অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ বাবে অনুমোদিত সেউজ গৃহ

অসমৰ বাবে অনুমোদিত সেউজ গৃহ

অসমত বাঁহৰ খুঁটাৰ ওপৰত প্লাষ্টিকৰ চাল দি বনোৱা কম খৰচী সেউজ গৃহ বা পলিহাউছত খেতি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অসমৰ কৃষকসকলৰ বাবে অনুমোদন কৰা এই সেউজ গৃহ বা পলিহাউচটো দীঘলে ২০ মিটাৰ, বহলে ৫ মিটাৰ অৰ্থাৎ এশ বৰ্গমিটাৰ এলেকাৰ হয়।

ঘৰটোৰ মূধচৰ খুঁটাটো মাটিৰপৰা ৩ মিটাৰ আৰু কাষৰ খুঁটাবোৰ মাটিৰপৰা ২ মিটাৰ ওখত থাকিব লাগে। মূধচৰ খুটা আৰু কাষৰ খুঁটাবোৰ তিনি মিটাৰ অন্তৰে অন্তৰে পুটিব লাগে। পিছত ঘৰটোৰ ওপৰত চালি এখন বনাই তাত প্লাষ্টিকখন পাৰি ভালদৰে বান্ধি দিব লাগে। এনে একোটা ঘৰৰ বাবে প্ৰায় ৩০ কেজি প্লাছিক আৰু ৪০ টা বাঁহৰ প্ৰয়োজন হয়। ঘৰটোৰ ভেটিটো এক ফুট ওখকৈ ওখকৈ সাৰুৱা মাটিৰে পূৰ্ণ কৰি ল’ব লাগে। ঘৰটোৰ কাষৰ বেৰবোৰত অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী ফিল্মৰ পৰিৱৰ্তে ছা দিয়া প্লাষ্টিক নেট ব্যৱহাৰ কৰিব পৰা যায়। অৱশ্যে গৰমৰ দিনত এই বেৰবোৰ উঠাই থলে বতাহ সোমাই ঘৰটো কিছু পৰিমাণে ঠাণ্ডা কৰি ৰাখে। কাষৰ বেৰবোৰত প্লাষ্টিক নেট নিদিয়াকৈ মুকলিকৈ ৰাখি ঘৰটো বৃষ্টিৰোধী ঘৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। কম খৰচী সেউজ গৃহ এটা বনাওঁতে পঁচিশ হাজাৰমান টকা খৰচ হয় আৰু এই ঘৰটো ৪-৫ বছৰ পৰ্যন্ত সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰি।

 

সেউজ গৃহ নিৰ্মাণত মন কৰিবলগীয়া কথাঃ

  • সেউজ গৃহবোৰ সদায় ওখ আৰু ৰ’দ ঘাই ঠাইতহে বনাব লাগে। দ ঠাইত বনালে ঘৰটোৰ ঘৰটোৰ ভিতৰত পানী সোমাব পাৰে।
  • ঘৰবোৰ সদায় উত্তৰা-দক্ষিণাকৈ হ’ব লাগে যাতে দিনটোৰ সৰহখিনি সময় ভিতৰত ৰ’দ পৰি থাকে।
  • ঘৰটোলৈ অহা-যোৱাৰ সুবিধা থকা বিধৰ হ’ব লাগে। আৱশ্যখ’লে সৰু বাট এটাও কৰি ল’ব পাৰি।
  • ঘৰটোৰ ওচৰত অন্ততঃ দহ মিটাৰমানলৈ কোনো ডাঙৰ গছ-গছনি বা ওখ গছ আদি থাকিব নালাগে।
  • একো একোটা সেউজ গৃহৰ উচ্চতা ৫-৭ মিটাৰতকৈ বেছি হ’ব নালাগে। উচ্চতা বেছি হ’লে বতাহ-ধুমুহাই ঘৰটো ক্ষতিসাধন কৰিব পাৰে। আনহাতে, উচ্চতা কম হ’লে ঘৰটোৰ তাপমাত্ৰা বাঢ়ি যাব পাৰে।
  • পানী যোগানৰ ব্যৱস্থা ঘৰটোৰ ওচৰতে থাকিলে সুবিধা হয়।
  • ঘৰটোৰ ওপৰৰ প্লাষ্টিকখন ফাটি গ’লে তাক লগে লগে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে, নহ’লে ফাটবোৰ অতি সোনকালে ডাঙৰ হৈ পৰাৰ সম্ভাৱনা থাকে।
  • প্লাষ্টিকখনত ধূলি-বালি পৰি চামনি বান্ধিলে তাৰ মাজেৰে পোহৰ সোমোৱাত বাধা আহি পৰে। সেয়েহে প্লাষ্টিকখন মাজে মাজে চাৰ্ফ পানীৰে ধুব লাগে।
  • বাঁহ বা কাঠেৰ খুঁটাবোৰ যাতে উঁই আদিয়ে নষ্ট নকৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা ল’ব লাগে। তদুপৰি বাঁহৰ খুঁটাৰ মাটিত লাগি থকা অংশটো যাতে পচি নাযায় তাৰ বাবেও সাৱধানতা ল’ব লাগে।
  • ঘৰৰ ফ্ৰেমটোত জাঙা ধাৰ থকা একো অংশ ওলাই থাকিব নালাগে। অন্যথা পলিথিনখন ফাটি যাব পাৰে।
  • পলিথিনখন চালত ভালদৰে টানকৈ বান্ধিব লাগে। পলিথিনখন বতাহত ঢৌ খেলি থাকিলে ঘঁহনি খাই নষ্ট হৈ যাব পাৰে।

উৎসঃ উদ্যান শস্য আৰু খাদ্য স্ংসাধন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate