অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলৰ খেতি :

কলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

উপকূলীয় অঞ্চলত উৎপাদিত বিভিন্ন ফলৰ ভিতৰত কল হৈছে এবিধ উৎকৃষ্ট ফল। কল অসমৰ প্ৰধান ফলৰ অন্যতম, যাৰ উৎপাদন সমগ্ৰ বছৰটোতেই অব্যাহত থাকে আৰু সকলোৱে খোৱাৰ সুযোগ পায়। অসমত মুঠ ৪২,১০৪ হেক্তৰ মাটিত কলৰ খেতি কৰা হয় আৰু ইয়াৰ বাৰ্ষিক উৎপাদন হ’ল ৫,৮০,৬৯৫ মেট্ৰিক টন।

অসমত খেতি কৰা কলৰ জাতবোৰৰ ভিতৰত -

*জাহাজী,

*বৰ জাহাজী,

*চেনিচম্পা,

*মালভোগ,

*পুৰাকল,

*ভীমকল,

*হোণ্ডা,

*ভৰতমণি,

*কানাই বংশী,

*সাপকল,

*গাৰো মইনা,

*হাতীদাঁত আদিয়ে প্ৰধান।

কল এবিধ কেলৰি, খাদ্যপ্ৰাণ, খনিজ পদাৰ্থসমূদ্ধ সুগন্ধি তথা পুষ্টিকৰ ফল। কলৰ উৎপাদন অন্যান্য ফল আৰু ফচলতকৈ অনেক বেছি। ধান, গম আৰু মিঠা আলুৰ খেতি প্ৰতি হেক্টৰত, য’ত ১১.২, ৬.৬ আৰু ৩৯.৮ লাখ কিলো কেলৰি খাদ্য শক্তি উৎপন্ন হয়, তেনেস্থলত কলৰপৰা প্ৰায় ৫০ লাখ কিলোগ্ৰাম কেলৰি পোৱা যায়।

অসমৰ গোৱালপাৰা জিলাৰ দৰংগিৰি নামৰ ঠাইখনত এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰখন অৱস্থিত। প্ৰায় ১৫,০০০ লোক প্ৰত্যক্ষভাৱে জড়িত থকা এই বজাৰখনৰপৰা ভূটান, নেপাল, বাংলাদেশলৈ কল ৰপ্তানি কৰা হয়। এমাহত এই বজাৰখনৰ পৰা প্ৰায় চাৰি কোটি টকাৰ লেনদেন হয়। ছেপ্টেম্বৰ-অক্টোবৰ মাহ শ্ৰেষ্ঠ সময়, য’ত দিনে প্ৰায় ৫০ খন কলভৰ্তি ট্ৰাক বাহিৰলৈ যায়।

উৎপাদন প্ৰযুক্তি -

মাটি:

পৰ্যাপ্ত ৰ’দ পৰা আৰু পানী নিষ্কাসনৰ সুব্যৱস্থাসম্পন্ন ওখ মাটি কল খেতিৰ বাবে উপযুক্ত। উৰ্বৰ, দোমোজা মাটি কল খেতিৰ বাবে উত্তম।

মাটো প্ৰস্তুতকৰণ আৰু গাঁত খনন:

মাটি ভালভাৱে গভীৰকৈ চহ কৰিব লাগে। ডেৰৰপৰা দুই মিটাৰ দূৰে দূৰে ৬০*৬০*৬০ ছেন্টিমিটাৰ আকাৰৰ গাঁত খান্দিব লাগে। পুলি ৰোপণৰ এমাহ পূৰ্বে গাঁত খান্দি থ’ব লাগে। গোবৰ আৰু এছ এছ পি সাৰ মাটিৰ সৈতে মিহলাই গাঁত বন্ধ কৰি ৰাখিব লাগে।

ৰোপণৰ সময়:

কলৰ পুলি বছৰত তিনিবাৰ ৰোপণ কৰা হয়। প্ৰথম ৰোপণ- আহিন-কাতি(মধ্য ছেপ্টেম্বৰৰপৰা মধ্য নৱেম্বৰ), দ্বিতীয় ৰোপণ- মাঘ-ফাগুন(মধ্য জানুৱাৰীৰপৰা মধ্য মাৰ্চ), তৃতীয় ৰোপণ- চ’ত-ব’হাগ(মধ্য মাৰ্চৰপৰা মধ্য মে’)।

পুলি ৰোপণ:

ৰোপণৰ বাবে Sword Sucker উত্তম। ইয়াৰ পাত সৰু হয়। বহুখিনি তৰোৱালৰ দৰে গুৰিটো ডাঙৰ আৰু শক্তিশালী আৰু কাণ্ড ক্ৰমশঃ গুৰিৰপৰা ওপৰলৈ সৰু হয়। তিনি মাহ বয়স্ক সুস্থ-সবল ৰোগমুক্ত বাগিচাৰপৰা সংগ্ৰহ কৰিব লাগে। সাধাৰণতে চাপৰ জাতৰ গছৰ ৩৫-৪৫ ছেন্টিমিটাৰ আৰু ওখ জাতৰ ৫০-৬০ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যৱহাৰ কৰা হয়। তদুপৰি টিছু কালচাৰ পুলি ব্যৱহাৰ কৰিলে অতিৰিক্ত কিছু সুবিধা পোৱা যায়।

সাৰৰ পৰিমাণ:

কলগছত দিব লগা সাৰৰ পৰিমাণ এনেধৰণৰ- (গছে প্ৰতি)-

*জৈৱ সাৰ- ১৫-২০ কিলোগ্ৰাম,

*ছিংগল ছুপাৰ ফছফেট- ৪০০ গ্ৰাম,

*মিউৰেট অব পটাছ- ৬০০ গ্ৰাম,

*ইউৰিয়া- ৫০০-৬৫০ গ্ৰাম,

*জিপচাম- ২০০-৩০০ গ্ৰাম।

সাৰ প্ৰয়োগ পদ্ধতি:

সাৰৰ ৫০ শতাংশ গোবৰ, এছ এছ পি আৰু জিপচাম মাটি প্ৰস্তুত কৰা সময়ত আৰু বাকী ৫০ শতাংশ গোবৰ, এছ এছ পি আৰু জিপচাম তথা ২৫ শতাংশ এম অ’ পি গাঁতত দিব লাগে। ৰোপণৰ ডেৰৰপৰা দুমাহ পিছত ২৫ শতাংশ ইউৰিয়া আৰু ২৫ শতাংশ এম অ’ পি মাটিত ছটিয়াই ভালদৰে কোৰ মাৰি মাটিৰ সৈতে মিহলাই দিব লাগে। তাৰ দুমাহ পিছত গছে প্ৰতি ৫০ গ্ৰাম ফুল ধৰাৰ পিছত এই পৰিমাণ দ্বিগুন কৰিব লাগে।

পৰিচৰ্যা -

পুলি ৰোপণৰ সময়ত মাটিত পৰ্যাপ্ত আদ্ৰতা নাথাকিলে পানী দিব লাগে। শুকান বতৰত ১৫-২০ দিনৰ মূৰে মূৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। বৰষুণৰ সময়ত কল বাগিচাত যাতে পানী জমা হ’ব নোৱাৰে, তাৰ বাবে নলা থকা দৰকাৰ। গজালি ওলোৱাৰ সময়ত গুৰিত ঘাঁহ থাকিব নালাগে। গছে প্ৰতি এটাকৈ কলি থাকিবলৈ দিয়া ভাল।

ফচল সংগ্ৰহ -

ঋতুভেদে ৰোপণৰ ১০-১৩ মাহৰ ভিতৰত সাধাৰণতে সকলো জাতৰ কলেই পৰিপক্ক হৈ পৰে। বাণিজ্যিক ভিত্তিত খেতি কৰিলে কলৰ গা-গছৰ শিৰাবোৰ তিনি-চতুৰ্থাংশ সম্পূৰ্ণ হ’লেই কাটি পেলাব লাগে। কলৰ আগভাগৰ পুষ্পাংশ শুকাই গ’লে বুজিব লাগিব কল পুষ্ট হৈছে। সাধাৰণতে কলডিল ওলোৱাৰ পিছত ফল পূৰঠ হ’বলৈ আঢ়ৈৰপৰা চাৰি মাহ সময় লাগে। কল কটাৰ পিছত মাটিত ৰাখিলে কলৰ গাঁট ক’লা দাগ পৰে আৰু কল পকাৰ সময়ত দাগ লগা অংশখিনি সোনকালে পচি যায়।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top