অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘাহঁ সংৰক্ষনৰ প্ৰনালী আৰু ইয়াৰ লাভালাভ

গৰু মহৰ প্ৰধান খাদ্য হ’ল সেউজীয়া ঘাঁহ। কিন্ত প্ৰয়োজন অনুসৰি গোটেই বছৰ জুৰি পৰ্যাপ্ত পৰিমানৰ কেচাঁ ঘাহঁ পোৱাটো আমাৰ বাবে এক ডাঙৰ সমস্যা।বিশেষকৈ শীতকালত অসমত কেচাঁ ঘাহঁৰ নাটনি পৰিলক্ষিত হয়। বৰ্ষাকালত আমাৰ ইয়াত কেচাঁ ঘাঁহ যথেষ্ঠ পৰিমানে পোৱা যায় যদিও আমাৰ কৃষকসকলৰ সংৰক্ষনৰ অজ্ঞতাৰ হেতুকে অতিৰিক্ত ঘাহঁবোৰ এনেয়ে প্ৰকৃতিৰ বুকুত নষ্ট হৈ যায়।

অসম আৰু ইয়াৰ দাতিঁ কাষৰীয়া ৰাজ্য সমূহত গ্ৰীষ্মকালত যথেষ্ঠ বৰষুন হোৱা পৰিলক্ষিত হয়।গো পালকসকলে জুন মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত তেওঁলোকৰ মাটিত একাধিক গ্ৰীষ্ম আৰু শীত কালীন ঘাঁহৰ খেতি কৰি লব পাৰে।এই উৎপাদন কৰিলোৱা ঘাঁহবোৰৰ ৰাহি হোৱা অংশ হে নাইবা ছাইলেজ পদ্ধতিৰে সংৰক্ষন কৰি ৰাখিব লাগে। জানুৱাৰী মাহৰ শেষৰ পৰা মে মাহ পৰ্যন্ত সেউজীয়া ঘাঁহৰ প্ৰকৃত অনাটনৰ দিনত এই হে নাইবা ছাইলেজ খুৱালে পশুধনৰ স্বাস্থ্যৰ উন্নতিৰ লগে লগে গো পামখনৰ পৰাও যথেষ্ঠ লাভা আশা কৰিব পাৰি।

সেউজীয়া ঘাঁহৰ বিজ্ঞান সন্মত হে প্ৰনালীৰে সংৰক্ষনৰ বিষয়ে তলত প্ৰথমেই উল্লেখ কৰা হল—

হে প্ৰনালীৰ ঘাঁহৰ বাচনি

সাধাৰনতে পাতল ঠাৰিৰ সেউজীয়া ঘাঁহসমূহ হে পদ্ধতিৰে সংৰক্ষনৰ বাবে বাচনি কৰাতো অতি প্ৰয়োজন।সেয়েহে গ্ৰীষ্মকালীন ঘাঁহৰ ভিতৰত ৰীনা,পাৰা,কাওপি,ৰাইচবিন আৰু ফেচুলাচ আদি ঘাহকেইঁ হে হিচাপে স্ংৰক্ষন কৰিব লাগে।এই ঘাহঁবোৰৰ ঠাৰি সমূহ কোমল হয় কাৰনে বাৰিষাৰ ৰদত ইয়াক শুকুৱাৱলৈ সহজ হয়।আনহাতে শীতকালীন ঘাঁহৰ ভিতৰত অট,বাৰছিম,লুচাৰ্ন ঘাঁহকেই প্ৰধানকৈ বাচি লব লাগে।

হে সংৰক্ষন প্ৰনালী

সেউজীয়া ঘাঁহত থকা পানীৰ পৰিমান শতকৰা ১৬ ভাগ পৰ্যন্ত কমাই ইয়াক বিজ্ঞান সন্মত ভাৱে ৰদত শুকুৱাই সংৰক্ষন কৰাকে হে বোলা হয়।এনেদৰে সংৰক্ষন কৰোতে ঘাঁহৰ সেউজীয়া ৰঙৰ কোনো সলনি নহয়।কেচা সেউজীয়া ঘাহঁবোৰ ঠিক ফুল ফুলাৰ আগতে কাটিব লাগে আৰু পাতলকৈ মাটি,চাং আদিৰ ওপৰত পাৰি দি ৰদত শুকুৱাৱ লাগে।দিনটোত কমেও ৫-৬ বাৰমান এই ঘাঁহবোৰ ওপৰ তল কৰি ৰদত শুকুৱালৈ দিব লাগে যাতে সেউজীয়া ঘাহঁৰ ৰঙৰ কোনো সলনি নহয়।ৰদৰ ওপৰত নিৰ্ভৰ কৰি ২-৩ দিন মান ঘাঁহবোৰ এনেদৰে শুকুৱালৈ ঘাঁহত থকা পানীৰ পৰিমান শতকৰা ১৬ ভাগলৈ নামি আহিব আৰু এই ঘাঁহ সংৰক্ষনৰ বাবে উপযোগী হব।এই শুকান ঘাহঁবোৰ এটা পানী নপৰা ঘৰত বতাহ নলগাকৈ ৰাখি থব লাগে।এনেদৰে সংৰক্ষনৰ কৰা ঘাহঁ অধিক পুষ্টিকৰ হয় কাৰনে পশুধনৰ স্বাস্থ্যৰ উন্নতিৰ লগতে পামখনৰ উৎপাদন অধিক বাঢ়ে।এনেবোৰ ঘাহৰঁ দ্ৰাই মেটাৰ অধিক হয় বাবে দিনটোত এজনী গাইগৰুৰ বাবে ৮-১০ কেজিয়েই যথেষ্ঠ হয়।

বাৰিষাৰ দিনত ৰদত শুকুওৱালৈ অসুবিধা হলে ঘাঁহবোৰৰ পথাৰতে ৰাখি থৈ অক্টোবৰ বা নবেম্বৰ মাহত কাটি ৰদত শুকুৱাৱ লাগে।এনেদৰে শুকুৱা ঘাহৰঁ প্ৰটিন প্ৰয়োজনতকৈ কমহোৱা কাৰনে গো পামখনৰ পৰা অধিক উৎপাদন আশা কৰিব নোৱাৰী।এনেদৰে সংৰক্ষনৰ কৰা ঘাঁহবোৰ কেচাঁ ঘাঁহৰ নাটনিৰ দিনত প্ৰধানকৈ জানুৱাৰীৰ পৰা মে মাহ পৰ্যন্ত ব্যৱহাৰ কৰিব পৰা যায়।

অধিক বৰষুন বাবে গ্ৰীষ্ম কালতকৈ শীতকালত হে পদ্ধতিৰে অসমত ঘাঁহ সংৰক্ষনত যথেষ্ঠ সুবিধা হয়। ইয়ালৈ লক্ষ্য ৰাখি জলসিঞ্চনৰ সহায়ত গো পালকে শীতকালীন ঘাঁহৰ খেতি কৰি হে কৰি সংৰক্ষন কৰিলে কেচাঁ ঘাহৰঁ অনাটনত সহায় কৰাৰ লগতে পামখনৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰে।

চাইলেজ

গ্ৰীষ্মকালত হে পদ্ধতিৰে কেচাঁ ঘাঁহৰ সংৰক্ষনৰ বিভিন্ন অসুবিধালৈ মন কৰি গো পালকে চাইলেজ বনাই ইয়াক সংৰক্ষনৰ কৰিলে ঘাহৰঁ গুনাগুন বঢ়াব লগতে যথেষ্ঠ উৎপাদন আশা কৰিব পাৰে।

ছাইলেজৰ বাবে উপযোগী ঘাঁহসমূহ

গ্ৰীষ্মকালীন ঘাঁহৰ ভিতৰত মাকৈ ছৰঘম, গিনি, পাৰা, ৰীনা আনফালে মাহঁজাতীয় ঘাঁহৰ যেনে কাউপি, ৰাইচবিন, ফেচুলাছ আদিয়েই চাইলেজ পদ্ধতিৰে সংৰক্ষনৰ বাবে উপযোগী।ওপৰত উল্লেখ কৰা যিকোনো এবিধ ঘাঁহৰ লগত এবিধ মাহঁজাতীয় ঘাঁহ চাইলেজ বনোৱাৰ বাবে বাচনি কৰি লব লাগে।এইক্ষেত্ৰত প্ৰ্তি ৩ ভাগ ঘাঁহৰ লগত মাত্ৰ ১ ভাগহে মাহঁজাতীয় ঘাঁহ মিহলি কৰি চাইলেজ বনালে উৎকৃষ্ট চাইলেজ আশা কৰিব পাৰি। চাইলেজ বনাবৰ বাবে বাচনি কৰা ঘাহঁদৰা ঠিক ফুল ফুলাৰ আগে আগে কাটিব লাগে যাতে চাইলেজৰ গুনাগুন বাঢ়ে।চাইলেজৰ গুনাগুন বাচনি কৰা ঘাঁহৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে। থলুৱা ঘাহৰঁ পৰা তৈয়াৰ কৰা চাইলেজ কম মানদণ্ডৰ হয়।এই ক্ষেত্ৰত গো পালকে ইউৰীয়া শতকৰা ০,৫ভাগ লগতে শতকৰা ১,৫ ভাগ গুৰ মিহলাই চাইলেজ বনালে ইয়াৰ ডি,চি,পি শতকৰা ১০,৫৮ আৰু টি,ডি,এন শতকৰা ৩৮,৪৬ ভাগলৈ বাঢ়ি যায়।এনেদৰে সংৰক্ষন কৰা চাইলেজৰ পৰা গো পামৰ উৎপাদন বচাব পাৰি।

চাইলেজ বনোৱা প্ৰনালী

গ্ৰীষ্মকালত অধিক পৰিমানে উৎপাদন হোৱা আৰু গো পালক সকলে এক সয়য়তে ব্যৱহাৰ কৰিব নোবাৰা সেউজীয়া ঘাহঁবোৰ মাটিত গাত খান্দি পুতি থৈ শীতকালত কেচাঁ ঘাঁহৰ অভাৱত ব্যৱহাৰ কৰা ঘাহকেইঁ চাইলেজ বোলা হয়।এনেদৰে পুতি থোৱা ঘাহৰঁ ৰং সেউজ হালধীয়া লৈ সলনি হয় আৰু ইয়াৰ পৰা পাছত এটা মিঠা গোন্ধ ওলাই।এই সু গন্ধৰ বাবে পশুধনে ইয়াক সহজেই খাদ্যৰুপে গ্ৰহন কৰে।এনদৰে স্ংৰক্ষনৰ কৰা কেচাঁ ঘাঁহৰ শুকান দ্ৰব্য শতকৰা ২৮ পৰা ৩০ ভাগ হোৱাৰ প্ৰয়োজন।

ওখ পানী আবদ্ধ নোহোবা ঠাইত ৬/৭ ফুটমান দ আৰু ৮/১০ ফুটমান বহলৰ একোটা ঘূৰনীয়া বা চাৰিচুকীয়া গাত খান্দি লব লাগে।গো পালকে সংৰক্ষন কৰিব খোজা ঘাহৰঁ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি গাতটো খান্দি উলিয়াব লাগে।লক্ষ্য ৰাখিব লাগে যাতে গাতটোৰ ভিতৰলৈ পানী সোমাব নোৱাৰে।সংৰক্ষনৰ কৰিবলৈ লোৱা ঘাঁহখিনি যাতে গাতৰ মাটিৰ সংস্পৰ্শলৈ নাহে তাৰ কাৰনে কিছু শুকান খেৰ গাতৰ তল আৰু চাৰিওফালে দি লব লাগে।চাইলেজ বনাবলৈ কাটি থোৱা ঘাহঁবোৰ তেতিয়া তৰপ তৰপকৈ আটিলকৈ জাপি আনিব লাগে।এই ঘাহঁবোৰ কটাৰ পাছত ২ দিনমান ৰদত ৰাখি শুকুৱাই গাতটোত জাপিব লাগে।প্ৰ্তি ৩০ ছে:মিটাৰ ঘাঁহ জপাৰ পিছত ভৰিৰে ভালদৰে গছকি আটিল কৰিহে পুনৰ ঘাঁহ জাপিব লাগে।এনেদৰে আটিলকৈ জাপি ঘাঁহৰ মাজৰ বায়ুখিনি পাৰ্যমানে কমাবলৈ যত্ন কৰিব লাগে।দা নাইবা ঘাঁহকটা মেচিনেৰে ৩-৪ ছে:মি জোখত কাটি গাতটোত জাপিব পাৰিলে বেচি আটিল হয় আৰু ভাল চাইলেজ বনাব পাৰি।ঘাহবোৰঁ পানীৰ অংশ শুকুৱাই শতকৰা ৩০-৩৫ ভাগলৈ আনি ৩-৪ ছে,মি কৈ কাটি জাপিলে গাতটোৰ ভিতৰত ৰাসায়নিক প্ৰক্ৰিয়া স্বাভাবিক হয় আৰু উত্তাপৰ সৃষ্টি হোৱাত বাধা দিয়ে।এনেদৰে সংৰক্ষন কৰা ঘাঁহ অতি উৎকৃষ্ট হয়।চাইলেজ বনোৱা গাতটোত সম্পুৰ্ন ঘাঁহখিনি ৬-৭ দিনৰ ভিতৰত জাপি সম্পূৰ্ন কৰিব লাগে।ঘাহঁবোৰ অধা মিটাৰ ওপৰলৈকে আটিলকৈ জাপি আনি শুকান খেৰ আৰু পলিঠিনেৰে ঢাকি মাটিৰে পুতি থব লাগে।

এনেদৰে পুতি থোৱা ঘাহবোৰঁ ৬০ ৰ পৰা ৯০ দিন ৰখাৰ পাচত গাতৰ একাংশ খুলি প্ৰয়োজনীয়তা অংশ দৈনিক ব্যৱহাৰ কৰিব লাগে।২ মিটাৰ আৰু ১ মিটাৰ বহল এটা গাতত ১ টন চাইলেজ প্ৰ্তিদিনে ১০-১১ কিলোগ্ৰাম এজনী ২৫০-৩০০ কিলোগ্ৰাম শৰীৰৰ ওজনৰ গাই গৰুৰ বাবে যথেষ্ঠ হয়।গো পালকসকলে এই প্ৰনালীৰে ঘাহঁ সংৰক্ষন কৰি তেওঁলোকৰ গো পামৰ  পৰা অধিক লাভৱান হব পাৰে।

ইউৰিয়া আৰু গুড়ি মিশ্ৰিত ধানখেৰ প্ৰস্ততকৰন প্ৰনালী

আমাৰ দেশত গো পালকসকলে গৰু মহৰ প্ৰধান খাদ্য হিচাপে ধানখেৰ ব্যৱহাৰ কৰা হয়।প্ৰায়বোৰ খেতিয়কে ধানৰ খেতি কৰে বাবে অসমত প্ৰচুৰ পৰিমানে খেৰ পোৱা যায়।আমাৰ গো পালকসকলে গৰু, মহৰ খাদ্য ব্যৱহাৰ কৰে যদিও নৰা সাধাৰনতে ব্যৱহাৰ কৰা দেখা নাযায়।কিন্ত গৱেষনাৰ পৰা দেখা গৈছে যে গুনানুসাৰে নৰা ধানখেৰতকৈ উৎকৃষ্ট।গতিকে ধানখেৰ আৰু নৰা উভয়কে আমি গৰু মহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰো।ইয়াত আমি ধানখেৰ বুলি কলে ধানখেৰ আৰু নৰা উভয়কে বুজিম।

ধানখেৰ খুৱালে গৰু মহৰ কি উপকাৰ হয়

একে আষাৰতে কব পাৰি যে ধানখেৰ খুৱালে গৰু মহৰ বিশেষ উপকাৰ নহয়।খেৰত জীন নিয়াব পৰা মাংসহাৰ(DCP)নাথাকে আৰু জীন নিয়াব পৰা পুষ্টিও(TDN)শতকৰা ৪০ ভাগহে থাকে।যিহেতু ধানখেৰ আমাৰ গৰু মহৰ প্ৰধান খাদ্য গতিকে বৈজ্ঞানীক পদ্ধতিৰে ইয়াৰ গুনগত মান বৃদ্ধি কৰিব পাৰিলে গো পালকসকলে যথেষ্ঠ উপকৃত হব।এনেধৰনৰ গুনাগুন বিশিষ্ট ধানখেৰ গো পালকসকলে অতি সহজতে ঘৰতে প্ৰস্তত কৰি লব পাৰে আৰু এনে খেৰ খুৱাই গৰু মহৰ পৰা অধিক উৎপাদন পাব পাৰি।

ধানখেৰৰ পুষ্টকাৰিতা বৃদ্ধিৰ কৌশল

প্ৰয়োজনীয় পুষ্টিকাৰিতা বৃদ্ধিৰ কৌশল

প্ৰয়োজনীয় সামগ্ৰীসমূহ:(একশ কিলোগ্ৰাম ধানখেৰৰ অনুপাতত)

১/ ১০০ কিলোগ্ৰাম শুকান ধানখেৰ(শতকৰা ১০ ভাগ পানী থকা)

২/ ৩-৪ কিলোগ্ৰাম সাৰ জাতীয় ইউৰীয়া।

৩/১০ কিলোগ্ৰাম গুড়।

৪/ প্ৰায় ৫০ লিটাৰ পৰিস্কাৰ পানী।

৫/ পানী ৰখা পাত্ৰ (ইউৰীয়া আৰু গুড় মিশ্ৰনৰ বাবে)

