অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱাণুসাৰৰ প্ৰকাৰ

কাৰ্যক্ষমতাৰ ওপৰত ভিত্তি কৰি জীৱাণুসাৰক চাৰিটা ভাগত ভগাব পাৰি।

    নাইট্ৰজেন সঞ্চয় কৰিব পৰা জীৱাণুসাৰঃ

বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰি শিপাত জমা কৰিব পৰা এই ধৰণৰ জীৱাণুসাৰ সাধাৰণতে মাহ জাতীয় শস্যৰ শিপাৰ টেমুনাত প্ৰাকৃতিকভাৱে থাকে। উদাহৰণ হৈছেঃ ৰাইজ’বিয়াম। ধান, মাকৈ আৰু শাক-পাচলিৰ শিপাতো এনে নাইট্ৰ’জেন শোষণকাৰী জীৱাণু থাকে। তেনে জীৱাণুৰ উদাহৰণ হৈছে-এজট’বেক্টাৰ, ফ্ৰেংকিয়া, ক্ল’ষ্টিডিয়াম ইত্যাদি।

    ফ’ছফৰাছ দ্ৰবীভূত কৰা জীৱাণুসাৰঃ

এইবিধ জীৱাণুসাৰ বেক্টেৰিয়া আৰু ভেকুৰজাতীয় কেতবোৰ জীৱাণু থাকে। সাধাৰণতে অসমৰ মাটিত থকা ফ’ছফৰাছখিনি আইৰণ ফছফেট বা এলুমিনিয়াম ফছফেট হিচাপে অদ্ৰৱণীয় জটিল যৌগৰুপে থাকে। ফ’ছফৰাছ দ্ৰৱীভূত কৰা জীৱাণুসাৰে এনে অদ্ৰৱণীয় ফছফৰাছক মাটিত দ্ৰৱণীয় ফ’ছফৰাছলৈ ৰুপান্তৰ কৰাত সহায় কৰে। উদাহৰণস্বৰুপে চিউদ্‌মনাছ আৰু বেছিলাছ নামৰ বেক্টেৰিয়া দুবিধৰ মাটিত দ্ৰৱণীয় ফ’ছফৰাছলৈ ৰুপান্তৰ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে- চিউদ্‌মনাছ আৰু বেছিলাছ নামৰ বেক্টেৰিয়া দুবিধৰ মাটিত ফ’ছফৰাছ দ্ৰৱীভূত কৰিব পৰা ক্ষমতা আছে।

    ফ’ছফৰাছ সহজলভ্য কৰা জীৱাণুসাৰঃ

ফ’ছফৰাছ সহজলভ্য কৰা এবিধ গুৰুত্বপূৰ্ণ জীৱাণুসাৰ হৈছে মাইক’ৰাইজা। এই জীৱাণুসাৰে ইয়াৰ দেহত থকা কেতবোৰ নলীকা(জাইফি)ৰ সহায়ত ফ’ছফৰাছ নামৰ মৌলবিধ গছৰ শিপাৰ ওচৰত সহজলভ্য কৰি তোলাত সহায় কৰে। বেছিভাগ শাক-পাছলিত ফ’ছফৰাছ মৌল যোগানত সহায় কৰিব পৰা এই মাক্কৰাইজা হৈছে এবিধ ভেঁকুৰজাতীয় অণুজীৱ।

    জিংক আৰু চিলিকেট দ্ৰৱীভূত কৰা জীৱাণুসাৰঃ

মাটিত জিংক আৰু চিলিকেট দ্ৰৱণীয় কৰাত সহায় কৰিব পৰা দুই ধৰণৰ বেক্টেৰিয়াক জীৱাণুসাৰ হিচাবে প্ৰয়োগ কৰা হয়। জিংক নামৰ অণুমৌলবিধ মাটিত জটিল ৰুপত অদ্ৰৱণীয় অৱস্থাত থাকে। জিংক দ্ৰ্ৱীভূত কৰা জীৱাণুসাৰে জিংকক এই জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰুপান্তৰ কৰি দ্ৰৱণীয় কৰি তোলে। উদাহৰণ – গ্লোকন’এছিটবেক্টাৰ। জিংকৰ দৰে চিলিকেট দ্ৰৱীভূত কৰিব পৰা এবিধ জীৱাণুসাৰো আৱিষ্কাৰ হৈছে। ‘বেছিলাচ’ নামৰ এই জীৱাণুসাৰবিধে চিলিকেট দ্ৰ্ৱীভূত কৰিব পাৰে।

 

উৎসঃ উদ্যান শস্য আৰু সংসাধন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate