অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিলেট ক্ৰাউন

মিলেট ক্ৰাউন

জাত : স্হানীয় (হালধীয়া বীজৰ জাত) ৷

কৃষিকাল : ১০০-১২০ দিন ৷

মাটি : পলসুৱা মাটিৰ পৰা বালিচঁহীয়া মাটি ৷

মাটি প্ৰস্ততি : মাটিডৰা ৪-৬ বাৰমান হালবাই, মৈ দি ভালদৰে মিহি কৰি লব লাগে ৷

বীজ সিঁচাৰ সময় : জানুৱাৰীৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজ ভাগলৈকে (জানুৱাৰী মাহৰ শেষ ভাগেই উত্তম সময়)৷

বীজৰ পৰিমাণ : শাৰী পদ্ধতিত সিঁচিলে  হেক্টৰত ৮-১০ কি.গ্রা. ৷ শাৰী নকৰাকৈ সিঁচিলে হেক্টৰে প্ৰতি ১৫ কি.গ্রা.লৈকে বঢ়াব পাৰি৷

ব্যৱধান : শাৰীৰ মাজত ২৫ চে: মি:৷

বীজ সিঁচা পদ্ধতি : ২৫ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি ৩-৫ চে:মি: দত বীজ সিঁচিব লাগে ৷ বীজবোৰ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ ৩-৫ চে: মি: মাটিৰে ঢাকি দিব লাগে ৷ মৈ দিয়াৰ ফলত সমান হোৱাৰ ফলত গজালি সোনকালে ওলায় ৷

সাৰ প্ৰয়োগ :

পুষ্টিৰ উপাদান

সাৰ

নাইট্ৰোজেন ২০ কি.গ্রা./হেক্টৰত ইউৰিয়া ৪৪ কি.গ্রা./হেক্টৰত ( ৬কি.গ্রা./বিঘাত)
ফছফৰাছ ১০ কি.গ্রা./হেক্টৰত একক চুপাৰ ফছফেট  ৬৩ কি.গ্রা./হে: (৯ কি.গ্রা./বিঘাত)
পটাছ ১০ কি.গ্রা./হেক্টৰত মিউৰেট অব পটাছ  ১৭ কি.গ্রা./হে: (২ কি.গ্রা./বিঘাত)

বীজ সিঁচাৰ ১ দিনৰ আগেয়ে সমুদায় সাৰ মাটিত প্ৰয়োগ কৰিব লাগে ৷ সাৰ খিনি মাটিৰ লগতে ভালদৰে মিহলাই লব লাগে৷

বনবাত নিয়ন্ত্ৰণ : বনবাতবোৰ ৪-৫ পতীয়া নৌহওঁতেই হাতেৰে উভালি পেলাব লাগে ৷ শাৰীবদ্ধ ভাৱে কৰা খেতিত শুকান মাটিৰ নিৰণিযন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷

শস্যৰক্ষাগান্ধীপোক : শস্যডৰা গান্ধীপোকে আক্ৰমণ কৰা দেখিলে

১) মালাথিয়ন ৫% গুড়ি প্ৰতি হেক্টৰত ২০ কি.গ্রা. কৈ প্রয়োগ কৰিব৷

খেতি চপোৱা : শস্যডৰা হালধীয়া পৰা দেখিলে খেতিডৰা চপায় পেলাব ৷

মৰণা মৰা : খেতি চপোৱাৰ পিছতেই গৰুৰে অথবা ভৰিৰে গচকি মৰণা মাৰিব লাগে ৷

ব্যৱহাৰ : মৰণা মৰাৰ পিচত বীজবোৰৰপৰা ঢেকীৰ সহায়ত বাকলি আঁতৰায় ইয়াক ভাতৰ দৰেই ৰান্ধিব পাৰি৷

ইয়াৰ পৰা ময়দা আৰু লাড়ুও কৰিব পৰা যায় ৷ খেৰবোৰ গৰু ম’হক খুৱাব পাৰি ৷

উৎপাদন : গড়ে হেক্টৰত ১২ কুইন্টল ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate