অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিটেৰীয়া ঘাঁহৰ খেতি

চিটেৰীয়া ঘাঁহৰ খেতি

জাত : কাজুনগোলা, নন্দী ৷

মাটি নিৰ্বাচন : পানী জমা হব নোৱাৰা জৈৱিক সাৰ সমৃদ্ধ ওখ মাটি নিৰ্বাচন কৰি লব লাগে৷

মাটি প্ৰস্তুতি : মোল্ডবোৰ্ড নাঙলেৰে ভালদৰে হালবাই ২-৩ বাৰ তক্তাৰে মৈয়াই সমান কৰি লব লাগে৷

ৰোৱাৰ সময় : এপ্ৰিল-জুন৷

ব্যৱধান : শাৰীৰ দূৰত্ব = ৫০ ছে:মিটাৰ ৷
গছৰ দূৰত্ব  = ৫০ ছে:মিটাৰ৷

শিপা বা ৰোৱাৰ সামগ্ৰী আৱশ্যকতা

হেক্টৰে প্ৰতি ৪০,০০০ বা বিঘাই প্ৰতি ৫,০০০ টা ৷

সাৰ প্ৰয়োগ

হেক্টৰে প্ৰতি ৫ টন বা বিঘাই প্ৰতি ৭ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব৷

পুষ্টি

পৰিমান (কি:গ্ৰাম/হেক্টৰত)

সাৰ

সাৰৰ পৰিমান (কি:গ্ৰাম/বিঘাত)

নাইট্ৰোজেন

১২০

ইউৰীয়া

৩৫

ফছফৰাছ

৫০

একক চুপাৰ ফছফেট

৪৪

পটাছ

৩০

মিউৰেট অৱ পটাছ

মাটিডৰা শেষবাৰ চহাওঁতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ আৰু সমূদায় ফচফেট আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰত্যেকবাৰ গছ কাটোতে প্ৰয়োগ কৰিব ৷ হেক্টৰে প্ৰতি ২.৫ টন কেঁচুসাৰও প্ৰয়োগ কৰিব পাৰে৷

পৰিচৰ্য্যা

গছ ৰোৱাৰ ৩০-৩৫ দিনৰ পিছত আৰু প্ৰত্যেক বাৰ গছ কটাৰ পিছত এবাৰমান গছৰ মাজে মাজে কোৰ মাৰি দিব৷

জলসিঞ্চন

যদি ৰোৱাৰ সময়ত মাটিডৰা বেছি শুকান হৈ থাকে তেতিয়া ৰোৱাৰ ঠিক পিছতে এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ৷ তাৰ পিছত বতৰৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা লব৷

ঘাঁহ কটা

গছৰোৱাৰ ৬০-৬৫ দিনৰ পিছত প্ৰথমবাৰ গছ কাটিব তাৰ পিছত ৪৫-৬০ দিনৰ ব্যৱধানত ঘাঁহ কটাৰ ব্যৱস্থা কৰিব৷

সেউজীয়া ঘাঁহৰ উৎপাদন

হেক্টৰে প্ৰতি ৮০০-১০০০ টন ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate