মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কাঠফুলা খেতিৰ পৰা সৃষ্টি হোৱা পেলনীয়া খেৰৰ উপযুক্ত ব্যৱহাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঠফুলা খেতিৰ পৰা সৃষ্টি হোৱা পেলনীয়া খেৰৰ উপযুক্ত ব্যৱহাৰ :

কাঠফুলা খেতিৰ পৰা সৃষ্টি হোৱা পেলনীয়া খেৰৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

 

পুৰণি কালৰ পৰা কেঁচু কৃষকৰ বন্ধু হিচাপে পৰিচিত৷ কেঁচুৱে আমাৰ অজ্ঞাতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে মাটিৰ উবৰ্বৰতা বৃদ্ধি তথা শষ্য উৎপাদনত এক গুৰুত্বপূৰ্ণ ভুমিকা লৈ আহিছে৷ কেঁচুৱে মাটিৰ উপৰিভাগত থকা বিভিন্ন জৈৱিক পদাৰ্থ যেনে গছৰ ডাল-পাত, জীৱ-জন্তুৰ মল-মূত্ৰ, বিভিন্ন অপতৃণ আদিৰ পচন ঘটাই মাটিৰ উবৰ্বৰতা বৃদ্ধি কৰে৷

তদুপৰি কেচুঁৱে মাটিত সঘনাই চলাচল কৰি প্ৰাকৃতিক ভাৱে মাটি চহোৱা কাম সমাধা কৰি থাকে৷ বৰ্তমান কেঁচু সহায়ত বিভিন্ন জৈৱিক আৱৰ্জ্জনা কম সময়তে পচন ঘটাই উৎকৃষ্ট জৈৱিক সাৰ তৈয়াৰ কৰাটো বিশ্বৰ বিভিন্ন দেশ আৰু ভাৰতবৰ্ষতো জনপ্ৰিয় হৈ পৰিছে৷ কেঁচুৰ দ্বাৰা তৈয়াৰ কৰা এই সাৰক ভাৰ্মি-কম্পষ্ট বা কেঁচুকৃত সাৰ বোলা হয়৷

বৰ্তমান কাঠফুলাৰ খেতি আমাৰ ৰাজ্যত জনপ্ৰিয় হৈ পৰিছে৷ এই কাঠফুলা চপোৱাৰ পিছত বহুপৰিমাণৰ পেলনীয়া ধানখেৰৰ সৃষ্টি হয়৷ এই খেৰখিনি পেলাই নিদি কেঁচুৰ সহায়ত উৎকৃষ্ট জৈৱিক সাৰ তৈয়াৰ কৰি আমাৰ বিভিন্ন শষ্য উৎপাদনত ব্যৱহাৰ কৰিব পাৰা যায়৷ ইয়াৰ ফলত এই পেলনীয়া খেৰভাগৰ ফলপ্ৰসু ব্যৱহাৰ কৰাৰ উপৰিও অধিক মূল্যৰ ৰাসায়নিক সাৰভাগ ৰাহি কৰিব পৰা যায়৷ এনে সাৰৰ প্ৰস্তত প্ৰণালীৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে৷

প্ৰয়োজনীয় উৎপাদন:

পেলনীয়া খেৰ৷ আধাপচা গোবৰ৷ উপযুক্ত প্ৰজাতিৰ কেঁচু প্ৰস্তত প্ৰণালী:

পেলনীয়া খেৰখিনি প্ৰয়োজন অনুযায়ী সৰু সৰুকৈ কাটি ল’ব লাগে৷ সৰু সৰুকৈ কটা খেৰখিনি ৭-১০ দিন বাহিৰত দ’ম কৰি ৰাখিব লাগে৷ আধা পচা গোবৰ পানী এই খেৰৰ দ’মত ছটিয়াই দিব লাগে৷ এই সাৰ তৈয়াৰ কৰিবৰ বাবে পকীৰ এটা চৌবাচা(Tank) বনাই ল’ব পাৰিলে ভাল৷ এনে চৌবাচাৰ প্ৰস্থ ৩ ফুট, উচ্চতা ১.৫ ২ ফুট হ’ব লাগে৷

দৈঘ্য পয়োজন অনুযায়ী ল’ব পাৰি৷ প্লাষ্টিকৰ টাব বা মাটিত একোটা গাঁত খান্দি তাৰ চাৰিওফালে পলিথিন পাৰিও এই সাৰ তৈয়াৰ কৰিব পাৰি৷ অৱশ্য এনে গাঁত ওখ, সেমেকা, ছাঁ পৰা ঠাইত খান্দিব পাৰিলে ভাল৷ পকীৰ চৌবাচাৰ বা মাটিত খন্দা গাঁতৰ ওপৰত ৰ’দ ও বৰষুণ নপৰিবৰ বাবে খেৰেৰে এখন চালি দিব লাগে৷

চৌবাচাটোৰ তলত ১-২ ইঞ্চি মাটি বা বালিৰ এটা তৰপ দিব লাগে৷ ইয়াৰ পিছত খেৰখিনি ও আধা পচা গোবৰ তৰপে তৰপে জাপি যাব লাগে৷ মন কৰিব লাগে যে এই মিশণটো ১.৫-২.০ ফুটতকৈ বেছি নহয়খেৰ ও গোবৰৰ এই মিশ্ৰণটোত উপযুক্ত প্ৰজাতিৰ কেঁচু বা কেঁচুৰ ক’কন (coocon) এৰি দিয়ক৷

সাধাৰণতে প্ৰতি টন জৈৱিক আৱৰ্জ্জনাৰ বাবে ২ ৰ পৰা ৩ কি: গ্ৰা: কেঁচুৰ প্ৰয়োজন হয়৷ খেৰ ও গোবৰৰ মিশ্ৰণটো এতিয়া বস্তা বা শুকান খেৰেৰে ঢাকি দিব লাগে৷ মিশ্ৰণটো যাতে জীপাল অৱস্হাত থাকে তাৰ কাৰণে মাজে মাজে পানী ছটিয়াব লাগেজৈৱিক আৱৰ্জ্জনাৰ এই মিশ্ৰণটোৰ উপৰিভাগ মূগা বা ক’লা বৰণৰ দানাকাৰ হ’লে, পানী ছটিওৱা বন্ধ কৰিব লাগে৷

তৈয়াৰ হোৱা ভাৰ্মি-কম্পষ্ট সূৰ্য্যৰ পোনপটীয়া পোহৰত শুকোৱাব নালাগে৷ সাধাৰণতে ৪৫-৬০ দিনৰ ভিতৰত এই সাৰ প্ৰস্তত হয়৷

ভাৰ্মি-কম্পষ্টত ব্যৱহাৰ কৰিব পৰা কেইটামান কেঁচু:

আইচেনীয়া ফ’তিদাএমাইনথেচ ডিফিৰিনজেনচ্ইউড্ৰিলাচ ইউজিনিপেৰিঅ’নিস্ক এস্কাভেটাচ

ভাৰ্মি-কম্পষ্টতথকা শষ্যৰ পোষক দ্ৰব্যৰ পৰিমাণ লগতে আন গৌণ মৌল সমূহ৷

ভাৰ্মি-কম্পষ্টতথকা শষ্যৰ পোষক দ্ৰব্যৰ পৰিমাণ লগতে আন গৌণ মৌলসমূহ:

নাইট্ৰোজেন

২.০ – ২.৫ শতাংশ

ফচফৰাচ

১.৩ – ১.৮ “

পটাচ

১.৮ – ২.৫ “

কেলচিয়াম

১.৯ – ১.২ “

মেগনেচিয়াম

০.৩ – ০.৫ “

চালফাৰ

০.৪ – ০.৫ “

লেখক: ডঃ দ্বীপজ্যেতি ৰাজখোৱা

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

 

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top