা ঘৰটো পৰিষ্কাৰ কৰি পাৰ্য্যমানে শুকান কৰি ৰাখিব লাগে।
  • এৰী পলুৱে ছাল কটাৰ বা মোট সলোৱাৰ সময়ত পুলবোৰক পাত দিয়াতো অনুচিত। নতুন অৱস্থাপ্রাপ্ত হলেহে
  • পলুক পাত খাবলৈ দিব লাগে।
  • ছাল কটাৰ সময়চোৱাত পলবোৰ হাতেৰে স্পর্শ কৰিব নালাগে বা কোনো ধৰণৰ আমনি দিব নালাগে।

পলুৰ খোলা বা লেটা বন্ধা আৰু সংগ্রহ

  • পলু পকিলে পাতল আৰু স্পর্শ কৰিলে খৰ খৰ এটা শব্দ হয়।
  • খোলা বন্ধ ঘৰত ২৬-২৮° ছেঃ উষ্ণতা আৰু ৭০-৮০ শতাংশ আপেক্ষিক আদ্রতা নিয়ন্ত্রণ কৰিব লাগেআৰু বতাহ চলাচলৰ সুবিধা থাকিব লাগে।
  • পকা পলু সংগ্ৰহ কৰি বাঁহৰ চন্দ্ৰকীত খোলা বান্ধিবলৈ দিব লাগে।
  • জহকালি খোলা বন্ধাৰ পৰা ৬-৭ দিনত আৰু জাৰকালি ৮-৯ দিনত চন্দ্ৰকীৰ পৰা খোলা সংগ্ৰহ কৰিব লাগে।

উৎসঃ গৱেষণা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট-৭৮৫ ০১৩

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top