মূল পৃষ্ঠা / কৃষি / ৰেচম শিল্প / মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোকসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোকসমূহ

মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোক সমূহ

ফুটুকা ৰোগ

  • মুগাৰ ফুটুকা ৰোগ এবিধ মাৰাত্মক ৰোগ I
  • এই ৰোগ এবিধ নজিমা এন্থেৰিয়া নামৰ প্ৰতজৱাৰ দ্ৱাৰা হয় I
  • এই ৰোগ বংশানুক্ৰমে চকৰিৰ (মাইকী) দ্ৱাৰা সংক্ৰামন হয় I
  • প্ৰাৰম্ভিক অৱস্থাত শতকৰা 50 ভাগ মুগা পলু তৃতীয় স্তৰতে মৰি যায় আৰু অতি কম পৰিমানৰ পলুহে বাহ বন্ধা দেখা যায় I
  • যেতিৱা স্ৱাস্থ্অ্যাবান পলু এই ৰোগৰ দ্ৱাৰা সংক্ৰমন হৈ আক্ৰান্ত হয় তেতিয়া ইয়াক মাধ্অ্যামিক সংক্ৰমন বুলি কোৱা হয় I
  • মাধ্অ্যামিক সংক্ৰমন 4 হলে পাতল লেটা অৰ্ৰু 5 স্তৰত হলে দেখাত ভাল কিন্তু সচৰ বাবে অনুপযুগী লেটা পোৱা যায় I
  • ৰোগৰ সময়… : বছৰৰ সকলো সময়তে এই ৰোগ হয় যদিও গৰমৰ দিনত, আহাৰ আৰু ভাদ মাহত এই ৰোগ চকুত পৰে I

লক্ষণ

চালুকিঅ অৱস্থাত

  • মুগা পলু বোৰ সাধাৰণ অৱ্স্থাত ৰোগাক্ৰান্ত বুলি চিনাক্ত কৰা কঠিন I
  • কিন্ত অনুবীক্ষন যন্ত্ৰত পলু বোৰত ফুতুকাৰ ৰেনু বোৰৰ উমান পোৱা যায় I

পুৰথ অৱ্স্থাত:

  • পলু বোৰে খাবলৈ এৰে I
  • বৃদ্ধিৰ কমি যায় I
  • এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মোট সলোৱাৰ সময়ৰ তাৰতম্অ ঘতে I
  • পলুৰ ৰং পাতল হয় I
  • বেছিকৈ সংক্ৰমিত হোৱা পলুৰ ছালৰ ওপৰত জালুকৰ দৰে সৰু সৰু দাগ দেখা I

ৰোগৰ ঊৎস

কনী অৱস্থাত

  • কনী পৰা চকৰীৰ পৰা I
  • কনীৰ উপৰি ভাগ বীজানুৰ সংস্পৰ্শলৈ আহি I
  • সচ উট্পাদন কৰা গৃহ বা আন আন সৰন্জাম বোৰৰ পৰা I

পলু অৱ্স্থাত

  • ৰোগৰ বীজানু থকা বা শোধন নকৰা খৰিকা I
  • বংশানুক্ৰমে পোৱা বীজানু I
  • বীজানু থকা মুগা খাদ্য বৃক্ষ্ৰ পাত I
  • ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
  • ৰোগৰ বীজানু থকা চোমনি I
  • ৰোগৰ বীজানু থকা মুগা পোহা সজুলী সমুহ I

চকৰী অৱস্থাত

  • ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচৰ লেটা I
  • ৰোগীয়া চকৰী I
  • ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচ উট্পাদনৰ সজূলী সমুহ I
  • চকৰীৰ পাখিত থকা সৰু সৰু ঘুগুলা আৰু সচ উট্পাদন কৰা গৃহৰ ধুলি মাকতি বোৰ বোৰ I

ৰোগৰ সম্প্ৰসৰন

  • এই ৰোগত আক্ৰন্ত পলু বোৰৰ বিষ্ঠা, গাৰ পৰা ওলোৱা ৰস্ আৰু মুখৰ লালতিয়ে চোমনি খনৰ পাৰিপাশ্চিকতা তথা মুগা পালনৰ সজুলী বোৰ আৰু খাদ্য বৃক্ষ্ৰৰ পাত বোৰ ৰোগৰ বীজানুৰে কলুশিত কৰি তুলে I
  • সাধাৰনতে বীজানু সংক্ৰমনিত পাত আৰু কনীৰ চোকোৰা পলুয়ে খোৱাৰ ফলতে ফুটুকা ৰোগ বেছিকৈ হয় I

প্ৰতিকাৰ

  • বৈগ্যনিক পদ্ধ্তিৰে মাইকী চকৰী প্ৰতি জনীকে অনুবীক্ষন যন্ত্ৰৰ দ্ৱাৰা পৰীক্ষা কৰি সচ উত্পাদন কৰিব লাগে I
  • শত্ঝৰা 2% হাৰত ফৰ্মেলিন ব্যৱহাৰ কৰি মুগা সচ উত্পাদন গৃহ আৰু সজুলী সমুহ ভাল্কৈ ধুবা লাগে I
  • বীজানু মুক্তা সচ হে ব্যৱহাৰ কৰিব লাগে I
  • কনী বোৰ শত্ঝৰা 2% হাৰত ফৰ্মেলিনৰ দ্ৱাৰা শোধন কৰিবা লাগে I
  • যিমান পাৰি স্ৱাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিব লাগে I
  • পৰাপক্ষত, প্ৰতিজনী চকৰিয়ে পৰা কনী বেলেগে বেলেগে গছত লগাব লাগে I
  • ফুটুকা দেখিলই গোটই খাৰিকাটো নষ্ট কৰি পেলাবা লাগে I

মুখ লগা ৰোগ

এই ৰোগ এই ৰোগ চিউদমনাছ ঔৰিংগিছা আৰু বেচিলাছ থুৰিংজেনএচিছ নামৰ বেক্তেৰিয়া কেইবিধে কৰে I

লক্ষণ

  • এই ৰোগৰ দ্ৱাৰা আক্ৰান্ত পলু বোৰ এলেহোৱা আৰু চলনহীন হৈ পৰে I
  • তেজৰ ৰং কলা হয় I
  • গাৰ ৰস বোৰ বমিৰ লগত ওলাই যায় I
  • লাদ বোৰ অলপ জুলীয়া আৰু শিকলিৰ আকৃতিৰ হয় I
  • পলু বোৰ কোমল আৰু স্ৱচ্ছ হয় I
  • কম দিনৰ ভিতৰতে পলুৰ মৃত্যু হয় I

ৰোগৰ ঊৎস

  • ৰোগীয়া আৰু মৃত পলু I
  • ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
  • বীজানুৰ দ্ৱাৰা সংক্ৰমনিত খাদ্য বৃক্ষৰ …পাত আৰু মুগা পালনৰ সজুলী বোৰ I

ৰোগ হোৱাৰ সময়

  • বায়ু মণ্ডলৰ উষ্ণটা আৰু আদ্ৰতাৰ বঢা টুটাৰ সৈতে যেতিয়া মুগা খাদ্য বৃক্সৰ নিম্ন মান বিষিষ্ঠ পাতত মুগা পোহা হয তেতিয়াই মুখ লগা ৰোগে বিস্তাৰ লাভ কৰে I

ক্ষতিৰ পৰিমাণ

  • গোটই বছৰতে মুখ লগা ৰোগ দেখা পোৱা যায় যদিও আহাৰ, ভাদ আৰু পুহ, মাঘ মাহৰ মুগ্গা বাহত এই ৰোগ বেছিকৈ দেখা যায় I
  • 15% ৰ পৰা 40 % পয্যন্ত ক্ষতি হয় I

প্ৰতিকাৰ

  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • পলু পোহাৰ আগত আৰু পিছত চোমনি খন 2% ফৰ্মেলিন দ্ৰবনেৰে পলু পোহা সজুলী বোৰ আৰু গা গচ বোৰ বিশুদ্ধিকৰন কৰিব লাগে I
  • চোমনিত 3% গুৰি চুন ছটিয়াবা লাগে I
  • পলু পুহি থাকোতে প্ৰাৰম্ভিক অৱস্থাতে ৰোগীয়া পলু বোৰ চিনাক্ত কৰি নষ্ট কৰি পেলাবা লাগে I
  • পলুবোৰ স্থানান্তৰৰ সময়ত সাৱধানে চুব লাগে I
  • পলু পালনৰ সময়ত স্ৱাস্থ্যসন্মত ব্যৱস্থা বোৰ মানি চলিব লাগে I
  • পলুক স্তৰ ভেদে উপযুক্ত পাত দিব লাগে I

মুগা পলুৰ ফুলা ৰোগ

  • এই বিধ এবিধ ভাইৰাচৰ দ্ৱাৰা হোৱা ৰোগ I

লক্ষণ

  • এই ৰোগত আক্ৰান্তা পলু বোৰে মুট সলাব নোৱাৰে I
  • পলুবোৰে যেনি তেনি ঘুৰি ফুৰে I
  • খাবলৈ এৰি দিযে I
  • গাৰ যোৰা বিলাক ঠুনুকা হৈ পৰে আৰু যুৰা বিলাকৰ মাজৰ পাব অংশ ফুলি যায় I
  • গাৰ আৱৰন খন টান খাই I
  • গাৰ জুলীয়া অংশ বোৰ বগা জুলীয়া পুজৰ দৰে হয় I
  • পলুৰ গাৰ পৰা বেয়া গোন্ধ ওলাই I

ৰোগ হোৱাৰ সময়

  • বছৰৰ সকলো সময়তে হয় I
  • যেতিয়া বায়ুমণ্ডলৰ তাপমাত্ৰা আৰু আদ্ৰতা বাঢে আৰু পলু পোহা গছৰ পাত বোৰো বেছি বুঢা হয় তেতিয়াই এই ৰোগ হয় I

ক্ষতিৰ পৰিমাণ

  • 6-30 % মুগা পলু লোকচান হয় I
  • গ্ৰীস্ম আৰু বৰ্শা ঋতুত তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগৰ দ্ৱাৰা বেছিকৈ আক্ৰান্ত হয় I

প্ৰতিকাৰ

  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
  • চুন গুৰি আৰু ব্লিছিং পাউদাৰ চতিওৱা একান্তই প্ৰয়োযন I

লেখিকা: ড: ৰঞ্জনা দাস।

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top