মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অসমত গৌণফলৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত গৌণফলৰ খেতি :

অসমত গৌণফলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ মাটি সাৰুৱা। ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ুৰে সিক্ত অসমৰ পাৰিপাৰ্শ্বিকতা। সেয়ে  অসম উদ্ভিদৰ প্ৰাচুৰ্য আৰু বৈচিত্ৰ্যৰ বৰঘৰ। তথাপি ইয়াত মুখ্যফল হিচাপে কল, মাটিকঁঠাল, টেঙা, নাৰিকল, তামোল প্ৰভৃতি কেইবিধমানহে ধৰা হয় আৰু ব্যৱসায়িক ভিত্তিত এইবোৰৰ এবিধৰো উদ্যান নাই বুলিয়েই ক’ব পাৰি। মুখ্যফলতকৈ অসমৰ ঘৰ-বাৰী, হাবি-বননিত নানা পৰিচিত-অপৰিচিত গৌণফলৰ সংখ্যাহে বেছি। এক কথাত অসম গৌণফলৰ এক সুন্দৰ উদ্যান।

মানৱ দেহৰ সুস্বাস্থ্যৰ বাবে সুষম আহাৰেই হৈছে চাবিকাঠী। এই সুষম আহাৰৰ এটা মুল উপাদান হ’ল- ফলমুল। খাদ্যশস্যতে দেহৰ প্ৰয়োজনীয় প্ৰ’টিন, খাদ্যপ্ৰাণ, খনিজ লৱণৰ পৰিমাণ প্ৰায় নগণ্য বা নাথাকেই। কিন্তু ফলমুল আৰু শাক-পাচলিত এই উপাদানবোৰ প্ৰচুৰ পৰিমাণে থাকে।ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ মতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ৮৫ গ্ৰাম ফলমুল খাব লাগে। ইয়াৰ পৰিৱৰ্তে সৰ্বভাৰতীয় লেখত গড়ে আমি প্ৰায় ৪৬ গ্ৰামহে ফলমুল খাওঁ। কিন্তু অসমত আমি বহুতেই দৈনিক ১ গ্ৰামো ফল নাখাওঁ বা খাবলৈ নাপাওঁ বুলি ক’লেও বঢ়াই কোৱা নহয়। যাৰ ফলত আমাৰ দেহটো নানান বেমাৰৰ বাহক হৈ পৰিছে। ইয়াৰ পৰা এটা কথা পৰিষ্কৃত যে ৰাজ্যখনত উৎপাদিত ফলমুলে চাহিদা পুৰণ কৰিব পৰা নাই।

ৰাজ্যখনত ফলমুল অধিকৃত ১.০৩ লাখ হেক্টৰ মাটিৰ পৰা বছৰি ১২.০৭ লাখ টন (নাৰিকল আৰু তামোলৰ বাদে) ফলমুল উৎপাদিত হয়। যদিও অধিকৃত এলেকা আৰু উৎপাদন আন আন ৰাজ্যৰ তুলনাত একেবাৰে  নগণ্য, তথাপি অসমত ফলমুলৰ অভাৱ বুলি মানি ল’বলৈ টান লাগে। সাধাৰণতে ফলমুল বুলিলে আমাৰ কেৱল চকু যায় বজাৰৰ আপেল, আঙুৰ, আম আদিলৈহে-যিবোৰ অত্যধিক দামৰ বাবে সৰ্বসাধাৰণৰ দুষ্প্ৰাপ্য স্বৰুপ। কিন্তু আমাৰ বাৰীৰ চাৰি ঢাপত থকা লেটেকু, পনিয়ল, আমলখি, কৰ্দৈ, ঠেকেৰা, বেল, ডালিম আদি গৌণফলসমুহকো আমাৰ মনত নপৰে। সেইবোৰ আমাৰ মনত নিম্ন মানৰ। কিন্তু আচলতে নিম্ন মানৰ হয়নে? পৰিপুষ্টি সম্বন্ধীয় ৰাসায়নিক বিশ্লেষণত (তালিকা নং ১ দ্ৰষ্টব্য) দেখা গৈছে যে গৌণফলবোৰ বহু মুখ্যফলতকৈ অধিক পুষ্টিকাৰক। উদাহৰণস্বৰুপে আমলখি আৰু আঙুৰৰ কথাই উল্লেখ কৰিব পাৰি।