প্ৰনালী

১। ৫০ লিটাৰ বিশুদ্ধ পানীত প্ৰথমতে ৪ কিলোগ্ৰাম ইউৰীয়া ভালদৰে মিহলাই লওঁক।এতিয়া এই ইউৰীয়া মিশ্ৰিত পানীখিনিত ১০ কিলোগ্ৰাম গুড় মিহলাই লওঁক।

২।এতিয়া খেৰখিনি নিদিষ্ট ওখ ঠাইত বাহৰ চাং বা পকামজীয়া বা পলিথিন কাপোৰৰ ওপৰত সমভৱে ছটিয়াই দিয়ক।মনত ৰাখিব লাগিব যাতে খেৰখিনি সহজতে পানীৰ সংস্পৰ্শলৈ নাহে।প্ৰথম তৰপটো কিছু ডাঠ কৰি প্ৰতিটো তৰপত নিদিষ্ট অনুপাতত এই ইউৰীয়া আৰু গুড় মিশ্ৰিত পানীখিনি ছটিয়াই যাওঁক।ইউৰীয়া মিশ্ৰিত পানী ছতিওৱাৰ লগে লগে খেৰখিনি ভালদৰে গৰকিব লাগে যাতে খেৰবিলাক খাজ খাই পৰে।যিমানেই খাজ খুৱাৱ সিমানেই ৰাসায়নিক প্ৰক্ৰিয়া প্ৰকট হব।খেৰ ছটিওৱা শেষ হোৱাৰ পিছত শুকান খেৰ বা পলিথিনৰে ওপৰভাগ ঢাকি দিব লাগে বা চালিৰ তলত ৰাখিব লাগে।নহলে বৰষুনৰ পানী পৰি খেৰখিনি সম্পূৰ্ন নষ্ট হব পাৰে।এনে ধৰনৰ খেৰ ৩-৪ সপ্তাহৰ মূৰত গৰু মহক খুওৱাৰ বাবে উপযোগী হয়।

গৰু মহক খুওৱাৰ নিয়ম

১। গৰু মহক খুওৱাৰ আগতে মেজিৰ পৰা ধানখেৰৰ প্ৰয়োজনীয়তাখিনি উলিয়াই ৬-৭ ঘন্টামান মেলি দিব লাগে যাতে অতিৰিক্ত গেছখিনি ওলাই যাব পাৰে।

২।এনেধৰনৰ ধানখেৰ প্ৰথম দিনাই বেছিকৈ খুৱাৱ নালাগে।লাহে লাহে ইয়াৰ পৰিমান বঢ়াই যাব লাগে।ইয়াৰ বাবে প্ৰথম সপ্তাহত অমিশ্ৰিত ধানখেৰৰ লগত ইউৰীয়া আৰু গুড় মিশ্ৰিত খেৰ খুৱাৱ পাৰে আৰু লাহে লাহে অমিশ্ৰিত খেৰ কমাই ইউৰীয়া গুড় মিশ্ৰিত ধানখেৰ প্ৰথম দিনাই বেছিকৈ খুৱালে গৰু মহৰ পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে।

উপকাৰিতা

ইউৰীয়া আৰু গুড় অমিশ্ৰিত ধানখেৰৰ জীন নিয়াব পৰা মাংসহাৰ (DCP)ৰ পৰিমান শূন্য,যিটো ইউৰীয়া গুড় মিশ্ৰিত ধানখেৰৰ শতকৰা ৪-৫ ভাগ থাকে।তাৰোপৰি এই খেৰৰ মুঠ জীন নিয়াব পৰা পুষ্টি (TDN)শতকৰা ১৬ ভাগ বৃদ্ধি পায়।এনে ধৰনৰ ধানখেৰৰ অত্যন্ত সু-স্বাদ হয় বাবে গৰু মহে অতি আগ্ৰহৰে খায়।

আনহাতে এনে ধৰনৰ ৫ কিলোগ্ৰাম খেৰ খুৱাই আমি প্ৰায় ১,৫ কিলোগ্ৰাম গৰুৰ দানা জাতীয় খাদ্য ৰাহি কৰিব পাৰো।মাত্ৰ অলপ সেউজীয়া ঘাঁহ যোগান ধৰিব পাৰিলে ভাল।

গতিকে এনে ধৰনৰ সুষম খাদ্য সহজতে আৰু অতি কম খৰচতে ঘৰতে প্ৰস্তত কৰি লওঁক আৰু গৰু মহৰ স্বাস্থ্যৰ লগতে গাখীৰৰ উৎপাদন বৃদ্ধি কৰি লাভাৱান হওঁক।

ডা: হিতেশ পাঠক।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate