মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কৃষি, কৃষক আৰু অসম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি, কৃষক আৰু অসম

কৃষি, কৃষক আৰু অসম

কাম বন নকৰে, এলেহুৱা,ধোদ বুলি অসমীয়া মানুহৰ এটা সাধাৰণীকৃত অপবাদ আছে। আৰু আমোদজনক কথাটো হ’ল এই অপবাদটো বাহিৰৰ পৰা অহা বেলেগ জাতিৰ মানুহৰ মুখতকৈ খোদ অসমীয়া মানুহৰ নিজ মুখতেই বেছিকৈ শুনা যায়। এইটো এক ধৰণৰ আত্ম-সমালোচনা হোৱা হ’লে বেচ ভাল কথাই আছিল। কিন্তু কথাবিলাক ঠিক তেনেকুৱাও নহয়। সাধাৰণতে চাকৰি-বাকৰি কৰি তুলনামূলক ভাবে নিৰাপদ আৰ্থিক অৱস্থানত থকা চহৰবাসী বা চহৰমুখী অসমীয়াসকলৰ মুখৰ পৰাই এনে অপবাদ ওফৰি আহে আপাত দৃষ্টিত কম আয়ৰ খেতি-খোলা বা সৰু-সুৰা ব্যৱসায়-বাণিজ্য কৰি স্বাৱলম্বী হবলৈ চেষ্টা কৰা একে জাতি ভাইৰ প্রতি। কথাষাৰ কিমান সত্য বা অসত্য সেইটো সদ্যহতে যিমান প্রয়োজনীয়, তাতকৈ চিন্তনীয় কথাটো হ’ল নিৰাপদ আৰ্থিক অৱস্থানত থকা সকলৰ বাবে এইদৰে জাতিটোক সমালোচনা কৰাটো বৰ্তমান এটা অহৈতুক বিলাসিতা হিচাপে গা কৰি উঠাটো। কিয়নো এই অহৈতুক বিলাসিতাৰ বাবেই প্রায়েই বহুত গুৰুত্বপূৰ্ণ আৰু প্রাসঙ্গিক সমস্যাই সঠিক সময়ত সমাধানৰ পথ বিচাৰি নাপায়।

অসমীয়া মানুহৰ কৃষি-কৰ্মও এনে এটা চিন্তনীয় বিষয়। সাধাৰণতে খেতি-বাতিৰ কথা ওলালে আমিবিলাক কিমান এলেহুৱা, বছৰত মাত্র এটাহে খেতি কৰো, অসমৰ বাহিৰৰ সকলো ঠাইতে বছৰেকত তিনিটা খেতি কৰা হয়, আমাৰ পথাৰ বিলাক বছৰৰ সৰহভাহ সময় উদং হৈ পৰি থাকে, আমাৰ কৃষি-পদ্ধতি কিমান আওপুৰণি ইত্যাদি ইত্যাদি নানান টা অভিযোগেৰে আলোচনা সৰৱ হৈ পৰে। কিন্তু আমি কোনেও বিষয়বস্তুৰ গভীৰতালৈ গৈ সমস্যাটোৰ প্রকৃত কাৰণ বা সমাধান বিচাৰি উলিওৱাৰ প্রয়াস নকৰো।

এনেয়েও কৃষি-কৰ্ম বা অন্যান্য ব্যৱসায়-বাণিজ্যৰ প্রতি আমাৰ অসমীয়াৰ দৃষ্টিভংগী মুঠেই ইতিবাচক নহয়। ভাল চাকৰি এটা নাপালে, কৰিবলৈ হাতত একো নাথাকিলে শেষত উপায়ান্তৰ হৈ হে আমি ইবিলাকত হাত দিও। কাজেই কৃষি-কৰ্ম হৈ পৰে আমাৰ বাবে স্বল্প মগজুৰ বিকল্প বিহীন ব্যক্তিৰ অন্তিম আশ্রয়।

