মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কবি, বিলাহী শস্যৰ আনুষংগিক বিজুতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কবি, বিলাহী শস্যৰ আনুষংগিক বিজুতি

কবি, বিলাহী শস্যৰ আনুষংগিক বিজুতিৰ বিষয়ে লিখা হৈছে ।

 

অসমত ইয়াৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি বছৰেকত কৰা শাক-পাচলিবোৰ দুটা ভাগত ভাগ কৰা হয় । গ্ৰীষ্মকালীন শাক-পাচলি আৰু শীতকালীন শাক পাচলি । শীতকালীন শাক-পাচলিৰ সংখ্যা বহুত বেছি । ইয়াৰ ভিতৰত উল্লেখযোগ্য পাচলি হৈছে কবি শস্য যেনে ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰুকলী ইত্যাদি আৰু  বিলাহী । কাৰণ বিভিন্ন কবি আৰু বিলাহী যিকোনো খোৱাৰ উপকাৰত সহজতে ব্যৱহাৰ কৰা হয় ।

যিকোনো শস্যৰ বাঢ়ন আৰু উৎপাদনৰ বাবে শস্যৰ সঠিক বীজ বাছনি, পুলি ৰোপণ, সাৰ, গোবৰ প্ৰয়োগ, বিভিন্ন প্ৰতিপালন ব্যৱস্থা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । প্ৰতিপালন ব্যৱস্থাৰ ভিতৰত আকৌ আনুষংগিক বিসংগতিৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব । কাৰণ এই শস্যৰ বিসংগতি সাধাৰণতে শস্যৰ বাঢ়নৰ মাজৰ সময়ত বা কেতিয়াবা শেষৰ পৰ্যায়ত দেখা দিয়ে যাৰ বাবে বিভিন্ন প্ৰতিপালন ব্যৱস্থা লোৱাৰ পাছতো শস্যডৰা নষ্ট হয় বা কেতিয়াবা উন্নত মানৰ ফল নোপোৱাৰ কাৰণে কৃষকৰ ইমানখিনি কষ্ট, খৰচ আৰু সময় নষ্ট হয় । গতিকে শস্যডৰা ৰোপণ কৰাৰ পৰা আৰম্ভ কৰি শস্য চপোৱালৈকে ভালদৰে যতন কৰিব লাগিব ।

কবি শস্যৰ আনুষংগিক বিসংগতিবিলাক হৈছে ফুলকবি শস্যত বৰণ নামৰ অনুসাৰৰ অভাৱৰ বাবে শস্যত কবি ধাৰণ কৰিবৰ সময়ত ঠাৰিডাল ফোপোলা হয় আৰু কবিটোৰ ৰং মুগা বৰণৰ হয় । বেছিকৈ বৰণ সাৰৰ অভাৱ হ’লে কবিটো ৰঙা পৰি গেলিগৈ শেষত ক’লা বৰণৰ হয়, যাক ইংৰাজীত ব্ৰাউনিং বোলা হয় । ইয়াৰ নিৰাময়ৰ বাবে কবি ৰোৱাৰ আগতে বিঘাই প্ৰতি এক কিল’গ্ৰাম বৰাক্স সাৰ ব্যৱহাৰ কৰিব লাগে ।

ফুলবাৰীৰ আন এটা বিসংগতি হৈছে যদি আগতীয়া সঁচৰ পুলি শেহতীয়াকৈ ৰোপণ কৰা হয় বা শস্যডৰাত বেছিকৈ নাইট্ৰজেন সাৰ ব্যৱহাৰ কৰা হয় বা বায়ুমণ্ডলত আৰ্দ্ৰতা বেছি হ’লে কবিটোৰ ঠাৰিবোৰ দীঘল হয় । কবি অংশ গুটি গুটি হয় আৰু ঢিলা হয় । কেতিয়াবা আকৌ কবি চপোৱা পলম হ’লেও এনে হোৱা দেখা যায় । ইয়াৰ নিবাৰণৰ বাবে সুষম নাইট্ৰজেন সাৰ ব্যৱহাৰ আৰু সময়মতে কবি চপাব লাগে । অন্য এটা বিসংগতি হৈছে কবি পুলিটোৰ আগ বা অগ্ৰমুকুলটো কিবা কাৰণত ভাগি গ’লে বা পোকে খাই নষ্ট কৰিলে পুলি পাত বিলাক ডাঙৰ হয় আৰু কবি ধাৰণ নকৰে । এনে পুলি লগে লগে উঠাই নতুন পুলি তাত ৰোপণ কৰিব লাগে ।

ফুলকবি শস্যত মলিবডেনাম অনুসাৰৰ অভাৱ হ’লে কবিটোৰ অগ্ৰমুকুলটো নাবাঢ়ে, পাতবিলাক ডাঠ সেউজীয়া লঠঙা হয় । কেতিয়াবা পাতৰ ফলক অংশ বাঢ়ি নগৈ মাত্ৰ ঠাৰিডালহে শকত হৈ আহে । এনে বিসংগতি ব্ৰুকলী শস্যতো হোৱা দেখা যায় । ইয়াৰ প্ৰতিকাৰৰ বাবে পুলি ৰোপণ কৰাৰ আগতে মাটিত বিঘাই প্ৰতি এককিল’গ্ৰাম চডিয়াম মলিবডেট সাৰ প্ৰয়োগ কৰিব লাগে ।

মাটিত সৰহকৈ কেঁচুসাৰ প্ৰয়োগ কৰিলেও ইয়াৰ সুফল পাব পাৰি । নাইট্ৰজেন সাৰৰ অভাৱ হ’লে ফুলকবিৰ গছবোৰ সৰু হয়, মুজুৰা লাগে আৰু গছত মাত্ৰ বুটামটোৰ দৰে এটা ফুলকবি হয় । বয়সীয়া পুলি ৰোপণ কৰিলে বা আগতীয়া সঁচৰ পুলি শেহতীয়াকৈ ৰোপণ কৰিলেও এনে বুটাম ফুল হয়, যাক বাটনিং বা বুটাম ফুলা বোলা হয় । মাটিত আকৌ বৰণ সাৰৰ অভাৱ হ’লে বন্ধাকবি শস্যত পাতবিলাক মেল খাই থাকে । কবিটো বান্ধ নেখায় । প্ৰতিকাৰৰ বাবে মাটিত বিঘাই প্ৰতি এককিল’গ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে । বৰণ সাৰৰ অভাৱৰ বাবে ওলকবি শস্যতো বিসংগতি দেখা দিয়ে । কবিটো সৰু আৰু সম্পূৰ্ণ ডাঙৰ হ’বলৈ নেপাওঁতেই ই ফাটি যায় ।

বিলাহী শস্যত দেখা দিয়া বিসংগতি বিলাক হৈছে বিলাহীৰ ফলবিলাক ফাটি যোৱা । বহুত দিন খৰাং হোৱাৰ পাছত যেতিয়া বৰষুণ হয় আৰু বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ে তেতিয়া বিলাহী ফুলবোৰ ফাটিবলৈ ধৰে । সাধাৰণতে পকা বিলাহীতকৈ পূৰঠ বিলাহী আৰু যিবোৰ বিলাহী সূৰ্যৰ পোহৰত অনবৰতে থাকে তেনেবোৰ বিলাহী বেছিকৈ ফাটে । ফটা নিয়ন্ত্ৰনৰ বাবে পূৰঠ অৱস্থালৈ অহাৰ লগে লগে বিলাহীবোৰ পাতেৰে ঢাকি দিব লাগে । আন এটা বিসংগতি হৈছে সেউজীয়া অৱস্থাত ফুলবোৰৰ গাত দাগ পৰে আৰু লাহে লাহে ভাগ পৰা অংশ টান হয় । হঠাতে খৰাং বতৰত গছজোপাৰ পৰা পানীভাগ অতি মাত্ৰাত বাষ্পীভূত হোৱাৰ বাবে এনে হয় । শস্যত নাইট্ৰজেনযুক্ত সাৰ বেছিকৈ দিলেও এনে হোৱা দেখা যায় । গতিকে গছৰ পৰা পাতৰ সংখ্যা কাটি কমাব লাগে অৰ্থাৎ মাজে মাজে ছিঙি পেলাব লাগে । এনে সমস্যাত পাঁচগ্ৰাম কেলচিয়াম ক্লৰাইড, একলিটাৰ পানী হিচাপে মিহলাই গছত ছটিয়াব লাগে ।

বিলাহী শস্যত কেতিয়াবা আকৌ ফলৰ আকাৰ আৰু আয়তন স্বাভাৱিক যেন লাগে কিন্তু ওজনৰ ফালৰ পৰা বিলাহীতো পাতল হয় । বিলাহীটোৰ গঠন আৰু গাঢ়তা সঠিক নহয় আৰু ভিতৰৰ অংশ সম্পূৰ্ণ নহয় । প্ৰতিকাৰৰ বাবে ফুল ফুলা অৱস্থাত ৰাসায়নিক পদাৰ্থ যেনে কীটনাশক বা ভেঁকুৰনাশক দৰৱ পৰাপক্ষত ব্যৱহাৰ কৰিব নেলাগে । মাটিত পানীৰ পৰিমাণ কমি গ’লেও এনে হোৱা দেখা যায় । গতিকে মাটিত জীপ সঠিকভাৱে ৰাখিব লাগে । শীত কালৰ শেষত মাঘ-ফাগুন মাহত গছত বিলাহী ফুলৰ সংখ্যাই বেছি হ’লেও আৰু স্বভাৱত বিলাহী পৰাগ যোগ হোৱা বাবে । এই সময়ত বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি যোৱাৰ লগে লগে ফুলৰ পৰাগ যোগত ব্যতিক্ৰম হয় । যাৰ বাবে ফুলৰ উৎপাদন কমি যায় । ইয়াৰ নিবাৰনৰ বাবে গছত দুই এজোপা ফুল ফুলিবলৈ ধৰিলেই এক শতাংশ ইউৰিয়া, ২ পি পি এম শক্তিৰ টু-ফৰ ডি নামৰ হৰম’নৰ মিশ্ৰণ ছটিয়াব লাগে । অন্যহাতে বিলাহীৰ বীজবোৰ এই হৰ’মনৰ মিশ্ৰণত ২৪ ঘণ্টা তিয়াই থৈ বীজ পচালে সুফল পোৱা যায় ।

লেখক :- ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস :- দৈনিক জনমভূমি

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top