মূল পৃষ্ঠা / কৃষি / ৰেচম শিল্প / বিজ্ঞানসন্মত পদ্ধতিৰে এৰী পলু পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানসন্মত পদ্ধতিৰে এৰী পলু পালন

বিজ্ঞানসন্মত পদ্ধতিৰে এৰী পলু পালনৰ বিষয়ে লিখা হৈছে

 

বৰ্তমান এৰী শিল্পই অসমতে নহয় বিশ্বৰ দৰবাৰতো এক উল্লেখযোগ্য আসন দখল কৰিবলৈ সক্ষম হৈছে।অসম চৰকাৰেও এৰী শিল্পৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছে।এৰী পলু বছৰত ৫/৬ বাৰ পুহিব পাৰি।যদিও এৰী পলুৰ যথেষ্ট ৰোধ প্ৰতিৰোধী ক্ষমতা আছে তথাপি উন্নত প্ৰযুক্তি বিদ্যা আৰু সা-সৰঞ্জামৰ অভাৱত পলুপালকসকলে আশানুৰুপ ফল লাভ কৰিবলৈ সমৰ্থ নহয়।গতিকে পলুপালকসকলৰ প্ৰয়োজনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তলত এৰী পলু পালনৰ বিজ্ঞানসন্মত পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল।

পলু পালন গৃহ:

 

পলু পালনৰ বাবে ভালদৰে বতাহ চলাচল কৰিব পৰা চাৰিওকাষে বাৰাণ্ডা থকা গৃহৰ প্ৰয়োজন।

পলুৰ সঁচ নিৰ্বাচন:

 

বৰদোৱাৰ,তিতাবৰ,কোকৰাঝাৰ,বৰ্ণসংকৰ জাত (YZ*GBS&GBS*GBZ)হৈছে এৰী পলুৰ উন্নত জাত।

পলু পালনৰ সময়:

 

এৰী পলুৱে খোৱা পাতৰ ব্যৱস্থা থাকিলে গোটেই বছৰ ধৰি এৰী পলু পালন কৰিব পাৰি।আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ এৰী পলু পালনৰ বাবে উত্তম সময়।

পলু পালনৰ গৃহ আৰু সঁজুলি পৰিশোধন:পলু পালনৰ গৃহ আৰু সঁজুলিসমুহ ৫ শতাংশ ব্লিচিং পাউদাৰৰ দ্ৰৱণেৰে পলু পালনৰ তিনি দিনৰ পুৰ্বে ভালদৰে ধুই ল’ব লাগে।পলু পালন গৃহৰ চাৰিওকাষে ২:৯৮ অনুপাতত ব্লিচিং পাউদাৰ আৰু চুণৰ মিশ্ৰণ ছটিয়াব লাগে।

পলুৰ খাদ্য যোগান আৰু ডলা পৰিষ্কাৰকৰণ:সাধাৰণতে ২৫-২৬ ছে: উষ্ণতা আৰু ৮০-৮৫ শতাংশ আৰ্দ্ৰতা এৰী পলুৰ কণী উমণি  দিবৰ বাবে উপযুক্ত।কণী ফুটি ওলোৱা সদ্যোজাত পলুবিলাক চৰাই পাখি বা কোমল ব্ৰাছেৰে কুমলীয়া পাতত দিব লাগে।চালুকীয়া অৱস্থাত প্ৰতিদিনে ৩/৪ বাৰ আৰু শেহতীয়া অৱস্থাত পলুক ৫ বাৰকৈ খাদ্য যোগান ধৰিব লাগে।প্ৰথম আৰু দ্বিতীয় স্তৰত কুমলীয়া,তৃতীয় স্তৰত মধ্যমীয়া আৰু চতুৰ্থ আৰু পঞ্চম স্তৰৰ পলুক পুৰঠ পাত খাবলৈ দিব লাগে।প্ৰথম স্তৰত এবাৰ ,দ্বিতীয় স্তৰত দুবাৰ,তৃতীয় স্তৰত তিনিবাৰ,চতুৰ্থ আৰু পঞ্চম স্তৰৰ পলুৰ ক্ষেত্ৰত প্ৰতিদিনে পলুৰ ডলা পৰিষ্কাৰ কৰিব লাগে।এখন এক মিটাৰ ব্যাসাৰ্ধৰ ডলাত পঞ্চম স্তৰৰ প্ৰায় তিনিশ পলু ৰাখিব লাগে।তৃতীয়ৰ পৰা পঞ্চম স্তৰৰ পলু প্ৰয়োজন সাপেক্ষে বাঁহৰ ডাঙত পাতৰ মুঠি আঁৰি দি পলু পালন কৰিব পাৰি।

