মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ধানৰ প্ৰবলীকৰন পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানৰ প্ৰবলীকৰন পদ্ধতি :

ধানৰ প্ৰবলীকৰন পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

সোণালী আমাৰ গাঁওখন অতি,
ধানেৰে উপচি পৰে

ধান অসমৰ প্ৰধান খাদ্যশস্য৷ অসমৰ প্ৰতিঘৰ কৃষক পৰিয়ালে কম বেচি পৰিমাণে ধানখেতি কৰি আহিছে৷ ধানখেতি অসমৰ খেতিয়কৰ প্ৰধান জীৱিকা৷ যদিও বৰ্তমান সময়ত বিভিন্ন ধৰণৰ খাদ্যশস্য কৰা হয়, তথাপিও ধানখেতিহে কৃষকৰ মাজত অধিক গুৰুত্বপূৰ্ণ৷ বিভিন্ন প্ৰাকৃতিক দুৰ্য্যোগ যেনে খৰাং বা বান পৰিস্থিতিয়ে যদিও অসমৰ কৃষক পৰিয়ালক প্ৰায় প্ৰতিবছৰেই আক্ৰান্ত কৰি আহিছে, তথাপিও অসমৰ কৃষক ৰাইজে ধানখেতি কৰিবলৈ এৰা নাই৷

সাহসী কৃষক দেশৰ বাবে গৌৰৱ৷ অসমৰ কৃষক সকলক লৈ আজি আমি সঁচাকৈয়ে গৌৰৱান্বিত৷ বিশেষকৈ ধানৰ ক্ষেত্ৰত দেখুওৱা অভূতপূৰ্ব সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ে দেশৰ ভিতৰতে অসমক শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান প্ৰদান কৰিছে৷ধানখেতি উৎপাদনৰ মূলতঃ তিনিটা কাৰক আছে, যেনে, উচ্চফলনশীল বীজ, সাৰ আৰু পানী৷ গতিকে পানী নহ’লে ধানখেতি এক ভাবিব নোৱাৰা কথা৷ অসম যদিও বৰ্ষাযুক্ত ৰাজ্য হিচাপে পৰিগণিত, বৰষুনৰ পৰিমাণ আৰু বিস্তৃতি গোটেই বছৰত সমভাবে নহয়৷ কেতিয়াবা অত্যধিক বৰষুন বা কেতিয়াবা অনিয়মিত বৰষুন; এনেকুৱা বৈশিষ্ট্যপূৰ্ণ বৰষুনৰ ওপৰত নিৰ্ভৰ কৰি ধানখেতি কৰিব নোৱাৰি৷ সম্প্ৰতি অগভীৰ নলীনাদৰ দ্বাৰা ধানখেতিত জলসিঞ্চন কৰা এক সমস্যাৰূপে দেখা দিছে৷ যিহেতু জলস্তৰ ক্ৰমান্বয়ে নামি আহিছে, লগে লগে জলউত্তোলনৰ খৰচ বৃদ্ধি পাইছে৷ তাতে আকৌ জলসিঞ্চনৰ পানীত আৰ্ছেনিক তথা অন্যান্য গধুৰ মৌলৰ উপস্থিতিয়ে এক ভয়াবহ ইংগিত বহন কৰিছে৷ এই সকলোবোৰ সমস্যাৰ বিকল্প হিচাপে এক নতুন কৃষি প্ৰযুক্তি কৃষকৰ ওচৰলৈ আহিছে যাৰ প্ৰধান উদ্দেশ্য হ’ল “প্ৰতি টোপাল পানীত বেছি শস্য“ (per drop more crop)৷ দ্বিতীয় উদ্দেশ্যটো হ’ল পৰিষ্কাৰ, সেউজীয়া আৰু জৈৱিক খাদ্যৰ সেৱন (eat clean, green and organic)৷ সেই কৃষি পদ্ধতিটোৰ নামেই হ’ল ধানৰ প্ৰবলীকৰণ পদ্ধতি (System of Rice Intensification)৷ SRI পদ্ধতি বা অসমীয়াত ধানখেতিৰ প্ৰবলীকৰণ পদ্ধতি নামে জনাজাত এই পদ্ধতিৰ উদ্ভাৱক এগৰাকী খ্ৰীষ্টিয়ান ফাডাৰ হেনৰি ডি ল’লানি৷ আফ্ৰিকা মহাদেশৰ মাডাগাস্কাৰৰ খেতিয়কসকলক 1980 চনত পোনপ্ৰথমবাৰৰ বাবে ধানখেতিত SRI পদ্ধতিৰ কৌশল প্ৰদৰ্শন কৰে৷ ভাৰতবৰ্ষত 2004 চনত ধান গৱেষণা সঞ্চালকালয়ৰ তৰফৰ পৰা অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই পদ্ধতিৰ পৰীক্ষা কৰা হয়৷

SRI পদ্ধতি এটা স্থিৰ শিল্প বিজ্ঞান (fixed technology) নহয়, বৰঞ্চ কিছুমান প্ৰধান যুক্তি আৰু কৌশলৰ সংমিশ্ৰণ৷

SRI পদ্ধতিৰ বিভিন্ন বিশেষত্বসমূহ হ’ল -

  1. এই পদ্ধতিয়ে এখন ঘৰৰ আৰ্থিক উৎপাদন বঢ়ায়৷
  2. মাটিৰ গুণাগুণ বৃদ্ধি কৰে৷
  3. বিভিন্ন প্ৰতিকূল বতৰ, পোক-পতংগ আৰু বিভিন্ন বেমাৰৰ পৰা সংৰক্ষণ কৰে৷ কাৰণ এই পদ্ধতিত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ পৰিবৰ্তে জৈৱিক বা পচনসাৰ ব্যৱহাৰ কৰা হয়৷
  4. এই পদ্ধতিত সাধাৰণ পদ্ধতিতকৈ কম বীজৰ প্ৰয়োজন হয়৷
  5. এই পদ্ধতিত বহুত কম শ্ৰমিকৰ প্ৰয়োজন হয়৷ এই কাৰণৰ বাবেও কৃষক সমাজে বহুত সোনকালেই এই পদ্ধতিটো আকোঁৱালি লৈছে৷ এই বিশেষ বৈশিষ্ট্যটোৰ কাৰণে এই পদ্ধতিটো “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন“ৰ লগত সংলগ্ন কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷
  6. পানীৰ প্ৰয়োজনীয়তা কমায়৷

এই পদ্ধতিটো অলপ বিস্তৃতভাৱে তলত উল্লেখ কৰা হ’ল –

ধানখেতিৰ প্ৰথম আৰম্ভণি হয় কঠীয়াতলিত৷ এই পদ্ধতিত কঠীয়াতলি প্ৰস্তুত প্ৰণালীটো অলপ পৃথক৷