তালিকা ন্ং ১: আঙুৰ আৰু আমলখিৰ ৰাসায়নিক বিশ্লেষণ

ফলৰ নাম

শ্বেতসাৰ(%)

প্ৰ’টিন(%)

খনিজ লৱণ(%)

খাদ্যপ্ৰাণ ‘গ’(মি.গ্ৰা./১০০ গ্ৰা:)

আঙুৰ (মুখ্যফল)

১০.০০

০.৮০

০.৪০

৩০.০০

আমলখি (গৌণফল)

১৪.১০

০.৫০

০.৭০

৬০০.০০

গৌণফল বুলিলে কি বুজায়?

ফলমুল অধ্যয়ন বিদ্যাত অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ্থে ফলসমুহৰ অধিকৃত এলেকা, উৎপাদন আৰু বজাৰৰ চাহিদাৰ ওপৰত ভিত্তি কৰি ফলমুলসমুহক দুভাগত ভাগ কৰা হৈছে-মুখ্যফল আৰু গৌণফল। যিবোৰ ফলৰ কোনো এটা অঞ্চলত অধিকৃত এলেকা, উৎপাদনা তথা বজাৰৰ চাহিদা আন ফলতকৈ বেছি সেই ফলক সেই অঞ্চলত মুখ্যফল বোলে আৰু কম ঠাই অধিকৃত আৰু কম উৎপাদন তথা বজাৰৰ চাহিদা থকা ফলবোৰক সেই ঠাইতে গৌণফল বোলে। অৰ্থাৎ অঞ্চলবিশেষে গৌণফলো মুখ্যফল হ’ব পাৰে। অসমৰ কেইবিধমান গৌণফলৰ নাম ২ নং তালিকাত উল্লেখ কৰা হ’ল-

তালিকা নং ২: অসমৰ কেইবিধমান গৌণফল

অসমীয়া নাম

বৈজ্ঞানিক নাম

কৰ্দৈ

Averrhoa carambola

লেটেকু

Baccaurea sapida

পনিয়ল

Flacourita ramontchi

আমলখি

Phyllanthus emblica

শিলিখা

Terminalia chebula

ঠেৰেজু

Prunus jenkinisii

নগাটেঙা

Rhus semialata

নৰাবগৰী

Prunus persica

নুনী

Morus indica

টেপৰ টেঙা

Garcinia xathocymus

জলফাই

Elaeocarpus floribundus

বৰথেকেৰা

Garcinia pedunculata

কুজিথেকেৰা

Garcinia cowa

অমৰা

Spondias mangifera

ক’লা জামু

Eugenia jambolana

মিৰিকা টেঙা

Parameria polyneura

বগৰী

Ziziphus jujuba

বেল

Aegle marmelos

ভীমকল

Musa balbisiana ABB group

বনপিঠা

Chrysophyllum roxburghii

আহোম বগৰী

Prunus domestica

আটলাচ

Annona squamosa

ভোমোৰা

Terminalia belerica

পোৰা আমলখি

Phyllanthus acidus

ঔ টেঙা

Dillenia indica

গোলাপ জালুক

Eugenia jambos

গৌণফুলসমুহৰ ব্যৱহাৰিক দিশ -

অসমৰ গঞা জীৱন আৰু গৌণফলৰ সম্বন্ধ অতি নিবিড় আৰু প্ৰাচীন। খেতিৰ সঁজুলি, খৰি, কাঠ যোগান ধৰাৰে পৰা দেহত পৰিপুষ্টি সাধনলৈকে এই গৌণফলসমুহৰ ভুমিকা কৃষিজীৱী গঞা জীৱনত কেইটামান উদাহৰণেৰে সীমাবদ্ধ কৰিব নোৱাৰি।

