অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডাকৰ বচনত কৃষি

ডাকৰ বচনত কৃষি

অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰবচন বা নীতিবাক্য হ’ল ‘ডাকৰ বচন’। অসমীয়া ভাষাত ডাকপুৰুষৰ নামত চলিত বা জড়িত ডাকৰ বচনৰুপে প্ৰসিদ্ধ প্ৰবচনবোৰকেই এই ধৰণৰ আটাইতকৈ প্ৰাচীন মৌখিক সহিত্যৰুপে আখ্যা দিয়া হৈছে। অসমীয়াৰ ব্যৱহাৰিক জীৱনত ডাকৰ বচনবোৰৰ প্ৰভাৱ অপৰিসীম।

ডাকৰ পৰিচয় আৰু জন্মবৃত্তান্ত জনশ্ৰুতিৰ আধাৰত সীমাবদ্ধ। এটা প্ৰচলিত জন্মবৃত্তান্তমতে বৰপেটা জিলাৰ দক্ষিণে পশ্চিম লেহিডঙৰা গাঁৱত ডাকৰ জন্ম। এই সম্পৰ্কত এখন অবাৰ্চীন চৰিতপুথিও পোৱা গৈছে। ডাকচৰিতমতে ডাক এগৰাকী কুমাৰণীৰ সন্তান। কুমাৰণীগৰাকীৰ বহুত দিনলৈকে কোনো সতি-সন্ততি নাছিল। এদিন মিহিৰ মুনি (বৰাহ মিহিৰ?) তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিল আৰু সেই কুমাৰৰ ঘৰতে আলহী হৈ থাকিল। কুমাৰণীৰ সেৱা-শুশ্ৰুষাত সন্তুষ্ট হৈ মুনিয়ে এটি সন্তান হ’বৰ বাবে তেওঁক বৰ দিলে। এই বৰৰ ফলতে কুমাৰণীৰ এটি শিশু উপজিল। কথিত আছে যে শিশুটিয়ে উপজিয়েই প্ৰসূতিগৃহৰ নাৰীসকলক মাত(ডাক) দিয়াৰ বাবেই তেওঁৰ নাম ডাক ৰখা হয়। এই কিংবদন্তি মতে, বাল্যাৱস্থাতে ভেঁট ফুল তুলিবলৈ যাওঁতে সমনীয়াই তেওঁক পানীত পেলাই মাৰে।আন এটা জনপ্ৰবাদমতে, ডাক পুৰুষজনা বোলে এদিন এৰাতিহে জীয়াই আছিল।

দেখা যায়, ডাক চৰিত আৰু ডাকক লৈ প্ৰচলিত জনপ্ৰবাদবোৰ পৰস্পৰ বিৰোধী। তদুপৰি এইবিলাক অলৌকিক আৰু অবিশ্বাস্যো। সেই চৰিতত একো বুৰঞ্জীমুলক তথ্য পাবলৈ নাই। এক কথাত ক’বলৈ গ’লে, ‘ডাক চৰিত’ অজ্ঞাত লেখকৰ অবাৰ্চীন ৰচনা।গতিকে ডাকৰ এই জন্মবৃত্তান্তও পৰম্পৰাগতহে। ‘ডাক’ শব্দৰ অৰ্থ হ’ল সম্বোধন কৰা বা উচ্চাৰণ কৰা। যিবোৰ উপদেশে সমাজজীৱনৰ বিভিন্ন বিভিন্ন ৰীতি-নীতি ব হাক-বচন সম্পৰ্কে সকীয়াই দিয়ে, সেইবোৰকে নিশ্চয় ডাকৰ বচন বুলিব পাৰি। আগৰেপৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল সেইবোৰকো ডাকৰ বচনৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰি বা হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্ৰচলিত হৈছিল। সম্ভৱত: এনেও হ’ব পাৰে যে অসমীয়া প্ৰবচনবোৰৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰুপে খ্যাত হৈছে। ডাক নামৰ এই চৰিত্ৰটো এদিন এনিশাৰ এটা কাল্পনিক চৰিত্যৰই হওঅক বা এগৰাকী পণ্ডিতেই হওক, তেওঁৰ বচনবোৰ যে প্ৰায় ষোল অনাই সত্য সেইটো আমি নুই কৰিব নোৱাৰো। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰৱেশিকা শক্তি চমকপ্ৰদ।

ডাকৰ বচনবোৰ অসমৰ উপৰিও বিহাৰ, বংগদেশৰ আদিতো প্ৰচলিত থকাৰ সুবাদতে সেই সেই ঠাইৰ অধিবাসীসকলেও ডাকপুৰুষক দাবী কৰে। অৱশ্যে বংগ দেশত প্ৰচলিত ‘খনাৰ বচন’ নামৰ এক শ্ৰেণীৰ নীতিবচনৰ সৈতে অসমৰ ডাকৰ বচনৰ যথেষ্ট সমিল-মিল পৰিলক্ষিত হয়। আমাৰ চুবুৰীয়া নেপালতো ‘ডাৰ্কানব’ নামৰ এনে এক শ্ৰেণীৰ ফকৰা-যোজনাৰ প্ৰচলন আছে। ‘ডাক’ শব্দটো তিব্বতী ভাষাতো প্ৰচলিত।ইয়াৰ অৰ্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়েই ঠাৱৰ কৰিব পাৰি। আনুমানিক পঞ্চদশ শতিকাৰ আগেয়ে ৰচিত এই প্ৰবাদপুৰুষজনাৰ নামত প্ৰচলিত সাবলীল সাৰগৰ্ভ ডাকৰ বচনবোৰেই অসমীয়া জনজীৱনত নিকপকপীয়াকৈ সোমাই আছে। জনসাধাৰণৰ মাজত চলা এই বচনবোৰ বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে দৈনন্দীন ব্যৱহাৰিক জীৱনৰ ওপৰত যথেষ্ট জ্ঞান আছে সেই কথা উপলব্ধি কৰিব পাৰি। সমাজ, কৃষি, চিকিতসা, জ্যোতিষ আদিৰ উপৰিও এইবোৰত বিজ্ঞানসন্মত বিশ্লেষণেৰে দৈনন্দীন জীৱনৰ অলেখ প্ৰয়োজনীয় নীতিশাস্ত্ৰমূলক উপদেশ বাণী আছে। তদুপৰি ব্যৱহাৰিক জীৱনত, বিশেষকৈ কৃষিবিজ্ঞানৰ ক্ষেত্ৰত এইবোৰত বিজ্ঞানসন্মত দৃষ্টিভ্ংগী মন কৰিবলগীয়া।

ডাকৰ কৃষিভিত্তিক বচনবোৰ ফঁহিয়াই চালে দেখা যায়, তেওঁ সৌ তাহানিতে সেইবোৰত যথেষ্ট বিজ্ঞানসন্মত তথ্য সন্নিবিষ্ট কৰিছিল। এইক্ষেত্ৰত তেওঁ দাঙি ধৰা প্ৰামাণিক তথ্যবোৰ নি:সন্দেহে অতি প্ৰায়োগিক।

অসমৰ ভূমি বা জলবায়ু কৃষি উপযোগী। অসম এখন কৃষিপ্ৰধান দেশ। অসমত কৃষিৰ গুৰুত্ব বুজিয়েই ডাকে কৈছে-

“ডাকে বোলে বাপু শুনা উপায়,

বাণিজ্যৰ ফল কিৰিষিত পায়।”

আমাৰ মাজত এটা পৰম্পৰাগত বিশ্বাস আছে যে, ভেকুলীৰ টোৰটোৰণিয়ে বৰষুণৰ আগজাননি দিয়ে। বৰষুণ অহাৰ আগে আগে হাল-কোৰ বাই পথাৰখন তৈয়াৰ কৰি ল’ব পাৰিলে খেতিয়কৰ ভালেখিনি চিন্তা দূৰ হয়।সেয়ে ডাকে কৈছে-

“বাৰিষা কালত বেংগৰ(বেঙৰ)ৰাৱ।

হাল-গৰু লৈ পথাৰক যাৱ।’

অসমৰ সকলো অঞ্চলতে সকলো মনুহে কৰা খেতি হ’ল ধানখেতি। খেতিয়কসকলে খেতি কৰি বছৰটোলৈ ভাতমুঠিৰ যোগাৰ হ’লেই যথেষ্ট সকাহ পায়। সেই কথা উপলব্ধি কৰি সে্যে ডাকে কৈছে-

“ধনৰ মধ্যে ধানেহে শোভন;

ধান নহ’লে মৰা তেতিক্ষণ।”

ধানো কেইবাপ্ৰকাৰৰ। পৰম্পৰাগত কৃষি পদ্ধতি অনুসাৰে অসমৰ ধানখেতি তিনিবিধ-শালি, আহু আৰু বাও। ঠাইবিশেষে বৰোধানৰ খেতি কৰা হয় যদিও এই ধানৰ খেতি সণ্ঢালনিকৈ নাই। এই ধানবোৰৰ কঠীয়া পৰাৰ বা ৰোৱাৰ নিয়ম সুকীয়া সুকীয়া হ’লেও ধানখেতি সম্পৰ্কত ডাকে দিয় বিজ্ঞানসন্মত উক্তিবোৰ এনেধৰণৰ-

“শাওণত কঠীয়া নহয় ধান;

আহিনত ৰোৱা বিফল জান।”

নতুবা-

“পুহত আহু, জেঠত শালি

তেবেসে জানিবা গৃহস্থালি।”

সকলো ধানকে সমান পৰিমাণৰ পানীৰ প্ৰয়োজন নাই। বিশেষকৈ আহু আৰু শালি ধানৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজন বুজি ডাকে কৈছে-

“আহু ব’বা খোজত বুৰি,

শালি ৰুবা বেগত জুৰি।

আঁঠুৰ ওপৰে দেখিবা পানী,

গোঁজ দিবা হাতক জানি,

ঘনাই ঘনাই দিবা আলি,

দ পানী দিবা মেলি।

তেও যদি নহয় শালি,

তেহে পাৰিবা ডাকক গালি।”

আকৌ-

“ঘন ঘনকৈ দিবা আলি;

পৰ্বতৰ টিঙত ৰুবা শালি।”

আহু, শালি সম্পৰ্কত আৰু এটা বচনত ডাকে কৈছে-

“নপৰিলে আহু কিহৰ ধান,

পৰিলে শালি তুঁহ-পতান।”

এই ধানবোৰৰ ৰুপ-ৰস-গন্ধ-বৰ্ণৰ বৈচিত্ৰ অনুযায়ী বগা আহু, আহুজহা, আহুশ’লপোনা, সেন্দুৰীশাল, কছাৰীশালি, ৰাঙলীবাও, মগুৰিবাও আদি অনেক ধানৰ নাম পোৱা যায়। এই ধানবোৰৰ কৃষি পদ্ধতিও সুকীয়া সুকীয়া।

“ঘনাই ঘনাই দিবা আলি,

তাত দিবা কছাৰীশালি,

আহিনে-কাতিয়ে ৰাখিবা পানী,

যেনেকৈ ৰাখে ৰজাই ৰাণী;

তেও যদি নহয় শালি,

তেতিয়া পাৰিবা ডাকক গালি।”

ধানখেতিৰ সৈতে বতৰৰ ওতপ্ৰোত সম্পৰ্ক। সেয়ে ডাকৰ বচনত পোৱ যায়-

“যদি বৰষে আহিন, কাতি।

সোণ পৰে ৰাতি।

যদি বৰষে আঘোণ, পুহ।

ধান গুচি হয় তুঁহ।

যদি বৰষে মাঘৰ শেষ।

ধন্য ৰাজা, ধন্য দেশ।

যদি বৰষে বহাগ, চ’ত।

বাপে পোৱে কয় বোলে ধান থ’ম ক’ত?

ডাকে ধান ৰোৱা সম্পৰ্কে দিহা দিয়েই ক্ষান্ত থকা নাই। তেওঁ ধান দোৱাৰো (কটাৰ)দিহা দি গৈছে-

“ধান কাটিবা মুঠি মুঠি,

খেৰ কাটিবা তিনি মুঠি।”

আজিকালি বতৰ বিজ্ঞানীসকলে অনেক উন্নত পৰীক্ষা-নিৰীক্ষা কৰি বতৰ সম্পৰ্কে যি ধৰণৰ মতামত আগবঢ়াইছে, ডাকে বহু বছৰৰ আগেয়েই নিজ অভিজ্ঞতাৰেই তেনে মতামত দিবলৈ সমৰ্থ হৈছিল। যেনে- দক্ষিণ-পশ্চিম মৌচুমী বতাহে অসমলৈ আহি কেনেকৈ, কোন দিশত বৰষুণ আনিব পাৰে আৰু সি খেতিৰ পথাৰত কেনে প্ৰভাৱ পেলাব পাৰে, তাৰ বৈজ্ঞানিক যুক্তি বহন কৰি ডাকে এনেকৈ কৈছে-

“পূবে গাজিলে ধান, উত্তৰে গাজিলে

বান,

দক্ষিণে গাজিলে হানে, পশ্চিমে গাজিলে

আনে।”

ধানখেতিৰ বাবে মটি তৈয়াৰ কৰাৰ উতকৃষ্ট সময় হৈছে আহাৰ, শাওণ। এই সময়তে পথাৰখনত হাল-কোৰ বাই ল’ব লাগে। অন্যথাই সময়ত উন্নতমানৰ ফচল পোৱা নাযায়। ডাকৰ বচনত পোৱা যায়-

“আহাৰ-শাওণত নকৰে বন।

তাৰ কি আছে খেতিত মন।”

অৱশ্যে একাদশী, অমাৱস্যা আদিত কিছুমান দিনত হাল খতি কৰাৰ বিধানো আমাৰ সমাজত অছে। আচলতে সেই দিনকেইটা গৰু আৰু খেতিয়কৰ জিৰণিৰ দিন। তাকে নকৰিলে হ’ব পৰা পৰিণতি সম্পৰ্কে ডাকে কৈছে-

“একাদশী-অমাৱস্যাত বায় হাল,

তাৰ দুখ সৰ্বকাল।

তাৰ গৰুৰ হয় বাত,

খাব নোৱাৰে দিন-ৰাতি।”

অসমৰ খেতিয়কে ধানৰ উপৰিও মাহ,তিল,সৰিয়হ, কপাহ আদি শস্যৰো খেতি কৰে। এইবোৰো লাভজনক খেতি। সেয়ে ডাকৰ বচনত পোৱা যায়-

“যত লাভ পায় মাহ, কপাহ, সৰিয়হে,

তত লাভ পায় কল, কপাহে।

যত ক’লা কপাহৰ বাৰী,

তথাতে লুভীয়া সকলো নাৰী।”

খেতিৰ মাটি কি কি সঁজুলিৰে, কেনেকৈ চহাব লাগে তাৰ দিহাও ডাকে দি গৈছে-

“কোৰ, নাঙল, মৈ আৰু হুলা

চাৰিয়ে কৰে মটিক তুলা।”

এই বিভিন্ন শস্যৰ মাটি চাহ সম্পৰ্কেও ডাকৰ জ্ঞান বিজ্ঞানসন্মত। কৃষকসকলক উদ্দেশ্যি সেয়ে তেওঁ কৈছে-

“আঠ চাহে তুলা,

ষোল চাহে মূলা।

ছয় চাহে ধান,

বিনা চাহে পাণ।”

নতুবা-

“ঘন সৰিয়হ, পাতল মাহ,

মুলা কপাহত কৰিবা চাহ।”

বিভিন্ন মাহৰ খেতিৰ দিহ সম্পৰ্কে ডাকৰ বচনত এনেকৈ পোৱা যায়-

“ফাগুনত জুই, চ’তত মাটি,

সেই মাহ উঠে ডাঠি।”

অসমৰ আন এটা লাভজনক খেতি হৈছে তিল, এই তিল খেতিৰ বিষয়ে ডাকে কৈছে-

“ফাগুনৰ আঠ, চ’তৰ আঠ,

সেই তিলকে দাৰে কাট।”

পাণ, জালুক আদি লতজাতীয় শস্যৰ বাবে ৰ’দ-ঘাই, সাৰুৱা মাটিহে উপযোগী। এনেবোৰ গছৰ শিপাই মাটিত খামুচিব পৰা হ’ব লাগে। সেই কথা জানিয়েই ডাকে কৈ গৈছে-

“জালুকত গোবৰ, পাণত মাটি,

কলপুলি ৰুবা তিনিবাৰ কাটি।

তেবে জানা নাই কৃষিত ঘাটি।”

আকৌ-

“তিনি শাওণে পাণ,

এক আহিনে ধান।”

মাহ, সৰিয়হ যি খেতিকে নকৰক লাগে সেইবোৰ গৰু-ছাগলী আদিৰ আক্ৰমণৰ পৰা আঁতৰাই বেৰ, জেওৰাৰে বেৰি ৰাখিব লাগে। নহ’লে দাকে কোৱাৰ দৰে-

“মাহ, সৰিয়হ, কপাহ, বাঁহ

গৰুৱে খালে হয় নাশ।”

কলৰ খেতি এটা লাভজনক ব্যৱসায়। এই খেতি কৰাৰ বিভিন্ন কৌশলৰ বিষয়ে ডাকে যি সুন্দৰ বাখ্যা দি গৈছে, সি কৃষকৰ বাবে নিশ্চয়কৈ উত্তম সমল। যেনে-

“তিনিশ ষাঠি জোপা ৰুবা কল,

মাহেকে পষেকে চিকুণাবা তল।

পাত-পচলা লাভত খাবা,

লংকাৰ বণিজ ঘৰতে পাবা।”

আকৌ—

“এহাত এমুঠন দিবা পোত,

তেহে চাবা কলৰ গোট।”

বেলেগ বেলেগ জাতৰ কলত যে সাৰ প্ৰয়োগৰ দিহাও সুকীয়া এই বিষয়ে আমাৰ অনেক কৃষকেই জ্ঞাত নহয়। কিন্তু ডাকে এই বিষয়ে এটা সুন্দৰ দিহা দি গৈছে-

“আঠীয়াত গোবৰ, মনোহৰত জাবৰ,

পুৰাত খাই, মালভোগত ছাই।”

কলৰ দৰে আৰু এটা লাভজনক খেতি হৈছে কুহিয়াৰ খেতি। কিন্তু এই খেতিৰ বাবে যথেষ্ট কৰ্মীৰ প্ৰয়োজন। এই সম্পৰ্কত ডাকৰ এটা গুঢ়াৰ্থযুক্ত বচনত এনেদৰে পোৱা যায়-

“ছয় পো বাৰ নাতি,

তেহে কৰিবা কুঁহিয়াৰ খেতি।”

অসমীয়া মানুহৰ ঘৰ এখনত সততেই দেখা যায় এখন তামোল-পাণৰ বাৰী। এই তামোল ৰোৱাৰো নিৰ্দেশিকা ডাকৰ বচনত আছে। যেনে-

“সাতত সেৰেঙা পাঁচত ঘন,

ছয়ত তামোল নদন-বদন।”

তামোলৰ দৰে অসমীয়াৰ ঘৰে ঘৰে নাৰিকলৰ গছো দেখা যায়। নাৰিকল গছ ৰোৱাৰ দিহাও ডাকৰ এটা বুদ্ধিদীপ্ত বচনত এনেদৰে পোৱা যায়-

“নাৰিকল ৰুবা পাতে পাতে,

লাগে নালাগে, নালাগে লাগে।”

ডাকৰ এনে বচনবোৰ নি:সন্দেহে কৃষকৰ বহুমূলীয়া সমল। কৃষক আৰু কৃষিৰ গুৰুত্ব বুজাবলৈ ডাকে কৈ গৈছে-

“কৃষি কৃষকত নকৰি মন,

বৃথাই যায় গৃহৰ ধন।”

কিয়নো-

“কৃষিত তুমি কৰিবা সাৰ,

দুৰ্ভিক্ষত কৃষিয়ে কৰিব নিস্তাৰ।”

বৰ্তমান প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ‘বনমহোত্সৱ’, ‘সেউজী সপ্তাহ’, ‘বিশ্ব বন দিৱস’, ‘পাৰিপাৰ্শ্বিকতা দিৱস’ আদি পাতি পৰিৱেশ আন্দোলনেৰে চৰকাৰ আৰু বিভিন্ন বেচৰকাৰি স্ংগঠনে গছ-গছনি ৰোৱাৰ ওপৰত যি গুৰুত্ব দিছে, ডাকে সৌ তাহানিতে সেই কথা উপলব্ধি কৰি বৃক্ষৰোপণৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰি কৈ গৈছে-

“বৃক্ষৰোপণত অধিক ধৰ্ম,

মঠ-মণ্ডপত গুৰুতৰ কৰ্ম।”

এইদৰে কৃষিৰ উপৰিও আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন খুঁটি-নাটি বিষয়-সমাজ নীতি, অৰ্থনীতি, মনোবিজ্ঞান আদিৰ সৈতে জড়িত আৰু প্ৰায়োগিক দিশত ষোল অনাই মানি ল’ব পৰা, এই ডাকৰ বচনবোৰৰ বিশ্লেষণাত্মক অধ্যয়নৰ প্ৰয়োজন আছে।

মৃদুস্মিতা ফুকন, প্ৰান্তিক।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate