অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহু ধানৰ উন্নত কৃষি পদ্ধতি

আগতীয়া ৰোৱা আহু ধানৰ অনুমোদিত জাত

নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ অনুমোদিত অর্দ্ধচাপৰ জাত সমূহ আৰু শস্যকাল তলত দিয়া ধৰণৰ -
সুভদ্রা (১২০-১৩০ দিন), পুচা ২-২১ (১২৫ -১৩০ দিন) , কাবেৰী (১২০-১২৫ দিন) , ৰাচী (১৩০-১৩৫ দিন ) , আই আৰ - ৩৬ (১২৫ - ১৩৫ দিন),কালচাৰ -১(১০০ -১০৫ দিন), লুইত (১০৫-১০৫ দিন), কপিলি (১০০-১০৫ দিন ) । থলুৱা ওখ জাত সমূহ হ'ল - কোইজাপৰি (৯০-১০৫দিন) , হাচাকুমৰা (৮০-৮৫ দিন) , বাংলামি(১১৫ -১২০ দিন ) গুণি (৮০-৮৫ দিন) আৰু পাঞ্জাশালি (১১৫-১২৫ দিন) ।

নিয়মীয়া ৰোৱা আহু ধানৰ অনুমোদিত অর্দ্ধচাপৰ জাত সমূহ (১০৫ - ১১০ দিন) , কাবেৰী(১১০-১১৫ দিন ) , ৰাচী (১২০-১২৫) ,প্রসাদ(১১৫- ১২০ দিন) , আই আৰ -৩৬(১১৫-১২০দিন) , জয়া (১৩০-১৪০ দিন ) আদিয়ে প্রধান । ওখ থলুৱা জাত পাঞ্জাশালিৰ শস্যকাল হ'ল ১১৫ -১২০ দিন । কৃষক সকলে পাঞ্জাশালিৰ খেতিও কৰিব পাৰে ।

বীজ সিঁচাৰ সময়

আগতীয়া ৰোৱা আহুৰ বীজ সিঁচা কাম ফাগুন মাহৰ পৰা আৰম্ভ কৰিব পাৰি । নিয়মীয়া ৰোৱা আহুৰ বীজ সিঁচাৰ উত্তম সময় হ'ল চ'ত - বহাগ।

বীজ শোধন

ইতিপূর্ব্বে নির্ব্বাচিত বীজখিনি ২৪ ঘন্টাৰ বাবে ডাইথেন এম -৪৫ মিহলি ( ২.৫ গ্রা: প্রতি লি: পানী)পানীত তিয়াই থব । বিঘাই প্রতি ৬ কিলোগ্রাম বীজৰ বাবে ৬ লিটাৰ পানীৰ প্রয়োজন হয় । বেভিষ্টিন ব্যৱহাৰ কৰিলে প্রতি লিটাৰ পানীত ১ গ্রাম হিচাবত মিহলাই ল'ব।

কঠিয়াতলী প্রস্তুতি

সুন্দৰকৈ বোকা কৰা মাটিত ১ ফুট আঁতৰে আঁতৰে ১০ মি: দীঘল আৰু ১.২৫ মি: বহল জোখৰ কিঞ্চিত ওখকৈ কঠিয়াতলীবোৰ প্রস্তুত কৰি লব । প্রতিখন কঠিয়াতলিত সিঁচিবলগা বীজৰ পৰিমাণ হ'ল ৬৫০ গ্রাম : - ১.০ কেজি । এবিঘা মাটিৰ বাবে এনে কঠিয়াতলী ৬ - ৮ খনৰ প্রয়োজন হয় ।

কঠিয়াতলিত সাৰ প্রয়োগ

প্রতিখন কঠিয়াতলিত ২০ - ৩০ কেজি শুকান পচা গোবৰ বা পচন সাৰৰ লগত ইউৰিয়া ৮০ গ্রাম , চুপাৰ ফচফেট ৮০ গ্রাম আৰু এম ও পি ৪০ গ্রাম চটিয়াই ল'ব ।

কঠিয়াতলিত পানী যোগান

কঠিয়াতলিবোৰৰ মাজত থকা নলাবোৰত পানী এৰি দিব যাতে মাটি সকলো সময়তে সম্পূর্ণ তিতি থাকে। কঠিয়াতলিবোৰ ডুব যোৱাকৈ পানী দিব নালাগে। অৱশ্যে মূল পথাৰত ৰোৱাৰ ২-৩ দিন আগৰে পৰা কঠিয়াতলীত ২-৩ ছে:মি: দ'কৈ পানী থকা প্রয়োজন ।

কঠিয়াতলিত শস্যৰক্ষা ব্যৱস্থা

১) ব্লাষ্ট বেমাৰৰ এটা দুটা দাগ পাতত দেখা দিলে বেভিষ্টিন (১ গ্রা : প্রতি লি: পানী ) বা হিনোচান ১ মি: লি: প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব ।

২) মজা খোৱা পোক আৰু শিপাত গাঠি ধৰা ক্রিমি আক্রান্ত কঠিয়াতলিত ফুৰাদন ৩ জি নামৰ দৰব প্রতি বর্গমিটাৰত ৩ গ্রাম হিচাবত বীজ সিঁচাৰ এসপ্তাহ পিচতে ছটিয়াই দিব ।

মূল পথাৰত সাৰ প্রয়োগ

অর্দ্ধ চাপৰ জাতৰ খেতিৰ বাবে বিঘাই প্রতি ৬৫০ - ১৩০০ কিলোগ্রাম পচন সাৰ , ১২ কিলোগ্রাম ইউৰিয়া , ১৭ কিলোগ্রাম একক চুপাৰ ফচফেট আৰু ৪ কিলোগ্রাম এম ও পিৰ প্রয়োজন হয় । ওখ জাতৰ বাবে এই পৰিমাণ হ'ল পচন সাৰ ৬৫০ - ১৩০০ কিলোগ্রাম , ইউৰিযা ৬ কিলোগ্রাম , চুপাৰ ফচফেট ৮ কিলোগ্রাম আৰু এম ও পি ২ কিলোগ্রাম , সমুদায় পচন সাৰ , ১/৩ অংশ ইউৰিয়া আৰু সমুদায় চুপাৰ ফচফেট আৰু এম ও পি কঠিয়া ৰোৱাৰ এদিন আগতে শেষৰ বাৰ বোকা কৰা সময়ত চটিয়াব লাগে । ইউৰিয়া বাকী থকা দ্বিতীয় আৰু তৃতীয় ভাগ পোখা মেলা আৰু গেৰ ধৰা অৱস্থাত টপদ্রেচিং কৰিব ।

ৰোৱাৰ দূৰত্ব

শাৰিবদ্ধ পদ্ধতিত অর্দ্ধচাপৰ জাতৰ বাবে ৰোৱাৰ দূৰত্ব হ'ল ২০ ছে: মি: x ১৫ ছে: মি: আৰু ওখ জাতৰ বাবে শাৰীৰ ব্যৱধান ২০ ছে: মি: গোছাৰ দূৰত্ব ২০ ছে:মি:। প্রতিটো গোছাত ২ -৩ ডালকৈ কঠিয়া ৰুবলৈ নাপাহৰিব।

মূল পথাৰত পানী যোগান

ধাননি ডৰাত ৫ -৭ ছে:মি: গভীৱ পানী থকা প্রয়োজন । শুকালে ২-৩ দিনৰ পিছতে পুনৰ ৫-৭ ছে: মি: পানী যোগান ধৰিব । এই ধৰণে পানী যোগান ব্যৱস্থা ধান চপোৱাৰ ১০ দিন আগলৈ অব্যাহত ৰাখিব ।

নিৰণি

ৰোৱাৰ ২০ আৰু ৪০ দিন পিচত মুঠতে দুবাৰ বনপাতৰ নিৰণি কৰিব । পেডি উইদাৰ ব্যৱহাৰ কৰিলে ইউৰিয়া টপদ্রেচিঙৰ লগতে কৰিব ।

শস্যৰক্ষা ব্যৱস্থা

মজাখোৱা , চৰহা , পাত মেৰিওৱা , টুপলিকটা আদি পোকৰ নিয়ন্ত্রণৰ বাবে দার্চবান ২০ ইচি দৰৱ বিঘাই প্রতি ১৩৫ মি:লি: অথবা নুভাক্রণ ৪০ ইচি বিঘাই প্রতি ১৬৫ মি: লি: হিচাবত ব্যৱহাৰ কৰিব । হস্তচালিত স্প্রেয়াৰ ব্যৱহাৰ কৰিলে বিঘাই প্রতি ৫৫ লিটাৰ আৰু যন্ত্রচালিত স্প্রেয়াৰৰ বেলিকা পানীৰ পৰিমাণ হ'ল প্রায় ১৫ লিটাৰ । গান্ধী পোকৰ আক্রমণ পৰিলক্ষিত হ'লে মালাথিয়ন ৫ শতাংশ গুড়ি দৰৱ বিঘাই প্রতি ২.৫ - ৩.০ কেজি হিচাবত Duster ৰ জৰিয়তে চটিয়াব ।

সাধাৰণতে ধাননি ডৰা ব্লাষ্ট , চিফ ব্লাইট আদি বেমাৰৰ দ্বাৰা আক্রান্ত হয় । ব্লাষ্ট আক্রান্ত ধাননি ডৰাত বেভিষ্টিন দৰৱৰ গুড়ি (১ গ্রাম ১ লিটাৰ পানীত ) হিচাবত মিহলাই পোখা মেলা সময়ত স্প্রে কৰিব । তাৰ পিচতে হিনোচান দৰৱ (১ মি:লি: ১ লি: পানী) হিচাবত মিহলাই প্রথমবাৰ গেৰ ধৰা আৰু দ্বিতীয়বাৰ থোক দেখা দিয়া সময়ত স্প্রে কৰিব । চিথ ব্লাইটৰ বাবে বেভিষ্টিন দৰৱ (০.৫ গ্রা: প্রতি লি: পানী ) প্রথমবাৰৰ ৰোগ দেখা দিয়া সময়ত আৰু দ্বিতীয়বাৰ ১০ দিন পিচত স্প্রে কৰিলে সুফল পোৱা যায় ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate