মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অসমত তৰমুজৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত তৰমুজৰ খেতি

অসমত তৰমুজৰ খেতিৰ বিষয়ে লিখা হৈছে

তৰমুজৰ খেতিৰ বিষয়ে

 

লাউজাতীয় শাক-পাচলিবোৰ লতাজাতীয় উদ্ভিদ। ইহঁতক বগাবলৈ গছৰ ডাল বা বাহৰ জেং আদিৰ প্রয়োজন হয়। জিকা, ভোল, কেৰেলা, কোমোৰা, কুন্দুলী, পটল, তিয়হ আদি লতাজাতীয় উদ্ভিদ তথা পাচলিবোৰ কিউকাৰ বিটেচী গ্রোত্রত পৰে। এই সকলোবোৰ পাচলি কুমলীয়া অৱস্থাত গছৰ পৰা ছিঙি আনি ৰান্ধি খোৱা হয় বাবে ইহঁতক পাচলি বুলি ধৰা হয়। কিন্তু এই একে গোত্রতে থকা আন দুবিধ খৰবুজ পাচলি হিচাপে নধৰি ফল হিচাপে ধৰা হয়। কাৰণ এই তৰমুজ আৰু খৰবুজৰ ফলবোৰ পূৰঠ হ'বলৈ অর্থাৎ পকিবলৈ দি গছৰ পৰা ছিঙা হয়। কাৰণ তৰমুজ আৰু খৰবুজ পূৰঠ হ’বলৈ অৰ্থাৎ পকিবলৈ দি গছৰ পৰা ছিঙা হয়। কাৰণ তৰমুজ আৰু খৰবুজ পূৰঠ হ’লে মিঠা হয় আৰু চেঁচা পানীয় ফল হিচাপে ব্যবহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা বহুত বেছি হয়।

তৰমুজৰ খেতিৰ পদ্ধতি-

তৰমুজৰ বাবে পানী জমা নোহোৱা ওখ, বালিয়া, পলসুৱা, সাৰুৱা মাটিৰ প্রয়োজন হয়। এই বাবেই নদীৰ পাৰৰ পলসুৱা মাটিত আৰু নদীৰ বুকুৰ ওখ চাপৰি অঞ্চলত তৰমুজৰ খেতি কৰিবলৈ বেছি ভাল। নদী অঞ্চলৰ চাপৰি ঠাইবিলাকত বা নদীৰ পাৰৰ অঞ্চলৰ যিবিলাকত পিয়াজ-নহৰু আদিৰ খেতি কৰে। এই খেতিবিলাকৰ মাজে মাজে মাঘ মাহত তৰমুজৰ বীজ ৰোপণ কৰি থ’ব লাগে। ফাগুন-চ'ত মাহত তৰমুজৰ গছ পিয়ায়-নহৰু উঠাই অনাৰ পাছত তৰমুজৰ গছ লহপহকৈ বাঢ়ি আহিব। যিবিলাক অঞ্চলত আলু, ৰঙালাউৰ খেতি কৰা হয়। তেনেবোৰ অঞ্চলতো তৰমুজৰ খেতি কৰা হয়। তৰমুজৰ বীজ ৰোপণ কৰাৰ সময় হৈছে মাঘ মাহৰ পৰা চ’ত মাহলৈ

তৰমুজৰ খেতিৰ বাবে উন্নত মানৰ সঁচবোৰ হৈছে ছুগাৰ বেবী, পুচা বেদনা, নিউ হেমপ চায়াৰ, মিদগেট, আচী ঘামাতো, ফেজাবাদী আদি। খৰবুজৰ সঁচবোৰ হৈছে পুচা বৰৱতী, হৰা মধু, দুর্গাপুৰমধু, পঞ্জাব চুনহেৰী, অৰ্কা ৰাজহংস, অৰ্কা জীত ইত্যাদি। তৰমুজ খেতিৰ বাবে বিঘাই প্রতি ৭০০ গ্ৰামৰ পৰা ৯০০ গ্রাম বীজৰ প্রয়োজন হয়। বীজ সিঁচাৰ আগতে এৰাতি বীজবোৰ চেঁচা পানীত তিয়াই ল’ব পাৰিলে বীজৰ অংকুৰণ ভাল আৰু সোনকালে হয়।

তৰমুজৰ বাবে প্রয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্রতি ৩ টন গোবৰ, ১৬ কি: গ্রাম ইউৰিয়া, ৩৫ কিল’গ্রাম একক ছুপাৰ ফছফেট আৰু ১০ কি: গ্রাম মিউৰেট অব পটাছ সাৰ। এই সকলোখিনি সাৰ পোৱাৰ বাবে কোৰ মাৰিবৰ সময়ত সমভাবে মাটিত প্রয়োগ কৰি ল’ব। নদীৰ চাপৰি মাটি বা নদীৰ পাৰৰ বালিয়া পলসুৱা মাটি য'ত পলস পৰি মাটি যথেষ্ট সাৰুৱা হৈ থাকে তেনে মাটিত তৰবুজ খেতিৰ বাবে গোবৰ বা কেঁচু সাৰ যথেষ্ট পৰিমাণে প্রয়োগ কৰি খেতি কৰিব পাৰি। যদি নদীৰ পাৰৰ মাটি নহয় তেন্তে মাটিৰ সাৰুৱা গুণটোৰ ওপৰত নিৰ্ভৰ কৰি সাৰৰ পৰিমাণ কমাই ল’ব পাৰি। সাধাৰণতে মাটি বাছনি কৰি পাঁচ-সাত ফুটৰ দূৰত্বত একোটা গাঁত কৰি (এফুট দ, এফুট বহল এ আৰ এফুট দীঘল) তাত গোবৰ বা কেঁচুসাৰ বা ৰাসায়নিক সাৰ প্রয়োগ কৰি মাটিৰে সৈতে মিহলাই ৫/৬ দিনৰ পাছত প্রতি গাঁতত দুই তিনিটাকৈ বীজ দিব লাগে। গোবৰ বা কেঁচুসাৰ অকলে প্রয়োগ কৰিলে প্রয়োগ কৰাৰ দুদিনৰ পাছতে বীজ ৰোপণ কৰিব পাৰি।

তৰমুজ যদিও লতাজাতীয় উদ্ভিদ তথাপি এই গছবোৰ মাটিতহে বগাবলৈ দিয়া হয়। ইয়াৰ বাবে মাটিৰ চাৰিওফালে নৰা বা

খেৰ পৰি দিব লাগে। গছজোপাৰ আগবোৰ দূৰলৈ বগাই নেযাবৰ বাবে আগবোৰ সময়ে সময়ে গছজোপাৰ চাৰিওফালে ঘূৰাই থাকিব লাগে। পুলি গজি উঠাৰ পাছত ২/৩ পতিয়া হোৱা অৱস্থাত মাটিত থকা শুঁৰ পোকে পুলিটো কাটি দিয়ে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বীজ ৰোপণ কৰাৰ আগতে প্ৰতিটো গাঁতত মালাথিয়নৰ গুৰি প্রয়োগ কৰি ল’ব লাগে। তৰমুজৰ ফলটো কলি অৱস্থাত বৰল পোকে আক্রমণ কৰে। এই পোকৰ পৰা ৰক্ষা কৰিবৰ বাবে মালাথিয়ন ৫০ ইচি, দৰব ৩০ টোপাল এক লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে। শস্যৰ মাজত পুৱা-আবেলি ধোঁৱা দিয়াৰ ব্যবস্থা কৰিব লাগে। অন্য উপায় হিচাপে ফে’ৰমেন ট্ৰেপ ব্যৱহাৰ কৰি বৰল পোক নিবাৰণ কৰিব পাৰি।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top