প্রথম কথা, আমাৰ একো-একোটা পৰিয়ালত কৃষি-কৰ্মৰ বাবে কিমান কিমান মাটি আছে? যিমানখিনি মাটি আছে সেই সকলো খিনি খেতি কৰাৰ উপযোগী হয়নে? অসমৰ সৰহ সংখ্যক মাটিতেই শাওন-ভাদমহীয়া কৰা শালি ধানৰ খেতি বানে উটুৱাই লৈ যায়। বানপানী আৰু খহনীয়াৰ কৱলত আমাৰ ইতিমধ্যেই বহু লাখ বিঘা মাটি পানীত জাহ গ’ল। খৰালি ৰবি শস্যৰ খেতি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কিমান সফল। আমি যে সততে পাঞ্জাৱ, হাৰিয়ানাৰ খেতিৰ কথা উদাহৰণ দিওঁ, আমাৰ ইয়াত পাঞ্জাৱ, হাৰিয়ানাৰ দৰে জলসিঞ্চনৰ সুবিধা আছেনে?। আমাৰ খেতিয়কে পঞ্জাৱ, হাৰিয়ানাৰ চৰকাৰে দিয়াৰ দৰে আন্তঃগাথনিৰ সুবিধা পাইছেনে? উন্নত মানৰ বীজ, সাৰৰ যোগান, পশু ধনৰ যোগান একা? কিবাকৈ খেতিডৰা ভাল হ’ল, শস্যও যথেষ্ট পালে, কিন্তু ৰাহি শস্য সাঁচি ৰাখিবৰ বাবে শীতলিকৰণ ভৱনৰ সুবিধা ক’ত ক’ত? উৎপাদিত শস্যৰ বজাৰ ক’ত? খেতি সম্পুৰ্ণ হোৱাৰ পাছত উপযুক্ত মূল্য পোৱাৰ কি ব্যৱস্থা আছে? বানপানী, কীট-পতংগই খেতি নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ খেতিয়কে কেনেকৈ কৰিব? এইবিলাক কথা আমি কেতিয়াবা ভাবি চাইছোনে?

আৰু মধ্যভোগীৰ দৌৰাত্ম্য! বৰপেটা ৰোডত কিলোত ৬ টকা দৰৰ পাচলি গুৱাহাটীত আহি পায়হি মানে কিলোত ২৫ টকা হয়। প্রকৃত কৃষকে কিমান মুনাফা পায়। ইয়াৰ পৰা নতুন প্রজন্মই খেতি কৰিবলৈ উৎসাহ পাবনে?

বৰ্তমানৰ কৃষি-কৰ্ম কেৱল চহা খেতিয়কৰ কৰ্মই নহয়, ই এক বিজ্ঞান। নিতৌ, ন ন আৱিস্কাৰ, ন ন তথ্য, ন ন সঁজুলি, উন্নত বীজ, উন্নত প্রজাতি, উন্নত পদ্ধতি ইত্যাদিৰে এতিয়া কৃষি-কৰ্ম এক বিজ্ঞান, এক বৃহৎ বাণিজ্যিক সম্ভাৱনাময় উদ্যোগ। কিন্তু আমাৰ অসমত কৃষি-বিষয়ক আওপুৰণি ছবিখন সলনি হবলৈ এতিয়াও যেন প্রস্তুত নহয়। বিজ্ঞান বা উদ্যোগ হবলৈ যোৱাটো দূৰৈৰে কথা।

পুৱাৰ পৰা বিয়লি বেলালৈকে পথাৰত খেতি কৰি সন্ধিয়া পৰিয়াল লৈ বিলাসী গাড়ীত উঠি চহৰৰ শ্বপিংমলত বজাৰ-সমাৰ কৰি মাল্টিপ্লেক্সত চিনেমা চাই ৰাতি দহ বজাত ঘৰ সোমোৱাৰ সপোন অসমীয়া খেতিয়কে দেখিব পাৰেনে? মাজে-সময়ে দিল্লী-মুম্বাই লৈ পৰিয়াল লৈ প্রমোদ ভ্রমণত যোৱাৰ সপোন অসমীয়া খেতিয়কে দেখিব পাৰেনে? খেতিৰ ধনেৰে চহৰৰ বিলাসী এলেকাত এটুকুৰা মাটি বা এটা আৱাস (ফ্লেট) কিনাৰ সপোন অসমীয়া খেতিয়কে দেখিব পাৰেনে? নিজৰ পুত্র কন্যাক দিল্লী-বাংগালোৰৰ উন্নত শিক্ষানুষ্ঠানত পঢ়োৱাৰ, চিকিৎসাৰ বাবে চেন্নাই-মুম্বাইৰ উন্নত চিকিৎসালয়ত চিকিৎসা কৰাৰ সপোন অসমীয়া খেতিয়কে দেখিব পাৰেনে? বহুতে হয়তো ক’ব চহা খেতিয়ক এজনক আকৌ এইবিলাক অত্যাধুনিক সা-সুবিধাৰ কি প্রয়োজন? প্রয়োজন আছে নে নাই সেইটো ডাঙৰ কথা নহয়। প্রশ্নটো হ’ল আমাৰ অসমৰ খেতিয়ক এজনৰ খেতিৰ ধনৰ দ্বাৰাই সিমান পৰিমাণৰ আৰ্থিক স্বচ্ছলতা গঢ় লৈ উঠিব পাৰেনে নোৱাৰে?

