অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বায়বীয় ধান

ধানখেতিত পানীৰ মিতব্যয়ী ব্যৱহাৰৰ এক কৌশল

পানী হ’ল শস্য উৎপাদনৰ এক অপৰিহাৰ্য উপাদান। পানীৰ সৰবৰাহক লৈ সম্প্ৰতিকালত বিশেষভাৱে আলোচিত হৈছে। কিয়নো অনাগত দিনবোৰত ধানকে ধৰি অন্যান্য উৎপাদনত ব্যৱহৃত পানীৰ পৰিমাণ কমি আহিব বুলি ঠাৱৰ কৰা হৈছে। আনহাতে, কৃষি ভিত্তিত অৰ্থনীতিত আমাৰ ৰাজ্যত ধান হ’ল এবিধ অন্যতম শস্য। যিহেতু ধানৰ বাবে পানীৰ প্ৰয়োজন বেছি, গতিকে পানীৰ সৰবৰাহ কমি আহিলে, পানীৰ অভাৱে ধানৰ উৎপাদনত যথেষ্ট প্ৰভাৱ পেলোৱাৰ শংকা কৰা হৈছে। তথা অনুসৰি প্ৰতি কিলোগ্ৰাম চাউল উৎপাদনত কৰিবলৈ প্ৰায় ৫০০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত ধানৰ গড় উৎপাদনত বৃদ্ধি কৰিবলৈ অথবা বৰ্দ্ধিত উৎপাদন অপৰিৱৰ্ত্তিত কৰি ৰাখিবলৈ এক বহনক্ষম পদ্ধতিৰ প্ৰয়োজন আহি পৰিছে।

সেয়ে কম পানীৰ ব্যৱহাৰেৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ বা সন্তোষজনক উৎপাদন পাব পৰা বিভিন্ন উপায়ৰ ভিতৰতে এটা হিচাপে বায়বীয় ধানৰ বিষয়ে কিছু কথা উল্লেখ কৰিব লোৱা হৈছে।

বায়বীয় ধান

বায়বীয় ধান এনে এবিধ গুণসম্পন্ন ধান য’ত খৰাং পৰিস্থিতি সহ্য কৰিব পৰা ক্ষমতা আৰু উচ্চ উৎপাদিকা শক্তি থকা গুণৰ সমাহাৰ ঘটোৱা হয়। সেয়েহে ই উৎপাদনৰ ক্ষেত্ৰত ওখ মাটিৰে উন্নত ধান আৰু খৰাং পৰিস্থিতি সহিব পৰা উন্নত দ-মাটিৰ ধান। বায়বীয় ধানৰ জাতবোৰৰ মাটিত জীপ কম থকা অৱস্থাতো বৃদ্ধিৰ হাৰ দ্ৰুত হোৱাৰ উপৰিও উৎপাদন ৪-৬ টন/হেক্টৰ হয় আৰু সাৰ প্ৰয়োগৰ পৰিমাণো খুউব বেছি নহয়। মধ্যমীয়াৰ পৰা দ’ চানেকীয়া মাটিত কৰা ধান খেতিৰ তুলনাত বায়বীয় ধান খেতিত প্ৰায় শতাংশ জলসিঞ্চনৰ দ্বাৰা যোগান ধৰা পানী কমাব পৰা যায়। বায়বীয় ধান উৎপাদনৰ মূল শক্তি হ’ল পানীৰ মিতব্যয়ীতা। ধানখেতিত পানী কমকৈ ব্যৱহাৰ কৰি  জলসিঞ্চিত ধানৰ সমান বা বেছি উৎপাদন পোৱাটোৱে ইয়াৰ মূল লক্ষ্য। জলসিঞ্চনৰ জোখাৰে পানী যোগান ধৰি কৰা ধানখেতিৰ উৎপাদন বৃদ্ধি কৰিবলৈ বায়বীয় ধানখেতি কৰা হয়, য’ত নেকি ৫০-৬০ শতাংশ পানী কম ব্যৱহাৰ হয়। গতিকে বায়বীয় ধানৰ জাতসমূহ উদ্ভৱ কৰোতে এই দিশবোৰ সাঙুৰি লৈ এই গুণসমূহ তাত সন্নিৱিষ্ট কৰা হয়। এই ধানৰ খেতি বোকা নকৰাকৈ ভালদৰে পানী সৰকি যোৱা মাটিত য’ত ভূ-পৃষ্ঠৰ পৰা ১ মিটাৰতকৈ দ’ত প্ৰাকৃতিকভাৱে পানীস্তৰ পোৱা যায় লগতে মাটিৰ অৱস্থা সদায় অসংপৃক্ত হৈ থাকে, তাত কৰা হয়। অৰ্থাৎ পানী জমা নোহোৱা ঠাইত এই খেতি হয়। গতিকে পৰিৱেশ প্ৰদূষণৰ ফালৰ পৰাও ই লাভদায়ক, কিয়নো পানী জমা নোহোৱা বাবে এইবিধ ধানৰ খেতিত মিথেন গেছৰ প্ৰদূষণ কম হয়।

