মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কেইবিধমান বতৰৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইবিধমান বতৰৰ খেতি :

কেইবিধমান বতৰৰ খেতিৰ বিষয়ে লিখা হৈছে ।

সৰিয়হ

মাটি:

যিকোনো মাটিতে সৰিয়হৰ খেতি কৰিব পৰা যায় যদিও পলসুৱা বা বালীয়া পলসুৱা মাটিত এই খেতিৰ উৎপাদন ভাল হয়।

বিশেষকৈ নৈ পাৰৰ পলসুৱা মাটি সৰিয়হ খেতিৰ বাবে উপযুক্ত।

পথাৰ প্ৰস্তুত:

৩-৪ বাৰ হাল বাই, মৈয়াই মাটিখিনি মিহিকৈ চহ কৰিব লাগে। মাটি চহ কৰা সময়ত বিঘাই প্ৰতি ৬৫.৫ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰা ভাল।

অনুমোদিত জাত:

  • টি এছ- ৩৬(৯০-৯৫ দিনীয়া),
  • টি এছ- ৩৮(৯০-৯৫ দিনীয়া),
  • টি এম- ২(১০৫-১১৫ দিনীয়া),
  • এম- ২৭(৯০-৯৫ দিনীয়া),
  • টি এম- জেড, টি এম- ৪(১০৫-১১৫ দিনীয়া),
  • জেউতি(৮৯ দিনীয়া),
  • টি এছ- ৪৬(৯৪ দিনীয়া),
  • টি এছ- ৬৭(৯০ দিনীয়া),
  • পুচা মাহেক(৯৮-১০২ দিনীয়া),
  • আৰ পি এন ২৩৬(১১৭-১৩৬ দিনীয়া),
  • এন আৰ চি এইচ বি- ১০১(১১৫-১৩৫ দিনীয়া)।

সিঁচাৰ সময়:

অক্টোবৰ-নৱেম্বৰৰ মাজভাগলৈ।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ১.৩০০-২.০০ কিলোগ্ৰাম।

সাৰ প্ৰয়োগ:

পচন সাৰ প্ৰতি বিঘাত চাৰি কুইন্টল।

ৰাসায়নিক সাৰ-

বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি:

  • ইউৰিয়া- ১৯ কিলোগ্ৰাম,
  • ছুপাৰ ফছফেট- ৪৫ কিলোগ্ৰাম,
  • মিঃঅঃ পটাছ- ১১ কিলোগ্ৰাম,
  • পানী যোগান ধৰা খেতি- ইউৰিয়া- ১৮ কিলোগ্ৰাম,
  • ছুপাৰ ফছফেট- ৩৩ কিলোগ্ৰাম,
  • মিঃঅঃ পটাছ- ৯ কিলোগ্ৰাম।

লগতে বৰাক্স-১.৫ কিলোগ্ৰাম বিঘাই প্ৰতি।

বীজ শোধন:

ডাইথেন এম-৪৫ ঔষধ ২.৫ গ্ৰাম নাইবা বেভিষ্টিন এক গ্ৰাম কিলোগ্ৰাম বীজত মিহলাই শোধন কৰিব লাগে।

পানী যোগান:

গছবোৰত ৫০ শতাংশ ফুল ধৰাৰ সময়ত নতুবা ছেঁই ধৰিবলৈ লোৱা সময়ত শিপা অংশ তিতি যোৱাকৈ, অৰ্থাৎ ৬ ছেন্টিমিটাৰ দকৈ এবাৰ পানী যোগান ধৰিব লাগে।

অক্টোবৰ মাহত গুটি সিঁচিলে পানী যোগানৰ প্ৰয়োজন সাধাৰণতে নহয়।

নিৰণি:

নিৰণিৰ প্ৰয়োজন সাধাৰণতে নহয়। হ’লে সিঁচাৰ ২০ দিন পিছত এবাৰ নিৰণি দিব লাগে।

চপোৱা:

ছেঁইবোৰে যেতিয়া ৭৫-৮০ শতাংশ হালধীয়া হ’বলৈ ধৰে, তেতিয়া গছবোৰ উভালি বা কাটি আনিব লাগে। খেতিপথাৰতে খোলা কৰি ৰ’দাই লৈ মৰণা মাৰিলে আভনি নহয়।

উৎপাদন:

প্ৰতি একৰত ১৪০-১৮০ কিলোগ্ৰাম।

মচুৰ

মাটি:

মচুৰ মাহৰ খেতি আলতীয়া বোকা মাটিত আৰু ধান খেতি কৰা পথাৰবোৰত ভাল হয়।

এই খেতিৰ বাবে পানী যোগানৰ বিশেষ প্ৰয়োজন নহয়।

পথাৰ প্ৰস্তুতকৰণ:

শালি ধানৰ খেতি চপোৱাৰ পিছত সেই মাটিতে মচুৰ মাহৰ খেতি কৰিব পাৰি।

বেলেগ ছন পৰা মাটিত কৰিব বিচাৰিলে ২-৩ বাৰ হাল বাই-মৈয়াই ল’লে হ’ব।

জাত:

অনুমোদিত জাতবোৰ হৈছে-

  • বি- ৭৭(১১০-১২০ দিন),
  • এল ৯- ১২(১২০-১৩০ দিন),
  • পি এল- ৪০৬(১২০-১২৫ দিন),
  • এইচ ইউ এল ৮১- ৪(১২০-১২৫ দিন),
  • অসম মচুৰ- ১(১১৫-১২০ দিন),
  • অসম মচুৰ- ২(১১৫-১২০ দিন)।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি পাঁচ কিলোগ্ৰাম।

সিঁচাৰ সময়:

অক্টোবৰ-নৱেম্বৰ।

সাৰৰ পৰিমাণ:

  • পচন সাৰ প্ৰতি বিঘাত ৬ কুইন্টল।
  • ইউৰিয়া- ৪.৫ কিলোগ্ৰাম।
  • ছুপাৰ ফছফেট- ৩০ কিলোগ্ৰাম,
  • ৰাইয’বিয়াম জীৱাণু সাৰ এক পেকেট প্ৰতি বিঘাৰ বীজৰ লগত সানি প্ৰয়োগ কৰিব লাগে।

মনত ৰখা ভাল হ’ব যে ৰাইয’বিয়াম কালচাৰ ব্যৱহাৰ কৰিলে ইউৰিয়া তিনি কিলোগ্ৰাম প্ৰয়োগ কৰিলেই হ’ব।

দূৰত্ব:

শাৰীবদ্ধ পদ্ধতিত খেতি কৰিলে শাৰীৰ মাজৰ ব্যৱধান ৩০ ছেন্টিমিটাৰ আৰু বীজৰ ব্যৱধান ৫ ছেন্টিমিটাৰ হোৱা উচিত।

প্ৰতিপালন:

প্ৰয়োজন সাপেক্ষে বীজ সিঁচাৰ ২০-২৫ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।

শালি ধান কাটি সিঁচা মচুৰ খেতিত গছবোৰে ডাল ধৰা সময়ত আৰু ছেঁই ওলোৱা সময়ত ইউৰিয়া ছটিয়ালে উৎপাদন ভাল হয়।

চপোৱা:

সিঁচাৰ ১১৫-১২৫ দিনৰ ভিতৰত চপোৱাৰ উপযুক্ত হয়।

উৎপাদন:

একৰে প্ৰতি ১.৫০-১.৭৫ কুইন্টল।

ধনিয়া

ধনিয়া এবিধ সুগন্ধিযুক্ত মছলাজাতীয় শস্য। ভাৰতৰ সকলো ঠাইতে ধনিয়াৰ যথেষ্ট সমাদৰ আছে।

সু-স্বাস্থ্য খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ বাবে কেঁচা ধনিয়া পাত, ধনিয়াৰ গুড়ি বা শুকান গুটিৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।

ছালাড আৰু চানটি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ধনিয়াৰ পাত অপৰিহাৰ্য।

শীতকালীন এইবিধ শস্যৰ কৃষি পদ্ধতি চমুকৈ বৰ্ণনা কৰা হ’ল।

মাটি:

পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, অধিক জৈৱিক জৈৱিক গুণ সম্পন্ন আৰু ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা সাৰুৱা পলসুৱা বা বালীত্যা পলসুৱা মাটি এই খেতিৰ বাবে উত্তম।

জাত:

ডাঙৰ গুটীয়া-

  • ইউ ডি ২১,
  • জি এ ইউ ১,
  • চি এছ ১ আৰু
  • চি আই এম পিঅ’(জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ বাবে)।
  • সৰু গুটীয়া:
  • ইউ পি ৪১,
  • পুচা ৩৬০ আৰু স্থানীয় জাত(বৰষুণৰ ওপৰত নিৰ্ভৰশীল)।

বীজ সিঁচাৰ সময়:

অক্টোবৰ-নৱেম্বৰ।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ১.৩-১.৫ কিলোগ্ৰাম।

বীজ শোধন:

বীজবোৰ ভালদৰে অংকুৰিত হ’বলৈ ১২-২৪ ঘন্টামান পানীত তিয়াই থ’ব লাগে। ওপঙি থকা বীজবোৰ পেলাই দিব লাগে।

সিঁচাৰ আগেয়ে গুটিবোৰ মোহাৰি দুফাল কৰি প্ৰতি কিলোগ্ৰাম বীজ দুইগ্ৰামকৈ কেপটাফ ঔষধেৰে শোধন কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ:

  • বিঘাই প্ৰতি ১.৩ টন শুকান গোবৰ বা পচন সাৰ,
  • ইউৰিয়া ৫ কিলোগ্ৰাম,
  • ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু
  • মিউৰেট অব পটাছ ৪ কিলোগ্ৰাম মাটি চহ কৰোঁতে প্ৰয়োগ কৰিব লাগে।

সিঁচা পদ্ধতি:

১৫ ছেন্টিমিটাৰ ব্যৱধানত শাৰী শাৰীকৈ গুটিবোৰ পোনপটীয়াকৈ সিঁচিব লাগে।

বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত শাৰীৰ মাজৰ গছবোৰ ১০ ছেন্টিমিটাৰ ব্যৱধানত পাতলাই দিব লাগে।

প্ৰতিপালন:

বীজ সিঁচাৰ ৩০ দিন পিছত এবাৰ আৰু ফুল ধৰাৰ শেষ অৱস্থাত এবাৰ জলসিঞ্চন কৰা উচিত। প্ৰয়োজন অনুসৰি নিৰাই দিব লাগে।

খেতি চপোৱা:

ধনিয়া ৪ মাহত পূৰঠ হয়। শস্য সম্পূৰ্ণ পূৰঠ হ’লেহে চপাব লাগে। নহ’লে ধনিয়াৰ গোন্ধ নাথাকিব।

উৎপাদন:

বিঘাই প্ৰতি ৭০-৮০ কিলোগ্ৰাম।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top