  1. এই পদ্ধতিত সাধাৰণ পদ্ধতিতকৈ দহ ভাগৰ এভাগ বীজৰহে প্ৰয়োজন হয়৷ সাধাৰণ পদ্ধতিত এবিঘা মাটিত প্ৰায় সাতৰ পৰা দহ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়৷ কিন্তু এই পদ্ধতিত মাত্ৰ 300 ৰ পৰা 700 গ্ৰাম বীজহে প্ৰয়োজন হয়৷ সিচাৰ আগতে বীজখিনি 24 ঘণ্টা পানীত তিয়াই থোৱা হয় গজালি ওলাবৰ বাবে, তাৰপৰা ৰুগীয়া আৰু পতান বীজখিনি বাচি আঁতৰাই লব লাগে৷
  2. কঠীয়াতলি শুকানকৈ প্ৰস্তুত কৰা হয় য’ত দুভাগ গুৰি মাটি আৰু এভাগ জৈৱিক সাৰৰ মিশ্ৰণ থাকে৷ জৈৱিক সাৰৰ মিশ্ৰণত অলপ শুকান তুহঁগুৰি মিশ্ৰিত কৰিলে কঠীয়া উঠাওতে সহজ হয়৷
  3. কঠীয়াতলিৰ জোখ 1 মিটাৰ বহল x 20 মিটাৰ দীঘল৷ এইটো জোখত এক কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়৷
  4. ইয়াত বীজবোৰ পাতলকৈ সিচা হয়৷ বীজ সিচাৰ পাছত ৰ’দ বৰষুনৰ পৰা ৰক্ষা কৰিবলৈ বীজতলিখন শুকান আৰু পুৰনা ধানখেৰেৰে পাতলকৈ ঢাকি দিয়া হয়৷ প্ৰয়োজন সাপেক্ষে পুৱা গধূলি পানী চতিয়াই দি বীজতলীখন সিক্ত কৰি ৰাখিব লাগে৷ এই পদ্ধতিৰে বড়ো বা আহুধান কৰিব লাগে কাৰণ সেইটো সময়ত বৰষুন নেথাকে৷ সেইকাৰণে ৰাতিপুৱা গধূলি পানীযোগান ধৰি জীপাল কৰি ৰখা হয়৷
  5. ঢাকি দিয়াৰ 5 দিন মান পিছত যেতিয়া ধান গজি উঠিব তেতিয়া খেৰখিনি আঁতৰাই দিব লাগে৷ নহ’লে পিছত কঠীয়া উঠাবলৈ অসুবিধা হয়৷
  6. কঠীয়াৰ বয়স 8-14 দিন হ’লে (শালি) আৰু 15-18 দিন (বড়ো) হ’লে মূল পথাৰত ৰুবৰ বাবে উপযুক্ত হয়৷

পথাৰ প্ৰস্তুতি -

কঠীয়াতলি প্ৰস্তুত কৰাৰ লগে লগে মূল পথাৰ প্ৰস্তুত হৈ থাকিব লাগে৷ কঠীয়াতলি সদায় মূল পথাৰৰ ওচৰত হব লাগে যাতে কঠীয়া নিওতে সময় আৰু শক্তি কম লাগে৷ কঠীয়াতলিৰ পৰা কঠীয়া উঠোৱাৰ 15-30 মিনিটৰ ভিতৰত মূল পথাৰত ৰুব লাগে৷

  1. মূল পথাৰত 2 মিটাৰৰ অন্তৰত এটাকৈ নলা ৰাখিব লাগে যাতে অতিৰিক্ত পানী ওলাই যায়৷
  2. মূল পথাৰ সমান হ’ব লাগে কাৰণ এই পদ্ধতিত কঠীয়া চাপৰ হয়৷
  3. এক বৰ্গ মিটাৰত 16টা পুলি ৰুব লাগে৷ বেচি ঠাই পালে ধানে বেছি পোখা দিয়ে৷ লগতে শিপাৰ গঠনৰো বৃদ্ধি বেচি হয় আৰু পুষ্ট দানাৰে ভৰা ধানৰ ঠোক পাব পাৰি৷ আঁতৰে আঁতৰে ৰোৱাৰ ফলত প্ৰতি গোছা কঠীয়াই বেচি ৰ’দ, বতাহ, পানী আৰু সাৰ পায় আৰু বন নিয়ন্ত্ৰণত সহায় হয়৷
  4. এই পদ্ধতিত যিহেতু কম বয়সীয়া কঠীয়া উঠোৱা হয়, ৰোৱাৰ সময়ত শিপা বা কঠীয়াই যাতে আঘাত নেপায় তালৈ লক্ষ্য ৰাখিব লাগে৷ বীজ, মাটি আৰু শিপাৰে সৈতে কঠীয়াবোৰ উঠাই, ঠিক তেনেকৈয়ে মূল পথাৰত ওপৰতে ৰুব লাগে৷ ৰুৱোতে শিপা ভাজ খাব নেলাগে, ভাজ খালে সজাল ধৰাত সময় লব৷
  5. এই পদ্ধতিত পথাৰত পানী বন্ধ হৈ নেথাকে বাবে বনৰ প্ৰাদুৰ্ভাৱ অধিক৷ সেই কাৰণে বন নিয়ন্ত্ৰন কৰিবৰ বাবে ’বন নিৰণি’ ( Cono weeder) যন্ত্ৰ শাৰীৰ মাজত দুই চাৰিবাৰ চলালে বন নিয়ন্ত্ৰন হোৱাৰ উপৰিও বনবোৰ মাটিৰ লগত মিহলি হৈ জৈৱিক সাৰলৈ পৰিণত হয়, আৰু শিপাই উশাহ পায়৷
  6. এই পদ্ধতিত মাজে মাজে পথাৰখন শুকুৱাই দিব লাগে৷ প্ৰথম যেতিয়া কঠীয়া ৰোৱা হয়, তেতিয়া পাতলকৈ পানী দিব লাগে আৰু পৰবৰ্তী সময়ত পথাৰত যেতিয়া চুলি সদৃশ মাটিত ফাটঁ মেলিব তেতিয়া আকৌ এবাৰ পানী যোগান ধৰিব লাগে৷ ধানখেতিৰ মণি ধৰা সময়লৈকে পানী যোগান ধৰাটো প্ৰয়োজনীয়৷
  7. গুটি সিচাঁৰ পৰা 60 দিনৰ ভিতৰত সাৰ প্ৰয়োগ কৰিলে খেতি ভাল হয়৷ (3 কেজি পটাছ প্ৰতি বিঘা আৰু 6 কেজি ইউৰিয়া প্ৰতি বিঘা)
  8. যদি কঠীয়াতলি মূল পথাৰৰ পৰা দূৰত হয়, তেতিয়া মেট পদ্ধতিত (Mat method) ঘৰতো কঠীয়া প্ৰস্তুত কৰিব পৰা যায়৷ তেতিয়া এখন মেট উঠাই লৈ এখন ঠাইৰ পৰা কঠীয়াবোৰ আন এখন ঠাইলৈ সহজতে নিব পাৰি৷ মেট পদ্ধতিত দুভাগ মাটি আৰু এভাগ জৈৱিক সাৰৰ মিশ্ৰণ ব্যৱহাৰ কৰা হয়৷ এখন পলিথিন বা কলপাত তলত পাৰি লৈ এটা সৰু ফ্ৰেম এক মিটাৰ বহুল X আধা মিটাৰ দীঘল (চাৰিটা ভাগ লৈ) মাটিৰ মিশ্ৰণ দি ওপৰত বীজ দিয়া হয় আৰু পিছত অলপ পানী দি ফ্ৰেমটো লাহেকৈ আঁতৰাই দিব লাগে৷

শালি বতৰত কঠীয়াতলী খন অলপ ওখ ঠাইত হব লাগে যাতে পানী ওলাই যায়৷ সম্পূৰ্ণ SRI পদ্ধতিৰ প্ৰয়োগ কৰিব নোৱাৰিলেও, কঠীয়াৰ স্বাস্থ্য ভাল হ’লেও আমি ভাল উৎপাদন পাব পাৰো৷ যদি কঠীয়াৰ বয়স বাঢ়ি যায়, দূৰত্বটো কমাব লাগিব৷ কঠীয়াৰ বয়স বাঢ়ি যোৱাৰ লগে লগে পোখা মেলাৰ ক্ষমতা কমি যায়৷ এই পদ্ধতিৰে আমি থলুৱা ধানৰ খেতিও কৰিব পাৰো৷ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ কেতিয়াও একেলগে প্ৰয়োগ কৰিব নেলাগে৷

এই পদ্ধতিত ধানৰ উৎপাদনঃ

  • এক একৰত প্ৰায় আশীৰ পৰা এশ মোন (80-100) ধান পোৱা যায়৷
  • এই পদ্ধতিটো সঠিক ৰূপত প্ৰয়োগ কৰিব পাৰিলে অসমৰ কৃষিৰ ক্ষেত্ৰখন আৰু অধিক উন্নত আৰু সবল হোৱাৰ সম্ভাৱনা আছে৷

লিখক :- শ্ৰীমতী মাধুৰীমা ডেকা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top