অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক গেছ যন্ত্রৰ অৱশিষ্ট পনীয়া গোৱৰৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ উপায়

জৈৱিক গেছ যন্ত্রৰ অৱশিষ্ট পনীয়া গোৱৰৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ উপায়

জৈৱিক গেছ এক জ্বলনক্ষম গেছ বা ইন্ধন । ইয়াক মিথেন বা গোবৰ গেছ বুলি জনা যায় । জৈৱিক গেছ যন্ত্রত পোহনীয়া জীৱ-জন্ত্তৰ মল-মূত্র ,ঘৰুৱা ও কৃষিজাত পেলনীয়া অৱশিষ্ট ,মানুহৰ মল-মূত্র বা পকা পাইখানাৰ নির্গত মল-পানী "ফাৰমেনটেচন" বা পচনক্রিয়াৰ যোগেদি জ্বলনক্ষম গেছৰ সৃষ্টি হয় । এই 'গেছ' ৰন্ধনৰ ইন্ধন হিচাবে ব্যৱহাৰ হোৱাৰ উপৰিও বিদ্যুত্শক্তি উত্পাদনতো ব্যৱহাৰ কৰিব পৰা যায় । গেছ উত্পাদনৰ পিছত যন্ত্রটোৰ পৰা নির্গত হোৱা অৱশিষ্ট দ্রব্য খিনিক পনীয়া গোবৰ সাৰ বা 'শ্লাৰী' বুলি কোৱা হয় । ই এক উত্তম জৈৱিক সাৰ ,হিচাপে প্রমাণিত ।

এই সাৰত থকা শস্যপোযোগী উপাদান সমূহ এনেধৰণৰ :

(ক) নাইট্রজেন ১.৫০-১.৮০ শতাংশ
(খ) ফছফৰাচ ০.৭২৫ শতাংশ
(গ) পটাচ ১.২৫০ শতাংশ
(ঘ) দস্তা ০.০১৪৪ শতাংশ
(ঙ) তাম ০.০০২৮ শতাংশ
(চ) লো ০.৩৫৫ শতাংশ

কিন্তু পানীৰ পৰিমাণ ৯০ শতাংশ হোৱা হেতুকে জৈৱিক গেছ যন্ত্রৰ উপভোক্তা সকলে এই পনীয়া গোবৰ সাৰ সংৰক্ষণ কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে । প্রতিদিনে আয়তন অনুযায়ী যথেষ্ট পৰিমাণে পনীয়া অৱশিষ্ট নির্গত হয় । এই অৱশিষ্ট 'শ্লাৰী'ৰ সংৰক্ষণ বা যথোপযোগ্য ব্যৱহাৰ সর্ম্পকে কেইটামান উপায় উল্লেখ কৰা হৈছে । খেতিৰ দিনত ইয়াক পোনে পোনে নি খেতিত দিব পৰা যায় । খেতি-বাতিৰ পথাৰ ওচৰত হ'লে সুবিধামতে নলা কাটি ধান ,সৰিয়হ ,গোমধান ,শাক-পাচলি ,ফল-মূলৰ বাগিছা ,ফুলনি সকলোতে সাৰ হিচাপে দিব পৰা যায় । কঠীয়াতলীত পানীৰ লগত মিহলাই দিব পাৰিলে ভাল । খেতি নথকাৰ সময়ত ঘৰৰ চৌহদত বা বাৰীৰ কোনত গাত খান্দি ,ঘৰৰ জাবৰ-জোথৰ , বন-পাত , খেতিৰ পেলনীযা অৱশিষ্ট তৰপে তৰপে পনীয়া গোবৰৰ লগত মিহলাই দিব পাৰিলে ভাল । খেতি নথকাৰ সময়ত ঘৰৰ চৌহদত বা বাৰীৰ কোনত গাত খান্দি ,ঘৰৰ জাবৰ-জোথৰ ,বন-পাত ,খেতিৰ পেলনীয়া অৱশিষ্ট তৰপে তৰপে পনীয়া গোবৰৰ লগত মিহলাই দি থাকিব । গাঁত পুৰ হ'লে কলপাত আদিৰে ঢাকি থ'ব আৰু নতুন এটা গাঁত খান্দি এনেদৰেই কৰিব । গাঁত বিলাক ৫ ফুট x ৩ ফুট x ৩ ফুট জোখৰ হলেসুবিধাজনক । সাধাৰণভাবে কৰা পচন সাৰতকৈ পনীয়া গোবৰ বা 'শ্লাৰী ' দি কৰা পচন সাৰ অধিক উন্নত । ঘেহু বা ধানৰ নৰা পনীয়া গোবৰৰ লগত পচিঁবলৈ দিলে পচন ক্রিয়া খৰতকীয়া হয় আৰু তিনিমাহৰ ভিতৰতে নাইট্রজেন সমৃদ্ধ (০.৯৪%) উত্কৃষ্ট পচন সাৰ পোৱা যায় । অৱশ্যে জাৰকালি কেইবামাহো লাগে ।

সাধাৰণ পচন সাৰ আৰু 'শ্লাৰী' দিয়া পচন সাৰৰ গুণাগুণ সমূহ

জৈৱিক সাৰ নাইট্রজেন % পটাচ % ফচফৰাচ % অন্যান্য
১) সাধাৰণ পচন ০.৭৫ ০.৬৫ ০.৬০ -
২)'শ্লাৰী' দিয়া পচন সাৰ ১.৫০-১.৮৪ ১.০০-১.২২ ১.০০-১.২০ + ক্ষুদ্র পদার্থ

শ্লাৰী'ৰ পানীভাগ হ্রাস কৰিবলৈ সেউজীয়া ঘাঁহ ,বন ,কাঠৰ গুৰি ,কয়লাৰ গুৰি ,তুঁহ মিহলাই শুকাবলৈ মেলি দিব। শুকাওঁতে পনীয়া গোবৰত দ্রব্যভূত নাইট্রজেন কিছু পৰিমাণে হ্রাস পায় যদিও ফচফৰাচ, পটাচ আৰু অনান্য উপাদান সমূহৰ তাৰতম্য নঘটে। নাইট্রজেনৰ পৰিপুৰক ৰাসায়নিক সাৰ ইউৰিয়া মিহলাই এই জৈৱিক সাৰ ফুলনি , শাকনি ,নার্চাৰি সকলোতে ব্যৱহাৰ কৰিব পাৰি। তাৰোপৰি ঘেঁহু ,গোমধান আদিৰ গুটি এই পনীয়া গোবৰ সাৰৰ প্রলেপ লগাই সিচিলে সোনকালে ও অধিক মাত্রাত বীজ অঙ্কুৰিত হয়।

মাটি উর্ব্বৰক

জৈৱিক যন্ত্রৰ ভিতৰত বায়ুহীন অৱস্থাত গোবৰ-জাবৰ পচিঁ শর্কৰা জাতীয় ,চর্ব্বি জাতীয় পদার্থবিলাক নিঃসৰিত হৈ গেছ উত্পাদনত যোগ হয়। সেয়ে অৱশিষ্ট আহঁযুক্ত ভাগত বিশেষ একো নাথাকিলেও ,মাটিৰ উর্ব্বৰক হিচাপে মাটিৰ ভৌতিক ও জৈৱ ৰাসায়নিক প্রক্রিয়া উন্নত কৰে; লগতে মাটিৰ জীপ ৰখাত সহায় কৰে। নাইট্রজেন ,এম'নিয়া হিচাপে দ্রবীভূত অৱস্থাত অথবা জীৱাণুৰ কোষত থাকে। সেয়ে জৈৱিক যন্ত্রৰ অৱশিষ্ট 'শ্লাৰী ' পনীয়া অৱস্থাত বা শুকুৱাই বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।

পশুধনৰ দানা

এই সাৰ প্র্রয়োগ কৰি উন্নত ঘাহঁনি ,গাই গৰুৰ দানাৰ বাবে প্রয়োজন হোৱা বিভিন্ন ভেষজ উদ্ভিদ (Fodder crops) উত্পাদানত ব্যৱহাৰ হৈছে। উন্নত ঘাহঁনি প্রস্তুতকৰণ বা দানা শস্য উত্পাদনত এই শ্লাৰী পনীয়া বা পচন সাৰ হিচাপে ব্যৱহাৰ কৰি ২০ শতাংশ বৃদ্ধি দেখা গৈছে । শ্লাৰী শুকুৱাই গাই -গৰুৰ ,পশুধন আৰু ব্রইলাৰ কুকুৰাৰ দানাৰ সৈতে মিহলাই খুৱাব পাৰি। পৰীক্ষা কৰি পোৱা মতে, এই সাৰ ২০-৩০ শতাংশ হাৰত দানাৰ সৈতে মিহলাই খুৱালে পশুধন বা ব্রইলাৰ কুকুৰাৰ খাদ্য ভাস, গাখীৰ উত্পাদন বা মাংস উত্পাদনত কোনো ব্যাঘত নহয়; বৰংপশুধনৰ খাদ্যপযোগী প্র'টিন, আঁহযুক্ত পুষ্টি, ভিটামিন সমৃদ্ধ দানা ঘৰতে প্রস্তুত কৰি ল'ব পাৰিব।

মীনপালন

জৈৱিক যন্ত্রৰ পনীয়া গোবৰ সাৰ মাছ পোহা পুখুৰীত জলজ উদ্ভিদ শেলুৱৈ আদি বৃদ্ধিত সহায় কৰে আৰু সেইবাবে পৰোক্ষভাৱে মীন পালনত উপকাৰী । চীন দেশত এই পদ্ধতি অৱলম্বন কৰি ১০ ৰ পৰা ৪০ শতাংশ বৃদ্ধিৰে মীন পালকসকল উপকৃত হৈছে । আমাৰ দেশৰ পশ্চিমবংগত থকা মত্স্য গৱেষণা কেন্দ্রত এই সাৰ প্রয়োগ কৰি মাছ উত্পাদনত উল্লেখনীয় বৃদ্ধি পোৱা গৈছে । কেচাঁ গোবৰ দিয়াৰ পৰিৱর্তে জৈৱিক যন্ত্রৰ পনীয়া অৱশিষ্ট প্রয়োগ কৰি চিলভাৰ কার্প ৭ মাহৰ ব্যৱধানত ১ কেজি ওজনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তদুপৰি গ্রাচ কার্পৰ ওজন ২০০ গ্রামৰ পৰা ১৮০০ গ্রাম হোৱা দেখা গৈছে । এটা ১ হেক্টৰ আয়তনৰ পুখুৰীৰ পৰা ১১ মাহত ৭৬২ কেজি মাছ উত্পাদনত লাভ কৰিবলৈ সম্ভৱ পৰ হৈছে এই পনীয়া গোবৰ বা 'শ্লাৰী' ব্যৱহাৰ কৰি । গতিকে মীন পালকে কম খৰছতে মাছৰ উত্পাদন বৃদ্ধি কৰিবলৈ এই সাৰ প্রয়োগ কৰা বাঞ্চনীয় ।

কাঠফুলাৰ খেতি

কাঠফুলাৰ খেতি কৰিবলৈ সাধাৰণতে ধানখেৰ ব্যৱহাৰ কৰা হয় । কাঠফুলাৰ আন এক প্রজাতি (Button Mushroom) উত্পাদন কৰিবলৈ পচনসাৰৰ প্রয়োজন হয় । পনীয়া গোবৰ বা ' শ্লাৰী ' দি প্রস্তুত কৰা পচন সাৰ ব্যৱহাৰ কৰি কম সময়তে এইবিধ কাঠফুলাৰ চাহিদা বৃদ্ধি হোৱালৈ চাই কম খৰছতে অধিক উত্পাদন পাবলৈ 'শ্লাৰী' দিয়া পচন সাৰ ব্যৱহাৰ কৰি লাভবান হওক ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate