মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / খাদ্যত গুড় আৰু চেনিৰ প্ৰয়োজন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যত গুড় আৰু চেনিৰ প্ৰয়োজন

খাদ্যত গুড় আৰু চেনিৰ প্ৰয়োজনৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ দৈনন্দিন খাদ্যত এটি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে গুড় বা চেনিয়ে । পুৱাৰ চাহকাপৰ পৰা বিভিন্ন জলপান –চিৰা-মুড়ী, লাডু-পিঠা, পায়স আদিৰ লগতে ভিন ভিন মিঠাই, যেনে-ৰসগোল্লা, সন্দেশ, বৰফি, গোলাপ জামু, আইচক্ৰীম, চকলেট, মিচিৰি, কেক, বিভিন্ন বিস্কুট আদি সকলোতে চেনিৰ প্ৰয়োজন । চেনি নোহোৱা পায়স নিমখ নোহোৱা ব্যঞ্জনৰ নিচিনা । বিশ্বৰ প্ৰায়ভাগ মানুহেই মিঠাই খাই ভাল পায় । এই মিঠা খাদ্য তৈয়াৰ কৰাৰ মূল উপাদানটোৱে হ’ল গুড়ি বা চেনি । সেয়ে গুড় বা চেনি আমাৰ খাদ্যৰ এক অপৰিহাৰ্য উপাদান ।

আমাৰ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ । ধান, মাহ, সৰিয়হ, ঘেঁহু, আদি খেতিৰ লগতে কুঁহিয়াৰ খেতিও পৰ্যাপ্ত পৰিমাণে কৰা হয় । কুঁহিয়াৰৰ পৰাই গুড় বা চেনি উৎপাদন হয় । কুঁহিয়াৰ লোৰ শালত পেৰি ৰস উলিয়াই ডাঙৰ ফেলাইত পগাই ঘনীভূত কৰি ঘোটনিৰে ঘুটি গুড় প্ৰস্তুত কৰা হয় । চেনি কলত কুঁহিয়াৰৰ পৰা ৰস উলিয়াই তাক শোধন কৰি চেনি প্ৰস্তুত কৰা হয় । বজাৰত বিভিন্ন প্ৰকাৰৰ চেনি পোৱা যায় । যেনে-দানাদাৰ চেনি, আইচিং চেনি আৰু ছুগাৰ কিউব, দানাদাৰ চেনি গুড়ি কৰি কেক, বিস্কুট আদিত দিলে মাখন বা ঘিউৰ লগত সহজে মিলি যায় । দানাদাৰ চেনি মিহিকৈ গুড়ি কৰি তাৰ লগত সামান্য পৰিমাণে ময়দা মিহলাই প্ৰস্তুত কৰা চেনিক আইচিং চেনি বুলি কোৱা হয় । এই চেনিক কেক, বিস্কুট অদিত উপৰিভাগ সজাবলৈ ব্যৱহাৰ কৰা হয় । সেইদৰে দানাদাৰ চেনি, লদা লদা কৰি সেই লদাবোৰ বিভিন্ন আকাৰত ৰাখি ছুগাৰ কিউব ৰখা হয় । এই ছুগাৰ কিউব চাহ, কফি আদিত ব্যৱহাৰ কৰা হয় । গুড়ো দুই প্ৰকাৰে প্ৰস্তুত কৰা হয় । টান আৰু কোমল- এই দুই প্ৰকাৰে ব্যৱহাৰ উপযোগী কৰি ৰখা হয় ।

চেনি শ্বেতসাৰপুষ্ট আহাৰ । ই শাৰীৰিক শক্তিৰ যোগান ধৰাৰ লগতে আমাৰ খোৱা আহাৰো জুতিদায়ক আৰু ৰুচিকাৰক কৰি তোলে । পুষ্টিকাৰিতাৰ গুণলৈ লক্ষ্য কৰিলে দেখা যায় চেনিত কোনো লাগতিয়াল উপাদান নাই । এজন মানুহৰ বাবে দিনটোত গড় হিচাপে ১৫ ৰ পৰা ২০ গ্ৰাম চেনিয়ে যথেষ্ট হয় । একাপ চাহত ৫ ৰ পৰা ১০ গ্ৰাম চেনিৰ প্ৰয়োজন হয় (চাহ চামুচৰ এক চামুচত পাঁচ গ্ৰাম থাকে) । দিনটোত পৰিমিত পৰিমাণৰ চেনিহে খোৱা উচিত । সৰু ল’ৰা-ছোৱালীৰ আহাৰত অৱশ্যে চেনিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । চেনি শক্তিৰ ঘাই উৎস । উঠি অহা ল’ৰা-ছোৱালীৰ কাৰণে শক্তিৰ প্ৰয়োজন । প্ৰতিসাঁজ আহাৰত চেনি বা গুড়ৰ সংযোজন হ’লেহে তেওঁলোকে অধিক শক্তি পায় । এজন প্ৰাপ্তবয়স্কতকৈ শিশুৰ খাদ্যত চেনিৰ পৰিমাণ বেছি । দৈনিক তিনিবাৰ চাহ পৰিৱেশন কৰিলেই প্ৰাপ্তবয়স্কৰ বাবে চেনিৰ চাহিদা পূৰণ হ’ব । অতি বেছিকৈ চেনি খালে কিন্তু শৰীৰত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । নিয়ন্ত্ৰিত ৰুপতহে চেনি খোৱা প্ৰয়োজন ।

চেনি আৰু গুড় দুয়োবিধতে পুষ্টিকাৰক গুণ আছে । চেনি শোধন কৰা হয় বাবে ইয়াত নিভাঁজ কাৰ্বহাইড্ৰেট পোৱা যায় । কিন্তু গুড় অশোধিত খাদ্য । গুড়ৰ পৰা কেলৰি, লো, কেলচিয়াম, ভিটামিন-বি কমপ্লেক্স পোৱা যায় । চেনিতকৈ সেয়ে গুড় বেছি পুষ্টিকাৰী । আমাৰ খাদ্যত চেনিতকৈ গুড়ক প্ৰাধান্য দিয়াটো স্বাস্থ্যসন্মত ।

লেখিকা :- ৰেণু বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top