মোট সলাওঁতে ল’ব লগা সাৱধানতা:এৰী পলুৱে ৩/৪ বাৰ পৰ্যন্ত মোট সলায়।বতৰ আৰু পলুৰ স্তৰ বিশেষে ২৪ ৰ পৰা ২৮ ঘণ্টাৰ ভিতৰত পলুৱে মোট সলোৱা সম্পুৰ্ণ কৰে।মোট সলোৱা অৱস্থাত পলু পালন গৃহত ভালদৰে বায়ু চলাচলৰ ব্যৱস্থা কৰি ডলাবোৰ শুকান কৰি ৰাখিব লাগে।যেতিয়া প্ৰায় ৯৫ শতাংশ পলুৱে মোট সলোৱা সম্পুৰ্ণ কৰে তেতিয়াহে পলুক পুনৰ খাদ্য যোগান ধৰিব লাগে।

পলুৰ খোলা বা লেটা বন্ধা আৰু সংগ্ৰহ:পকা পলু সংগ্ৰহ কৰি বাঁহৰ ডাঙত খোলা বান্ধিবলৈ দিলে ভাল লেটা পোৱা যায়।খোলা বন্ধা গৃহত ২৪/২৬ ডিগ্ৰী ছে: উষ্ণতা আৰু ৮০ শতাংশ আৰ্দ্ৰতাত নিয়ন্ত্ৰণ কৰিব পাৰিলে উন্নত মানৰ খোলা পোৱা যায়।খোলা বন্ধাৰ সময়ত বায়ু চলাচলৰ সু-ব্যৱস্থা থাকিব লাগে।

এৰী পলুৰ বেমাৰ আৰু অনিষ্টকাৰী কীট-পতংগ-

 

সাধাৰণতে তলত দিয়া বেমাৰসমুহে এৰী পলুক আক্ৰমণ কৰা দেখা যায়।

ফুটুকা বেমাৰ:ই এবিধ এককোষী জীৱৰ দ্বাৰা সৃষ্ট মাৰাত্মক বেমাৰ।এই বেমাৰ হ’লে গোটেই পলুবাহ নষ্ট হয়।উক্ত বেমাৰৰ ফলত পলুৰ গাত ক’লা দাগ পৰে,ভোজন স্পৃহা কমি যায় আৰু মোট সলোৱা অনিয়মীয়া হয়।এই বেমাৰৰ পৰা পলুজাকক ৰক্ষা কৰিবলৈ হ’লে নিৰোগী চকৰিৰ কণীহে সংগ্ৰহ কৰিব লাগে,পলু পোহাৰ আগত আৰু পিছত পলু গৃহ আৰু সঁজুলিসমুহ ৫ শতাংশ ব্লিচিং পাউদাৰেৰে শোধন কৰি ল’ব লাগে।বেমাৰত আক্ৰান্ত পলুবোৰ পুতি পেলাব লাগে।পলু গৃহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগে।

মুখ লগা বেমাৰ:এই বেমাৰ হ’লে পলুবাহ নষ্ট হয়।গ্ৰীষ্ম কালত উষ্ণতাৰ তাৰতম্য ঘটিলে এই বেমাৰ হ’ব পাৰে।উক্ত বেমাৰত আক্ৰান্ত হ’লে পলুবোৰ দুৰ্বল হয়,মৰাৰ পিছত ক’লা বৰণীয়া হয়,পলুৰ মলদ্বাৰ বাহিৰ ওলাই আহে।এই বেমাৰৰ পৰা পলুজাকক ৰক্ষা কৰিবলৈ হ’লে পলু পোহাৰ আগতে পলুগৃহ আৰু সঁজুলিসমুহ দুই শতাংশ ফ’ৰমেলিন দ্ৰৱণেৰে পৰিশোধন কৰি লওক।বেমাৰী পলুবোৰ পুৰি পেলাওক আৰু পলু পোহাৰ সময়ত পলুগৃহ পৰিষ্কাৰ কৰি ৰাখক লগতে পলুক উপযুক্ত খাদ্য যোগান ধৰক।

উজী মাখি:বছৰৰ প্ৰতিটো মাহতে উজী মাখিয়ে পলুক কম-বেছি পৰিমাণে আক্ৰমণ কৰে যদিও ইয়াৰ আক্ৰমণ ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈ অধিক হয়।এই মাখিজাকৰ পৰা পলুবাহক বচাবলৈ হ’লে পোহা ঘৰৰ দুৱাৰ খিৰিকীত নাইলনৰ আঁঠুৱা লগাব লাগে।পলু গৃহ চাফ-চিকুণ ৰাখি ব্লিচিং পাউদাৰ ছটিয়ালে উজী মাখিৰ পৰা পৰিত্ৰাণ পাব পাৰি।উজী মাখিৰ খোলাবোৰ সংগ্ৰহ কৰি পুৰি নষ্ট কৰি পেলাব লাগে।

উৎস:ৰাইজৰ বাতৰি

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top