পৌষ্টিক গুণাগুণ -

আমাৰ দেহৰ পৰিপুষ্টি সাধনত গৌণফলসমুহে এক বিশেষ ভুমিকা পালন কৰি আহিছে। বছৰটোৰ বাৰ মাহতে সহজলভ্য বিবিধ গৌণফলৰ প্ৰায়বোৰেই প্ৰ’টিন, খাদ্যপ্ৰাণ, খনিজ লৱণ আদিত চহকী। কৰ্দৈ, বেল, খেজুৰ আদি ফলমুলসমুহত বিভিন্ন খনিজ লৱণ, যেনে- কেলচিয়াম, ফছফৰাছ, ছালফাৰ, কপাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। লেটেকু আৰু পনিয়লত থকা প্ৰ’টিন আৰু খাদ্যপ্ৰাণ ‘গ’ ৰ পৰিমাণ আপেলতকৈ ১০ গুণে বেছি। এই দুয়োবিধ ফলতেই যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু সেয়ে এই দুয়োবিধ ফলে উন্নয়নশীল দেশসমুহত য’ত গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীসমুহৰ যোগান কম, তাত দেহৰ পুষ্টি সাধনত যথেষ্ট পৰিমাণে বৰঙণি যোগাব পাৰে। ভাৰতীয় ফলসমুহৰ ভিতৰত আমলখিত সবাতোকৈ বেছি খাদ্যপ্ৰাণ ‘গ’ (৬০০ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম ফলত) আছে। ভীমকল সহজতে হজম হ’ব পৰা শিশুৰ এক উত্তম খাদ্য। এই খাদ্যত শিশুৰ পৰিপুষ্টিৰ বাবে আৱশ্যকীয় সকলোবোৰ শক্তিযুক্ত আৰু পৌষ্টিক উপাদান নিহিত থাকে। অসমৰ কেইবিধমান গৌণফলৰ পৌষ্টিক গুণাগুণ ৩ নং তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ঔষধি গুণাগুণ -

অসমৰ গৌণফলসমুহৰ যথেষ্ট ঔষধি গুণাগুণ আছে। এই গৌণফলসমুহ স্কাৰভি, কুকুৰীকণা, এজমা, ব্ৰ্ংকাইটিছ, জ্বৰ, পেটৰ অসুখ, জণ্ডিচ, বহুমুত্ৰ আদি ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়। কৰ্দৈ হ’ল জণ্ডিছ আৰু অৰ্শৰোগৰ মকৰধ্বজ। ঔটেঙা আৰু ইয়াৰ ৰস কফৰোগ আৰু মুৰৰ উফি নিবাৰণত, লেটেকুৰ গুটি এজমা, ব্ৰংকাইটিছ আৰু বমি বন্ধ কৰাৰ বাবে, আমলখিৰ ফল গ্ৰহণী, কফ, বহুমুত্ৰ ৰোগৰ প্ৰতিষেধক হিচাপে, কেঁচা বেল ডায়েৰীয়া, গ্ৰহণী আৰু আয়ুৰ্বেদিক ঔষধ তৈয়াৰীকৰণত, অমৰাৰ পাত হজমিকাৰক হিচাপে আৰু ইয়াৰ ফল পেটৰ জ্বলা-পোৰা আৰু তেজ পৰিশোধনত, জামুৰ ৰস পেটৰ অসুখত আৰু ইয়াৰ গুটিৰ পৰা তৈয়াৰী পাউডাৰ বহুমুত্ৰ আদি ৰোগৰ উপশমৰ বাবে বহুলভাৱে ব্যৱহৃত হয়। আমলখি, শিলিখা আৰু ভোমোৰাৰ ফলৰ পৰা তৈয়াৰ কৰা ‘ত্ৰিফলা’ নামৰ আয়ুৰ্বেদিক ঔষধটোৰ লগত কম সংখ্যকৰহে বোধহয় চিনাকি নাই। ভাৰতীয় ফলবোৰৰ ভিতৰত আমলখিত সবাতোকৈ অধিক পৰিমাণে খাদ্যপ্ৰাণ ‘গ’ থাকে। খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱ হ’লে স্কাৰভি নামৰ এবিধ বেমাৰ হয়। আমলখিৰ পৰা ‘ছৱনপ্ৰাছ’ নামৰ এবিধ স্বাস্থ্যকৰ টনিক তৈয়াৰ কৰা হয়।

তালিকা নং:৩ কেইবিধমান গৌণফলৰ পৌষ্টিক গুণাগুণ

ফলৰ নাম

শৰ্কৰা (%)

প্ৰ’টিন(%)

খনিজ লৱণ (%)

খাদ্যপ্ৰাণ ‘গ’ (মি.গ্ৰা./১০০ গ্ৰা:)

আমলখি

৭.২৯

০.৫০

০.৭০

৬০০.

০০

লেটেকু

১০.৬০

৫.৪৫

 

১৭৮.৩৫

পনিয়ল

৯.১৮

৩.৮৫

 

২১৭.৯৯

কৰ্দৈ

১০.৮৫

০.৭৫

 

১৩.৮৫

ঔটেঙা

৫.২৪

 

 

৪.০৪

বগৰী

১০.৭২

০.৮০

০.৩০

৪০.৪৬

গোলাপ জামু

১০.২০

৪.৯৯

০.৩০

৮.৫০

নৰাবগৰী

৫.২১

৫.১৩

০.৮০

৩.২৫

জলফাই

৩.০০

১২.৪৯

 

২০.৫৭

মিৰিকাটেঙা

৪.৯৬

 

 

১০.৪৮

ঠেৰেজু

১৫.৭৯

৪.৭০

 

৬০.০৬

ভীমকল

৪৩.৬৩

২.৯৭

 

৬.২০

 

ব্যৱসায়িক গুণাগুণ -

অসমৰ গৌণফলসমুহৰ যথেষ্ট ব্যৱসায়িক মুল্য আছে। এই ফলবোৰৰ পৰা উৎকৃষ্ট জাম, জেলি, ফলৰ ৰস, পানীয় দ্ৰব্য, আচাৰ আদি তৈয়াৰ কৰা হয়। বগৰী, আমলখি, নগাটেঙা, ঠেৰেজু, জামু, জলফাই, কৰ্দৈ, অমৰাৰ পৰা সুস্বাদু আচাৰ তৈয়াৰ কৰিব পাৰি। কৰ্দৈ, বেল, ডালিম আৰু লেটেকুৰ পৰা তৈয়াৰ কৰা ফলৰ ৰসৰ তৃপ্তি সহজে পাহৰিব নোৱাৰি। ডিমৰু, জামু, পনিয়ল আৰু ঔটেঙাৰ পৰা উৎকৃষ্ট জাম তৈয়াৰ কৰা হয়। কৰ্দৈৰ পৰা উৎকৃষ্ট মানৰ জেলি প্ৰস্তুত কৰিব পাৰি। গতিকে দেখা যায় যে গৌণফলসমুহৰ ওপৰত ভিত্তি কৰি বিভিন্নধৰণৰ খাদ্য-সামগ্ৰী প্ৰস্তুতকাৰী ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট থল আছে। নুনি গছৰ ওপৰত ভিত্তি কৰি পাটপলু পালন এক লাভজনক ব্যৱসায়। গৌণফলবোৰৰ পৰা খৰি-কাঠ আদি পোৱাৰ উপৰি নানা কৃষি সঁজুলি , নিত্য প্ৰয়োজনীয় আচবাব আদি তৈয়াৰ কৰা হয়।

বংশ বিস্তাৰ -

গৌণফলৰ বংশ বিস্তাৰ সাধাৰণতে গুটিৰ দ্বাৰাই হয়। যিহেতুকে এতিয়ালৈকে গৌণফলবোৰৰ অধিক উৎপাদনক্ষম উনত জাতৰ উদ্ভাৱন হোৱা নাই, সেয়ে স্থানীয় ফলৰ বীজকে বংশ বিস্তাৰৰ বাবে নিৰ্বাচন কৰা হয়। প্ৰথম অৱস্থাত গুটিবোৰ বীজতলীত সিঁচি দিয়া হয়। তাৰ পৰা এবছৰমানৰ পাছত পুলিবোৰ প্ৰধান উদ্যান বাৰীত ৰোপণ কৰা হয়। কিন্তু এনে কেতবোৰ গৌণফল আছে যিবিলাক গুটিৰ পৰা কৰিবলৈ টান, তেনেক্ষেত্ৰত অংগজ পদ্ধতি, যেনে- গছৰ অংশ কটা পদ্ধতি, ডাল ধৰা পদ্ধতি আদিৰ সহায় লোৱা হয়। উদাহৰণস্বৰুপে ঔটেঙা আৰু বেল গছৰ কথাকে আঙুলিয়াব পাৰি। ঔটেঙা আৰু বেলৰ গুটিৰ পৰা গছ গজাবলৈ কষ্ট কৰ। সেয়ে এইক্ষেত্ৰত গছৰ শিপা অংশ কাটি বংশ বিস্তাৰ কৰা হয়। কৰ্দৈ, আমলখি, পনিয়ল, নৰাবগৰী, নুনি, নাচপতি, মিৰিকা টেঙা, ডালিম আদি গছৰ ডাল কাটি সহজে বংশবৃদ্ধি কৰিব পাৰি।

অসমৰ গৰম আৰু সেমেকা জলবায়ুৱে গৌণফলৰ শ্ৰীবৃদ্ধি আৰু উৎপাদনত যোগাত্মক প্ৰভাৱ পেলালেও অসমত গৌণফলৰ অৱস্থা সন্তোষজনক নহয়। অসমৰ সকলোবোৰ গৌণফলৰ চিনাক্তকৰণ তথা পৌষ্টিক মুল্যায়ন হোৱাই নাই বুলিব পাৰি। গতিকে আমাৰ অজানিতে এনে বহুতো গৌণফল আছে যাৰ অৰ্থনৈতিক আৰু পৌষ্টিক গুৰুত্ব অপৰিসীম। কিন্তু দুখৰ বিষয় যে প্ৰকৃত বৈজ্ঞানিক অধ্যয়ন হোৱাৰ আগতেই বিভিন্ন প্ৰাকৃতিক কাৰণত অথবা  বেমাৰ-আজাৰ, উদ্যোগীকৰণ, জুম খেতি আদিৰ ফলত এই পৰিচিত-অপৰিচিত গৌণফলসমুহ আমাৰ অজ্ঞতা আৰু অৱহেলাৰ বাবে ক্ৰমাৎ বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীতে সাধাৰণতে এই ফলবোৰ পোৱা যায়। কিন্তু সময়ৰ সোঁতত জনসংখ্যা বৃদ্ধিৰ লগে লগে এই বাৰীবোৰৰ খণ্ডিতকৰণ হোৱাৰ ফলত মাটিকালি হ্ৰাস পাই গৈছে, যাৰ ফলস্বৰুপে এই অঞ্চলবোৰৰ পৰা বহুবিধ এনে গৌণফল লাহে লাহে বিপন্ন হোৱাৰ পথত আগবাঢ়িছে। গৌণফলসমুহ জনপ্ৰিয় নোহোৱাৰ অন্য এক অন্তৰায় হৈছে মুখ্যফলৰ দৰে প্ৰায়বোৰ গৌণফলেই সুস্বাদু নহয়। প্ৰায়বোৰ গৌণফলেই খাবলৈ টেঙা বা অম্লযুক্ত। সুস্বাদু গুণৰ অভাৱ ঘটিলেও প্ৰায়বোৰ গৌণফলেই কিন্তু বহুতো মুখ্যফলতকৈ অধিক পুষ্টিকাৰক। অসমত এই গৌণফলসমুহৰ ব্যৱসায়িক ভিত্তিত খেতি কৰাৰ যথেষ্ট সুবিধা আছে। অসমৰ মাটি আৰু জলবায়ুৰ বাবে এই ফলসমুহ খুবেই উপযোগী। মুখ্য ফলবোৰৰ তুলনাত এই ফলসমুহত বেমাৰ-আজাৰ আৰু পোক-পৰুৱাৰ আক্ৰমণো যথেষ্ট কম আৰু সেইবোৰৰ খুব বেছি তত্ত্বাৱধানৰো আৱশ্যক নাই। এই ফলসমুহৰ উন্নয়নৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে এই ফলসমুহে ৰাজ্যখনৰ জনসাধাৰণৰ ফলমুলৰ চাহিদা পুৰণ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক উন্নতিৰ ভেটিও টনকিয়াল কৰাৰ যথেষ্ট থল আছে।

লেখক: ড° মনোৰঞ্জন নেওগ

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

3.08823529412
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top