অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ণসংকৰ ধানৰ কৃষি পদ্ধতি

বৰ্ণসংকৰ ধান কি আৰু কিয়?

দুবিধ চৰিত্ৰগতভাৱে পৃথক ধান গছৰ ধান গছৰ মাজত সংকৰণ ঘটাই বৰ্ণসংকৰ ধানৰ সৃষ্টি কৰা হয়।এনেদৰে সংকৰণ প্ৰ্ক্ৰিয়াৰ মাজেৰে সৃষ্টি কৰা প্ৰথম পুৰুষৰ ধান গছজোপা।ইয়াৰ পিতৃ বা মাতৃ গছৰ তুলনাত যথেষ্ঠ উন্নত চৰিত্ৰৰ অধিকাৰী হয়।

সাধাৰন বা অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্ণসংকৰ ধানে বেছি উৎপাদন দিয়াৰ লগতে ইহঁতৰ বেমাৰ-আজাৰ প্ৰ্তিৰোধী শক্তি অধিক হয়,মাটিত থকা পুষ্টি সহজতে আহৰন কৰিব পাৰে আৰু নিজস্ব অপতৃণ নিয়ন্ত্ৰন কৰিব পৰা ক্ষমতাও থাকে।

বতৰ অনুসৰি বৰ্ণসংকৰ ধানৰ জাত নিৰ্বাচন কৰিব লাগে।বেছি দ মাটিত বৰ্ণসংকৰ ধানৰ খেতি কৰা অনুচিত।ঠোক ওলোৱাৰ পাছত সাৰ প্ৰয়োগ কৰিব নালাগে।মণি ধৰাৰ পৰা গাখীৰতি অৱস্থাত খেতিডৰাত পানীৰ অভাৱ হব নালাগে।এই সময়ত মাটি শুকাই গলে ঠোকত পতানৰ সংখ্যা বাঢ়িব পাৰে।বীজ সিঁচা সময়ৰ বেছি আগতীয়াকৈ বা শেহতীয়াকৈ বীজ সিঁচিব নালাগে।

যিহেতু বৰ্ণসংকৰ পদ্ধতিত প্ৰথম পুৰুষটো সংকৰন কৰিহে উলিওৱা হয় সেয়েহে প্ৰথম পুৰুষৰ বীজৰ খেতি কৰি পোৱা গুটি কৃষকে পৰৱৰ্তী খেতিলৈ বীজ হিচাপে সাঁচি ৰাখিব নোৱাৰে।কিয়নো পিছৰ খেতিত এনে জাতৰ ধান গছৰ ফুলৰ স্ব-নিষেচন হৈ ই বহন কৰা চৰিত্ৰসমূহ নাইকীয়া হৈ পৰে।

বৰ্ণসংকৰ ধানৰ অনুমোদিত জাত

জাত

কৃষিকাল(দিন)

 

গড় উৎপাদন(প্ৰ্তি বিঘাত)

এৰাইজ-৬৪৪৪

 

পিএচি-৮৩২

 

 

চাহিদ্ৰী

 

জে,কে-৪০১

এন কে-৫২৫১

১২৫-১৩৫(শালি হিচাপে)

১৫৫-১৬০(বৰো হিচাপে)

১৩০-১৩৫(শালি হিচাপে)

১৫৫-১৬০(বৰো হিচাপে)

 

১২৫-১৩৫(শালি হিচাপে)

১৫৫-১৬০(বৰো হিচাপে)

১২৫-১৩০(শালি হিচাপে)

১২৫-১৩০(শালি হিচাপে)

১৩০-১৪০(বৰো হিচাপে)

২৫-২৮

৩০-৩২

২৫-২৮

৩০-৩২

২৫-২৮

৩০-৩২

-

-

-

-

 

সময়সাপেক্ষে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা স্থানভিত্তিক অনুমোদিত

মাটি নিৰ্বাচন

গধুৰৰ পৰা মধ্যমীয়া আহঁবিশিষ্ট মাটি উপযোগী।বৰো হিচাপে কৰা খেতিৰ বাবে নিশ্চিত জলসিঞ্চনৰ সুবিধা থকা উচিত।

বীজ শোধন

(ক) তিওঁৱা পদ্ধতি: বীজবোৰ তলত উল্লেখ কৰা ভেকুৰঁনাশক দৰৱসমূহৰ যিকোনো এবিধত ২৪ ঘন্টা সময়ৰ বাবে তিয়াই থব লাগে।

ভেকুৰঁনাশক দৰৱ

গাঢ়তা(প্ৰ্তিলিটাৰ পানীত)

মেংকোজেৱ

২,৫ গ্ৰাম

কেপটাফ

২,৫ গ্ৰাম

কাৰ্বেন্দাজিম

১,০ গ্ৰাম

 

(খ) শুকান পদ্ধতি: বীজবোৰ তলত উল্লেখ কৰা ভেকুৰঁনাশক দৰৱসমুহৰ সৈতে যিকোনো এৱিধৰ সৈতে এটা পাত্ৰত ৫ মিনিট সময়ৰ বাবে ভালদৰে জোকাৰি মিহলাই লব লাগে।

ভেকুৰঁনাশক দৰৱ

পৰিমান(প্ৰ্তিকিলো বীজৰ বাবে

মেংকোজেৱ

কেপটাফ

কাৰ্বেন্দাজিম

২,৫ গ্ৰাম

২,৫ গ্ৰাম

২,০ গ্ৰাম

বীজতলী প্ৰস্ততি

১,২৫ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘলকৈ বীজতলী প্ৰস্তত কৰক।মন কৰিব যাতে বীজতলীসমূহ ভালদৰে বোকা হোৱাৰ উপৰিও ইয়াৰ উপৰিভাগ সমান হয়।দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ দূৰত্ব ৰাখিব।

বীজৰ পৰিমাণ

প্ৰতিখন বীজতলীৰ বাবে ২৫০-৩০০ গ্ৰাম ভালদৰে অংকুৰিত হোৱা বীজ সিঁচক।এই হিচাপেৰে এবিঘা মাটিৰ বৰ্ণসংকৰ ধানৰ খেতিৰ বাবে ১ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ

প্ৰতিখন বীজতলীত ২০-৩০ কিলোগ্ৰাম পচন সাৰ আৰু শুকান গোৱৰ,৮০ গ্ৰাম ইউৰিয়া,৮০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে।

বীজ সিচাঁ সময়

শালি বতৰৰ বাবে ১০ৰ পৰা ৩০ পৰা জুন।বৰো খেতিৰ বাবে ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ।

পানী ব্যৱস্থাপনা

বীজতলীসমূহ তিতি থাকিবলৈ দুখন বীজতলীৰ মাজৰ নলা অংশত সততে পানী ৰখাৰ বুৱস্থা কৰিব লাগে।

বীজতলীত শস্যৰক্ষা ব্যৱস্থা

১)কঠিয়াত দুই-এটা ব্লাষ্ট বেমাৰৰ দাগ দেখাৰ লগে লগে প্ৰ্তিলিটাৰ পানীত ১ গ্ৰাম কাৰ্বেনডাজিম বা ১ মিলিলিটাৰ স্প্ৰে কৰক।

২)শস্যকৃমি আৰু মজাখোৱা পোকৰ উপদ্ৰৱ থকা অঞ্চলতে বীজ সিচাঁৰ ৫ দিন পাছত প্ৰ্তি বৰ্গমিটাৰ বীজতলীৰ বাবে ৩ গ্ৰামকৈ কাৰ্বোফুৰান নাইবা ১ গ্ৰাম ফোৰেট ঔষধ চটিয়াওক।

৩)কঠিয়াতলীত দেখা দিয়া বিভিন্ন পোক-পৰুৱা নিবাৰানৰ বাবে নোম্নোক্ত কীটনাশক দৰৱসমূহ যিকোনো এবিধ বীজ সিঁচাৰ ৫-৭ দিন পাছত প্ৰয়োগ কৰক।

কীটনাশক দৰৱ

মাত্ৰা(প্ৰ্তি ১০ বৰ্গমিটাৰ কঠিয়াতলীৰ বাবে

ক্লৰপাইৰিফছ কুইলানফছ

০,১০ মিলিলিটাৰ

০,১৫ মিলিলিটাৰ

প্ৰ্তি ১০ বৰ্গমিটাৰ কঠিয়াতলীত উচ্চ আয়তনৰ স্প্ৰে যন্ত্ৰৰ বাবে ৪০০ মিলিলিটাৰ পানী আৰু নিম্ন আয়তনৰ স্প্ৰে যন্ত্ৰৰ বাবে ১০০ মিলিলিটাৰ পানীৰ প্ৰয়োজন।

মুল পথাৰত ৰোৱাৰ আগেয়ে কঠিয়া শোধন

প্ৰ্তিলিটাৰ পানীত ১ মিলিলিটৰ ক্লৰপাইৰিফৰছ দৰৱ আৰু ১ শতাংশ ইউৰিয়া সাৰ মিহলাই প্ৰস্তত কৰা মিশ্ৰনত কঠিয়াৰ শিপাবোৰ ৩ ঘন্টাৰ বাবে ডুবাই শোধন কৰি লব লাগে।একেদৰে কঠিয়া শোধন কৰি ললে পিছলৈ খেতিডৰাত মজাখোৱা পোক,গল,মিজ আৰু সোঁহনীপোকৰ আক্ৰমন হোৱাৰ সম্ভাৱনা নাথাকে।

ইয়াৰ সলনি কঠিয়া তোলাৰ ৫-৭ দিন আগেয়ে প্ৰ্তি বৰ্গমিটাৰ কঠিয়াতলীৰ বাবে ৩ গ্ৰাম কাৰ্বোফুৰান বা ১ গ্ৰাম ফোৰেট নাইবা ০,০৫ শতাংশ ক্লৰপাইৰিফছ প্ৰয়োগ কৰিলেও মূল পথাৰত উক্ত পোক-পৰুৱাসমুহৰ আক্ৰমন সম্ভাৱনা নাথাকে।

কঠিয়াৰ বয়স

২৫-৩০ দিনীয়া(৫-৬টা পাত বিশিষ্ট)কঠিয়া মূল পথাৰত ৰুৱ লাগে।

পথাৰ প্ৰস্ততি

পথাৰৰ সকলো অংশতে পানী সমপৰিমানে থকাত সুবিধা হোৱাকৈ পথাৰখন ভালদৰে চহাই মৈয়াই সমান কৰি লব লাগে।পানী ওলাই যাব নোৱাৰাকৈ চাৰিওফালে আলিবোৰ বোকাৰে ভালদৰে লেপি লব লাগে।কঠিয়া ৰোৱাৰ আগেয়ে মাটিডৰা বোকা কৰি লওঁক।

সাৰ প্ৰয়োগ

বৰ্ণসংকৰ ধানৰ খেতিত সময়মতে আৰু উপযুক্ত পৰিমানত সাৰ প্ৰয়োগ কৰাটো অতি জৰুৰী।তলত উল্লেখ কৰা পৰিমানত সাৰ প্ৰয়োগ কৰক।

ইউৰিয়া----প্ৰ্তি বিঘাত ২৯ কিলোগ্ৰাম

একক চুপাৰ ফচফেট-প্ৰ্তি বিঘাত ৫০ কিলোগ্ৰাম

জিংক চালফেট----প্ৰ্তি বিঘাত ১৩ কিলোগ্ৰাম

জিংক চালফেট-----প্ৰ্তি বিঘাত ৬ কিলোগ্ৰাম

পথাৰখন শেষৰবাৰ বোকা কৰাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ চাৰিভাগৰ এভাগ আৰু সমুদায় একক চুপাৰ ফচফেট,মিউৰিয়েট অৱ পটাছ আৰু জিংক চালফেট প্ৰয়োগ কৰক।বাকী থকা ইউৰিয়া সাৰৰ দ্বিতীয়,তৃতীয় আৰু চতুৰ্থ ভাগ টপড্ৰেচ হিচাপে ক্ৰমে পোখা মেলা,গেৰ ধৰা আৰু গুটি ধৰা সময়ত প্ৰয়োগ কৰক।

ব্যৱধান আৰু ৰোপন পদ্ধতি

দুটা শাৰীৰ মাজত ২০ ছেন্টিমিটাৰ আৰু দুডাল কঠিয়াৰ মাজত ১৫ ছেন্টিমিটাৰ ব্যৱধান ৰাখিব(প্ৰ্তি বৰ্গমিটাৰত ৩৩ টাকৈ গোছা)।প্ৰ্তিটো গোছাত এডালকৈ কঠিয়া দি ৫ ছেন্টিমিটাৰ দকৈ কঠিয়া ৰুব।কঠিয়া ৰোৱাৰ ৭-১০ দিন পাছত মৰি যোৱা কঠিয়াবোৰৰ ঠাই নতুন কঠিয়াৰে পূৰাই দিব।

পানী ব্যৱস্থাপনা

খেতিডৰাত সদায় ৫ ছেন্টিমিটাৰকৈ পানী ৰখাৰ ব্যৱস্থা কৰিব।পথাৰৰ পানী নাইকীয়া হোৱাৰ তিনি দিনৰ ভিতৰত পুনৰ পানী যোগানৰ দিহা কৰিব।

বনবাত নিৰনি

কঠিয়া ৰোৱাৰ ৩-৪ সপ্তাহ পাছত এবাৰ আৰু ৬-৭ সপ্তাহ পাছত আন এবাৰ পথাৰখনত গজি উঠা-বন বাতবোৰ নিৰাই দিব।ইউৰিয়া সাৰ টপড্ৰেছ কৰাৰ পাছত শাৰীবোৰৰ মাজত বন নিৰোৱা যন্ত্ৰ চলাই দিলে সাৰখিনি মাটিত ভালদৰে মিহলি হোৱাত সুবিধা হয়।

শস্য ৰক্ষা

মুল পথাৰত দেখা দিয়া কিছুমান উল্লেখযোগ্য পোক-পৰুৱা আৰু ইয়াৰ নিবাৰনৰ ব্যৱস্থা তলত উল্লেখ কৰা হ’ল

পোক-পৰুৱা

আক্ৰান্ত অৱস্থাৰ লক্ষন

কীটনাশক দৰৱ

মাত্ৰা

১)হোৰ্ল মেগট

 

 

 

২/চৰহা পোক

 

 

 

 

৩/মজাখোৱা পোক

 

 

 

 

 

 

 

 

 

৪/সোহঁনীঁ পোক

 

 

৫/গল মিজ

 

 

 

 

 

 

৬/টুপলীকটা

 

 

 

৭/পাত মেৰোৱা

গছৰ মাজত থকা কুহিঁ পাতটোৰ দূয়োকাষৰ বৰন হালধীয়াৰ পৰা বগা হয়।

 

পলুৱে পত্ৰকলাবোৰ খোৱাৰ ফলত পাতত বগা সমান্তৰাল দাগ পৰে

 

 

কোহাঁটো মৰি যায় টানি দিলে উভালি আহে।

 

 

 

 

 

 

 

পাতবোৰ হালধীয়া পৰি শুকাই যায়।

 

পাতবোৰ পিয়জৰ পাতৰ দৰে হয়।

 

 

 

 

 

পাতল আগবোৰ কাটি পেলায়,পত্ৰকলাবোৰ খাই পাতত বগা দাগ পেলায়

 

পাতৰ দুয়োকাষে ভাজঁ লগায়

(ক)ক্লৰপাইৰিফছ

-২০ ইচি

(খ)কাৰ্বোফুৰান-৩জি

 

(ক)ক্লৰপাইৰিফছ

-২০ ইচি

(খ)কুইনালফছ

-২৫ ইচি

 

(ক)ক্লৰপাইৰিফছ

-২০ইচি

(খ)কুইনালফচ

-২৫ইচি

(গ)ফেনিট্ৰোথিয়ান

-৫০ ইচি

 

(ঘ)কাৰ্বোফুৰান-৩জি

 

 

(ক)ক্লৰপাইৰিফছ

-২০ ইচি

 

(ক)কুইনালফছ

-২৫ ইচি

(খ)কাৰ্বোফুৰান-৩জি

 

(গ)ফোৰেট ১ জি

 

 

(ক)কুইনালফছ

-২৫ ইচি

 

 

(ক)ক্লৰপাইৰিফছ

-২০ ইচি

(খ)কুইনালফছ

 

০,০২%

 

৪কিলো/বিঘা

 

০,০২%

 

০,০২৫%

 

 

০,০২%

 

০,০২৫%

 

০,০৫%

 

 

৪ কিলো/বিঘা

 

 

০,০২%

 

 

০,০২৫%

 

৪কিলো/ বিঘা

 

১,৩ কিলো /বিঘা

 

 

০,০২৫%

 

 

 

০,০২%

 

০,০২৫%

বেমাৰ-আজাৰ

ব্লাষ্ট

ধানৰ পাতত এটা বা দুটা ব্লাষ্ট বেমাৰৰ দাগ দেখাৰ লগে লগেই তলত উল্লেখ কৰা ভেকুৰঁনাশক দৰৱৰ যিকোনো এবিধ বেমাৰ নিয়ন্ত্ৰন নোহোৱালৈকে ১০-১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰক।

ভেকুৰঁনাশক দৰৱ

গাঢ়তা(প্ৰ্তিলিটাৰ পানীত)

মেংকোজেৱ ০,২ শতাংশ

২ গ্ৰাম

কাৰ্বেন্দাজিম ০,১ শতাংশ

১ গ্ৰাম

প্ৰ্তি বিঘা খেতিৰ বাবে এনে দৰৱ মিশ্ৰন ৭০-১০০ লিটাৰ প্ৰয়োগ কৰক।

চিথ ব্লাইথ

চিথ ব্লাইট নিয়ন্ত্ৰনৰ বাবে প্ৰ্তি বিঘা খেতিত কাৰ্বেন্দাজিম ০,৫গ্ৰাম প্ৰ্তি লিটাৰ পানীত বা ভেলিদামাইচিন ২ মিলিলিটাৰ প্ৰ্তি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰক।প্ৰ্তি বিঘা খেতিৰ বাবে এনে দৰৱ মিশ্ৰন ৭০-১০০ লিটাৰ প্ৰয়োজন।বেমাৰৰ লক্ষন দেখাৰ লগে লগে প্ৰথমবাৰৰ দৰৱ স্প্ৰে কৰি ইয়াৰ ১০ দিনৰ পাছত দ্বিতীয়টো স্প্ৰে কৰক।

বৰ্ণসংকৰ ধান খেতিৰ সুবিধা-অসুবিধা

সুবিধা

  • অধিক উৎপাদনক্ষম জাতৰ তুলনাত গঢ় হিচাপে বৰ্ণসংকৰ ধানৰ উৎপাদন ২০ শতাংশতকৈও অধিক।
  • অইন জাতৰ ধানতকৈ বৰ্ণসংকৰ ধানৰ খেতিত কম পৰিমানৰ বীজৰ প্ৰয়োজন।
  • বৰ্ণসংকৰ ধানৰ খেতিত হোৱা মুঠ খৰচত তুলনাত ইয়াৰ পৰা পোৱা মুঠ আয় বহুখিনি বেছি।
  • বৰ্ণসংকৰ ধানৰ খেতিৰ বাবে প্ৰয়োজনীয় কাৰিকৰি কৌশল যদি ৬০ শতাংশতকৈ অধিক প্ৰয়োগ কৰা হয় তেনেহলে অৰ্থনৈতিকভাৱে ই লাভজনক।
  • অইন ধানৰ তুলনাত বৰ্ণসংকৰ ধানৰ কঠিয়াতলীৰ বাবে কম আয়তনৰ মাটিৰ প্ৰয়োজন।
  • বৰ্ণসংকৰ ধান কম কৃষিকাল বিশিষ্ট,পোক-পৰুৱা,বেমাৰ-আজাৰ আক্ৰমন প্ৰতিৰোধী,হালি নপৰা গুন বিশিষ্ট।

অসুবিধা

  • অইন ধানৰ তুলনাত বৰ্ণস্ংকৰ ধানত ৩০-৩৫ শতাংশ অধিক মনোযোগৰ প্ৰয়োজন।
  • বৰ্ণসংকৰ ধানৰ বীজ মাথো প্ৰথমবাৰহে ব্যৱহাৰ কৰিব পাৰি,ইয়াৰ বীজ খেতিয়কে দ্বিতীয় খেতিলৈ সাঁচি ৰাখিব নোৱাৰে।
কৃষি বিভাগ

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate