অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘাঁহ জাতীয় শস্য

ঘাঁহ জাতীয় শস্য

যৱধান

জাত কৃষিকাল (দিন) সেউজীয়া ঘাঁহ কুইন্টল/হেক্টৰ শুকান ঘাঁহ কুইন্টল/হেক্টৰ শস্য কিমানবাৰ কাটিব পাৰি
কেন্ট
১২৮
৪৮৩
৯৬.৬
এইচ জে-১৪৪
১২৮
৪৭৫
৯৫.০
জে এইচ ও এচ-১৯
১২১
৪৬৩
৯২.২

মাটি

পানী ওলাই যোৱাৰ সু-ব্যৱস্হা থকা বোকা-পলসুৱা আৰু বালিয়া মাটি এই খেতিৰ উপযোগী ৷ এনে মাটিত শালি ধানৰ পিচতে ইয়াৰ খেতি কৰিব পাৰি ৷

মাটি প্ৰস্তুতি

যৱধানৰ খেতিৰ বাবে ভাল মিহি কঠীয়া তলীৰ প্ৰয়োজন৷

বীজ সিঁচাৰ সময় : অক্টোবৰ মাজ ভাগৰ পৰা ডিচেম্বৰ মাহলৈকে৷

বীজৰ পৰিমাণ : ১০০ কি.গ্রা./হেক্টৰত (১৩-১৪ কি.গ্রা./বিঘাত)৷

দুৰত্ব : ২৫-৩০ চে: মি: ব্যৱধানত খাল খান্দি বীজবোৰ ৪-৫ চে: মি: দত সিঁচিব লাগে ৷

সাৰ প্ৰয়োগ

কি.গ্রা./হেক্টৰ
কি.গ্রা./বিঘা
পথৰুৱা সাৰ
৪ টন
পথৰুৱা সাৰ
৬ কুইন্টল
নাইট্রোজেন
৪০
নাইট্রোজেন
ফচফৰাচ
২০
ফচফৰাচ
পটাছ
২০

প্ৰতি হেক্টৰত ৫৪ কি.গ্রা. ইউৰিয়া, ১২৫ কি.গ্রা. একক চুপাৰ ফচফেট আৰু ৩৩ কি.গ্রা. মিউৰিয়েট অৱ পটাছ প্ৰাথমিক  সাৰ হিচাবে প্ৰয়োগ কৰিব আৰু প্ৰথমবাৰ শস্য কটাৰ পিচতে (বীজ  সিঁচাৰ ৬০-৭০ দিনৰ পিছত) ৩৪ কি.গ্রা. ইউৰিয়া টপ দ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷

জলসিঞ্চন

বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি যৱধানৰ খেতি সফলতাৰে কৰিব পাৰি ৷ মাটিডৰা শুকান হলে বীজ সিঁচাৰ পিছতেই প্ৰথমবাৰ  জলসিঞ্চন কৰিব লাগে ৷ দ্বিতীয়বাৰ, বীজ সিঁচাৰ ৪৫ দিনৰ পিছত পোখা মেলাৰ সময়ত আৰু প্ৰথমবাৰ শস্য কটাৰ পিছতে তৃতীয়বাৰ জলসিঞ্চন কৰিব লাগে ৷

প্ৰতিপালন ব্যৱস্হা

বীজ সিঁচাৰ ৩-৪ সপ্তাহৰ পিছত এবাৰ বনবাত নিৰাই দিব লাগে ৷

শস্য কটা

বীজ সিঁচাৰ ৬০-৭০ দিনৰ পিছত প্ৰথমবাৰ আৰু শতকৰা ৫০ ভাগ ফুল ধৰাৰ পিছত দ্বিতীয়বাৰ শস্য কাটিব লাগে ৷ মাটিৰ পৰা ৮-১০ চে: মি: ওপৰত গছবোৰ কাটিব৷

বীজ : প্ৰথমবাৰ শস্য কটাৰ পিছত সেই শস্যৰ পৰাই বীজ সংৰক্ষণ কৰিব পাৰি ৷ পাঁচ ভাগৰ এক অংশ হেক্টৰ মাটিৰ বীজেৰেই এক হেক্টৰ মাটিত সিঁচিবলৈ যথেষ্ট হয়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate