অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদা :

আদাৰ বিষয়ে লিখা হৈছে ।

 

আদা সাধাৰণতে ব্যঞ্জনাদিত আৰু ঔষধত ব্যৱহাৰ কৰা হয়। ইয়াক কেঁচাই নতুবা শুকুৱায়ো খোৱা হয়। নাম-প্ৰসংগৰ শৰাইৰ মাহ-প্ৰসাদত আদা নহ’লে অসম্পূৰ্ণ হৈ পৰে। সেয়েহে আমাৰ দৈনন্দিন জীৱনত আদা এবিধ আৱশ্যকীয় সামগ্ৰী। এইবিধ শস্যৰ কৃষি পদ্ধতি চমুকৈ দাঙি ধৰা হ’ল-

মাটি -

বেছি বৰষুণ হোৱা গৰম আৰু সেমেকা জলবায়ুত আদাৰ খেতি ভাল হয়। কম বৰষুণ হোৱা ঠাইত পানী যোগান ধৰিও আদাৰ খেতি কৰিব পাৰি। এই খেতিৰ বাবে পানী জমা নোহোৱা কোমল ফছফছীয়া, পলসুৱা-বালিচহীয়া আৰু বালিয়া-পলসুৱা মাটিয়েই উপযোগী। খেতিডৰাত পাতল ৰ’দ পৰা হ’ব লাগে। ভৈয়াম অঞ্চলৰৰপৰা ৫০০০ ফুট ওখ পাহাৰ অঞ্চলতো ইয়াৰ খেতি কৰিব পাৰি।

জাত -

১)ৰাই ও-দি-জেনেৰিও,

২)নদীয়া,

৩)কৰকাই,

৪)বৰদোৱা,

৫)মৰাণ,

৬)যোৰহাট আৰু

৭)চীনা।

ৰোৱাৰ সময়:

মাৰ্চ-এপ্ৰিল।

মাটি প্ৰস্তুতকৰণ -

৪-৫ বাৰ হাল বাই বা কোৰ মাৰি মাটিডৰা চাহ কৰি একোটা ভেটি কৰি ল’ব লাগে। ভেটিবোৰত ২৫ ছেন্টিমিটাৰ আঁতৰে আঁতৰে সৰু সৰু খোল কৰি সেইবোৰত প্ৰথমে পচা গোবৰ বা পচন সাৰ দি পূৰাই প্ৰস্তুত কৰি ল’ব লাগে।

বীজৰ পৰিমাণ:

বীজৰ বাবে ১৫ গ্ৰাম ওজনৰ এটা বা দুটা চকু থকা আদাৰ টুকুৰা প্ৰতিবিঘাত ১.৫-২ কুইন্টল প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ -

বিঘাই প্ৰতি ১.৩ টন পচন বা সাৰ গোবৰ, ইউৰিয়া ৭ কিলোগ্ৰাম, ছুপাৰ ফছফেট ১৩ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ ৬ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। ইয়াৰে পচন সাৰখিনিৰ অৰু লগতে ইউৰিয়াৰ আধা অংশ ৰাখি বাকী সমুদায় সাৰ খিনি প্ৰাথমিক সাৰ হিচাপে চাহ কৰোঁতে প্ৰয়োগ কৰিব লাগে। ৰাখি থোৱা ইউৰিয়া সাৰখিনি ৰোৱাৰ ৬০ দিন পিছত টপ ড্ৰেছ হিচাপে প্ৰয়োগ কৰিব লাগে।

দূৰত্ব:

শাৰীৰ দূৰত্ব ২৫ ছেন্টিমিটাৰ আৰু গছৰ দূৰত্ব ১৫-২০ ছেন্টিমিটাৰ হ’ব লাগে।

ৰোৱাৰ পদ্ধতি -

শাৰী শাৰীকৈ কৰি লোৱা খলবোৰত গাঁজ ওলাবলৈ ধৰা আদাৰ গাঁঠিবোৰ ভাঙি ডোখৰ ডোখৰ কৰি ৰুব লাগে। আদাবোৰ ৰোৱাৰ পিছত ওপৰত কেঁচা গছৰ পাত বা খেৰ, নৰাৰে ঢাকি দিব লাগে। ৰোৱাৰ ৪০ দিন পিছত আৰু এবাৰ ঢাকি দিব পাৰিলে ভাল।

প্ৰতিপালন:

খৰাং বতৰত ১৫ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে। ৰোৱাৰ ৪০ দিন পিছত দ্বিতীয়বাৰ জাপ দিয়াৰ আগেয়ে প্ৰথমবাৰ বন-বাত নিৰাব লাগে। বন-বাত নিৰোৱাৰ লগে লগে গুৰিত মাটি চপাই দিব লাগে।

চপোৱা:

পাতবোৰ হালধীয়া হৈ শুকাবলৈ ধৰোঁতে খেতি চপাব লাগে। চপোৱাৰ আগেয়ে পাতবোৰ কাটি ল’লে চপোৱাৰ সুবিধা হয়। আদাবোৰ পৰিষ্কাৰ পানীৰে ধুই এদিন ৰ’দত শুকাব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ১৫-২০ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top