অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাছ কলা

গাছ কলা

প্ৰকৃতিয়ে অসমক সকলো সম্পদ দিছে যদিও তাৰ মোল নুবুজি অনাদৰ কৰা বাবে নিজৰ পুষ্টি, স্বাস্থ্য, বস্ত্ৰ, সৌন্দৰ্য ৰক্ষাৰ সামগ্ৰীৰ ক্ষেত্ৰত আমি পৰমুখাপেক্ষী হ’বলগীয়াত পৰিছো। কৃষিজীৱী অসমীয়া মানুহেও এতিয়া অসমৰ থলুৱা সামগ্ৰীৰ প্ৰতি গুৰুত্ব নিদি অসমৰ বাহিৰৰপৰা অহা আৰু সহজতে দোকানত পোৱা সামগ্ৰীৰ প্ৰতিহে আগ্ৰহী হোৱাৰ ফলত আৰ্থিক অনাটন বেছি হৈছে।

অসমত প্ৰচুৰ পৰিমাণে হোৱা এবিধ মাহ জাতীয় শস্য হৈছে গাছ কলা। গাছ কলাৰ আন নাম লতা বুট মাহ, মাহ বা অসমীয়া বুটমাহ। অসমত পুৰণি কালৰপৰা ইয়াৰ খেতি কৰা হয়। আন ৰাজ্যৰপৰা অনা বুট, মগু, মচুৰ, ৰহৰ আদি দাইলেৰে অসমৰ বজাৰ ভৰি পৰাৰ আগেয়ে অসমীয়া মানুহে গাছ কলা দাইল হিচাপে ব্যৱহাৰ কৰিছিল। ঘৰত খোৱাৰ উপৰি বিয়া, সকাম আদিতো পাচিয়ে পাচিয়ে গাছ কলা ব্যৱহাৰ কৰা হৈছিল। নৈৰ কাষৰ চাপৰিত গাছ কলাৰ খেতি বেছিকৈ হৈছিল আৰু বগৰী, মদাৰ, ৰবাব টেঙা আদি গছত বগাবলৈ দিয়া মাহবোৰ বহু বছৰ ধৰি লাগিছিল।

গাছ কলাৰ ইংৰাজী নাম লিমা বীনছ। গাছ কলা দুবিধ। এবিধৰ ছেঁই আৰু গুটি ডাঙৰ। ইয়াৰ ইংৰাজী নাম বাটাৰ লিমা বীনছ বা বাটাৰ বীনছ। সৰু ছেঁই বিধৰ নাম বেবী লিমা বা বেবী লিমা বীনছ। বৈজ্ঞানিক নাম ফেছিয়োলাছ লুনেটাছ আৰু ই ফেবেচি গোত্ৰ বা পৰিয়ালৰ উদ্ভিদ। ইয়াৰ কিছুমান জাতৰ গছ চাপৰ, জোপোহা আৰু ষাঠি চেণ্টিমিটাৰমানলৈকে ওখ হয়। কিছুমান জাতৰ গছ লতা জাতীয়- একৰপৰা পাঁচ মিটাৰমান ওপৰলৈকে বগায়।

গছবোৰ একাধিক বছৰ জীয়াই থাকে যদিও বছেৰেকীয়াকৈও খেতি কৰা হয়। পাত যৌগিক, একান্তৰ আৰু সেউজীয়া। প্ৰতিটো পাতত তিনিটা উপ-পত্ৰ থাকে। সাধাৰণতে আহিনৰপৰা পুহ মাহলৈকে কাণ্ডৰ পত্ৰ কক্ষত দীঘল মঞ্জৰী ওলাই সেৰেঙাকৈ বগা সৰু সৰু ফুল ফুলে আৰু ছেঁই ধৰি গুটি লাগে। ছেঁইবোৰ প্ৰকাৰ অনুসায়ী পাচঁৰপৰা পোন্ধৰ চেণ্টিমিটাৰলৈকে দীঘল, দুইৰ পৰা আঢ়ৈ চেণ্টিমিটাৰ বহল, সামাধ্য বেঁকা আৰু আগটো জোঙা, কাঁইটৰ দৰে। প্ৰতিটো ছেঁইত দুটাৰপৰা ছটা গুটি ধৰে। গুটিবোৰ একৰপৰা তিনি চেণ্টিমিটাৰলৈকে দীঘল, অলপ চেপেটা, ডিম্বাকাৰ বা বৃক্কাকাৰ। কোমল গুটিবোৰ সেউজীয়া আৰু পূৰঠ হ’লে বগা, গুলপীয়া, ৰঙচুৱা, কমলা, ক’লা বা ৰঙা হয়। পূৰঠ গুটিৰপৰা পুলি হয় আৰু পুলি গজাৰ দুমাহৰপৰা তিনি মাহৰ ভিতৰত ছেঁই ধৰে। ইয়াৰ খেতি কৰিবলৈ সহজ আৰু বেছি আপডালৰ প্ৰয়োজন নহয়। ইয়াৰ গছে শিপাত টেমুনাৰ আকাৰত নাইট্ৰোজেন জমা কৰে আৰু গছ মৰাৰ পিছত টেমুনাবোৰ মাটিত মিহলি হৈ মাটি সাৰুৱা কৰে।

কোমল গুটিবোৰ কেঁচাই, দাইল, তৰকাৰী ৰান্ধি বা ভাজি খোৱা হয়। পূৰঠ শুকান গুটিবোৰ বহু দিনলৈ জমা কৰি ৰাখিব পাৰি আৰু যিকোনো ঋতুত গুটিবোৰ তিয়াই কোমলাই ভাজি, ৰান্ধি বা শুকানে ভাজি গুড়ি কৰি পিটিকা কৰি খোৱা হয়। হাততে পোৱা আটাইতকৈ উচ্চ গুণ সম্পন্ন আমাৰ পুৰণি মাহবিধৰ কথা অসমীয়া ৰাইজে পাহৰিয়ে গৈছে। ইয়াক পৃথিৱীৰ ভিতৰত আটাইতকৈ স্বাস্থ্যজনিত খাদ্য বুলি অভিহিত কৰা হয়। ‘ইউ এছ ফুড্‌ এণ্ড ড্ৰাগছ’ৰ ৰিফাৰেন্স ভেল্যু ফৰ্‌ নিউট্ৰিছন লেবেলিং’ মতে, গাছ কলা পৃথিৱীৰ আটাইতকৈ পুষ্টিজনক মাহ।

গাছকলাৰ গুটিত স্বেতসাৰৰ উপৰি যথেষ্ট পৰিমাণে আঁহ জাতীয় পদাৰ্থ আৰু মেদ মুক্ত উচ্চ মানৰ প্ৰ’টিন, ভিটামিন বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন ই, কে, কেলছিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক আদি খনিজ পদাৰ্থ থাকে। দেহত শক্তিৰ যোগান ধৰাৰ উপৰি দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়ো বিধ  আঁহ জাতীয় পদাৰ্থ থকাৰ বাবে ইয়াৰ ব্যৱহাৰে তেজৰ শৰ্কৰা (ব্লাড ছুগাৰ) কমাই মধুমেহ ৰোগ উপশম কৰে, কলেষ্টৰেল কমাই হৃদৰোগ দূৰ কৰে, কোষ্ঠ কাঠিন্য ৰোধ কৰে, হজম শক্তি বঢ়ায়, মলভাণ্ডাৰৰ অস্বস্তি লোপ কৰে। যথেষ্ট পৰিমাণে লো বা আইৰণ থকাৰ কাৰণে ই ৰক্তহীনতা দূৰ কৰে।

পেৰুত সাত হেজাৰ বছৰতকৈও অধিক আগেয়ে গাছ কলাৰ খেতি কৰাৰ তথ্য পোৱা গৈছে যদিও ইতিহাসবিদসকলে এতিয়ালৈকে ইয়াৰ উৎপত্তিৰ সঠিক স্থল নিৰ্ণয় কৰিব পৰা নাই। কলম্বাছে আমেৰিকা আৱিস্কাৰ কৰাৰ পিছত স্পেইনৰ অভিযানকাৰীসকলে দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা আৰু কেৰিবীয়ান দ্বীপবোৰত বিভিন্ন জাতৰ গাছ কলা গছ দেখিবলৈ পাইছিল। তেওঁলোকে ইয়াৰ সঁচ ইউৰোপ আৰু এছিয়ালৈ আনে। আফ্ৰিকালৈ নিয়ে পৰ্টুগীজ অভিযানকাৰীসকলে।

লিখকঃ ৰাজীৱ প্ৰসাদ শইকীয়া, দৈনিক অসম

3.03333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top