অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৌ পালন :

মৌ পালনৰ বিষয়ে লিখা হৈছে ।

 

ভ্ৰাতৃপ্ৰতিম ফটোগ্ৰাফাৰ বন্ধু ফৈজে(Faiz Rehmanফৈজ ৰহমান) এ সপ্তাহ মান আগত ফেচবুকত “A Beekeeper busy at work for honey making process…” শিৰোনামাৰে এখন ফটোগ্ৰাফ আপডেট দিছিল। প্ৰথম দৃষ্টিত ফটোখন মই বাহিৰৰ ক’ৰবাৰ যেনে পাইছিলোঁ, যিহেতু তেনেধৰণৰ দৃশ্য মই আমাৰ অঞ্চলত আগতে কেতিয়াও দেখা নাছিলোঁ।

পিছলৈ ভালকৈ মনোযোগেৰে চোৱাত পিছফালে থকা পাহাৰ খনলৈ চকু গ’ল, ফটোৰ সেই পাহাৰখন চোন মোৰ চিৰ চিনাকি চান্দৰডিঙা পাহাৰেই হয়।

আজিৰ কাহিনীৰ উৎস ফৈজৰ সেই ফটোখনৰ বিষয়বস্তুৰ অনুসন্ধান। অৱশ্যে যোৱা বছৰেই পশ্চিমবংগ পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চান্দৰডিঙা অঞ্চললৈ আহিছিল কেই জনমান উদ্যমী কৰ্মঠ যুৱক।

নিচেই কম আনুষ্ঠানিক শিক্ষা থকা সেই যুৱক কেইজন অসমলৈ আহিছিল এটা সপোনক সাৰথি কৰি জীৱিকাৰ পথ উলিয়াবলৈ মাথো ৩/৪ সপ্তাহৰ বাবে। নাই, তেওঁলোক কোনো প্ৰডাক্ট বিক্ৰী কৰিবলৈ বা কোনো ঠিকাদাৰৰ বনুৱাহৈ অহা নাছিল।

তেওঁলোক আহিছিল কৃষকৰ সাৰথি হৈ, আনৰ উপকাৰ কৰিও যোৱা বছৰ তেওঁলোকে নিজৰ পৰিয়াললৈ লৈ যাবলৈ সক্ষম হৈছিল এক ভাল অংকৰ মুনাফা। স্থানীয় কৃষকক দি গৈছিল এক অনন্য উদাহৰণ… যাৰ পৰা শিকিবলগীয়া ভালেখিনি আছে।

ফৈজৰ ফটোখন আছিলে সৰিয়হৰ খেতিৰ ওচৰত শাৰী শাৰীকৈ পতা কিছুমান মৌ বাকচৰ য’ত এজন মানুহে মৌজোল সংগ্ৰহৰ কাম কৰি আছে।

আমাৰ অসমত এনেকৈ মুকলি পথাৰত শাৰী পাতি মৌ পালন কৰা মই দেখা নাই কেতিয়াও, বা ক’ৰবাত এনেকৈ মৌ-পালন কৰিলেও ইমান বৃহৎসংখ্যক বাকচৰ সতে মৌ-পালন দেখা মোৰ জীৱনত এয়াই প্ৰথম।

এনেকুৱা দৃশ্য এটা স্বচক্ষে চাবলৈ পালে ভাল লাগিবই, সেয়ে পলম নকৰি উপস্থিত হ’লো ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কাষৰ সেই ঠাই ডোখৰত য’ত ফৈজে ফটোখন তুলিছিলে।

৩১নং ৰাষ্টীয় ঘাই পথৰ পৰাই দেখাপায় সেই বাকচবোৰ। দেখিলোঁ সৰিয়হৰ খেতিৰ ঠিক কাষতে পথাৰৰ মাজত প্ৰায় ১৫০টা মান মৌ-বাকচ শাৰীপাতি থোৱা আছে। কাষত এটা সৰু তম্বুঘৰ, পথৰ ওপৰতে গাড়ীখন থৈ চিধাই তম্বুঘৰটো পালোঁগৈ। মই মাত লাগোৱাত প্ৰথম অৱস্থাত অলপ চকখোৱাৰ দৰ হ’ল তেওঁলোক, তম্বুৰ ভিতৰত ৬জন মানুহ তাৰে ২জনে ৰাতিৰ সাজৰ ভাত বনোৱাৰ যা-যোগাৰ কৰি আছে। মই অসমীয়াতে অহাৰ উদ্দেশ্য কোৱাত তেওঁলোকৰ এজনে বাংলাৰে উত্তৰ দিলে…।

মই এইবাৰ বাংলাত কোৱাত কথাখিনি বুজি পাই তাৰে এজনে চোলা এটা পিন্ধি তম্বুঘৰৰ পৰা ওলাই আহিল। তেখেতৰ নাম শ্যাম সুন্দৰ মণ্ডল, আৰু তেওঁৱে হ’ল পশ্চিমবংগৰ পৰা অহা এই মৌ-পালক দলটোৰ দলনেতা।

তেখেতক মই এনেই ফুৰিব আৰু মৌপালন সম্পৰ্কে জানিব অহা বুলি কোৱাত মানুহ জনে নিজেই ক’লে “এই এলাকায় মধু চাষেৰ প্ৰচলন নাই বলে খবৰ পেয়েছিলাম দু বছৰ আগেই।

গত বছৰ আমাদেৰ ওখান থেকে এখানে এসে ৮-১০ জন কৃষক সৰিষা ক্ষেতে মধু চাষ কৰে প্ৰচুৰ লাভবান হয়েছেন, তাই এবাৰ কিছু বেশী বাক্স নিয়ে আমৰা এসেছি”। তাৰ পিছত তেখেতৰ পৰা গ’ম পালোঁ এইবছৰ তেওঁলোক ১৮ জন আহিছে মালদা জিলাৰ শাহাপুৰৰ পৰা।

এওঁলোক সকলোৱেই মৌ-পালক। প্ৰায় গোটেই বছৰে তেওঁলোকে বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যা আদি ঠাইত ভ্ৰাম্যমাণ হিচাবে মৌপালন কৰে।

ৰতনেহে ৰতন চিনি পায়, সেয়ে নামনি অসমৰ আটাইতকৈ বেছি  সৰিয়হৰ খেতি (cluster) থকা এই অঞ্চল তেওঁলোকৰ বাবে এক অতি উপযোগী মৌ পালন ক্ষেত্ৰ, আৰু সেয়ে এই অঞ্চলৰ সৰিয়হৰ খেতিৰ খবৰ তেওঁলোকে হাজাৰ মাইল দূৰৰ পৰাই ৰাখিছে।

অঞ্চলটোৰ হাকামা, বামুনগাঁও, টিলাপাৰা, কেৰাভিটা, শালকোচা, ভোলাপাৰা, চলকাপাৰা, হাতীপোতা ইত্যাদি গাঁওবোৰত মিলাই কেৱল এই অঞ্চলতেই আছে নিৰৱচ্ছিন্ন ভাৱে প্ৰায় ১০ হাজাৰ হেক্টৰ সৰিয়হৰ খেতি।

এই অঞ্চলবোৰৰ ৫ ঠাইত সেয়ে তেওঁলোকে শাৰীবদ্ধভাৱে বহাইছে ৫০০কৈও অধিক মৌ বাকচ। দিনে নিশাই তেওঁলোক মৌমাখিৰ পৰিচৰ্যাৰ লগতে নিৰ্ধাৰিত সময়ৰ পিছে পিছে মৌ কলনিৰ অৱস্থাৰ পৰ্যবেক্ষণ কৰে।

শ্যাম সুন্দৰে কোৱা মতে মৌমাখিয়েহে কাম কৰে আমি কেৱল মৌমাখিৰ কিবা অসুবিধা হ’লে তাক আঁতৰ কৰিবলৈ যত্ন কৰো। আন জীৱ জন্তু পালনত থকা পৰিশ্ৰমৰ দৰে মৌ-পালনত শ্ৰমৰ সিমান প্ৰয়োজন নাই।

বিশেষ স্কুলীয়া শিক্ষা এওঁলোকৰ কাৰোৰেই নাথাকিলেও এওঁলোকৰ মৌ-পালনৰ ব্যৱহাৰিক জ্ঞান অপৰিসীম, মৌমাখি সম্পৰ্কে পুংখানুপুংখভাৱে জানে এওঁলোকৰ প্ৰত্যেকেই।

এই ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ আৰু আৰ্থিকভাৱে সহায় কৰে ‘Malda Bee-keeping and honey processing cluster industrial co-operative society’ নামৰ এটা বেচৰকাৰী সন্থাই। প্ৰয়োজনত এই সন্থাই তেওঁলোকক বজাৰৰ সুবিধা আদিও কৰি দিয়ে।

অৱশ্যে ইয়াৰ বাবে মৌ-পালনক সকলে নিজৰ আয়ৰ ১০% আদায় দিব ল’গীয়া হয় সন্থাটোক। মৌমাখি পালনৰ বাবে তেওঁলোক ব্যৱহাৰ কৰে এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ। এই মৌমাখিক ইউৰোপীয়ান মৌমাখি বুলিও জনা যায়।

নিৰ্ধাৰিত মাপজোখ আৰু আকৃতিৰ কাঠেৰে সজা বাকচত মৌমাখি খিনিক বিজ্ঞানভিত্তিক পদ্ধতি অনুসৰি পালন কৰা হয়। প্ৰতিটো বাকচতে ৯টাৰ পৰা ১০টালৈকে ফ্ৰেম থাকে। বৰ্তমান পৃথিৱীত সিংহভাগ মৌ উৎপাদিত হয় এই এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ মাধ্যমৰে।

এই প্ৰজাতিৰ মৌমাখিৰ এটি বাকচৰ পৰা বছৰত ৫০ কেজিলৈকে মৌ পোৱা যায়। যাৰ সিংহভাগেই আহে সৰিয়হৰ খেতিৰ পৰা। সেয়ে সৰিয়হ খেতিৰ কাষতেই শাৰীবদ্ধকৈ শ্যাম সুন্দৰহঁতে বহাইছে মৌমাখিৰ বাকচবোৰ।

হাজাৰ হাজাৰ মৌমাখিয়ে হালধীয়া সৰিয়হ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি বাকচত জমা কৰিছে আৰু প্ৰতি ৬-৭ দিনৰ মূৰে-মূৰে সেই বাকচবোৰৰ পৰা বিশেষ পদ্ধতি ব্যৱহাৰ কৰি মৌজোল সংগ্ৰহ কৰিছে তেওঁলোকে। প্ৰতি বাকচত আছে প্ৰায় ২০ পৰা ৩০ হাজাৰ কৰ্মী মৌমাখি আৰু আছে এজনী ৰাণী মৌমাখি।

ৰাণীয়ে কণী পাৰে আৰু কৰ্মী মৌমাখিবোৰ গোটেই দিনটো সৰিয়হৰ ফুলে ফুলে উৰি পৰাগসংযোগ ঘটায় আৰু মৌ সংগ্ৰহ কৰে। মৌবোৰে প্ৰায় ৩ কিলোমিটাৰ দূৰৰ সৰিয়হ খেতিলৈকে যায় আৰু তাৰপৰা মৌ সংগ্ৰহ কৰে। প্ৰতিটো বাকচত পৰা প্ৰতি সপ্তাহত ১০ পৰা ১২ লিটাৰলৈ মৌ সংগ্ৰহ কৰা যায়।

এইবাৰ অহা যাওঁক সৰিয়হ খেতিৰ লগত কৰা এই মৌমাখি পালনৰ আৰ্থিক দিশটোলৈ। বাকচ আৰু তাৰু তাৰ ভিতৰত থকা ফ্ৰেম খিনিৰ দাম প্ৰায় ১৫০০ টকা মান হয়গৈ। অৱশ্যে এটা বাকচ ভালকৈ ব্যৱহাৰ কৰিলে প্ৰায় ৮-১০ বছৰলৈ ভালে থাকে।

মৌমাখি বোৰ বাকচৰে সৈতে কিনিব লগীয়া হ’লে দাম প্ৰায় ৩ হেজাৰ টকা মান। এই ক্ষেত্ৰতো তেওঁলোকক ওপৰত উল্লেখিত বে-চৰকাৰী সন্থাটোৱে সহায় কৰে। এটা বাকচৰ পৰা কেৱল সৰিয়হৰ বতৰতে আহৰণ কৰিব পাৰি অতি কমেও ২০ লিটাৰ মৌ।

বজাৰত মৌৰ মূল্য লিটাৰে প্ৰতি ৩০০ পৰা ৪০০ টকালৈ অৰ্থাৎ একোটা বাকচৰ পৰা কমেও ৬ হাজাৰ টকাৰ মৌজোল বিক্ৰী কৰিব পৰা যায়। কেৱল সেয়াই নে! সৰিয়হৰ খেতিত মৌমাখি থাকিলে সেই খেতিত স্বাভাৱিকতকৈ ৩০ পৰা ৩৫ শতাংশৰ ফলন বাঢ়ি যায় কাৰণ মৌমাখি সৰিয়হৰ ফুলত যি পৰাগায়ন ঘটায় তাৰ ফলস্বৰূপে সৰিয়হৰ গুটি ডাঙৰ আৰু ফচলৰ পৰিমান বৃদ্ধি হয়।

সেয়াও মৌ পালনৰ এক উল্লেখনীয় অৱদান। তেওঁলোকৰ কেম্পৰ কাষতেই ল’গ পাইছিলোঁ শিক্ষক তথা খেতিয়ক আজিজুল ডাঙৰীয়াক।

তেখেতৰ মতে যোৱা বছৰ এওঁলোকে ইয়ালৈ মৌমাখি বোৰ অনাৰ পিছত সৰিয়হৰ খেতিত আন  বছৰতকৈ  ভালেখিনি শস্য বেছিকৈ পাবলৈ তেওঁ সক্ষম হৈছে, কেৱল তেওঁয়েই নহয় অঞ্চলটোৰ সৰু ডাঙৰ সকলোৱে শ্যাম সুন্দৰহঁতে কৰা মৌ পালনৰ বাবে উপকৃত হৈছে।

গতিকেই ভবিষ্যতেও শ্যাম সুন্দৰহঁতক সকলো ধৰণৰ সহযোগিতা দিবলৈ প্ৰতিজন কৃষকেই প্ৰস্তুত। এইবাৰৰ মৌ পালনৰ পৰা শ্যাম সুন্দৰহঁতে ১০ টন মৌজোল উলিয়াবলৈ সক্ষম হ’ব বুলি আশাবাদী যাৰ বজাৰ মূল্য ৩০ লাখ টকা।

লগতে অঞ্চলটোত সৰিয়হৰ উৎপাদন বৃদ্ধি হব আনুমানিক প্ৰায় ১৫০ টন। যিটো সাধাৰণ কথা হ’ব নোৱাৰে কেতিয়াও। পিছে ইয়াৰ পৰা আৰু অধিক উৎপাদন সম্ভৱ আছিল।

নামপ্ৰকাশত অনিচ্ছুক এজন খেতিয়কৰ মতে অঞ্চলটোত যধে-মধে গঢ়লৈ উঠা ইটাৰ ভাটা সমূহৰ পৰা নিৰ্গত ধোৱাই প্ৰভাৱ পেলাইছে সকলো ধৰণৰ খেতিৰ লগতে বিশেষকৈ মৌমাখি পালনতো।

তেওঁৰ মতে ভাটা সমূহৰপৰা নিৰ্গত ধোৱাই কৰ্মী মৌমাখিৰ স্বাভাৱিক কাম কাজত বাধা ওপজায়।

তাৰোপৰি এই ভাটাবোৰত ৰাতি জ্বলোৱা উজ্বল পোহৰে মৌমাখিক পথভ্ৰষ্টও কৰে। মুঠতে প্ৰদূষণে অঞ্চলটোৰ কৃষিৰ ওপৰতো প্ৰভাৱ যথেষ্ট পেলাইছে।

আমাৰ কৃষি বিভাগেও মৌপালনৰ ক্ষেত্ৰত সদায়েই অনীহা দেখুৱাই আহিছে। উজ্জল সম্ভাৱনাযুক্ত আৰু কম পৰিশ্ৰমী মৌ পালনৰ জৰিয়তে অসমীয়া কৃষকো লাভবান হ’ব পাৰে। কেৱল দৰকাৰ উচিত প্ৰশিক্ষণ আৰু ইচ্ছাশক্তিৰ।

এই ক্ষেত্ৰত শ্যাম সুন্দৰহঁত সহায় কৰিবলৈ সদা প্ৰস্তুত। কেৱল ধুবুৰী জিলাৰ এইখিনিত নহয় অসমৰ প্ৰায় সকলো জিলাতেই কৰা হয় হাজাৰ হাজৰ হেক্টৰ সৰিয়হৰ খেতি। পিছে এই ধৰণৰ কামত আমাৰ চৰম অনিহা। যাৰ বাবেই আমাৰ কৃষকে হেৰুৱাইছে এক বুজন পৰিমানৰ অৰ্থ।

আমাৰ বেচৰকাৰী সন্থা, কৃষক সংগঠন সমূহেও এই ক্ষেত্ৰত কোনো ভূমিকা লোৱা দেখা নাই। শ্যাম সুন্দৰহঁতৰ এই প্ৰচেষ্টাক আমাৰ তৰফৰ পৰা চেলিউট…!

অহা সপ্তাহত তেওঁলোক গুছি যাবগৈ ট্ৰাকত গোটেইবোৰ মৌবাকচ উঠাই লৈ… অসমত সৰিয়হৰ বতৰ শেষ হবলৈ আৰু দেৰি নাই।

এইবাৰ তেওঁলোক যাবগৈ উঃবঙ্গৰ হিমালয়ৰ নামনি অঞ্চলত য’ত হাজাৰ হাজাৰ বিঘা খেসাৰি (pulse?) খেতি কৰা হয়, তাৰ পৰা তেওঁলোকে মৌমাখি খিনিক লৈ যাবগৈ বিহাৰৰ লেচুৰ খেতিলৈ।

তেওঁলোকৰ এই যাত্ৰা সুখময় হওক… নৱবৰ্ষৰ এই ক্ষণত তাৰেই কামনা কৰিছোঁ, যাতে তেওঁলোক আকৌ উভতি আহে আমাৰ মাজলৈ মৌমাখি খিনিক লৈ, যাতে আমাৰো ফচলৰ বৃদ্ধি হয় বিনা পৰিশ্ৰমে…।

এনেদৰেই এদিন আমি অসমীয়াই শিকি যাম মৌপালনৰ সকলোখিনি। হয়, মই বৰআশাবাদী মানুহ, নতুন বছৰ সকলোৰে শুভ হওক সেই কামনাৰে।

লেখক: জয়দ্বীপ চক্ৰৱৰ্তী

উৎস: সাহিত্য.অৰ্গ

 

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top