অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি

অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি

এক কিলোগ্ৰাম ভাল, শুকান ধানখেৰ লওক আৰু ২-৩ ইঞ্চি  জোখত সৰু সৰু কৈ কাটি লওক৷

এটা নিশা কটা খেৰখিনি ঠাণ্ডা পানীত ডুবাই ৰাখক আৰু পানীৰ পৰা খেৰখিনি উলিয়াই আনক৷

খেৰ শোধন

সিক্ত খেৰখিনি গৰম পানীত ৩০ মিনিটৰ পৰা ১ ঘন্টা সিজাওক ৷ গৰম পানীৰ পৰা খেৰ খিনি তুলি আনি পৰিস্কাৰ মজিয়া নাইবা বাৰীত ঠাণ্ডা হবলৈ মেলি দিয়ক ৷ খেৰত থকা অতিৰিক্ত পানী হাতেৰে চেপি আঁতৰাই পেলাওক৷

৯০-১০০ গ্ৰাম বীজ (স্পন) লওক সম পৰিমাণত চাৰি ভাগ কৰি লওক৷

৪০ X ৬০ ছেন্টিমিটাৰ জোখৰ এটা পলিথিনৰ মোনা লওক ৷ মোনাটোত ১৫-২০ টা ফুটা কৰি লৈ বন্ধ তলিভাগ ৰচিৰে বান্ধি লওক৷ তাৰ পিছত তলিবন্ধা মোনা লুটিয়াই লওক৷

শোধন কৰা খেৰখিনিত ০.১ শতাংশ গাঢ়তাৰ বেভিষ্টিন (১গ্ৰাম ১লিটাৰ পানীত মিহলাই লওক) পাতলকৈ স্প্ৰে কৰি লৈ সমানে ৫ ভাগ কৰি লওক৷ তাৰ এভাগ পলিথিনৰ মোনাটোত ভৰাই হাতৰ তলুৱাৰে টানকৈ হেচা দিয়ক ৷ তাৰ ওপৰত বীজৰ এভাগ সিঁচি দিয়ক ৷ এতিয়া খেৰৰ দ্বিতীয় তৰপটো  ভৰাই হাতেৰে হেচি বীজ ছটিয়াওক। এনেকৈ খেৰৰ ৪ টা তৰপৰ ওপৰত ৪ ভাগ বীজ ছটিয়াব লাগে৷

পঞ্চমভাগ খেৰেৰে বীজৰ ওপৰৰ তৰপটো বাকি মোনাটোৰ মুখখন টানকৈ ৰচিৰে বান্ধি লওক ৷ এতিয়া মোনাটো অন্ধকাৰ কোঠাত ১২-১৫ দিন ৰাখক ৷ এই  কালছোৱাত (উমনি কাল) বীজৰ পৰা বৰ্দ্ধিত কাঠফুলাৰ বগা সূত্ৰপুঞ্জই খেৰৰ টুকুৰাবোৰ গাঠি পেলায়।

মোনাটো খুলি কাঠফুলাৰ টোপোলাটো মুক্ত কৰি লৈ কাঠফুলাৰ গৃহত ৰাখক ৷ টোপোলাবোৰ ওলোমাই বা ৰেকত বহাই ৰাখিব৷

মুক্ত টোপোলাবোৰৰ পৃষ্ঠভাগ শুকাই নাযাবলৈ দ্বিতীয় দিনৰ পৰা প্ৰতি দিনে ২/৩ বাৰ পানী স্প্ৰে কৰিব লাগে ৷ কাঠফুলা গৃহৰ ভিতৰখন সেমেকা কৰি ৰাখিবলৈ মজিয়াত পানী ঢালিব লাগে৷

টোপোলা খোলাৰ ৭/৮ দিনৰ পিছত কাঠফুলাৰ কলিৰ থোপা গজিবলৈ ধৰে৷ তাৰ দুদিনৰ পিছতেই কাঠফুলা পৈণত হয় ৷ কাঠফুলাৰ পাহিবোৰ উভালি চপাই আনিব লাগে৷ দৈনন্দিন পানী স্প্ৰে কৰি থাকিলে ৭/৮ দিনৰ অন্তৰত দ্বিতীয় বা তৃতীয়বাৰলৈ কাঠফুলা চপাব পাৰি৷

সতেজ কাঠফুলা ৰেফ্ৰিজাৰেটৰত ৰাখি ৪/৫ দিনমানলৈ খাব পাৰি ৷ তাৰোপৰি ৰ’দত শুকুৱাই বায়ুনিৰুদ্ধ পেকেটত ৰাখিলে ৬ মাহলৈকে ব্যৱহাৰ কৰিব পাৰি ৷

কাঠফুলাৰ সমস্যা

সেউজৰঙী ভেঁকুৰ বীজ সিঁচাৰ আগেয়ে শোধিত খেৰত বেভিষ্টিন বা নহৰুৰ ৰস ৩ মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক৷

মাখি আৰু অন্যান্য পোক

নুভান বা মালাথিয়ন (১মি:লি: এক লিটাৰ পানীত) কাঠফুলাৰ গৃহৰ বেৰৰ বাহিৰ ভিতৰ দুয়োফালে স্প্ৰে কৰক৷ তাৰোপৰি নিমযুক্ত ঔষধ (ৰক্ষক, নিমাগণ, নিমাজল, নিমবিচিদিন, ৩মি:লি: ১ লি: পানীত টোপোলাৰ ওপৰত স্প্ৰে কৰিব পাৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate