অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলৰ খেতি :

কলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

কল এবিধ সকলোৰে প্ৰিয় আৰু উপাদেয় ফল। ভাৰতবৰ্ষত হোৱা সকলো ফল-মূলৰ ভিতৰত কলহে অকল বছৰৰ যিকোনো সময়তে পোৱা যায়।

ই এবিধ ভিটামিন এ, বি আৰু চিযুক্ত সৰ্বভক্ষণ জাতীয় ফল। ইয়াত-

  • পটাছ,
  • ফছফৰাছ আৰু
  • কেলচিয়ামৰ অংশও থাকে।

আজি এইবিধ মূল্যৱান আৰু লোভনীয় ফলৰ কৃষি পদ্ধতি সম্পৰ্কে ক’বলৈ লোৱা হ’ল।

মাটি -

পানী বন্ধ নোহোৱা বালীয়া-পলসুৱাৰপৰা আলতীয়া বোকা যিকোনো মাটিতে কলৰ খেতি কৰিব পাৰি। তথাপি বেছি জৈৱ পদাৰ্থ থকা দ-আলতীয়া মাটিত ইয়াৰ খেতি ভাল হয়।

অসমৰ সমতল অঞ্চলৰপৰা ওখ পাহাৰীয়া অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ মাটিত কল খেতি কৰিব পাৰি। প্ৰকৃততে কল গছক গৰম আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন।

কিন্তু বেছি বৰষুণ হোৱা অঞ্চলত, শুকান অঞ্চলত আৰু বৰফ পৰা অঞ্চলত ই তিষ্ঠি থাকিব নোৱাৰে।

জাত -

চাপৰ জাত- জাহাজী(ডোৱাৰফ কেভেনডিছ),

মজলীয়া ওখ-

  • চেনি চম্পা,
  • মালভোগ,
  • বৰ জাহাজী,

ওখ জাতৰ-

  • পুৰা কল,
  • মনোহৰ,
  • অমৃতসাগৰ,
  • জাতি কল,
  • ভীম কল।

পোখা নিৰ্বাচন -

পোখাৰপৰাই কলৰ পুলি হয়। নিৰোগী কলগছৰ গুৰিত থকা গুৰিটো ডাঙৰ আৰু আগটো জোঙা তৰোৱালৰ দৰে পোখা নিৰ্বাচন কৰি তলৰ মধুনাৰ সৈতে উঘালি আনিব লাগে।

তাৰ পিছত পোখাৰ চকুবোৰ নষ্ট নোহোৱাকৈ শিপাবোৰ কাটি লগতে গুৰিৰপৰা ৩০-৪০ ছেন্টিমিটাৰ ৰাখি ওপৰৰখিনি বেঁকাকৈ কাটি ল’ব লাগে। ৰুবলৈ লোৱা এনে পোখাবোৰৰ ওজন ১.৫-২ কিলোগ্ৰাম হ’ব লাগে।

ৰোৱাৰ সময়:

মাৰ্চ-এপ্ৰিল মাহ কল ৰোৱাৰ উপযুক্ত সময়।

ৰোৱাৰ পদ্ধতি:

সাধাৰণতে গাঁত খান্দি ইয়াৰ পোখা ৰোৱা হয়। পোখাবোৰ ৩-৫ মহীয়া হোৱা ভাল। গাঁতবোৰৰ আকাৰ ৪৫ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ হোৱা দৰকাৰ।

গছৰ দূৰত্ব জাহাজীৰ ক্ষেত্ৰত ২.১*২.১ মিটাৰ আৰু ওখ জাতৰ ক্ষেত্ৰত ২.৪*২.৪ মিটাৰ ব্যৱধানত হ’ব লাগে।

সাৰ প্ৰয়োগ -

প্ৰতিজোপা গছৰ বাবে-

  • পচন সাৰ ১২ কিলোগ্ৰাম,
  • ইউৰিয়া ৩৫০ গ্ৰাম,
  • ছুপাৰ ফছফেট ৫০ গ্ৰাম,
  • মিউৰেট অব পটাছ ১৫০ গ্ৰাম আৰু
  • ফুৰাডন ঔষধ ১০ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।

ইয়াৰ পচন সাৰখিনি পুলি ৰোৱাৰ সময়ত প্ৰয়োগ কৰি পুলি ৰোৱাৰ তৃতীয় মাহত ইউৰিয়া সাৰৰ আধা, সমুদায় ছুপাৰ ফছফেট আৰু পটাছৰ আধা অংশ প্ৰতিজোপাত ব্যৱহাৰ কৰিব লাগে।

ইউৰিয়া আৰু পটাছৰ বাকী ভাগ ৰোৱাৰ পঞ্চম মাহত প্ৰয়োগ কৰা উচিত।

জলসিঞ্চন:

শুকান বতৰত প্ৰতিমাহে তিনিবাৰকৈ জলসিঞ্চন কৰিব লাগে।

প্ৰতিপালন -

প্ৰয়োজন অনুসৰি বন-বাত নিৰনি কৰি গছবোৰ ছাফা কৰি দিয়া ভাল। মন কৰিবলগীয়া যে ৰুবৰ বাবে পোখা উঘলাৰ পিছত ছুপাটোৰ এটা বা দুটা পোখ ৰাখি বাকী পোখোবোৰ উঘালি পেলাব লাগে। শুকান মৰহি যোৱা পাতবোৰ কাটি পেলাই দিব লাগে।

খেতি চপোৱা:

কলথোকৰ চাৰিভাগৰ ভিনিভাগলৈ পূৰঠ হ’লে চপাবৰ হয়। এনে অৱস্থাত বাকলিৰ শিৰবোৰ বহল হৈ যায় আৰু কলবোৰে ঘূৰণীয়া আকাৰ ধাৰণ কৰে চাপৰ জাতৰ গছৰ কল ৰোৱাৰ ১১-১৪ মাহৰ ভিতৰত আৰু ওখ জাত ১৪-১৬ মাহৰ ভিতৰত চপাব পৰা হয়।

উৎপাদন -

কলৰ ওখ জাতৰপৰা বিঘাত সাধাৰণতে ২-৩ টন আৰু চাপৰ জাতৰ বিশেষকৈ ডোৱাৰফ কেভেনডিছ আদি জাতৰপৰা বিঘাত ৪-৫ টন ফল উৎপাদন পোৱা যায়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top