অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেপচিকাম :

কেপচিকামৰ বিষয়ে লিখা হৈছে ।

কেপচিকাম এবিধ মচলাজাতীয় উদ্ভিদ। জলকীয়াৰে ই এক প্ৰজাতি। বৰ্তমান বিলাসী ৰাজহুৱা ভোজনৰ অন্যতম মচলা কেপচিকাম পাচলি হিচাপেও অপৰিহাৰ্য হৈ পৰিছে। ইয়াত প্ৰ’টিন, চৰ্বী, খনিজলৱন, ভিটামিন ‘এ’, ‘বি’ আৰু ‘চি’ পোৱা যায়। এইবিধ শস্যৰ কৃষি পদ্ধতি চমুকৈ আলোচনা কৰা হ’ল-

মাটি -

এইবিধ শস্যই শীত-তাপ দুয়োটাই সহ্য কৰিব পাৰে। কেপচিকামৰ খেতি প্ৰায় ৬-৮ মাহ কাল পথাৰত থাকে। যিকোনো মাটিতে ইয়াৰ খেতি কৰিব পাৰি যদিও বালিচহীয়া, পলসুৱা, অধিক জৈৱ গুণ থকা আৰু ৬.০-৬.৫ পৰিমাণৰ অম্লতা বিশিষ্ট মাটি এই খেতিৰ বাবে উপযোগী।

অনুমোদিত জাত:

  • অনুমোদিত জাতসমূহ হৈছে-
  • কেলিফৰ্ণিয়া আণ্ডাৰ,
  • এলিফেন্ট ট্ৰাংক,
  • আৰকা,
  • মোহিনী,
  • আৰকা গৌৰৱ আৰু
  • ছিলেকচন-১৬।

সময় -

অসমত বাৰিষা আৰু খৰালি দুয়োটা বতৰতে কেপচিকামৰ খেতি কৰিব পাৰি। তাৰ বাবে নিৰ্দিষ্ট জাত নিৰ্বাচন কৰিব লাগিব। গুটি সিঁচাৰ সময় হৈছে চ’ত-বহাগ আৰু আঘোণ-পুহ। অন্যান্য পাচলিৰ দৰে বীজতলী প্ৰস্তুত কৰি বীজ সিঁচিব লাগে। বীজবোৰ ১-২ ছেন্টিমিটাৰ দ’ত আৰু ২৫ ছেন্টিমিটাৰ আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে। বীজতলীত অলপ পানী ছটিয়াই দিব লাগে। বীজবোৰ নগজালৈ খেৰেৰে ঢাকি দিব লাগে।

বীজ শোধন:

বীজবোৰ সিঁচাৰ আগেয়ে কেপটাফ বা বেভিষ্টিন ঔষধ ‘এক কিলোগ্ৰাম বীজ আৰু তিনি গ্ৰাম ঔষধ’ এই অনুপাতত শোধন কৰি ল’ব লাগে।

বীজৰ পৰিমাণ:

এবিঘা মাটিৰ বাবে ৯০-১০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

ৰোৱাতলী প্ৰস্তুত:

মাটিডৰা ৪-৫ বাৰ হাল বাই-মৈয়াই সমান কৰি মিহিকৈ চাহ কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ -

বিঘাই প্ৰতি পচন সাৰ ১.৩ টন, ইউৰিয়া ৩০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ ১৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। ইয়াৰে ইউৰিয়া সাৰৰ আধা অংশ ৰাখি বাকী সমুদায় সাৰ মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। ৰাখি থোৱা ইউৰিয়া সাৰখিনি পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ পিছত টপড্ৰেছ হিচাপে প্ৰয়োগ কৰিব লাগে।

ৰোৱা পদ্ধতি -

  • বীজতলীত পুলিৰ বয়স ৩০-৩৫ দিন হ’লে পথাৰত ৰুব পৰা হয়। শাৰীবদ্ধ প্ৰণালীৰ ৪৫ ছেন্টিমিটাৰ
  • ৪৫ ছেন্টিমিটাৰ ব্যৱধানত পুলিবোৰ ৰুব লাগে। আনহাতে, প্ৰত্যক্ষভাৱে পথাৰত সিঁচিও এই খেতি কৰিব পাৰি। বীজবোৰ ৪০ ছেন্টিমিটাৰ
  • ৪৫ ছেন্টিমিটাৰ ব্যৱধানত শাৰী শাৰীকৈ সিঁচিব লাগে। পিছত পুলিবোৰ প্ৰয়োজন অনুসৰি পাতলাই দিব লাগে।

প্ৰতিপালন:

পুলিবোৰ ৰোৱাৰ পিছতে প্ৰথমবাৰ জলসিঞ্চন কৰিব লাগে। তাৰ পিছত মাটিৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ১০-১৫ দিনৰ ব্যৱধানত জলসিঞ্চন কৰিব লাগে। পুলিবোৰ ৰোৱাৰ ২০ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ১০-১২ কুইন্টল কেঁচা কেপচিকাম উৎপাদন পাব পাৰি।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top