অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমিতাৰ খেতি

অমিতাৰ খেতিৰ বিষয়ে লিখা হৈছে ।

পুষ্টিজনিত কাৰণত অমিতা উল্লেখযোগ্য। আমাৰ দেহক লগা খাদ্যপ্ৰাণ, খনিজ লৱণ, মাংসসাৰ, শ্বেতসাৰ অমিতাত যথেষ্ট পৰিমাণে থাকে।

  • অপৰিপুষ্টি,
  • কোষ্ঠ কাঠিন্য,
  • পিত্তৰোগ আদিত অমিতা সুমধুৰ পথ্য।

ঘৰুৱা চিকিৎসাতো অমিতাৰ গুটি, ঠাৰি, শিপা আদি ব্যৱহাৰ হয়।

পকা অমিতাত প্ৰায় ১০ শতাংশ শ্বেতসাৰ আৰু ০.৫ শতাংশ মাংসহাৰ থাকে। অমিতাৰ বগা আঠাৰ পৰা নিষ্কাশন কৰি উলিওৱা ‘পেপেইন’ এবিধ আৱশ্যকীয় ৰাসায়নিক দ্ৰব্য।

পকা ফলবিলাকৰ পৰা জাম-জেলি, কোমল পানীয়, আইচক্ৰীমৰ সুগন্ধিকৰণ আদিত ব্যৱহাৰ হয়। গুৱাহাটীকে ধৰি অসমৰ নগৰ-চহৰৰ লগতে ভাৰতবৰ্ষৰ প্ৰধান চহৰবোৰত পতা অমিতাৰ চাহিদা উল্লেখযোগ্য।

অসমৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অধিক উৎপাদন লাভ কৰিবলৈ হ’লে উন্নত পদ্ধতিত অমিতাৰ খেতি কৰাত মনোনিৱেশ দিয়াৰ প্ৰয়োজন।

গাওঁ অঞ্চলত উৎপাদনক্ষম জাত ব্যৱহাৰ নকৰা লগতে আধুনিক কৃষি পদ্ধতি অৱলম্বন নকৰাৰ পৰিপ্ৰেক্ষিতত আশানুৰুপ অমিতাৰ আকাৰ আৰু উৎপাদন নাপায়।

মাটি আৰু জলবায়ু -

অমিতাৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, বালিঅহীয়া মাটিয়েই প্ৰশস্ত। পলসুৱা মাটিত পানী জমা হ’বলৈ নিদি নলাৰ ব্যৱস্থা কৰি সৰহ পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰি তেনে মাটিৰ পৰা অধিক ফল লাভ কৰিব পাৰি।

অমিতাৰ ফল যিহেতু গোটেই বছৰজুৰি লাগি থাকে সেয়েহে মাটিডোখৰ সাৰুৱা হোৱাটো প্ৰয়োজন। অমিতাৰ খেতি উষ্ণ জলবায়ুত হয়। অসমৰ মাটি আৰু জলবায়ু অমিতা খেতিৰ বাবে উপযোগী। জেকা মাটিত অমিতাৰ খেতি কৰিলে শিপা পঁচা বেমাৰত আক্ৰান্ত হৈ গছবিলাক মৰি যোৱা সম্ভাৱনাই অধিক।

ব্যৱসায়িক ভিত্তিত অমিতাৰ খেতি কৰিবলৈ হ’লে মুকলি ওখ, পানী নোৰোৱা সাৰুৱা মাটি নিৰ্বাচন কৰিব লাগে। ৰ’দ পৰা ঠাইত অমিতাৰ খেতি কৰিলে ফলবিলাক মিঠা হোৱাৰ লগতে গছবিলাকত বেমাৰ-আজাৰ কম হয়।

জাত নিৰ্বাচন -

অমিতাৰ গছৰ পৰা অধিক উৎপাদন লাভ কৰিবলৈ হ’লে উন্নত জাত নিৰ্বাচন কৰাটো নিতান্তই প্ৰয়োজন। সাধাৰণতে অমিতা এবিধ একলিংগ উদ্ভিদ। অৰ্থাৎ পুংপুষ্প আৰু স্ত্ৰীপুষ্পু দুজোপা বেলেগ বেলেগ গছত হয়।

এনে একলিংগ গছবিলাক হ’ল-

  • চি অ’১,
  • চি অ’২,
  • ৰাঁচী,
  • হাফলং,
  • ৱাশ্চিংটন।

এনে জাতৰ খেতি কৰিলে প্ৰতি দহজোপা স্ত্ৰীপুষ্প গছৰ মাজত পৰাগ সংযোগৰ কাৰণে এজোপা পুংপুষ্পৰ গছ ৰুব লাগে। কিন্তু কিছুমান উভয়লিংগ জাত যেনে-

  • চি অ’৩,
  • চি অ’৪,
  • কুগ:,
  • হনিদিউ,
  • চলো আদিত একোজোপা গছত পুংপুষ্প আৰু স্ত্ৰীপুষ্প সন্নিৱিষ্ট থাকে।

অন্যান্য উন্নত জাতৰ সঁচবিলাক হ’ল -

  • পুচা ডেলিচিয়াচ,
  • পুচা মেজেষ্টি,
  • পুচা ডুৱাফ,
  • পুচা ননহা আদি।

পুলি প্ৰস্তুতি :-

নিৰ্ভৰযোগ্য উৎসৰ পৰা অমিতাৰ বীজ সংগ্ৰহ কৰি বীজতলীত ফেব্ৰুৱাৰী, মাৰ্চ মাহত বীজ পচাব লাগে। বীজৰ পৰা পুলি প্ৰস্তুতি দুই প্ৰকাৰে কৰিব পাৰি।

এটা হ’ল বীজতলীত পুলি উৎপাদনৰ কাৰণে এক হেক্টৰ (৭.৫ বিঘা) মাটিৰ বাবে প্ৰায় ৫০০ গ্ৰাম মান বীজৰ আৱশ্যক।

পকা অমিতাৰ পৰা বীজবোৰ এৰুৱাই পানীত মোহাৰি বীজৰ পৰা পাতল আৱৰণটো গুচাই ল’ব লাগে। পিছত বীজবোৰ ছাঁত শুকুৱাই সোনকালে বীজতলীত সিঁচিব লাগে।

বীজতলীখন ওখ, পানী নোৰোৱা, পচন সাৰ মিহলাই সাৰুৱা কৰি ল’ব লাগে। বীজতলীখন এক মিটাৰ বহল ১০-১৫ চে: মি: ওখ আৰু সুবিধা অনুসৰি দৈৰ্ঘ্যৰ হ’ব লাগে।

বীজবোৰ ২.৫ ছে: মি: ব্যৱধানত আৰু ১.২ ছে: মি: গভীৰতাত সিঁচি তাক ওপৰ মাটিতে ঢাকি ল’ব লাগে। বীজ সিঁচাৰ পিছত নগজালৈকে পানী ছটিয়াই থাকিব লাগে।

পলিথিনৰ মোনাত পুলি প্ৰস্তুত কৰিবলৈ হ’লে মোনাবিলাকত সম পৰিমাণৰ মাটি, বালি আৰু পচন সাৰৰ মিশ্ৰণেৰে পূৰ কৰি তলফালে এটা সৰু ফুটা কৰি ল’ব লাগে যাতে মোনাটোৰ পৰা পানী বাহিৰলৈ ওলাই যাব পাৰে।

প্ৰতিটো মোনাত আধা গ্ৰাম কেপ্টান বা বেভিষ্টিন দৰৱ মিহলাই ল’লে পুলিবোৰ বেমাৰৰ পৰা ৰক্ষা পৰে।

এনেদৰে প্ৰস্তুত কৰি লোৱা মোনাবোৰত ২-৩ টাকৈ বীজ ১.২ ছে : মি: গভীৰতাত গুজি দিব লাগে।

অমিতা পুলি ৰোৱা ঠাইডোখৰ দকৈ চহাই সমান কৰি ল’ব লাগে। পুলি ৰোৱাৰ সময় হ’ল এপ্ৰিলৰ পৰা জুন মাহ (অৰ্থাৎ বহাগ মাহৰ পৰা আহাৰ মাহলৈকে)।

সাৰ প্ৰয়োগ -

উন্নত পদ্ধতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো অপৰিহাৰ্য। পুলি ৰোৱাৰ সময়ত সাৰ প্ৰয়োগ কৰিব নালাগে। পুলিবোৰৰ বয়স দুমাহমান হ’লে প্ৰথমবাৰ সাৰ দিয়া কাম আৰম্ভ কৰিব পাৰি। দ্বিতীয়বাৰ ফল লাগিবৰ সময়ত দিব লাগে।

এজোপা গছত প্ৰতিবছৰে ৫০০ গ্ৰাম ইউৰিয়া, ১০০০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০০ গ্ৰাম মিউৰেট অব পটাছ সাৰ গোবৰৰ লগত মিহলি কৰি সম্পূৰ্ণ সাৰখিনিৰ আধাভাগ গছৰ গুৰিৰ পৰা ৩০ ছে:মি: আঁতৰত এটা পাতলীয়াকৈ নলা খান্দি প্ৰয়োগ কৰিব লাগে। প্ৰথম ৰোৱাৰ দুমাহ পিছত আৰু দ্বিতীয়বাৰ গছত ফুল ফুলাৰ আগত।

প্ৰতিপালনৰ ব্যৱস্থা -

পুলি ৰোৱাৰ পিছত ২-৩ মাহৰ মূৰে মূৰে বাৰীখনত হোৱা ঘাঁহ-বনবিলাক চিকুনাই দিব লাগে। আৱশ্যকবোধে গুৰিত মাটি চপাই দিব লাগে লগতে ঢোকা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

জাৰকালি খৰাং পৰিস্থিতিৰ উদ্ভৱ হ’লে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। পুলিবোৰ ডাঙৰ হৈ অহাৰ পিছত যেতিয়া লিংগ নিৰ্ধাৰণ কৰিব পৰা হয় তেতিয়াই প্ৰতিটো গাঁতত হোৱা ৩-৪ টা পুলিৰ ভিতৰত স্ত্ৰীপুষ্পু ধৰা সবল গছ ৰাখি বাকীবোৰ গুৰিতে কাটি বা উভালি পেলাব লাগে।

লেখক :- ড° বিপিন খঙীয়া

উৎস :- দৈনিক জনমভূমি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top