মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / উদ্যান শস্যৰ পৰিৱৰ্তিত ৰুপৰ গুৰুত্ব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্যান শস্যৰ পৰিৱৰ্তিত ৰুপৰ গুৰুত্ব :

উদ্যান শস্যৰ পৰিৱৰ্তিত ৰুপৰ গুৰুত্বৰ বিষয়ে লিখা হৈছে ।

 

অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ৰাজ্যখনৰ গোটেই অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসম তথা ভাৰতবৰ্ষৰ উন্নতি সাধন কৰিবলৈ হ’লে ইয়াৰ হাজাৰ হাজাৰ গাঁৱৰ কৃষিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত কৃষকৰ উন্নতি সাধন কৰিব লাগিব। কৃষকৰ উন্নতি সাধন কৰিব পৰা অন্যান্য শস্যৰ লগতে কিছু ক্ষেত্ৰত আংশিকভাৱে আৰু কিছু ক্ষেত্ৰত সম্পুৰ্ণভাৱে সমাধান কৰিব পৰা একমাত্ৰ উপায় হৈছে উদ্যান শস্যৰ কৃষি ক্ষেত্ৰ। কাৰণ অসমত উদ্যান শস্যৰ খেতি কৰাৰ বহুতো সুবিধা আছে আৰু প্ৰকৃতাৰ্থত ক’বলৈ গ’লে অসমৰ মাটি আৰু জলবায়ু বহুতো উদ্যান শস্যৰ খেতিৰ বাবে উত্তম। উদ্যান শস্য বুলিলে ফলমুল, শাক-পাচলি , ফুল আৰু মছলা শস্যকে বুজা যায় যদিও ইহঁতৰ সংৰক্ষণ আৰু এই শস্যবোৰৰ পৰা উৎপাদিত সামগ্ৰী সমুহকো বুজায়। এই শস্যবোৰৰ ভিতৰত বাণিজ্যিক দিশত প্ৰথম স্থান পোৱা শস্যবোৰ হৈছে ফলমুল শস্য। কাৰণ ফলমুল শস্যবোৰ পোষক শস্য হিচাপে ব্যৱহাৰ উপৰি ফলমুলৰ পৰা উৎপাদিত সামগ্ৰী যেনে- স্কোৱাচ, জাম, জেলী, কেণ্ডি, আচাৰ, খিচমিচ, সুৰা ইত্যাদি। তৈয়াৰ কৰিবৰ বাবে ফলমুলৰ আৱশ্যক। ইয়াৰ পাছতে মছলাজাতীয় শস্য যেনে- জালুক, জলকীয়া, আদা, হালধি, মেথি, শনিয়া, জিৰা, ইলাচি ইত্যাদি। এই শস্যবোৰৰ ভিতৰত জালুক, আদা হালধি, জলকীয়াৰ বাণিজ্যিক দিশ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় অৱস্থাত অতি উজ্জ্বল। মছলা শস্যৰ পাছতে ফুল শস্য বাণিজ্যিক দিশত অগ্ৰগতি বহুত বেছি। সৌন্দৰ্যৰ প্ৰতি মানুহ বেছি আগ্ৰহী হোৱাৰ পৰিপ্ৰেক্ষিতত ফুলৰ চাহিদাও দিনক দিনে বৃদ্ধি পাইছে। সাধাৰণতে, নাৰ্জী, ৰজনীগন্ধা, চন্দ্ৰমল্লিকা বা ইন্দ্ৰ মালতী, জেচমিন, গোলাপ, গ্লেডিঅলাছ অৰ্কিড ইত্যাদি। ইয়াৰ অৰ্কিডৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বজাৰত চাহিদা বহুত বেছি কিন্তু শাক-পাচলিৰ বাণিজ্যিক দিশ মাত্ৰ ঠাই বিশেষেহে। যি ঠাইত যিটো শাক-পাচলিৰ চাহিদা বেছি, তাকেই বাণিজ্যিক ভিত্তিত খেতি কৰা হয়। কেঁচা শাক-পাচলিবোৰৰ বহল ভিত্তিত সংৰক্ষণৰ অসুবিধা আৰু সংৰক্ষণ কৰিলেও সংৰক্ষণ ব্যৱস্থাৰ পৰা বজাৰলৈ উলিয়াই অনাৰ পাছত সোনকালে নষ্ট হৈ যোৱা বাবে বেছি দুৰৰ বজাৰলৈ পঠাব নোৱাৰি আৰু পঠালেও বজাৰত ইয়াৰ মুল্য দিনক দিনে দ্ৰুতগতিত কমি যায়। কিন্তু শাক-পাচলি শস্যবোৰৰ শস্য কাল কম হোৱা বাবে বছৰেকত কেইবাটাও খেতি কৰিব পাৰি। শস্য ক্ৰমৰ উৎপাদনৰ হাৰ প্ৰতি একক মাটিত বৃদ্ধিৰ বাবে শস্যৰ প্ৰাৱল্য আৰু শস্যৰ পৰিৱৰ্তনৰ গুৰুত্ব অপৰিসীম। লগতে শস্যৰ বৈজ্ঞানিক পদ্ধতিগত ব্যৱহাৰ ইয়াৰ ভিতৰত উচ্চ উৎপাদনক্ষম বীজৰ ব্যৱহাৰ, জৈৱিক আৰু অজৈৱিক সাৰৰ ব্যৱহাৰ, শস্যক্ৰমৰ অনুপাত আৰু পৰিমাণ মিশ্ৰিত শস্যৰ খেতি, বহুতৰপীয়া শস্যৰ উৎপাদন, অস্তৱৰ্তী শস্য, প্ৰতি একক মাটিত শস্যৰ পৰিমাণ বৃদ্ধি, সহজতে উৎপাদন হোৱা আৰু সুলভ বজাৰৰ সুবিধানুযায়ী নতুন শস্যৰ প্ৰয়োভৰ বা সংযোজন ইত্যাদি। উদ্যান শস্যত অধিক জৈৱিক সাৰ প্ৰয়োগে শস্যৰ মান বঢ়োৱাৰ বাহিৰেও মাটিৰ গুণগত মান অক্ষুণ্ণ ৰাখে। এটা শস্যৰ পাছত আন এটা শস্যৰ খেতি কৰি অৰ্থাৎ এবিঘা মাটিত ৰবি বতৰত প্ৰথম ফুলকবি শস্যৰ খেতিৰ পাছত মাঘ-ফাগুন মাহত বেঙেনা বা মৰিচা শস্যৰ খেতি, বহাগ মাহত লেচেৰা মাহ বা জিকাৰ খেতি, আহাৰ মাহত ভেণ্ডিৰ খেতি আৰু আহিন মাহত ফুলকবি বা বন্ধাকবিৰ খেতি। গতিকে দেখা গ’ল যে এবিঘা মাটিৰ পৰা পাঁচবিঘা মাটিৰ শস্য উৎপাদন কৰিব পৰা যায়। ঠিক তেনেদৰে, মধ্য চানেকীয়া মাটিত হোৱা ধান শস্য কাতি-আঘোণত চপোৱাৰ পাছত সেই মাটিত শেহতীয়াকৈ বিলাহী বা বেঙেনা শস্য আৰু তাৰ পাছত চ’ত-বহাগ মাহত লেচেৰা মাহ, লতা জাতীয় ফ্ৰেন্সবীনৰ খেতি কৰি পাছত আকৌ ধান খেতি কৰিব পাৰি। গতিকে দেখা যায় যে ধানৰ পাছতে পদ্ধতিগত কৌশল অৱলম্বন কৰিলে আৰু তিনি-চাৰিটা শস্যৰ উৎপাদন পাব পাৰি। লাহে লাহে শস্য ভুমিৰ পৰিমাণ কমি যোৱালৈ লক্ষ্য ৰাখি বৰ্তমান প্ৰতি একক পৰিমাণৰ মাটিত শস্যৰ সংখ্যা বঢ়াই দি উৎপাদন বৃদ্ধি কৰা হয় যাতে এবিঘা বা এক হেক্টৰ মাটিৰ পৰা একে সময়তে বা একে শস্য কালতে ডেৰগুণ বা দুগুণ পৰিমাণৰ উৎপাদন পাব পাৰি। উদাহৰণস্বৰুপে, এক হেক্টৰ বা চাৰে সাত বিঘা মাটিত মাটি কঁঠালৰ দুশৰীয়া পদ্ধতি ৪৪,৪৪৪ জোপা গছ ৰোপণ কৰিব পাৰি।

এই মাটিকঁঠাল গছৰ সংখ্যা সেই পৰিমাণৰ মাটি কালিত গছ বঢ়াই ৬২,০০০ জোপা কৰিব পাৰি। একক পৰিমাণৰ মাটিত গছৰ সংখ্যা বঢ়াই খেতি কৰিলে মাটিকঠাঁলৰ গছৰ পৰা মুঢ়া শস্যৰ উৎপাদন পাব নোৱাৰি। এইদৰে একক মাটিত ফলমুলৰ গছৰ সংখ্যা বঢ়াই উৎপাদন বৃদ্ধি কৰাৰ পদ্ধতিত উচ্চ ঘনত্বৰ বাগিচা বোলা হয়। ঠিক তেনেদৰে কলৰ ক্ষেত্ৰতো প্ৰতি একক মাটিত কল গছৰ সংখ্যা বঢ়াব পাৰি। জাহাজী কলৰ ক্ষেত্ৰত ১.৮ আৰু ১.৮ মিটাৰ ব্যৱধানত হেক্টৰে প্ৰতি ৩৬৩০ জোপা কলগছ ৰোপণ কৰি উৎপাদন যথেষ্ট বঢ়াব পাৰি। কলৰ নতুন দুশৰীয়া পদ্ধতিত শাৰীৰ ব্যৱধান ১.২ মিটাৰ, গছৰ মাজৰ ব্যৱধান ২.০ মিটাৰ ৰাখিলে প্ৰতি হেক্টৰ মাটিত ৬২৫০ জোপা গছ ৰোপণ কৰিব পাৰি। এনে পদ্ধতি পুৰণা পদ্ধতিৰ দুগুণতকৈ বেছি পৰিমাণৰ কল গছ ৰোপণ কৰি দুগুণ উৎপাদন পাব পাৰি। শেষৰ পদ্ধতিটো চাপৰ জাতৰ জাহাজী আৰু মালভোগ ফলৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। নাৰিকলৰ ক্ষেত্ৰত দুজোপা গছৰ মাজৰ ব্যৱধান ৭.৫ আৰু ৭.৫ মিটাৰ (২৫ ফুট ) ব্যৱধান হিচাপে প্ৰতি হেক্টৰত ১৭৫ জোপা গছ ৰোপণ কৰিব পাৰি। দুজোপা নাৰিকল গছৰ ব্যৱধান কমাই ৭.০*৭.০ মিটাৰ কৰিলে গছৰ সংখ্যা ২০৫ জোপা হয় আৰু ৬.৫ আৰু ৬.৫ মিটাৰ ব্যৱধান ৰাখিলে নাৰিকল গছৰ সংখ্যা ২৩৫ জোপা হয় প্ৰতি হেক্টৰত। উদ্যান শস্যত পানীৰ আৱশ্যকতা আৰু উচিত ব্যৱহাৰেহে এটা ভাল উৎপাদন দিয়ে। বৰষুণৰ ওপৰত সদায় নিৰ্ভৰশীল হ’ব নোৱাৰি, বিশেষকৈ ফলমুল শস্যত। গতিকে গছৰ গুৰিত মাটিৰ জীপ ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰা হয়। উদাহৰণ স্বৰুপে মালচিং বা মাটিৰ ঢাকনি, স্পিংলাৰ জলসিঞ্চন, ড্ৰীপ জল সিঞ্চন ইত্যাদি । আজিকালি কিছুমান হাই ভ্যেলু (উচ্চ মুল্যৱান) ফুল আৰু শাক-পাচলিতো প্ৰয়োজন অনুসাৰে টোপাল টোপালকৈ (ড্ৰীপ জলসিঞ্চন) পানীৰ যোগান ধৰা হয়। বৰ্তমান উদ্যান শস্যৰ চাহিদালৈ আৰু পুসটিকৰ দিশলৈ লক্ষ্য ৰাখি কল, কমলা, মধুৰি, নেমু, আম, নাৰিকল, তামোল, জালুক, আদা, হালধি, ব্ৰকলী, ফুলকবি, বন্ধাকবি, বিলাহী কেপচিকাম, তিয়ঁহ, বেঙেনা আদি বিভিন্ন ফলমুল, পাচলি আৰু মছলা শস্যৰ খেতি কৰা হয়। অৰ্থনৈতিক দিশলৈ লক্ষ্য ৰাখি বৰ্তমান পাচাউলি, ভেনিলা, ষ্টেভিয়া, বঙালী এৰা আদি শস্যৰ খেতি বাণিজ্যিক ভিত্তিত কৰিবলৈ লোৱা হৈছে। ফলমুল, ফুল আৰু পাচলি শস্যৰ পুলি তৈয়াৰ কৰিবৰ বাবে পুলিবাৰী বা নাৰ্ছাৰী বৰ্তমান এটা লাভজনক ব্যৱসায়।

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস (দৈনিক জনমভুমি)

3.02631578947
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top