কথা হ’ল আমাৰ নতুন পুৰুষে কৃষি-কৰ্মৰ জৰিয়তে এনেকুৱা সপোন দেখিবলৈ সাহস কৰেনে নকৰে? কিয়নো সপোন নেদেখাকৈ, পৰিকল্পনা নকৰাকৈ কোনো কথাই বাস্তবত পৰিণত হব বুলি আশা কৰাটোও ভুল। এটা কথা ঠিক, চৰকাৰী পক্ষৰ ফালৰ পৰা অসমৰ খেতিয়ক ৰাইজৰ বাবে নুন্যতম সা-সুবিধা বা পৰিকল্পনাও নাই। কিন্তু সেই বুলি সকলো সময়তে চৰকাৰক দোষাৰোপ কৰি থাকিলেও সমস্যাৰ সমাধান নহয়। দৰাচলতে আমি আমাৰ মনোভাৱ (Attitude) সলনি কৰিবলৈ চেষ্টা কৰাটোও সময়ৰ আহ্বান। চাকৰিমুখী মানসিকতাৰ পৰিবৰ্তন অবিহনে বাঞ্ছিত ফল আশা কৰাটো বৃথা। আমাক প্রয়োজন এক স্বাৱলম্বী ঔদ্যোগিক মানসিকতাৰ।

কৃষি কৰ্মৰ প্রতি নৱপ্রজন্মৰ বিকৰ্ষণ এটা অতি গভীৰ চিন্তাৰ বিষয়। ইয়াক অসমীয়া জাতি এলেহুৱা, সোৰোপাৰ জাত আদি বিশেষণ ব্যৱহাৰ কৰি হোৱা আলোচনাৰে সাধাৰণীকৰণ কৰি সমাধান কৰিব নোৱাৰি। ইয়াক এটা গভীৰ সামাজিক সমস্যা ৰূপে গ্রহণ কৰি আধুনিকতাবাদী দৃষ্টিভংগীৰে বিচাৰ কৰি সমাধান সূত্র বাহিৰ কৰিব লাগিব। এক তথ্যমতে যোৱা বাৰ বছৰত কৃষকৰ বাবে কেন্দ্রৰ পৰা আহিছে ২৬৮২.৭৭ কোটি টকা, আৰু ৰাজ্য চৰকাৰৰ পৰা কৃষি বিভাগে পাইছে প্রায় ১৫০০ কোটি টকা। ইমান বৃহৎ পুঁজি লগ্নীকৰণৰ পিছতো কেণা ক’ত? সঁচা কথাটো হ’ল, চৰকাৰ, আমোলা, বিষয়া, কৰ্মচাৰীৰে আমাৰ ব্যৱস্থাবোৰ ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে বহুত কথাত কৃষক ৰাইজৰ কোনো উপায় নায়।

বৰ্তমানৰ বিশ্বায়নৰ যুগত কৃষি আৰু কৃষকক, প্রযুক্তি নিৰ্ভৰ ধাৰাৰ লগত খোজত খোজ মিলাই আগুৱাই নিবলৈ কৃষিক বিজ্ঞান ভিত্তিক উদ্যোগৰ পৰ্যায়লৈ উত্তৰণ ঘটাব লাগিব। অথচ আমাৰ ইয়াত কৃষি আৰু বিজ্ঞান একেলগ হবলৈ এতিয়াও বহুত বাকী।

টুৱাৰাম দত্ত

2.94
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top