মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অসমত ষ্ট্ৰবেৰী খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত ষ্ট্ৰবেৰী খেতি

অসমত ষ্ট্ৰবেৰী খেতিৰ বিষয়ে লিখা হৈছে ।

ফলমূল শস্যই হওক বা শাক-পাচলিৰ খেতিয়েই হওক , বিভিন্ন ঋতুত বিভিন্ন সঁচ ৰোপণ কৰা হয় বা বিভিন্ন ফলমূল বা পাচলি উপলব্ধ হয় । এই শস্যবোৰৰ কিছুমানৰ চাহিদা বেছি আৰু গোটেই বছৰ জুৰি বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে উৎপন্ন কৰি বজাৰত বিক্ৰী কৰা হয় আৰু ইয়াৰ মূল্যও বেছি হয় বাবে ইহঁতক বেছি মূল্যৰ শস্য বুলি ধৰা হয় । বেছি মূল্যৰ ফলমূল শস্যবোৰৰ ভিতৰত ষ্ট্ৰবেৰী ফলক সহজে ধৰা হয় ।

ষ্ট্ৰবেৰী এবিধ কোমল দেহী, মনোমোহা বহুবৰ্ষজীৱী ফল । ই এবিধ সুস্বাদু আৰু পুষ্টিকৰ পাচলি । এই কোমল আৰু ৰসাল ফলটোত ভিটামিন ‘ক’ আৰু ‘গ’ থকাৰ উপৰি কেলচিয়াম, ফচফৰাছ, পটাচিয়াম আদি খনিজ লবণেৰে সমৃদ্ধ । কথিত আছে যে ষ্ট্ৰবেৰীৰ খেতি কৰোঁতে কোমল ফলবোৰ অৰ্থাৎ বেৰীবোৰ মাটিৰ উপৰি ভাগতে পৰি থাকে (যিহেতুকে গছজোপা বৰ চাপৰ, প্ৰায় এফুট ওখ) আৰু মাটিৰ সংস্পৰ্শত থাকি ফলবোৰ নষ্ট নহ’বৰ বাবে মাটিৰ উপৰি ভাগত গছৰ গুৰিত ধানৰ নৰা বা ঘেঁহুৰ ঠাৰি, বা খেৰ , কণী ধানৰ বা ওট আদিৰ নৰা অৰ্থাৎ ষ্ট্ৰবোৰ পাৰি দিয়া বাবে এই বেৰী আকাৰৰ ফলবোৰক ষ্ট্ৰবেৰী বোলা হয় ।

ষ্ট্ৰবেৰী খেতিৰ বাবে বালিয়া, পলসুৱা মাটিৰ আৱশ্যক । পাতলীয়া মাটিতকৈ পানী শোষণ কৰিব পৰা অধিক জৈৱিক পদাৰ্থ থকা মধ্যমীয়া পলসুৱা মাটি বেছি প্ৰশস্ত । যিবিলাক মাটিত আগতে বিলাহী, বেঙেনা, জলকীয়া, আলু আদিৰ খেতি কৰিছে তেনে মাটি ইয়াৰ বাবে প্ৰশস্ত নহয় ।

মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি অসমকে ধৰি উত্তৰ পূব অঞ্চলত খেতি কৰিব পৰা সঁচবিলাক হৈছে- কামৰাজা, ছুইট বালি, চান্দালাৰ ইলিষ্টা, ফেয়াৰ ফক্স, অফ্ৰা, ব্লেকমোৰ, দগলাছ ইত্যাদি ।

ষ্ট্ৰবেৰীৰ ৰোপণ সামগ্ৰীবোৰ হৈছে ৰাণাৰ আৰু ৰাণাৰবোৰ হৈছে মূল গছজোপাৰ গুৰিয়েদি মাটিৰ সমান্তৰালকৈ বাঢ়ি অহা বগা ঠাৰি আৰু তাৰ গাঠিৰ পৰা শিপা ওলায় । শিপাই মাটিত খামোচ মাৰি ধৰে আৰু নতুন পোখা ওলাই মূল গছ জোপাৰ পৰা সামান্য আঁতৰত এজোপা এজোপা নতুন গছৰ সৃষ্টি হয় । এই নতুন পুলিটোকে ৰাণাৰ বোলে । আৰু ইয়াত যেতিয়া ২-৩ টা নতুনা পাত ওলাব তেতিয়া এই ৰাণাৰটো উঠাই বেলেগে পথাৰত ৰোপণ কৰিব লাগে ।

মূল পথাৰত পুলি ৰোপণ কৰাৰ সময় ঠাই বিশেষে ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ । তথাপি উপযুক্ত সময় অসমৰ সমভূমি অঞ্চলত ছেপ্টেম্বৰ-অক্টোবৰ মাহ অৰ্থাৎ আহিন কাতি মাহ । বৰষুণৰ বতৰত পুলি ৰোপণ কৰিলে বৰষুণৰ পৰা পুলিটো যাতে নষ্ট নহয় তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে । ঠাই বিশেষে মাঘ-ফাগুন মাহতো পুলি ৰোপণ কৰিব পাৰি । পুলি ৰোপণ কৰোঁতে একোছা ওখ ভেটিত মাটি কঁঠাল ৰোপণ কৰাৰ দৰে ৫০ চে:মি: ব্যৱধানত আৰু ৯০-১০০ চে:মি: শাৰীৰ ব্যৱধানত পুলি ৰোপণ কৰিব লাগে ।

ষ্ট্ৰবেৰী খেতিৰ বাবে মাটিত যথেষ্ট পৰিমাণে পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে । সাধাৰণতে পুলি ৰোপণ কৰাৰ আগতে ভেটিবোৰত বিঘাই প্ৰতি ১০-১২ টন গোবৰ, ৫ কি:গ্ৰা: ইউৰিয়া, ৩০ কি:গ্ৰা: একক ছুপাৰ ফছফেট আৰু ৭ কি:গ্ৰা: মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে । ষ্ট্ৰবেৰী যিহেতুকে বহুবৰ্ষজীৱী শস্য, গতিকে পাছত প্ৰতিবছৰে (যেতিয়ালৈকে শস্য ফলৱতী হৈ থাকে) অতিৰিক্ত হিচাপে ২ টন গোবৰ, ২০ কি:গ্ৰা: ছুপাৰ ফছফেট আৰু ৫ কি:গ্ৰা: মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে । শস্যৰ বেছি উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ বাবে দুই শতাংশ ইউৰিয়া, ০.৫ শতাংশ জিংক ছালফেট, ০.৫ শতাংশ কেলচিয়াম ছালফেট আৰু ০.২ শতাংশ শক্তিৰ বৰিক এচিড গছত ছটিয়াব লাগে ।

অপতৃণ বা বন-বাতৰ প্ৰয়োভৰ ষ্ট্ৰবেৰী খেতিত বৰ বেছি, কাৰণ গছ জোপাৰ আকাৰ সৰু আৰু জোপোহা হোৱা বাবে বন-বাতে গছজোপাক বৰ অনিষ্ট কৰে ।

গতিকে সঘনাই বন-বাতবোৰ সাৱধানে নিৰাই থাকিব লাগে । বন-বাত নিৰোৱা কাৰ্য কমাবলৈ হ’লে গছৰ গুৰিৰ চাৰিওফালে ধানৰ নৰা, খেৰ, ধানৰ ভুচি, কাঠৰগুৰি, সৰিয়হ বা মটৰ মাহৰ গছৰ ঠাৰি বা ক’লা পলিথিন কাপোৰেৰে মাটি ঢাকনি ব্যৱহাৰ কৰিব পাৰে । গছত ফুল ফুলিবলৈ ধৰাৰ আগতে মাটিৰ ঢাকনি বা মালচিং দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

পুলিৰ গুৰিকটা পোক, শুঁৰ পোক, ভূৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হ’লে মাটি দকৈ চহাব লাগে আৰু মাটিত মালাথিয়ন গুৰি বা সৰিয়হৰ খলিহৈৰ গুৰি প্ৰয়োগ কৰিব লাগে । পাত ঘূৰোৱা, পাত খোৱা পোকৰ বাবে ০.১ শতাংশ শক্তিৰ মালাথিয়ন দৰবৰ মিশ্ৰণ ছটিয়াব লাগে । ফল বিন্ধা পোকৰ নিৰাময়ৰ বাবে ০.০৫ শতাংশ শক্তিৰ ৰগৰ ঔষধ ছটিয়াব লাগে ।

ষ্ট্ৰবেৰী শস্যৰ অনিষ্টকাৰী বেমাৰবোৰ হৈছে- গছ মৰহি যোৱা, ৰোগ, পাউদাৰী মিলদিউ, ৰে’ড ষ্টেল, লিফ স্পট বা পাতত দাগ পৰা বেমাৰ, পাত খহটা পৰা, লিফ ব্লাইট, গ্ৰে মলড ইত্যাদি । যিবিলাক মাটিত আগতে আলু, বিলাহী, বেঙেনা বা জলকীয়া খেতি কৰিলে ভাৰটিচিলিয়াম বেমাৰ হয় । তেনে মাটি ষ্ট্ৰবেৰী খেতিৰ বাবে বাছনি কৰা হয় তেন্তে তেনে মাটি শোধন কৰিব লাগে । পাউদাৰী বেমাৰৰ বাবে ০.২ শতাংশ বেভিষ্টিন ছটিয়াব লাগে, ৰেড ষ্টেল, পাতত দাগ পৰা, পাত খহটা হোৱা আৰু লিফ ব্লাইট বেমাৰৰ বাবে এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ  ছটিয়াব লাগে ।

গছত যেতিয়া ষ্ট্ৰবেৰী ফলবোৰ ৫০-৭৫ শতাংশ পকিব বা ৰং ধৰিব তেনে ফল দূৰৰ বজাৰৰ বাবে আৰু থলুৱা বজাৰৰ বাবে সম্পূৰ্ণকৈ ৰং ধৰা পকা ফলবোৰ চপাব লাগে । এজোপা গছত গড়ে ২০০-৪০০ গ্ৰাম ফল উৎপাদন দিয়ে ।

লেখক :- ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস:- দৈনিক জনমভূমি

3.28571428571
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top