মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / গ্ৰাম্য জীৱনত সমাদৃত দুবিধ উপকাৰী ফল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰাম্য জীৱনত সমাদৃত দুবিধ উপকাৰী ফল

গ্ৰাম্য জীৱনত সমাদৃত দুবিধ উপকাৰী ফলৰ বিষয়ে লিখা হৈছে ।

ছিঁৰাল -

গ্ৰাম্য জীৱনৰ সৰ্বসাধাৰণ লোকৰদ্বাৰা সমাদৃত ফল-মূলৰ ভিতৰত ছিঁৰাল হৈছে এবিধ লতাজাতীয় ৰসাল ফল।

সাধাৰণতে গ্ৰীষ্মকালত গাঁৱৰ সাধাৰণ কৃষক পৰিয়ালৰ শাকনিবাৰীত উপলব্ধ ছিঁৰাল হৈছে এবিধ সুমধুৰ নিৰোগী ফল। নগৰে-চহৰেও এইবিধ ফলৰ আদৰ নোহোৱা নহয়।

কিন্তু বৰ্তমান ফলৰ বজাৰত বাহিৰৰপৰা আমদানি হোৱা বিভিন্ন অভিজাত ফলৰ প্ৰকোপত গাঁৱলীয়া ফল ছিঁৰাল এলাগী হৈ ৰ’বলগীয়া হৈছে।

তথাপি ৰাজ্যখনৰ বহু অঞ্চলত অতি কোমল মহমলীয়া গোন্ধযুক্ত মঙহাল এই ফলবিধৰ প্ৰতি খেতিয়কসকলৰ আগ্ৰহ কমি যোৱা নাই।

সেয়েহে হেৰাই যাব খোজা এই ফলবিধৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল-

মাটি -

  • পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা বালিচঁহীয়া পলসুৱা আৰু পলস পৰা বোকা মাটি,
  • অধিক জৈৱিক গুণ থকা অম্লতাৰ পৰিমাণ ৬.০ থকা মাটি এই খেতিৰ বাবে উপযোগী।

জাত:

  • পুছা চৰবতী,
  • হৰামধু,
  • পঞ্জাব চুনহেৰী,
  • দুৰ্গাপুৰ মধু,
  • আৰকা ৰাজহংস আৰু
  • আৰকা জীত।

জাতবোৰৰ বিশেষত্বসমূহ হৈছে -

ক)পুছা চৰবতী:

লতাবোৰ দূৰলৈকে বগাই যায়। পাতবোৰ সেউজীয়া, পাতল নোমেৰে আবৃত, ঠাৰি মধ্যমীয়া দীঘল, ফল মজলীয়া আকাৰৰ ঘূৰণীয়া ডিম্বাকৃতিৰ, বাহিৰৰ বাকলিত সেউজীয়া ছালৰ দৰে দাগ থকা। প্ৰতিডাল লতাতে ৩-৪ টাকৈ ফল লাগে।

এটাৰ ওজন প্ৰায় ৮০০ গ্ৰাম হয়। ভিতৰত অংশটো মঙহাল ডাঠ, গাঢ় কমলা ৰঙৰ। উৎপাদন বিঘাত ১৫ কুইন্টল।

খ)হৰামধু:

লতাবোৰ ৩-৪ মিটাৰ দীঘল আৰু শকত। ফলবোৰ ডাঙৰ আৰু ঘূৰণীয়া। ওজন প্ৰায় এক কিলোগ্ৰাম পৰ্যন্ত হয়। বাকলি পাতল হালধীয়া বৰণৰ।

ভিতৰৰ মঙহাল অংশ মচমচীয়া পাতল সেউজীয়া ৰঙৰ আৰু মিঠা। ১০০-১১০ দিনত পূৰঠ হয়।

গ)দুৰ্গাপুৰ মধু:

ফল দীঘলীয়া। ওজন প্ৰায় ৫০০-৬০০ গ্ৰাম হয়। ভিতৰৰ মঙহাল অংশ বগা। উৎপাদন বিঘাত ৪০ কুইন্টল।

ঙ)আৰকা জীত:

ফল চেপেটা আৰু সৰু। ওজন ৩০০-৫০০ গ্ৰাম। বাকলিৰ বৰণ কমলা নাইবা মুগা বৰণীয়া। ভিতৰখন বগা। অতি মিঠা। প্ৰচুৰ পৰিমাণে ‘গ’ ভিটামিনযুক্ত।

বীজৰ পৰিমাণ:

প্ৰতি বিঘাত ৮০ গ্ৰামৰপৰা ১ কিলোগ্ৰামলৈ প্ৰয়োজন।

বীজ সিঁচাৰ সময়:

জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ মাজভাগলৈ।

পথাৰ প্ৰস্তুতকৰণ:

৩-৪ বাৰ হাল বাই-মৈয়াই সমান কৰি নাঙলেৰে ১.৫-২ মিটাৰ ব্যৱধানত সীৰলু কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতি বিঘাত-

  • ৩ টন পচন সাৰ বা পচা গোবৰ,
  • ইউৰিয়া ১৮ কিলোগ্ৰাম,
  • ছুপাৰ ফছফেট ৫৫ কিলোগ্ৰাম আৰু
  • মিউৰেট অব পটাছ ২৫ কিলোগ্ৰাম প্ৰাথমিক সাৰ হিচাপে মাটি চহ কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে।

ব্যৱধান:

শাৰীৰ মাজৰ ব্যৱধান ১.৫-২ মিটাৰ আৰু গছৰ মাজৰ ব্যৱধান ৭৫ ছেন্টিমিটাৰ-১.২ মিটাৰ ৰখা ভাল।

জলসিঞ্চন:

খৰাং বতৰত ১০-১৫ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰা উচিত।

প্ৰতিপালন:

লতাবোৰ বগাবলৈ ল’লে অনাৱশ্যক বনবোৰ হাতেৰে উভালি পেলাব লাগে।

চপোৱা:

ফলবোৰ পকিলে এটা মৃদু গোন্ধ ওলায়। তেতিয়া লগে লগে চপাব লাগে। ছালবোৰ ফাটিবলৈ দিন নালাগে।

তৰমুজ:

ছিঁৰালৰ দৰে তৰমুজ এবিধ গ্ৰীষ্মকালত হোৱা লতাজাতীয় ৰসাল মিঠা ফল। গাঁৱৰ শাকনিবাৰীত অতি সহজতে ঘৰুৱাভাৱে উৎপাদন কৰিব পৰা ই এবিধ উপকাৰী ফল।

এই ফলবিধৰ গুটি উচ্চ ৰক্তচাপ ৰোগৰ ক্ষেত্ৰত মহৌষধ। ফলৰ ৰঙা মঙহাল অংশ বহুমূত্ৰ ৰোগীৰ ভাল পথ্য। এইবিধ ফলৰ কৃষি পদ্ধতিৰ বিষয়েও আজি এই লেখাত চমুকৈ আলোচনা কৰিবলৈ লোৱা হ’ল।

মাটি -

  • পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা,
  • ৰ’দ পৰা বালিচঁহীয়া, পলসুৱা,
  • অধিক জৈৱিক গুণ থকা আৰু ৬.৫ ৰ পৰা ৭ লৈকে অম্লতা থকা মাটি এই খেতিৰ বাবে উপযোগী।

জাত:

  • নিউহেফম্পচায়াৰ মিজেট,
  • আচাহীয়ামাটো পুছা বেদনা,
  • ছুগাৰ বেবী আৰু
  • ফাইজাবাদী।

এই জাতবোৰৰ বিশেষত্ববোৰ এনেধৰণৰ-

ক)নিউহেম্পচায়াৰ মিজেট:

ফলবোৰ সৰু, ওজন ১.৫-২ কিলোগ্ৰাম পৰ্যন্ত হয়। ডিম্বাকৃতিৰ, বাকলি উজ্জ্বল সেউজীয়া আৰু ডাঠ সেউজীয়া ৰঙৰ আঁচ থকা। ভিতৰখন ৰঙা। পৰাগ সংযোগ অৱস্থাৰপৰা ফল পাবলৈ ২৮-৩০ দিন সময় লাগে।

খ)আচাহীয়ামাটো:

ফল মজলীয়া আকাৰৰ। ৩০-৩৫ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধৰ, ৫-৬ কিলোগ্ৰাম ওজনৰ। বাকলি পাতল সেউজীয়া, ভিতৰৰ অংশ মঙহাল, গাঢ় গুলপীয়া ৰঙৰ। ৯৫-১০০ দিনত পূৰঠ হয়।

বীজ সিঁচাৰ সময়:

আগতীয়া: জানুৱাৰী-ফেব্ৰুৱাৰী

শেহতীয়া: জুন-জুলাই।

বীজৰ পৰিমাণ:

প্ৰতি বিঘাত ৮ গ্ৰামৰপৰা এক কিলোগ্ৰাম বীজৰ প্ৰয়োজন।

মাটি প্ৰস্তুতকৰণ:

২-৩ বাৰ হাল বাই, মৈয়াই সমান কৰি ২.৫ মিটাৰ আঁতৰে আঁতৰে নাঙলেৰে একোটাকৈ সীৰলু কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ:

ব্যৱসায়িক ভিত্তিত এই খেতি কৰিলে উপযুক্ত পৰিমাণৰ পচন সাৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়। সেইবাবে বিঘাই প্ৰতি-

  • পচন সাৰ তিনি টন,
  • ইউৰিয়া ১৬ কিলোগ্ৰাম,
  • ছুপাৰ ফছফেট ৪৩ কিলোগ্ৰাম আৰু
  • মিউৰেট অব পটাছ ১৩ কিলোগ্ৰাম প্ৰাথমিক সাৰ হিচাপে মাটি চহ কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে।

ব্যৱধান:

শাৰীৰ মাজৰ দূৰত্ব ২.৫ মিটাৰ আৰু গছৰ মাজত দূৰত্ব ২ মিটাৰ হোৱা উচিত।

জলসিঞ্চন:

খৰাং বতৰত ৭-১০ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে।

খেতি চপোৱা:

ফলবোৰ পূৰঠ হোৱা লক্ষণবোৰ হৈছে -

  • আগবোৰ মৰহি যায়,
  • ফলবোৰ আঙুলিৰে টুকুৰিয়ালে সামান্য শব্দ হয়।
  • মাটিত লাগি থকা অংশ হালধীয়া হয়।
  • বুঢ়া আঙুলিৰে জোৰেৰে হেঁচুকিলে ফটফটোৱা শব্দ হয়।

উৎপাদন:

প্ৰতি বিঘাত ৫০-৬০ কুইন্ট উৎপাদন পাব পাৰি।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top