বায়বীয় ধানৰ উপযোগী অঞ্চল

বায়বীয় ধান কেতবোৰ বিশেষ পৰিস্থিতিৰ বাবে উপযোগী কৌশল বুলি চিনাক্ত কৰা হৈছে।

  • উপযুক্ত ওখ মাটি: এনে ধৰণৰ মাটি য’ত ভূ-পৃষ্ঠ সমতল, বৰষুণ হ’লেও বা নহ’লেও পৰিপূৰকভাৱে জলসিঞ্চনৰ দিহা কৰি মাটিৰ সেমেকা অৱস্থা ৰাখিব পাৰি। তাৰোপৰি কৃষকে বাহিৰৰ পৰা কেতবোৰ সামগ্ৰী যেনে সাৰ আদি যোগান ধৰিব পাৰে।
  • বৰ্ষা নিৰ্ভৰশীল দ-মাটি আৰু এঢলীয়া মাটিত থকা সমতল পথাৰ। সাধাৰণতে এনেবোৰ অঞ্চলৰ মাটিৰ ধৰণ সহজে পানী সৰকি যোৱা হয় আৰু পানী জমা নহয়।
  • পানীৰ অভাৱ থকা অথবা পানী কম থকা জলসিঞ্চিত অঞ্চলত কৰা ধান খেতিৰ বাবে উপযোগী। এনেকুৱা অঞ্চলত কৃষকসকলে মাটিক সন্তোষজনক সময়ৰ বাবে ধাননি পথাৰত পানীৰ দিহা কৰিবৰ সামৰ্থ নাথাকে,

“বায়বীয় ধান” আৰু ওখ মাটিত কৰা ধানখেতিৰ প্ৰভেদ

বৰ্ষা নিৰ্ভৰশীল প্ৰাকৃতিক ভাৱে পানী ওলাই যাব পৰাৰ সুবন্দবস্ত, এঢলীয়া মাটি য’ত নেকি ক্ষহনীয়া সমস্যা থাকে, তেনেকুৱা পৰিস্থিতিত সাধাৰণতে ওখমাটিৰ ধান খেতি কৰা হয়। এই ধানৰ জাতসমূহৰ উৎপাদন কম হয়, প্ৰয়োগ কৰা সাৰৰ প্ৰতি সহাৰি কম থাকে, কিন্তু খৰাং পৰিস্থিতি সহ্য কৰিব পৰা গুণ সম্পন্ন হয়। এই জাতসমূহক কিছু সাৰ আৰু পৰিপূৰক ভাৱে কিছু জলসিঞ্চনৰ দিহা কৰিলেও গছবোৰ পৰি যায় আৰু উৎপাদন কম হয়।

আনহাতে, বায়বীয় ধানৰ জাতসমূহ এঢলীয়া বা সমান মাটিত জীপ থকা অৱস্থালৈ পানীৰ ব্যৱস্থা কৰিব পাৰি অথবা বৰষুণ বা পৰিপূৰক জলসিঞ্চনৰ দ্বাৰা সম্পূৰ্ণ কৃষি কালচোৱা মাটি জীপাল ৰাখিব পৰা পৰিৱেশত ভালদৰে খাপ খায় আৰু ভাল উৎপাদন দিয়ে। এক কথাত ক’বলৈ হ’লে যি ঠাইত দ’মাটিৰ ধানখেতি কৰিবলৈ পানীৰ সৰবৰাহ কম হয়, তাত বায়বীয় ধান সন্তোষজনক উৎপাদনেৰে কৰিব পৰা যায়। এইবিধ ধানে প্ৰয়োগ কৰা সাৰৰ প্ৰতি পূৰ্ণ সহাৰি জনায়, সেয়ে উৎপাদনো বেছি।

বায়বীয় ধানৰ প্ৰযুক্তি কৌশল

মাটি প্ৰস্তুতি: বায়বীয় ধানখেতিৰ বাবে নূন্যতম মাটি কৰ্ষনৰ প্ৰয়োজন। শুকান বীজ পোনপটীয়াকৈ সিঁচি দিবলৈ পথাৰখন সমানকৈ চহোৱাটো নিশ্চিত হ’ব লাগে। আধুনিক কৃষি সজুলি যেনে ৰোটাভেটৰ ব্যৱহাৰ কৰি মাটি প্ৰস্তুত কৰিব পাৰি।

বীজৰ হাৰ আৰু সিঁচা পদ্ধতি

বায়বীয় ধানৰ খেতি বীজ সিঁচি কৰা হয়। বীজ সিঁচা যন্ত্ৰৰ সহায়ত শাৰীবদ্ধ প্ৰণালীবদ্ধ সিঁচা হয়। শাৰী আৰু গোছাৰ মাজত ব্যৱধান ২০ ছে:মি:×১০ ছে:মি: হ’ব লাগে যাতে প্ৰতি বৰ্গমিটাৰত ৫০ গোছা ধান হয়।

প্ৰতি বিঘা মাটিৰ বাবে ৬ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় আৰু হেক্টৰে প্ৰতি ৪৫ কিলোগ্ৰাম বীজ লাগে।

জাত নিৰ্বাচন

বায়বীয় ধানৰ জাত এতিয়াও বহুত সীমিত হৈ আছে। তথাপি সদ্যহতে বায়বীয় ধানৰ উপযোগী জাতবোৰৰ ভিতৰত ‘এপ’ ‘শহভাগী ধান’, ‘অন্নদা’ আদি। এইবোৰৰ উৎপাদন ক্ষমতা ৪.৫-৫.০ টন/হেক্টৰ। এম.এ.এছ-৯৪৬-ৰ এবিধ বায়বীয় ধানৰ জাত, আগতীয়া জাত, দানাবোৰ মধ্যমীয়া মিহি আৰু উচ্চ উৎপাদনক্ষম জাত।

বনবাত নিয়ন্ত্ৰণ

বনবাতৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে পেন্‌ডিমিথালিন অথবা বাইচিৰিবিক ছডিয়াম আৰু নিৰণি যন্ত্ৰৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰা হয়।

সাৰ প্ৰয়োগ আৰু ব্যৱস্থাপনা

ক্ষেত্ৰ বিশেষ সাৰ প্ৰয়োগ তথা ব্যৱস্থাপনা মাটিৰ মৌল যোগান ক্ষমতাৰ ওপৰত ভিত্তি কৰি কৰা উচিত। কিন্তু এনেকুৱা ব্যৱস্থাপনাৰ অনুপস্থিতিত সাধাৰণতে ৭০-৯০ কিলোগ্ৰাম নাইট্ৰ’জেন, ৫০ কিলোগ্ৰাম ফছফৰাছ আৰু ৫০ কিলোগ্ৰাম পটাছ হেক্টৰে প্ৰতি প্ৰয়োগ কৰি বায়বীয় ধানৰ উৎপাদন ৪-৬ টন প্ৰতি হেক্টৰ আশা কৰিব পাৰি। সাৰ প্ৰয়োগ তিনিটা ভাগত কৰিব লাগে, প্ৰথমবাৰৰ গজালি ওলোৱাৰ ১০-১২ দিনৰ ভিতৰত দ্বিতীয়বাৰ পোখা মেলাৰ সময়ত আৰু তৃতীয় তথা অন্তিমবাৰ গেৰ ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

জলব্যৱস্থাপনা

বায়বীয় ধানত শিপাস্তৰত মাটি সেমেকা কৰি ৰাখিবলৈ পানী যোগান ধৰিব লাগে। বীজ সিঁচাৰ পাছতে গজালি ওলাবৰ সুবিধাৰ্থে ৩ ছে:মি: পৰিমাণৰ পানী এবাৰ প্ৰয়োগ কৰিব লাগে। মাটিৰ উপৰিভাগৰ পৰা ৩০ চে:মি: তললৈ সেমেকা কৰি ৰাখিবলৈ ৫-৭ দিনৰ অন্তৰত এবাৰ পানী যোগান ধৰিব পাৰিলে ভাল। সাধাৰণতে ধানগছৰ পাচবোৰ যেতিয়া মেৰ খাবলৈ আৰম্ভ কৰে, তেতিয়াই বুজিব লাগে যে ধানখেতি ডৰাত পানীৰ আৱশ্যক হৈছে। এনেকুৱা অৱস্থাত পানী যোগান ধৰিলে গছৰ শ্ৰীবৃদ্ধি ভাল হোৱাৰ লগতে উৎপাদনো বৃদ্ধি হয়। মনকৰিবলগীয়া কথা যে বায়বীয় ধানৰ জাতসমূহ কিছু পৰিমাণে খৰাং পৰিস্থিতি ইয়াৰ গোটেই বৃদ্ধি কালছোৱাত সহ্য কৰিব পাৰে। সেয়েহে পৰিপূৰক জলসিঞ্চনেও উৎপাদন অটুত ৰাখে, বৰঞ্চ পানীৰ ব্যৱহাৰহে কম হয়। (তালিকা নং ১)

তালিকা নং ১: দ’মাটিত কৰা ধানখেতি আৰু বায়বীয় ধানখেতিত পানীৰ তুলনামূলক প্ৰয়োজন (২০১৩)

ক্ৰমিক নং

বিষয়বস্তু

পানীৰ পৰিমাণ (মি:লি)

দ’মাটিত কৰা ধান

বায়বীয় ধান

মাটিৰ প্ৰস্তুতি

১৫০-৩০০

১০০

বাষ্পীভৱন

২০০

১০০

বাষ্পমোচন

৪০০

৪০০

নি:সৰণ তললৈ আৰু পচ্ছাদভাৱে বাগৰি যোৱা

৫০০-১৫০০

৩৩৫

যোগান ধৰাৰ সময়ত হোৱা অপচয়

মুঠ প্ৰয়োজন

৪০০-১২০০

 

১৬৫০-৩০০০

-

 

৯৩৫

বায়বীয় ধানৰ সুবিধাসমূহ

  • মাটি পানাৰে বুৰাই বোকা কৰাৰ প্ৰয়োজন নহয়।
  • পোণপটীয়াকৈ বীজ সিঁচিব পাৰি।
  • কঠীয়া প্ৰস্তুতিৰ প্ৰয়োজন নাই।
  • কঠীয়া বীজৰ পৰিমাণ হ্ৰাস।
  • কম শ্ৰমিকৰ ব্যৱহাৰ, খৰচ হ্ৰাস হয়।
  • জলসিঞ্চনৰ পানীৰ সঞ্চয় হয় প্ৰায় ৬০ শতাংশলৈকে।
  • সাৰৰ গ্ৰহণৰ সক্ৰিয়তা বৃদ্ধি পায়।
  • তুলনামূলকভাৱে ৰোগ আৰু পোকৰ উপদ্ৰৱ কম হয়।
  • পৰিৱেশ প্ৰদূষণ কম হয় বিশেষকৈ কমকৈ মিথেন গেছ নি:সৰণ হয়।
  • পোখা মেলাৰ সুবিধা বেছি, গছ হালি নপৰে, গতিকে উৎপাদন বৃদ্ধি হয়।
  • মাটিৰ গঠন আৰু গুণাগুণ অটুট থাকে।

মন্তব্য

বায়বীয় ধানৰ ধাৰণা এতিয়াও চালুকীয়া হৈ আছে অন্ত:ত প্ৰায়োগিক দিশৰ পৰা। কিন্তু অনাগত দিনত কৃষকৰ বাবে ই এক বিশেষ সমাধান হিচাপে সহায় কৰিব তাত সন্দেহ নাই। যিবোৰ অঞ্চলত জলসিঞ্চনৰ বাবে পানী সৰবৰাহ কম বা অত্যন্ত কৰচী হয় তাৰ বাবে বায়বীয় ধানৰ প্ৰয়োজন অতি বেছি হ’ব। তাৰোপৰি জলবায়ু পৰিৱৰ্তনৰ কল হিচাপে যি খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা বাঢ়ি আছে, সেই ক্ষেত্ৰত এইবিধ ধানৰ যথাযথ প্ৰয়োগ যথেষ্ট অৰিহণা যোগোৱাৰ লগত ধানৰ চাহিদা পূৰণত সহায়ক হ’ব। যি নহওক, বায়বীয় ধানৰ জাত উদ্ভাৱন আৰু বায়বীয় পৰিৱেশত তাৰ উৎপাদনৰ স্থিৰতা তথা কৃষকৰ বাবে গ্ৰহণ যোগ্যতা ইত্যাদি দিশবোৰত যথেষ্ট গুৰুত্ব দিব লাগিব।

উৎস: সৰ্বভাৰতীয় সমন্বিত জল ব্যৱস্থাপনা গৱেষণা প্ৰকল্প, অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate