মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অকালত ফল সৰা প্ৰতিৰোধৰ উপায় আৰু পুৰণি বাগিচাৰ পুন:স্থাপন সুমথিৰা টেঙা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অকালত ফল সৰা প্ৰতিৰোধৰ উপায় আৰু পুৰণি বাগিচাৰ পুন:স্থাপন সুমথিৰা টেঙা

অকালত ফল সৰা প্ৰতিৰোধৰ উপায় আৰু পুৰণি বাগিচাৰ পুন:স্থাপন সুমথিৰা টেঙা, সেই বিষয়ে লিখা হৈছে ।

 

সুমথিৰা টেঙা হৈছে টেঙা শস্যৰ ভিতৰত উৎকৃষ্ট টেঙাজাতীয় ফল। কমলাৰ ৰস উৎকৃষ্ট পানীয় দ্ৰব্য হিচাপে ব্যৱহাৰ কৰে আৰু ইয়াত বিভিন্ন ভিটামিন, খনিজ লৱণ আৰু চাইট্ৰিক এচিডো পোৱা যায়। অসমত সুমথিৰাৰ খেতি বহু বছৰ আগৰ পৰাই চলি আহিছে। কিন্তু নানা বেমাৰ-আজাৰ আৰু কীট-পতংগৰ আক্ৰমণৰ ফলত ইয়াৰ উৎপাদন হ্ৰাস পাইছে। তদুপৰি অকালতে ফল সৰি যোৱাৰ ফলত বহুতো কৃষক উৎপাদন কম পোৱাৰ বাবে হতাশাত ভুগিছে। বহুজনে কমলা বাগান এৰি বেলেগ খেতি কৰিবলৈ ধৰিছে। অসমত টেঙাবাগানত প্ৰায় শতকৰা ৩০ শতাংশ ফল অকালতে সৰি পৰা দেখা যায়।

গছত ফলধৰাৰ পৰা পকালৈকে বেলেগ বেলেগ অৱস্থাত টেঙাগছৰ পৰা ফল সৰা দেখা যায়। গছৰ পৰা ফলসৰা বহুতো কাৰক আছে। ঠাৰি আৰু ফলৰ সংযোগস্থলত বেমাৰ বা ভেঁকুৰে আক্ৰমণ কৰিলে ফল সৰে। গ্ৰীষ্মকালত মাটিত জীপ নাথাকিলে বা পানী শুকাই গ’লেও ফল সৰিব পাৰে আৰু হ’ৰমনৰ অভাৱৰ বাবেও সৰিব পাৰে। সেয়েহে কমলাৰ ফুল ধৰাৰ আগতে সাৰ, পানী আৰু পোষক মৌল গছক যোগান ধৰিব লাগে।

ফলবোৰ যেতিয়া মাৰ্বল গুটিৰ সমান হয়, তেতিয়াও ফল সৰে। গছজোপাত যেতিয়া অজস্ৰ কলিৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হয় আৰু তেতিয়া ফলবোৰে তৈয়াৰ কৰা ‘অকজিন’ নামৰ হ’ৰমনৰ অভাৱত ফলবোৰ সৰি পৰে। সেয়েহে ফুল ফুলাৰ লগে লগে তাৰ পাছতো এবাৰ এমাহৰ মূৰত ১০-২০ পি পি এম শক্তিৰ প্লেনোফিক্স বা ২৫ পি পি এম শক্তিৰ ২-৪ ডি নামৰ হ’ৰমনৰ মিশ্ৰণ ছটিয়াই দিব লাগে। ফল-ঠাৰিৰ সংযোগস্থলত ভেঁকুৰ আক্ৰমণৰ কাৰণে কপাহৰ দৰে ফলবোৰ আৱৰি ধৰে আৰু ফলবোৰ গেলি-পচি যোৱাৰ ফলত দুৰ্গন্ধ ওলাই যায়। এই অৱস্থাৰ পৰা সকাহ পাবলৈ হ’লে ১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বাৰিষাৰ আগতে আৰু এবাৰ বাৰিষাৰ পিছত ছটিয়াব লাগে। কেপ্টাফ বা বেভিষ্টিন ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই গছত ছটিয়ালে সুফল পোৱা যায়। বাৰিষা কালত বাগিচাৰ পৰা অতিৰিক্ত পানীখিনি ওলাই যাব পৰাকৈ সৰু নলাৰ ব্যৱস্থা ৰাখিব লাগে। খাদ্যৰ অভাৱত গছৰ ফল সৰিলে সৰহ পৰিমাণৰ জৈৱিক সাৰৰ লগতে নিৰ্দিষ্ট পৰিমাণৰ সুষম সাৰ প্ৰয়োগ কৰিব লাগে। সঠিক প্ৰতিপালন আৰু যত্নৰ ওপৰতে গছৰ অধিক উৎপাদন নিৰ্ভৰ কৰে।

পুৰণা কমলাটেঙাৰ বাগিচাত উৎপাদন লাহে লাহে হ্ৰাস হয়। গতিকে বাগিচাৰ পুন: স্থাপন কৰাটো অতি প্ৰয়োজনীয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক কমলাকে আদি কৰি টেঙাজাতীয় শস্যৰ উৎপত্তিৰ স্থান বুলি গণ্য কৰিব পাৰি। সেয়েহে , অসমৰ বাগিচাবিলাকৰ পুন:স্থাপন কৰি উন্নত মানৰ ফল পোৱাৰ লগতে উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰিব লাগে। পুন: স্থাপন ব্যৱস্থাসমুহ তলত উল্লেখ কৰা হ’ল।

১) কমলা বাগিচাৰ পৰা সকলোধৰণৰ অলাগতিয়াল আৰু গছত থকা পৰজীৱী উদ্ভিদবিলাক আঁতৰাব লাগে।

২) বন-বাতবোৰ আঁতৰাই বাগিচাখনত পাতলকৈ হাল বা কোৰ মাৰিব লাগে।

৩) কমলা গছত থকা শুকান, উৎপাদনহীন আৰু বেমাৰী ডালবোৰ কাটি আঁতৰাই দিব লাগে।

৪) গছজোপাত গছৰ বয়স অনুসৰি সঠিক সময়ত অনুমোদিত সাৰ-গোবৰ প্ৰয়োগ কৰিব লাগে।

৫) বাগিচাখনত থকা কীট-পতংগ আৰু বেমাৰ নিবাৰণৰ বাবে কীটনাশক আৰু ভেঁকুৰ/ বেক্টেৰিয়া নাশক ঔষধ সঠিকভাৱে প্ৰয়োগ কৰিব লাগে।

৬) বাৰিষা কালত ধাৰাসাৰ বৰষুণৰ অতিৰিক্ত পানী ওলাই যাব পৰাকৈ বাগিচাৰ মাজে মাজে সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।

৭) পুৰণা উৎপাদনশীল কমলা টেঙাৰ গছবোৰ উঠাই তাৰ ঠাইত নতুনকৈ কলিকলমৰ দ্বাৰা তৈয়াৰ কৰা পুলি ৰোপণ কৰিব লাগে যাতে সেই পুলিৰ পৰা ফল অতি সোনকালে পাব পাৰি।

৮) বাগিচাৰ মাজৰ পৰা অন্তৱৰ্তী শস্য ৰোৱা থাকিলে উঠাই দিব লাগে।

লেখিকা: দৰদী প্ৰিয়ম দুৱৰা (দৈনিক জনমভূমি)

2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top