অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বান অধ্যুষিত অঞ্চলত ব্যাপক বৰোধানৰ খেতি

বান অধ্যুষিত অঞ্চলত ব্যাপক বৰোধানৰ খেতি

মৰিগাঁও জিলাৰ অধিকাংশ অঞ্চলেই নিয়মীয়াকৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা স্বত্বেও ধান আৰু পাচলি উৎপাদনৰ ক্ষেত্ৰত জিলাখন ৰাজ্যখনৰ ভিতৰতে এখন অগ্ৰণী জিলা হিচাপে লৈ পৰম্পৰাগতভাৱে কৰি অহা শালিধানৰ খেতিৰ পৰিৱৰ্তে সম্প্ৰতি অধিকভাৱে মনোনিৱেশ কৰিছে বৰোধানৰ খেতিত। জলসিঞ্চন বিভাগৰ ৪ টা কাৰ্যক্ষম আঁচনিৰ উপৰিও বিগত সময়চোৱাত কৃষি বিভাগে ৰেহাই মূল্যত কৃষকক প্ৰদান কৰা সহস্ৰাধিক অগভীৰ নলীনাদ, ডিজেল চালিত নিম্ন উত্তোলক পাম্প, বিদ্যুৎ চালিত পাম্প আদিৰ সহায়ত নিশ্চিত জলসিঞ্চনৰ সুবিধা লাভ কৰা কৃষকসকলে বৰো খেতিৰ জৰিয়তে জিলাখনক পৰিণত কৰিছে সুবিস্তীৰ্ণ সেউজীয়া ধাননিলৈ। বহাগৰ ঢোল, পেপা, গগণা, বিহুনামৰ সুৰত মৰিগাঁওৰ পথাৰত সঁজাল ধৰা ধানে বতাহত হালিজালি উন্মনা কৰি তুলিছে কৃষকৰ মন। ৰজামায়ং, জাগীৰোড, জাগীভকতগাঁও, ভুৰাগাঁও, গেৰুৱা, লাহৰিঘাট, গছৰগুৰি, ভুৰাবন্ধা, মৈৰাবাৰী আদি বানাক্ৰান্ত কৃষিচক্ৰত বতাহত ঢৌ খেলি থকা ধাননি পথাৰে কৃষি বিপ্লৱৰ নিশ্চিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

২০০৭-২০০৮ বৰ্ষত মৰিগাঁও জিলাত বৰোধান কৰা কৃষিভূমিৰ পৰিমাণ আছিল ৩৭৯৫০ হেক্টৰ। এই পৰিমাণৰ কৃষিভূমিৰ পৰা বৰোধানৰ উৎপাদন হৈছিল ১৬০২২৪ মেট্ৰিকটন। ২০১১-২০১২ বৰ্ষত জিলাখনত বৰোধানৰ কৃষিভূমি আৰু উৎপাদন ক্ৰমে ৪৩৫১৬ হেক্টৰ আৰু ২২২৮০১ মেট্ৰিকটনলৈ বৃদ্ধি পায়। ২০১২-১৩ বৰ্ষত অসম চৰকাৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ আৰু ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে কৃষকৰ পৰা নিম্নতম সমৰ্থন মূল্যযোগে ধান ক্ৰয় কৰাৰ বাবে লোৱা সিদ্ধান্তই জিলাখনৰ কৃষকক উৎসাহিত কৰি তোলে আৰু তাৰেই ফলশ্ৰুতিত ২০১২-১৩ বৰ্ষত জিলাখনত বৰোধানৰ কৃষিভূমি পূৰ্বৰ বছৰটোৰ ৪৩৫১৬ হেক্টৰৰ পৰা ৪৬১০৩ হেক্টৰলৈ বৃদ্ধি পাইছে।

জিলাখনত বৰোধানৰ এই সম্প্ৰসাৰিত ৰূপৰ ভেটি তৈয়াৰ হৈছিল ২০০৭-০৮ বৰ্ষৰ পৰা ৰূপায়িত হোৱা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান-চাউল আৰু ২০০৮-০৯ বৰ্ষৰ পৰা ৰূপায়িত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ সফলতাক কেন্দ্ৰ কৰি। এই দুইখন আঁচনিৰ জৰিয়তে বৰোধানৰ প্ৰদৰ্শনমূলক খেতিৰ দ্বাৰা কৃষকক মাজত বৰোখেতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰখা হৈছিল। তদুপৰি অসম কৃষি সামৰ্থবদ্ধক প্ৰকল্পৰ জৰিয়তেও কৃষক গোটলৈ ৰেহাই মূল্যত জলসিঞ্চন আৰু কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা আগবঢ়োৱাৰ ফলত জিলাখনত বৰোধানৰ উৎপাদন বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কৃষকৰ মাজত শ্ৰীপদ্ধতি আৰু বৰ্ণসংকৰ জাতৰ ব্যৱহাৰে লাভ কৰা জনপ্ৰিয়তাও আন এক কাৰক বুলি বিবেচিত হৈছে।

লিখকৰ নাম: অৰূপ বৰঠাকুৰ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate