অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান খেতিৰ লগত কৰা ৰিলে শস্যৰ উন্নত পদ্ধতি

ধান খেতিৰ লগত কৰা ৰিলে শস্যৰ উন্নত পদ্ধতি

অসম এখন কৃষি প্ৰধান ৰাজ্য৷ ধান খেতিয়েই হ’ল অসমৰ প্ৰধান খেতি৷ অসমৰ সৰ্ব মুঠ ৭৮.৫২ হেক্টৰ মাটি কালিৰ ভিতৰত ৩৫ লাখ হেক্টৰ কৃষি শস্য ভূমিৰ প্ৰায় ২৩ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় আৰু ইয়াৰে প্ৰায় ১৮ লাখ হেক্টৰ মাটিত অকল শালি ধানৰ খেতি কৰা হয়৷ অসমৰ মুঠ কৃষি ভূমিৰ প্ৰায় ৭ লাখ হেক্টৰ মাটিতহে দুতৰপীয়া অৰ্থাৎ বছৰত দুটা খেতি যেনে – আহু – শালি ধানৰ খেতি কৰা হয় আৰু বাকী মাটিত এটা খেতি বিশেষকৈ শালিধানৰ খেতিয়েই কৰা হয়৷ অসমত বৰ্ত্তমানৰ শস্য প্ৰৱলতা (Cropping intensity) ১৪০ শতাংশৰ পৰা বৃদ্ধি কৰিবলৈ যথেষ্ট সম্ভাৱনীয়তা আছে৷ শস্য প্ৰৱলতা বৃদ্ধি কৰিবলৈ হলে বিভিন্ন খেতি পদ্ধতিৰ লগতে ৰিলে শস্য পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব৷ এই শস্য পদ্ধতি অৱলম্বন কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ লগতে আংশিকভাৱে কৃষি নিবনুৱা সমস্যাৰ সমাধান কৰিব পৰা যাব৷

ৰিলে শস্যৰ কৃষি পদ্ধতি হ’ল একেডৰা মাটিতে এটা শস্য নচপাওতে আন এটা শস্য সিঁচি কৰা কৃষি পদ্ধতি৷ এই পদ্ধতিৰে খেতি কৰিলে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে বেছিকৈ লাভৱান হোৱা দেখা যায়৷

ৰিলে শস্য পদ্ধতিত মাহজাতীয় শস্য অৰ্ন্তভূক্ত কৰি মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱ ৰাসায়নিক গুনাগুণৰ উন্নতি কৰাৰ উপৰিও বায়ুমণ্ডলত থকা ৭৮ শতাংশ নাইট্ৰোজেন আহৰণ কৰিব পাৰে৷ অতীজৰে পৰা এই ৰিলে শস্যৰ খেতি অসমত কৰি অহা হৈছে যদিও ইয়াৰ উৎপাদন বৰ ক’ম৷ সেয়েহে ৰিলে শস্যৰ কৃষি পদ্ধতিৰ পৰা সুফল পাবলৈ হলে কেইটামান দিশত গুৰুত্ব দিব লাগিব৷ সেইবোৰ হ’ল –

১) মাটি নিৰ্বাচন: ৰিলে শস্যৰ পৰা অধিক উৎপাদন পাবলৈ হলে উপযুক্ত মাটি নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়৷ পলসুৱা, বালিচানেকীয়া আৰু পানী বন্ধ নোহোৱা মাটি ৰিলে শস্যৰ খেতিৰ বাবে উপযুক্ত৷

২) শস্য বাছনি: ৰিলে শস্য পদ্ধতিৰে কৰা শস্যক্ৰমত উপযুক্ত শস্য বাছনি কৰি লোৱা দৰকাৰ৷ উপযুক্ত হ্ৰস্বম্যাদী ৰবি শস্যৰ জাত নিৰ্বাচন কৰি ৰিলে শস্য পদ্ধতিৰে কৰা শস্যক্ৰমত উপযুক্ত শস্য বাছনি কৰি লোৱা দৰকাৰ৷ উপযুক্ত হ্ৰস্বম্যাদী ৰবি শস্যৰ জাত নিৰ্বাচন কৰি খেতিডৰা কম দিনৰ ভিতৰত চপাব পৰা, বাৰিষা হোৱাৰ আগে আগে চপাব পৰা হ’ব লাগে৷ অসমত শালিধানৰ লগত কৰিব পৰা ৰিলে শস্যবোৰ হ’ল – খেচাৰি, মটৰমাহ, মচুৰমাহ, তিঁচি, গুজিতিল, ওখ জাতৰ স্থানীয় সৰিয়হ ইত্যাদি৷

৩) শালিধানৰ জাত নিৰ্বাচন: ৰিলে শস্যৰ উৎপাদনৰ ওপৰতো শালিধানৰ জাতৰ প্ৰভাৱ আছে ৷ সেয়েহে উপযুক্ত ভাৱে শালিধানৰ জাত নিৰ্বাচন কৰি লোৱা দৰকাৰ ৷ মধ্যমীয়া আৰু দীৰ্ঘম্যাদী অধিক উৎপাদনক্ষম ধানৰ সঁচ নিৰ্বাচন কৰি লোৱা দৰকাৰ ৷ তাৰোপৰি এই সঁচবোৰৰ ৰোৱাৰ তাৰতম্য ঘটাই আগতীয়াকৈ চপোৱাৰ ব্যৱস্থা কৰিব পৰা যায় আৰু ৰিলে শস্যৰ শ্ৰীবৃদ্ধিৰ কাৰণে মাটিডৰা খালি কৰিব পৰা যায়৷

৪) বীজৰ পৰিমান আৰু সিঁচাৰ সময় : সাধাৰণতে শালিধান ফুলাৰ পৰা ১৫ দিনৰ পিচত ৰিলে শস্যৰ বীজ সিঁচাৰ উপযুক্ত সময়৷ বীজ সিঁচাৰ সময়ত পথাৰডৰাত পানী ডোঙা বান্ধি থাকিব নালাগে; বোকা অৱস্থাত থাকিলে ভাল৷ শস্য ভেদে বীজৰ পৰিমান বেলেগ বেলেগ হয়৷ ৰিলে পদ্ধতিত অকলে কৰা খেতিতকৈ ২৫-৫০ শতাংশ অধীক বীজৰ প্ৰয়োজন হয় ৷ তলত শস্যভেদে বীজৰ পৰিমান দাঙি ধৰা হ’ল –

তালিকা – ১ : শস্যভেদে বীজৰ পৰিমান :

শস্যৰ নাম

বীজৰ পৰিমান

(কি. গ্ৰা. / প্ৰতি বিঘাত)

১)     খেচাৰি

২)     মটৰ মাহ

৩)     মচুৰ মাহ

৪)     তিচি

৫)     গুজিতিল

৬)    ওখ জাতৰ স্হানীয় সৰিয়হ

৬ – ৭

৯ – ১০

৫ – ৬

৩ – ৪

২ – ৩

১.৫ - ২

৫)বীজ শোধন: সিঁচাৰ আগেয়ে বীজ শোধন কৰা অতি দৰকাৰ৷ প্ৰতি কি: গ্ৰা: বীজত ২-৩ গ্ৰাম বেভিষ্টিন বা কেপটাফ্ মিহলাই লোৱা উচিত৷ তাৰোপৰি মাহজাতীয় শস্যৰ ক্ষেত্ৰত ৰাইজ’বিয়ামৰ প্ৰলেপ বীজবোৰত (৪৫ গ্ৰা: প্ৰতি কি: গ্ৰা: বীজত) দি সিঁচিলে অধিক উৎপাদন পোৱা যায়৷

৬)সাৰ প্ৰয়োগ: মাটি পৰীক্ষা কৰি মাটিত সাৰৰ চাহিদা নিৰ্ণয় কৰি  উপযুক্ত সাৰৰ নিৰ্বাচন আৰু সঠিক সময়ত ইয়াক প্ৰয়োগ কৰা দৰকাৰ৷ গবেষণাৰ পৰা পোৱা গৈছে যে –ৰিলে শস্য সিঁচাৰ ঠিক আগে আগে বিঘাই প্ৰতি ৬/৭ কি: গ্ৰা: ডি, এ, পি, সাৰ মাটিত প্ৰয়োগ কৰিলে উৎপাদন বৃদ্ধি হয়৷

৭) বন-বাত নিৰনি: বীজ সিঁচাৰ ঠিক আগে আগে শালি ধানৰ পথাৰ ডৰাৰ পৰা হাতেৰে বন-বাত আতৰাই চাফ কৰি লব লাগে৷ ৰিলে শস্যৰ বীজ সিঁচাৰ পিচত বন-বাত আঁতৰ কৰা কষ্ট সাধ্য কাম৷

৮)পোক পতঙ্গ/বেমাৰ আজাৰ প্ৰতিপালন : ৰিলে শস্যত সাধাৰণতে পোক পতঙ্গ বা বেমাৰ আজাৰৰ প্ৰভাৱ কম দেখা যায়৷ পোক পতঙ্গ বা বেমাৰ আজাৰৰ লক্ষণ দেখা দিলে উপযুক্ত ব্যৱস্থা লব লাগে৷

৯)উৎপাদন : সৰ্বভাৰতীয় কৃষি প্ৰযুক্তি প্ৰকল্পৰ (NATP) আধাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনত কৰা ৰিলে শস্যৰ গবেষণাৰ পৰা উদ্ভৱ হোৱা ফলাফল লক্ষ্য কৰিলে দেখা যায় যে এই পদ্ধতিত কৰা মটৰ মাহৰ পৰা গড় হিচাপে বিঘাই প্ৰতি ৭৬.২ কি: গ্ৰা:, খেচাৰীৰ পৰা ৬৯.১ কি: গ্ৰা:, মচুৰ মাহৰ পৰা ৫৬.২ কি: গ্ৰা: আৰু তিচিৰ পৰা ৬৭.২ কি: গ্ৰা: দানা উৎপাদন হয় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate