অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেতি কৰোঁ আহক :

তিঁয়হ এবিধ লাভজনক খেতি। এইবিধ পাচলি ফল হিচাপেও ব্যৱহাৰ হয়। তিঁয়হৰ কেঁচা ছাটনি জুতি লগা আৰু উপকাৰী। মধুমেহ ৰোগীসকলৰ বাবে তিঁয়হ এবিধ উপাদেয় খাদ্য। সাধাৰণতে তিঁয়হ গ্ৰীষ্মকালীন খেতি। যি অঞ্চলত বায়ুমণ্ডলৰ আৰ্দ্ৰতা কম আৰু প্ৰত্যক্ষ ৰ’দৰ পোহৰ পোৱা যায়, তেনেকুৱা ঠাই তিঁয়হ খেতিৰ বাবে উত্তম। এই খেতিৰ কৃষি পদ্ধতি চমুকৈ আলোচনা কৰা হ’ল-

মাটি -

পাতলীয়া বালিঅঁহীয়া মাটি তিঁয়হ খেতিৰ কাৰণে উপযোগী। কিন্তু বালিঅঁহীয়া পলসুৱা আৰু আলতীয়া পলসুৱা মাটিৰ খেতিৰ পৰ উৎপাদন অধিক পোৱা যায় আৰু ফলৰ আকাৰো ডাঙৰ হয়।

মাটি প্ৰস্তুত -

তিঁয়হৰ খেতিৰ বাবে মাটি দ আৰু মিহিকৈ চহাই লৈ ঢাপ কৰি ল’ব লাগে। ঢাপবোৰৰ মাজত নলা ৰখাৰ দৰকাৰ; যাতে বৰষুণৰ অতিৰিক্ত পানী ওলাই যাব পাৰে আৰু মাটিডৰা জেকা নহয়।

জাত নিৰ্বাচন -

চাইনিজ গ্ৰীণ, পুচা সংযোগ, পইনচেটী, এ এ ইউ চি-১, এ এ ইয়ু চি-২, ৰিজড-কিউকামবাৰ, এপোল- কিউকামবাৰ।

সময়: মাৰ্চ-এপ্ৰিল আৰু নৱেম্বৰ –ডিচেম্বৰ (মাটিত বগোৱা)।

সাৰ প্ৰয়োগ -

মাটি চাহ কৰাৰ সময়তে বিঘাই প্ৰতি ৩.৫ টন পচন সাৰ, লগতে প্ৰয়োগ কৰিব লগা ১৭ কিলোগ্ৰাম ইউৰিয়া সাৰৰ আধা অংশ আৰু সমুদায় ৩৭ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ২১ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে। বাকী ইউৰিয়াৰ আধা অংশ পুলি ওলোৱাৰ ৩০ দিন পিছত টপড্ৰেছ হিচাপে প্ৰয়োগ কৰিব লাগিব।

বীজৰ পৰিমাণ: বিঘাই প্ৰতি ৪০০ গ্ৰাম বীজৰ প্ৰয়োজন।

ব্যৱধান: আগতীয়া (ফেব্ৰুৱাৰী-মাৰ্চ) খেতিৰ বীজবোৰ ১২০*১২০ ছেণ্টিমিটাৰ দুৰত্বত সিঁচিব লাগে। প্ৰতি গাঁতত ২-৩ টাকৈ বীজ দিয়া উচিত। শেহতীয়া (মে’-জুন) খেতিৰ ক্ষেত্ৰত ১২০*১৫০ ছেণ্টিমিটাৰ ব্যৱধানত বীজ দিব লাগে।

পানী যোগান -

মাঘ-ফাগুন মাহত সাধাৰণতে বৰষুণৰ পৰিমাণ কম হয়। সেয়েহে প্ৰয়োজন বুজি পানী যোগান ধৰিব লাগে।

শস্য চপোৱা: গুটি সিঁচাৰ দুমাহৰ মুৰত ফল ধৰিবলৈ ধৰে। ফলবোৰ সেউজীয়া আৰু কোমল হৈ থাকোঁতেই চপাব লাগে।

উৎপাদন: উন্নত পদ্ধতিৰে কৰা তিঁয়হৰ খেতিৰ পৰা বিঘাই প্ৰতি ৬-৮ কুইণ্টল উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate