মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / গ্লেডিওলাছ ফুলৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্লেডিওলাছ ফুলৰ খেতি :

গ্লেডিওলাছ ফুলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

লেটিন ভাষাত গ্লেডিওলাছ মানে তৰোৱাল। পাতবোৰৰ চেহেৰা অনেকাংশই তৰোৱালৰ দৰে বাবেই এই নাম। সুন্দৰ পুষ্পাদণ্ড আৰু আকৰ্ষণীয় ৰঙীণ ফুল আৰু দীৰ্ঘকাল সজীৱ থকাৰ কাৰণে সকলোৰে বাবে গ্লেডিওলাছ ফুল বিশেষভাৱে সমাদৃত।

পুষ্পদণ্ডত ফুলবোৰ এটাৰ পিছত এটাকৈ ফুলি থাকে। ইয়াৰ বজাৰ মূল্য বেছি হোৱা বাবে বাণিজ্যিকভাৱে গ্লেডিওলাছৰ খেতিও লাভজনক।

সাধাৰণতে কাট ফ্লাৱাৰ হিচাপে গ্লেডিওলাছ ব্যাপকভাৱে ব্যৱহাৰ হয়। গ্লেডিওলাছৰ জাতবোৰ হ’ল-

*আমেৰিকান বিউটী,

*আংলিয়া,

*ব্লু-স্কাই,

*ইউৰোভিছন,

*ফ্ৰেণ্ডশ্বিপ,

*হাৰ মেজেষ্টি,

*হান্টিংছং,

*জেষ্টাৰ,

*মাছাগ্নি,

*নোভালাকন,

*অস্কাৰ,

*পিটাৰ পিয়াৰ্ছ,

*প্ৰিছিলা,

*ৰোজ ফায়াৰ,

*সুচিত্ৰা,

*ইয়েলো ষ্টোন,

*উইণ্ড ছং ইত্যাদি।

এই ফুলবিধৰ উৎপাদনৰ সয়ম হৈছে ছেপ্টেম্বৰ মাহ।

গ্লেডিওলাছে ১৬-৪০ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰা সহ্য কৰিব পাৰে। অৱশ্যে ফুল লগাৰ সময়ত তাপমাত্ৰা কম থকা আৰু বৃষ্টি নোহোৱাটো প্ৰয়োজন। ১২ ঘন্টা দিনৰ পোহৰ আৰু সূৰ্যালোকিত পৰিৱেশত গ্লেডিওলাছ ভাল হয়।

তীব্ৰ বতাহৰপৰা ৰক্ষা পোৱাৰ বাবে খেতি ডৰাৰ ওচৰত বায়ু নিৰোধক গছ লগোৱা উচিত। সুনিষ্কাষিত উৰ্বৰ নিৰপেক্ষ মাটি এই ফুল খেলিৰ বাবে উপযোগী।

গ্লেডিওলাছৰ ফুলৰ কন্দৰদ্বাৰা বংশ বিস্তাৰ হয়। কম গভীৰতাত কন্দ লগাই আৰু পুষ্পদণ্ড অপৰিণত অৱস্থাত কাটি দিলে অধিক সংখ্যক ৰাইজ’ম পোৱা যায়।

কন্দ ছেপ্টেম্বৰ মাহৰ মধ্যভাগত লগোৱা হয়। কন্দ লগোৱাৰ পূৰ্বে ১৫-২০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ পানীত ২৪ ঘন্টা ভিজাই ৰাখিব লাগে। ৰোগগ্ৰস্তবোৰ পানীত ওপঙি উঠিব। এইবোৰ বাদ লাগে।

৫ ছেন্টিমিটাৰ ব্যাসযুক্ত কন্দ মূল মাটিত ২০ ছেন্টিমিটাৰ, ৩০ ছেন্টিমিটাৰ দূৰত্বত আৰু ৭ ছেন্টিমিটাৰ গভীৰতাত লগোৱা হয়। প্ৰতি বিঘা মাটিত ২০ হাজাৰ কন্দ ৰোপণ কৰিব পাৰি। এবাৰ কন্দ লগালে ৪-৫ বছৰ ফুল সংগ্ৰহ কৰিব পাৰি।

মে’-জুন মাহত মাটিডৰাত হাল বাই ১৪-১৫ দিন ক’লা পলিথিন দি মালচিং কৰি ৰখা উচিত। তাৰ ফলত মাটিত থকা অধিকাংশ ৰোগৰ জীৱাণু মৰি যায়। তাৰ পিছত প্ৰতি বিঘা মাটিত ২.৫ টন জৈৱসাৰ মাটিৰ সৈতে মিহলাব লাগে।

শেষবাৰ মাটি চহ কৰোঁতে প্ৰতি বিঘাত ৬ কিলোগ্ৰাম এছ এছ পি, ৬ কিলোগ্ৰাম এম ও পি সাৰ মিলাই দিব লাগে। পুলি ডাঙৰ হোৱাৰ পিছত ৩০-৪০ দিন অন্তৰে অন্তৰে ২-৩ কিলোগ্ৰাম ইউৰিয়াৰ সৈতে কম পৰিমাণে মিশ্ৰ অনুসাৰ মাটিত প্ৰয়োগ কৰিব লাগিব।

পুলি ওলোৱাৰ ৩০ দিন পিছত ৪-৫ বাৰ ঘাঁহ-বনবোৰ নিৰণি কৰি গছৰ গুৰিৰ মাটিখিনি পাতল কৰি ল’ব লাগে। প্ৰয়োজন অনুযায়ী পাতলকৈ জলসিঞ্চন অথবা জমা হৈ থকা পানী উলিয়াই দিয়া ভাল।

গ্লেডিওলাছৰ প্ৰধান সমস্যা হ’ল ৰোগ। ভেঁকুৰজনিত ৰোগ যেনে-

*ঢিলা হৈ পৰা,

*কান্ধ পচি যোৱা,

*কন্দ পচি যোৱা,

*পাত আৰু ফুল সৰি পৰা ৰোগৰদ্বাৰা গ্লেডিওলাছ সঘনাই আক্ৰান্ত হয়।

কন্দ শোধনৰ বাবে ৪৮ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতাৰ গৰম পানীত বেভিষ্টিন আৰু কেপটান নামৰ ভেঁকুৰনাশক মিহলাই কন্দ ৩০ মিনিট ডুবাই ৰাখিব লাগে।

আনহাতে মাটি শোধনৰ বাবে ৪ গ্ৰাম ব্লু কপাৰ ১ লিটাৰ পানীত আৰু ০.১ শতাংশ বেভিষ্টিন স্প্ৰে কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

সুস্থ-সবল গছৰপৰা কন্দ সংগ্ৰহ কৰা, কন্দ শোধন কৰি সংৰক্ষণ কৰা আৰু কন্দ শোধন কৰি মাটিত লগোৱাৰ মাধ্যমেৰেও ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

প্ৰতি বিঘা মাটিত ২০ হাজাৰ কন্দ লগালে বছৰত প্ৰায় ২১-২২ হাজাৰ পুষ্পদণ্ড পোৱা যায়। গ্লেডিওলাছৰ বীজ সংৰক্ষণৰ বাবে পুষ্পদণ্ড কাটি নিয়াৰ ৬-৮ সপ্তাহ পিছত কন্দ তোলা হৈ থাকে আৰু ২-৩ সপ্তাহ পূৰ্বৰপৰা জলসিঞ্চন কৰা বন্ধ কৰিব লাগে।

কন্দ তোলাৰ পিছত এসপ্তাহ ছাঁত শুকুৱাব লাগে। তাৰ পিছত পাত কাটি কন্দ পৰিষ্কাৰ কৰি ০.২ শতাংশ বেভিষ্টিন দ্ৰৱণত ৩০ মিনিট ডুবাই ৰাখি, তাৰ পিছত ছাঁত ২-৩ সপ্তাহ শুকুৱাই ৩-৪ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত আৰু ৯০ শতাংশ আপেক্ষিক আৰ্দ্ৰতাত বীজ হিচাপে সংৰক্ষণ কৰিব লাগে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

2.84615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top