অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোলাঘাট জিলাৰ বাবে উপযোগী ধান ভিত্তিক শস্যক্ৰম

শস্যক্ৰম বুলি ক’লে সাধাৰণতে একেডোখৰ মাটিত একেটা কৃষি বৰ্ষত একাধিক শস্যৰ খেতি কৰাকে বুজায়৷ ধানক মুখ্য শস্য হিছাপে বিবেচনা কৰি ধান চপোৱাৰ পাছত একেখন পথাৰত এটা নিৰ্দিষ্ট ক্ৰমত অন্যান্য শস্যৰ খেতি কৰা পদ্ধতিক ধান ভিত্তিক শস্যক্ৰম বোলা হয়৷ গোলাঘাট জিলাত মুঠ ১,৪৩,৭৯০ হেক্টৰ কৃষিভুমিত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়৷ কিন্তু বছৰেকত দুটাকৈ শস্যৰ খেতি কৰা মাটিৰ পৰিমান বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ গোলাঘাট জিলাত প্ৰধানকৈ ধান, কুহিয়াৰ আৰু চাহ খেতিয়েই কৰা হয় যদিও সৰিয়হ, তিল, তিটি, গুজিতিল, মটৰ, মাটিমাহ, মগুমাহ, মচুৰমাহ, গোমধান আৰু উদ্যান শস্যৰ ভিতৰত আনাৰস, তামোল, নাৰিকল, কল, টেঙা, অমিতা আৰু মছলাজাতীয় শস্য যেনে,- আদা, হালধী, জলকীয়া, ভোটজলকীয়া, নহৰু, পিয়াজ. জালুক, ধনীয়া ইত্যাদিৰ খেতিও কম বেছি পৰিমানে কৰা হয়৷ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা মাটিৰ পৰিমান ১,৩৭,১০০ হেক্টৰৰ বিপৰীতে জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ পৰিমান তেনেই নগন্য৷ আনহাতে জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৬৬,৮৮৮ জন৷ এইজিলাৰ কৃষকে সাধাৰণতে শালিবতৰত দীৰ্ঘম্যাদি ধানৰ জাতৰ খেতি কৰে, যাৰ ফলত ধান চপোৱাৰ পাছত ৰবিশস্যৰ খেতি কৰিবলৈ সময়ৰ নাটনি হয়৷ অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়৷ জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্য শস্যৰ চাহিদা বাঢ়ি গৈছে ফলত কৃষক সকল বছৰত দুটা খেতি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ কৃষি যান্ত্ৰিকীকৰণ তথা নিত্য-নতুন কৃষি প্ৰযুক্তিয়ে একেডৰা মাটিত ধানৰ পাছত অন্য এটা খেতি কৰা সহজ কৰি তুলিছে৷ উদাহৰণ স্বৰূপে,- ৰিলে শস্য পদ্ধতি অৱলম্বনৰ দ্বাৰা কৃষক সকলে দীৰ্ঘম্যাদী ধানৰ জাঁতৰ খেতি কৰাৰ পাছত ৰবি বতৰত অন্য এটা শস্যৰ খেতি অনায়াসে কৰিব পাৰে৷ ৰিলে শস্য হৈছে, শালিধান চপোৱাৰ ১০-১৫ দিন আগতে সৰিয়হ, মটৰ, খেচাৰী মাহ, গুজিতিল ইত্যাদি শস্যৰ বীজ ধানখেতিৰ পথাৰত সিঁচি দিয়া৷ ইয়াৰোপৰি, অসম কৃষি বিশ্ববিদ্যালয়ে পলমকৈ সিঁচিব পৰা সৰিয়হৰ উন্নত জাঁত উদ্ভাৱন কৰিছে৷ এই জাত বিলাক শালিধান চপোৱাৰ পাছত ডিচেম্বৰৰ ১০ তাৰিখলৈকে সিঁচিব পাৰি৷ জে.টি. ৯০-১, টি. এচ.-৬৭ ইত্যাদি জাতবোৰ পলমকৈ সিঁচিব পৰা সৰিয়হৰ উন্নত জাঁত৷ অৱশ্যে শালিধানৰ খেতি কৰা সকলো শ্ৰেণীৰ মাটিত এইবিলাক শস্যৰ খেতি কৰিব নোৱাৰি৷ ৰিলে শস্যৰ সফলতা বহু পৰিমানে নিৰ্ভৰ কৰে মাটি নিৰ্বাচনৰ ওপৰত ৷ এই শস্যৰ বাবে মাটি নিৰ্বাচন কৰোতে কম আলতীয়া, বালিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে৷ বীজ সিঁচাৰ সময়ত পথাৰ খনত অলপ জীপ থাকিব লাগে আৰু বীজৰ পৰিমান অনুমোদিত পৰিমানতকৈ আধাগুণ বঢ়াই দিব লাগে৷

তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ে শালিধানৰ পাছত একেডোখৰ মাটিত সময়মতে ৰবিশস্যৰ খেতি কৰিব পৰাকৈ ইতিমধ্যে দুটা মধ্যম্যাদি ধানৰ জাত উদ্ভাৱন কৰিছে৷ ১৩০-১৩৫ দিনৰ ভিতৰত চপাব পৰা মূলাগাভৰু আৰু টি.টি.বি. ৪০৪ ধানৰ জাত দুটা শালিবতৰত কৰি তাৰ পাছত একে ঠাইতে ৰবি বতৰত সৰিয়হ, মটৰ, মচুৰ, বা অন্যান্য শীতকালিন শাক-পাচলিৰ খেতি কৰিব পাৰি৷

মাটিৰ ভিন্নতা অনুসৰি উপযুক্ত ধানভিত্তিক শস্যক্ৰম কৃষকসকলৰ জ্ঞাতাৰ্থে তলত উল্লেখ কৰা হ'ল-

(১) ওখ মাটি (জলসিঞ্চনৰ ব্যৱস্থা থকা)
ক) আহুধান — মাটি/মগু মাহ — সৰিয়হ/মটৰ/শাক-পাচলি
খ) শাক-পাচলি — মাটি/মগু মাহ — সৰিয়হ/মটৰ/আলু
(২) মধ্যমীয়া বা মধ্য-দ মাটি (বানমুক্ত)
ক) শালিধান — সৰিয়হ/মটৰ/শাক-পাচলি (পাতল মাটিৰ বাবে)
খ) আগতীয়া আহু — শালিধান
গ) বৰোধান — শালিধান
(৩) দ মাটি (বানমুক্ত)
ক) আহুধান — শালিধান
খ) শালিধান — বৰোধান
(৪) বানাক্ৰান্ত অঞ্চলৰ বাবে
ক) আগতীয়া আহু — শালিধান
খ)বৰোধান— সৰিয়হ/মটৰ/শাক-পাচলি

ধানভিত্তিক শস্যক্ৰমৰ উপকাৰিতা

১) উৎপাদন বৃদ্ধি
২) সম্পদৰ উচিত ব্যৱহাৰ
৩) নিয়োগ সৃষ্টি
৪) শস্যক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভূক্তিৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি৷
৫) অপতৃন, বেমাৰ-আজাৰ আৰু পোক-পতংগ নিয়ন্ত্ৰণ
৬) অপকাৰী জীৱক নিয়ন্ত্ৰণ কৰিব পৰাকৈ শস্য উৎপাদন কৰিব পাৰি৷
৭) মাটিৰ ভিন্নস্তৰৰ পৰা পুষ্টি সংগ্ৰহ কৰাৰ বাবে খাদ্যৰ প্ৰতিযোগিতা কম হয়৷

ধানভিত্তিক শস্যক্ৰম সফলতাৰ বাবে তলত উল্লেখ কৰা বিষয় সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে,-
১) আগতীয়া শস্য পৰিকল্পনা
২) শস্য পঞ্জীকা প্ৰস্তুতকৰণ
৩) উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতীয়াকৈ লাভ কৰিব পৰা ব্যৱস্থা৷

লিখকঃ ড০ নৰেন্দ্ৰ নাথ শ্যাম,আঁচনি সমন্বয়ক

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate