অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চয়াবিন

চয়াবিন

চয়াবিন এটি উল্লেখযোগ্য মাহজাতীয় আৰু তৈল বীজ শস্য ৷ মধ্যমীয়া দ' অঞ্চলত শালিধান আৰু আহুধানৰ খেতিৰ মধ্যবৰ্তী কালছোৱাত অৰ্থাৎ জানুৱাৰী মাহৰ পৰা এপ্ৰিল নাইবা মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত কম সময়তে হোৱা চয়াবিনৰ জাত (৯০-১০০ দিনত হোৱা) যেনে: জে এছ-২, মোতি, পুছা চয়াবিন-১ আদিৰ খেতি কৰিব পাৰি৷

জাত

জাত

কৃষিকাল
(দিন হিচাপত)

গছৰ আকাৰ

উৎপাদন
কুইন্টল/হেক্টৰত

শতকৰা হিচাপ

 

 

 

জলসিঞ্চিতৰ ওপৰত নিৰ্ভৰলশীল

বৰষুণৰ ওপৰত নিৰ্ভৰলশীল

তেল

প্ৰটিন

১)জে এছ-২,

৮৫-৯০

পোন

২০-২২

-

২০

৪২

২) মোতি

৮৫-১০০

পোন

২০-২২

১১-১২

২০

৪২

৩) পুছা চয়াবিন-১

৯০-১০০

পোন

২০-২২

 

২১

৪৩

 

মাটি

চয়াবিনৰ খেতি বিভিন্ন ধৰনৰ মাটিত কৰিব পাৰি যদিও সাৰুৱা, পানী ওলাই যোৱাৰ সু-ব্যৱস্হা থকা পলসুৱা মাটিত ইয়াৰ খেতি ভাল হয় ৷ পানী আৱদ্ধ হৈ থাকিলে শস্যৰ অনিষ্ট হয় ৷ অম্লীয় মাটিত অম্লতাৰ পৰিমাণ ৬.০ তকৈ কম হলে বীজ সিচাৰ ২১ দিন আগেয়ে হেক্টৰে প্ৰতি ২ টনকৈ চূণ প্ৰয়োগ কৰিব লাগে ৷ ৩ বছৰৰ মুৰত ১ বাৰকৈ চূণ প্ৰয়োগ কৰা প্ৰয়োজন৷

বীজ সিঁচাৰ সময়

জলসিঞ্চনৰ ব্যৱস্থা থকা অঞ্চলত জানুৱাৰী মাহত বীজ সিঁচিব লাগে ৷ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিত, জানুৱাৰী মাহৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগলৈকে বীজ সিঁচাৰ উত্তম সময় ৷

মাটি নিৰ্বাচন

বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহতো মাটিত যথেষ্ট পৰিমাণে জীপ থকা মধ্যমীয়া 'দ মাটি নিৰ্বাচন কৰিব লাগে৷

মাটি প্ৰস্ত

চয়াবিনৰ বাবে ভালদৰে প্ৰস্তুত কৰা কঠীয়াতলীৰ প্ৰয়োজন৷

সাৰ প্ৰয়োগ :

উপাদান

পৰিমাণ (কি.গ্রা./হেক্টৰত)

ৰাসায়নিক সাৰ

কি.গ্রা./হেক্টৰত

কি.গ্রা./বিঘাত

নাইট্ৰ'জেন

২০(১০)

ইউৰিয়া

৪৫(২২)

৬.৫(৩)

ফছফৰাচ

৬০

একক চুপাৰ ফছফেট

৩৭৫

৫৩.৫

পটাছ

৪০

মিউৰেট অব পটাছ

৭০

১০.৫

 

বন্ধনীৰ ( ) ভিতৰত থকা পৰিমান ৰাইজোবিয়াম কালচাৰেৰে বীজৰ অনুক্ৰমণ কৰা খেতিৰ বাবে ৷ সমুদায় ৰাসায়নিক সাৰ বীজ সিচাৰ আগেয়ে প্ৰয়োগ কৰি লব লাগে৷

এইদৰে সাৰ প্ৰয়োগ কৰাৰ সুবিধা নহলে সাৰবোৰ সমানে ছটিয়াই মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে৷

পাতত মিউৰিয়েট অৱ পটাছ প্ৰয়োগ

চিৰাবোৰত ভালদৰে গুটি হবলৈ বীজ সিঁচাৰ পিচত ৩০-৩৫ দিনৰ ভিতৰত অৰ্থাৎ ফুলৰ কলি ধৰা অৱস্হাত পাতত মিউৰিয়েট অৱ পটাছ সাৰ স্প্ৰেয়াৰেৰে স্প্ৰে কৰিব পাৰি৷

হাতেৰে চালিত স্প্ৰেয়াৰেৰে স্প্ৰে কৰিবলৈ তলত দিয়া ধৰণে মিউৰিয়েট অৱ পটাছ মিশ্ৰণ প্ৰস্তুত কৰি লব লাগে ৷

মিউৰিয়েট অৱ পটাছ (কি.গ্রা./হে:)

পানী (লিটাৰ/হে: )

মিশ্ৰণৰ শক্তি %

স্প্ৰেয়াৰৰ সংখ্যা

স্প্ৰেয়াৰ

১২.০০

৪০০

হাত স্প্ৰেয়াৰ

 

চূণ প্ৰয়োগ

দ’লমাইট (কেলচিয়াম কাৰ্বনেট) বিঘাই প্ৰতি ৬৫.৫ কি.গ্রা. হিচাপত গুটি সিঁচাৰ ১৫ দিন আগতে মাটিত প্ৰয়োগ কৰিব৷ বহুতৰপীয়া খেতি কৰা মাটিত চূণ খিনি ভালদৰে মাটিত মহিলি কৰাটো অতি আৱশ্যকীয়৷ 

বীজ শোধন

শীতকালত বীজ ভালদৰে অঙ্কুৰিত হবৰ বাবে বীজবোৰ “চাইটোজাইম চিড্ প্লাছেৰে” শোধন কৰি লব লাগে ৷ এই উৰ্দ্দেশ্যে ১ মি: লি: ঔষধ ১০০ মিলি লিটাৰ পানীত মিহলাই প্ৰতি ১০ কি.গ্রা. বীজত বীজ সিঁচাৰ ১ দিন আগেয়ে হাত স্প্ৰেয়াৰেৰে স্প্ৰে কৰিব লাগে৷ ইয়াৰ ফলত বীজ ভালদৰে  অঙ্কুৰিত হয় ৷ 

জীৱাণু সাৰৰ প্ৰয়োগ

বীজবোৰ পৰিস্কাৰ পানীত তিয়াই সেমেকাই লব ৷ বেছিকৈ তিয়াই অধিক মাত্ৰাত সেমেকিবলৈ নিদিব ৷ প্ৰতি কি.গ্রা. বীজ ১৫ গ্ৰাম ৰাইজোবিয়াম কালচাৰেৰে এনেদৰে মিহলি কৰি লওক যাতে বীজৰ ওপৰত কালচাৰৰ এটি পাতল চামনি পৰে৷ পিচত বীজবোৰ ছাঁত শুকুৱাই লব৷ বীজবোৰত ৰ’দ পৰিবলৈ নিদিব ৷ ১ বিঘা মাটিৰ বীজ অনুক্ৰমণৰ বাবে ১ পেকেট (অনুমানিক ১৫০ গ্ৰাম) কালচাৰৰ প্ৰয়োজন৷ 

বীজৰ পৰিমাণ

প্ৰতিহেক্টৰত (৫ লাখ পুলিৰ বাবে) ৭৫ কি.গ্রা. বীজ নাইবা প্ৰতি বিঘাত (৭০,০০০ পুলিৰ বাবে) ১০.৫ কি.গ্রা. বীজৰ প্ৰয়োজন ৷

বীজ সিঁচা পদ্ধতি

শাৰীবোৰৰ মাজত ২৫ চে: মি: ব্যৱধান ৰাখি ৫ চে: মি: আঁতৰে আঁতৰে ২-৫ চে: মি: দ'ত বীজ সিচিব ৷ মাটিডৰা শুকান হলে বীজ ভালদৰে অঙ্কুৰিত  হবলৈ বীজ সিঁচাৰ ২ দিনমানৰ আগেয়ে ২-৫ চে: মি: গভীৰকৈ এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব৷ মাটিৰ জীপ ৰক্ষা কৰিবৰ বাবে ধানখেৰেৰে পাতলীয়াকৈ শাৰীবোৰ ঢাকি দিব ৷ 

প্ৰতিপালন ব্যৱস্থা

) বনবাত নিয়ন্ত্ৰণ: বীজ সিঁচাৰ ১৫ দিনৰ পিচত এবাৰ আৰু ৩৫ দিনৰ পিছত দ্বিতীয়বাৰ হতেৰে বনবাত নিৰাই দিব লাগে ৷ গছবোৰ পোন হৈ থাকিবৰ বাবে দ্বিতীয়বাৰ বনবাত নিৰাওতে পাতলীয়াকৈ মাটি চপাই দিব লাগে ৷ 

) ঔষধ প্ৰয়োগেৰে বনবাত নিয়ন্ত্ৰণ : প্ৰতি হেক্টৰত ২-৩ কি.গ্রা. বাচালিন ঔষধ (১.০-১.৫ কি.গ্রা. ফ্লুক্লোৰাইন/হেক্টৰত) বীজ সিঁচাৰ পিচতে প্ৰয়োগ কৰি বনবাত নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ইয়াৰ ফলত দুবাৰ হাতেৰে বনবাত নিৰোৱাৰ সমান উৎপাদন পোৱা যায়৷

) জলসিঞ্চন : গছজোপা ভালদৰে বাঢ়ি আহিবলৈ আৰু ছেইবোৰ পূৰ্ণ হবলৈ ফুল ধৰাৰ সময়ত এবাৰ আৰু ছেই ধৰাৰ সময়ত দ্বিতীয়বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ৷ 

আৰ্দ্ৰতা সংৰক্ষণ

বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা খেতিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবৰ বাবে বীজ সিঁচাৰ পিচত শাৰীবোৰ খেৰেৰে ঢাকি দিব লাগে ৷ এনে কৰিলে বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পিচত এবাৰ বনবাত নিৰালেই হয় ৷ 

শস্য ৰক্ষা

চয়াবিনৰ প্ৰতি কি.গ্রা. বীজ ৩ গ্ৰাম থিৰাম ঔষধেৰে শোধন কৰি লব লাগে ৷ বীজবোৰ আগতেই  থিৰামেৰে শোধন কৰি থোৱা আছে যদি পুনৰ বীজ শোধন কৰিব নালাগে ৷ হালধীয়া পৰা মোজাইক বেমাৰ বা বিছাপোকৰ আক্ৰমণ ৰোধ কৰিবলৈ প্ৰতি হেক্টৰ মাটিত ১-১.৫ লিটাৰ ডাইমেথোট বা ডাইক্লোৰোভছ ঔষধ ৮০০-১০০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷

মৰণামৰা

বীজ সংৰক্ষণৰ বাবে ধানৰ মৰণামৰা যন্ত্ৰ ব্যৱহাৰ কৰাই উত্তম ৷ খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ হলে পাৱাৰ টিলাৰ’ৰ সহায়ত মৰণা মাৰিব পাৰি ৷ 

বীজ মজুতকৰণ

বীজবোৰ ৫-৬ দিন প্রখৰ ৰ’দত শুকুৱাই কাপোৰৰ মোনাত ভৰাই ২৫০ গজ ডাঠ পলিথিনৰ বেগত বতাহ সোমাব নোৱাৰাকৈ ভৰাই থব লাগে ৷ এনেদৰে মজুত কৰা বীজত শতকৰা ১০ ভাগ আৰ্দ্ৰতা থাকে ৷ 

দ্ৰেঞ্চিং

চয়াবিন ব্যৱহাৰ কৰাৰ আগেয়ে বিনত লাগি থকা আঠাবোৰ গুচাই লব লাগে ৷ ০.৫ ভাগ শক্তিযুক্ত চদিয়াম বাই কার্ব’নেট পানীত মিহলাই প্ৰতি কি.গ্রা. বীজ ২ লিটাৰ ঔষধ মিহলি পানীত ২০ মিনিটমান উতলাই লব ৷ পিছত পৰিস্কাৰ পানীৰে ২-৩ বাৰমান ধুই বিনত লাগি থকা আঠাবোৰ গুচাই লব পাৰি ৷ 

ব্যৱহাৰ

চয়াবিনৰ পৰা নানাবিধ খাদ্য প্ৰস্তুত কৰাৰ উপৰিও ইয়াৰ গুড়িবোৰ গৰু-ম’হ, হাঁহ-কুকুৰা, মাছ আদিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ৷ 

চয়াবিনৰ গাখীৰ

  • বীজবোৰ ১২ ঘন্টা সময় পানীত তিয়াই থব লাগে আৰু দিনটোত কমেও তিনিবাৰ পানী সলাব লাগে ৷ কেতিয়াবা বীজবোৰ ২৪ ঘন্টাও তিয়াই থব লাগে ৷
  • হাতেৰে মোহাৰি বিনৰ বাকলি গুচাব ৷
  • বাকলি গুছোৱা বিনবোৰ বটি লব লাগে ৷

বীজৰ ওজনৰ ৩ গুণ পানী মিহলাই উতলিবলৈ দিয়ক ৷ হেতাৰে লৰাই থাকিব ৷ অধিক উতলিবলৈ নিদিব ৷ প্ৰয়োজনতকৈ অধিক উতলিলে পুষ্টিৰ মূল্য হ্ৰাস পায় ৷ গোন্ধ গুচাবলৈ অলপ আদাৰ ৰস, তেজপাত আদি মিহলাব পাৰে ৷ পেটৰ অসুখত এই গাখীৰ উপকাৰী ৷ ই গৰমকালি ডায়েৰীয়া অসুখ ৰোধ কৰে ৷ ই সোনকালে হজম হয় ৷ বুঢ়া আৰু দুৰ্বল লোকৰ খাদ্য স্বল্পপ ৷ চাপাটি, কচুৰী, মালপোৱা, ভুজিয়া, লাড়ু, চাটনি, বৰা, কেক্ আদি বনাওঁতে চয়াবিন ব্যৱহাৰ কৰিব পাৰি ৷ 

চয়াবিনৰ দৈ

দৈ বনাবলৈ চয়াবিনৰ গাখীৰ অলপ গৰম কৰি পাত্ৰত থব লাগে ৷ 

কেঁচা চয়াবিন

কেঁচা, সেউজীয়া চয়াবিন মটৰ মাহৰ দৰেই ব্যৱহাৰ কৰা হয়৷ বিনবোৰ ডাঙৰ হলে কোমল আৰু সেউজীয়া হৈ থাকোতেই চপাব লাগে ৷ এই বিন সাধাৰণতে সিজাই খাব পাৰি ৷ চালাদ হিচাবেও খাব পাৰি৷ গছৰ পৰা চিঙি লগে লগে ৰান্ধিলে ভাল সোৱাদ হয়৷ এই অৱস্হাত বিনবোৰ ছেইত লাগি থাকে  ফলত বাকলি গুচাবলৈ সুবিধা হয়৷ গতিকে উতলা পানীত অলপ সময় তিয়াই থলে বাকলি গুচাবলৈ সহজ হয়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.94117647059
মানৱজ্যোতি Jan 28, 2018 11:36 AM

অসমৰ কৰবাত ছয়াবিন খেতি কৰিছে নেকি?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top