মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / নাৰিকল উন্নয়ন বোৰ্ডৰ আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকল উন্নয়ন বোৰ্ডৰ আঁচনি

নাৰিকল উন্নয়ন বোৰ্ডৰ আঁচনি লিখা হৈছে

নাৰিকল উন্নয়ন বোৰ্ড ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত 12 জানুৱাৰী 1981 চনত মূখ্য কাৰ্য্যালয় কোচি,কেৰেলাত স্থাপন কৰা হৈছিল।নাৰিকল উন্নয়ন বোৰ্ডৰ ক্ষেত্ৰীয় কাৰ্য্যালয় পূৱ আৰু উত্তৰ-পূৱ গুৱাহাটীত অৱস্থিত আৰু পূৰ্ব্বাঞ্চলৰ নাৰিকল খেতিৰ সমূহীয়া উৎপাদন বৃদ্ধি আৰু প্ৰসাৰৰ কাৰণে 1985 চনৰ পৰাই কাম কৰি আহিছে।বোৰ্ডে 1987 চনত অভয়াপুৰী বঙাইগাওঁ জিলাত 40 হেক্টৰৰ মাটিৰ এখন ফাৰ্ম স্থাপন কৰে।ফলত উন্নতমানৰ ৰোপণ সামগ্ৰী ওৱাৰ লগতে প্ৰশিক্ষণ দিয়া হয়।

নাৰিকল গছ(Cocos nucifera Linn)পৃথিৱীৰ প্ৰয়োজনীয় গছবোৰৰ ভিতৰত এজোপা।ব্যৱহাৰ আৰু গুণাগুঅণৰ ওপৰত ভিত্তি কৰি নাৰিকল গছক ‘কল্পবৃক্ষ’ বা ‘সৰগৰ গছ’ নামে জনা যায়।

নাৰিকল উন্নয়ন বোৰ্ডৰ আঁচনি:

 

ক)নাৰিকল বাগান স্থাপনৰ বাবে সাহাৰ্য্য(Coconut Orchard):

উদ্দেশ্য:-

 

জন-জাতিৰ অধীনত কৰিব পৰা বিশাল ভিত্তিত নাৰিকল বাগান স্থপন কৰা।

আঁচনিৰ মুঠ খৰচৰ(1.60 লাখ প্ৰতি হেক্টৰ)25% খৰচ)40,000 টকা)প্ৰতি হেক্টৰত দুটা সমকিস্তিত দুই বছৰৰ বাবে অনুদান দিয়া হ’ব।

আঁচনিৰ বিৱৰণ:-

 

1)একেটা ঠাইত নিম্নতম 25 হেক্টৰ(4000 জোপা)হ’ব লাগিব।

2)এই আঁচনি পাবৰ বাবে খেতিয়কৰ নিম্নতম 0.2 হেক্টৰ মাটি অথবা 32 জোপা গছ লগাব লাগিব।

খ)নাৰিকলৰ অধীনত থকা এলেকাসমূহৰ বৃদ্ধিৰ যোজনা:(Area Expansion Programme):

উদ্দেশ্য:

 

1)ভৱিষত্যে নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে ক্ষুদ্ৰ তথা প্ৰান্তিক খেতিয়কক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা।

2)এই আঁচনিৰ জৰিয়তে নাৰিকলৰ অধীনত এলেকা বৃদ্ধিৰ দ্বাৰা দেশৰ মুঠ উৎপাদন বৃদ্ধি কৰা।

আৰ্থিক সাহাৰ্য্য:

 

ক)প্ৰতি হেক্টৰত 13750 টকা দুই সমকিস্তিত দুই বছৰৰ বাবে অনুদান(অসম,মেঘালয়,ত্ৰিপুৰা,মিজোৰাম)অথবা 85.92/- টকা প্ৰতি জোপা নাৰিকল পুলিত দুই বছৰৰ বাবে অনুদান।

খ)প্ৰতি হেক্টৰত 6500/- টকা সমকিস্তিত দুই বছৰৰ বাবে অনুদান(নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ)অথবা 40.62/- টকা প্ৰতিজোপা নাৰিকল পুলিত দুই বছৰৰ বাবে দুই সমকিস্তিত অনুদান।

অনুদান পোৱাৰ যোগ্যতা:

 

1)খেতিয়কে অতি কমেও 10 জোপা নাৰিকলৰ পুলি ৰুব লাগিব আৰু উচ্চতম 4 হেক্টৰলৈকে পুলি লগাব লাগিব।

2)প্ৰতিহেক্টৰত লগাব লগা পুলিৰ সংখ্যা 160 জোপা।

3)গোটৰ জৰিয়তে সংহত কৃষি ব্যৱস্থাপনাৰ দ্বাৰা উৎপাদন বৃদ্ধি ।

এই আঁচনিৰ উদ্দেশ্য হৈছে খেতিয়কৰ সহযোগিতাৰ দ্বাৰা উপযুক্ত আৰু সময়মতে কৃষি পদ্ধতিৰ গ্ৰহণৰ দ্বাৰা উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধি আৰু প্ৰতি এককৰ পৰা পোৱা আৰ্জিত আয়ৰ উন্নতিকৰণ।

গ)নাৰিকলৰ উৎপাদনৰ বৃদ্ধিৰ বাবে প্ৰদৰ্শন ভূমিৰ শাখা(Laying out at demonstration plots):

উদ্দেশ্য:-

 

আঁচনিৰ লক্ষ্য হৈছে খেতিয়কক আধুনিক কৌশল প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা আৰু ফলাফল ভিত্তিত উৎপাদন পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰা।

আৰ্থিক সাহাৰ্য্য:-প্ৰতিহেক্টৰত 35000/- টকা দুই সমকিস্তিত দুইবছৰৰ বাবে অথবা 100 টকা প্ৰতি জোপা লগা নাৰিকল গছ(দুই বছৰৰ বাবে)।

অনুদান পোৱাৰ বাবে যোগ্যতা:-

 

প্ৰদৰ্শন সমষ্টিৰ আকাৰ 25 হেক্টৰ(4375 জোপা নাৰিকল গছ)।

ঘ)জৈৱিক সাৰৰ একক স্থাপনৰ বাবে সাহাৰ্য্য(Organic Manure Unit):-

উদ্দেশ্য:-নাৰিকল গছত জৈৱিক সাৰ যেনে-কেঁচুসাৰ,কয়ৰ পিথ,FYM আদিৰ ব্যৱহাৰ বৃদ্ধি কৰা।

আৰ্থিক সাহাৰ্য্য:-60,000 টকা প্ৰতি কেঁচুসাৰ একক স্থাপনৰ বাবে।

টেংকৰ জোখ:-60 ফুট*8 ফুট*2.5 ফুট

ঙ)নিজ মালিকাধীন নাৰিকল নাৰ্ছাৰী স্থাপনৰ বাবে সাহাৰ্য্য(Private Nursery):-

উদ্দেশ্য:-খেতিয়কক উত্তম গুণ বিশিষ্ট নাৰিকলৰ পুলি যোগান দিয়াৰ অৰ্থে ব্যক্তিগত ক্ষেত্ৰত নাৰ্ছাৰী স্থাপন কৰা।

আৰ্থিক সাহাৰ্য্য:-নাৰিকলৰ উন্নয়ন বোৰ্ডে নাৰ্ছাৰী স্থাপনৰ বাবে মুঠ খৰচৰ 25% অথবা 25000 পুলিৰ বাবে দুইলাখ টকালৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

পুলি উৎপাদন:-সাহাৰ্য্য পাবৰ বাবে অতি কমেও 6250 টা পুলি আৰু সৰ্বোচ্চ 25,000 পুলি উৎপাদন কৰিব লাগিব।

চ)নাৰিকল বীজ বাগিছা স্থাপনৰ বাবে সাহাৰ্য্য(Nucleus seed garden):-

 

উদ্দেশ্য:-উন্নতমানৰ বীজ বাগিছা স্থাপন কৰাৰ লগতে উৎকৃষ্ট হাইব্ৰীড পুলি উৎপাদন কৰা।

আৰ্থিক সাহাৰ্য্য:-প্ৰজেক্ট মূল্যৰ 25% অথবা 6 লাখ টকা তিনিটা কিস্তিত-

3 লাখ(1ম বছৰ)+1.5 লাখ(2য় বছৰ)+1.5 লাখ(3য় বছৰ)

আঁচনিৰ বিৱৰণ:

এলেকা 4 হেক্টৰ(600-700 জোপা গছ লগাব লাগিব।)

আৰ্থিক সাহাৰ্য্য বাগিছাখনৰ মুঠ মাটি(এলেকাৰ)ওপৰত ভিত্তি কৰি দিয়া হয় অথবা মুঠ প্ৰজেক্ট মূল্যৰ 25% দিয়া হয়।

প্ৰজেক্ট চৰ্ত:-প্ৰজেক্টৰ আৰ্থিক সম্পন্নতা বেংকৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব।

(Back ended credit linked bankable project)

ছ)প্ৰয়োগিক মিছনৰ অধীনত বিত্তীয় সহায়তা(Technology Mission on Coconut):-

নাৰিকল উন্নয়ন বোৰ্ডে প্ৰায়োগিক মিছনৰ অধীনত সভাৱিক উদ্যোগীক নাৰিকলৰ উদ্যোগ স্থাপন আধুনিকীকৰণ/বহলাবৰ বাবে আৰু মূল্য বৰ্দ্ধিত(Value added)নাৰিকলৰ  বস্তু প্ৰস্তুতকৰণত উৎসাহিত কৰিবলৈ উদ্যোগ স্থাপনৰ বাবে প্ৰজেক্ট মূল্য 25%(সৰ্বাধিক 50 লাখ টকা)লৈ সাহাৰ্য্য প্ৰদান কৰে।

বিপণন প্ৰচাৰভিযানৰ বাবে মুঠ প্ৰজেক্ট মূল্য 50%(সৰ্বাধিক 10 লাখ টকা)ৰ বাবে আৰু 100%(সৰ্বাধিক 25 লাখ টকা)চৰকাৰী এজেঞ্চি আৰু co-operative societiesক সাহাৰ্য্য প্ৰদান কৰা হয়।

প্ৰশিক্ষণ কাৰ্য্যক্ৰম:-

 

1)নাৰিকল গছৰ বন্ধু:-(Friends of Coconut Tree,FOCT):নাৰিকল গছত উঠা আৰু গছৰ সুৰক্ষাৰ প্ৰশিক্ষণ:18ৰ পৰা 40 বছৰৰ নিবনুৱা যুৱক/যুৱতীৰ 20 জনীয়া দলক ছয়দিনৰ বাবে এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে।

2)নাৰিকলৰ খাদ্য বস্তু প্ৰস্তুতকৰণ প্ৰশিক্ষণ:-(Coconut Based convenience Food Training):নাৰিকল উন্নয়ন বোৰ্ডৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্য্যালয়ত 10 জনীয়া দলক চাৰিদিনৰ বাবে এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে।

3)নাৰিকল হস্ত-শিল্প প্ৰশিক্ষণ:-(Coconut Handicraft Training)

পোন্ধৰ দিনৰ বাবে পোন্ধৰজনীয়া দলক এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে।

নাৰিকলৰ খেতি আৰু যতন:-

 

  • জলবায়ু আৰু মাটি:-নাৰিকল গছ প্ৰধানত গছ আৰু বিষুৱৰেখাৰ 20° উত্তৰৰ পৰা 20° দক্ষিণলৈ সিঁচৰিত হৈ আছে।নিয়মিত হাৰত বছৰি 2000 মিমি বৰষুণ নাৰিকল গছৰ আকাৰ আৰু ফলৰ বৃদ্ধিৰ বাবে অতি দৰকাৰ।
  • নাৰিকল খেতি বিভিন্ন মাটিত হ’লেও পসুৱা,বালিচহীয়া,ৰঙা,ৰঙা দোমোজা মাটি হ’লে ভাল।বানপানী হোৱা ঠাইত আৰু দ মাটিত নাৰিকল বান্ধ দি ৰুব লাগে।
  • নাৰিকলৰ জাত:-আসাম টল,কামৰূপা অসমৰ মাটিৰ তথা জলবায়ুৰ বাবে উপযোগী।সংকৰ জাত ডি*টি,টি*ডি ব্যৱসায়ভিত্তিক খেতিৰ বাবে আৰু চাপৰ জাত আলংকিক গছ হিচাপে ঘৰৰ চৌহদত ৰোপণ কৰা হয়।
  • ৰোপণ সামগ্ৰী:-9-12 মাহ বয়সীয়া পুলি অন্তত: 6-7 খন সেউজীয়া পাত আৰু গুৰিটো 10-12 ছেমি মোটা পুলি ৰোৱাব বাবে নিৰ্বাচন কৰিব লাগে।
  • স্থান নিৰ্বাচন:-বাৰিষা পানী জমা নোহোৱা আৰু নলা কাটি পানী উলিয়াই দিয়াৰ সু-ব্যৱস্থা থকা স্থান নিৰ্বাচন কৰিব লাগে।
  • মূখ্য স্থানত ৰোপণ কৰাৰ সময়:-নাৰিকল পুলি উচ্চ ঠাইত এপ্ৰিল-মে আৰু নিম্ন ঠাইত ছেপ্তেম্বৰ,অক্টোবৰৰ ভিতৰত ৰুব পৰা যায়।
  • পুলি ৰোৱাৰ দূৰত্ব:-বৰ্গ পদ্ধতিত পুলি 7.5মি*7.5মি হ’ব লাগে।প্ৰতি হেক্টৰত 156 ডাল পুলি অৰ্থাৎ প্ৰ্তি বিঘাত 21 ডাল পুলি ৰুব পৰা যায়।
  • গাঁতৰ আকাৰ:-নাৰিকল পুলি ৰোৱাৰ বাবে গাঁতৰ আকাৰ 1মি*1মি*1মি হ’ব লাগে।
  • গাঁত পোৰন:-পুলি লগোৱাৰ আগে আগে গাঁতটো 50ছেমিৰ পৰা 60ছেমি মাটি আৰু শুকান গোবৰ বা জৈৱিক সাৰ গুড়ি কৰি মাটিৰ লগত মিহলাই পূৰাব লাগে আৰু পুলিটো গাঁতটোৰ সোঁমাজত ৰাখি মাটিৰে নাৰিকলটো পোত যোৱাকৈ এনেধৰণে হেঁচি দিব লাগে যাতে পুলিৰ গুৰিটো মাটিৰে ঢাক নাখায়।পুলি ৰোৱাৰ লগে লগে গছত পানী দিব লাগে আৰু 15 ছেমি ওখ এটা বান্ধ গাঁতটোৰ চাৰিওফালে বান্ধিব লাগে যাতে বৰষুণৰ পানী গাঁতটোৰ ভিতৰলৈ সোমাব নোৱাৰে।পুলি ৰোৱা মাটিত উঁই পোক থকাৰ সম্ভাৱনা থাকিলে 100 গ্ৰাম Cholophyriphos 10 শতাংশ গাঁতৰ মাটিত মিহলাই দিব লাগে আৰু পুলি ৰোৱাৰ আগতে Sevidol নামৰ ঔষধবিধ 5 গ্ৰাম গাঁতৰ মাটিত মিহলাই দিব লাগে।কঠিন মাটি ঢিলা কৰিবলৈ গাঁতৰ তলিত 1 কেজি নিমখ দিব লাগে।
  • নতুন পুলিৰ যতন:-নতুনকৈ ৰোৱা পুলিবোৰত গ্ৰীষ্ম আৰু শীতকালত দুবাৰকৈ পানী দিব লাগে।নতুনকৈ লগোৱা পুলিত পাতল ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বতাহত যাতে হালি যাব নোৱাৰে তাৰ বাবে বাঁহৰ মাৰি পুতি তাত বান্ধি দিব লাগে।
  • সাৰৰ প্ৰয়োগ:-নাৰিকল গছৰ বৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰত্যেক বছৰতে সাৰ প্ৰয়োগ কৰিব লাগে।প্ৰতিজোপা গছত বছৰি প্ৰয়োগ কৰিব লগা ৰাসায়নিক সাৰৰ পৰিমাণ দিয়া হ’ল-

বয়স

সাৰৰ পৰিমাণ

বয়স

সাৰৰ পৰিমান

পুলি ৰোৱাৰ পাছত

 

1 ম বছৰ

 

২য় বছৰ

সাৰৰ 10 ভাগৰ 1 অংশ

 

সাৰৰ 3 ভাগৰ 1 অংশ

 

সাৰৰ 2 ভাগৰ 1 অংশ

3য় বছৰ

 

8ৰ্থ বছৰ

সাৰৰ 3 ভাগৰ 2 অংশ

 

সম্পূৰ্ণ পৰিমাণৰ সাৰ

 

 

সাৰৰ পৰিমাণ:

 

ইউৰিয়া 1কেজি+SSP 2কেজি+MOP 2কেজি মিহলাই দুভাগ কৰি এটা ভাগ মে’ জুন আৰু আনটো ভাগ অক্টোবৰ-নবেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে।ওপৰত দিয়া সাৰৰ লগত 30কেজি পচা গোবৰ/পচন সাৰ/কেঁচুসাৰ আৰু 50 গ্ৰাম সুৱগা প্ৰতি বছৰে গছৰ গুৰিৰ পৰা 1.5 দুৰত্বত 20-30 ছেমি দ আৰু 30 ছেমি বহলকৈ গছৰ চাৰিওফালে এটা গাঁত কৰি প্ৰয়োগ কৰিব লাগে।সাৰ দি নলাটো মাটিৰে ঢাকি দিব লাগে।

     

    জলসিঞ্চন:

     

  • খৰালী দিনত(নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী)নাৰিকল গছৰ গুৰিত(2মি ব্যাসাৰ্দ্ধত)প্ৰতি চাৰিদিনৰ অন্তৰে অন্তৰে 150-200 লিটাৰ পানী দিলে নাৰিকল উৎপাদন 30-40 শতাংশ বৃদ্ধি পায়।নাৰিকল গছৰ গুৰিত শুকান পাত,পচা খেৰ,কয়ৰ পিথ,নাৰিকলৰ বাকলি,সেউজীয়া পাত,পচা জাবৰ,নাৰিকলৰ পাত সিঁচৰিত কৰি থলে মাতি জীপাল কৰি ৰখাৰ লগতে মাটিৰ উৰ্ব্বৰতা শক্তি বঢ়াই আৰু বেচি দিনৰ ব্যৱধানত জলসিঞ্চন কৰিব পৰা যায়।
  • বেমাৰ আৰু পোক পৰুৱা নিয়ন্ত্ৰণৰ ব্যৱস্থা:-কোঁহ পচা ৰোগত(Bud rod)আক্ৰান্ত গছৰ মুকুটাংশ পৰিষ্কাৰ কৰি সেই ঠাইত বৰড’ মলমেৰে প্ৰলেপ দিব লাগে।বেমাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত গছ কাটি পুৰি পেলাব লাগে।যদি গছজোপা গেন’ডাৰমা ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেনেহ’লে কেলিক্সিন(Calixin)2 মিলি 100 মিলি পানীত মিহলাই তিনিমাহৰ মূৰে মূৰে শিপাৰ জৰিয়তে(root feeding) প্ৰয়োগ কৰিব লাগে।50 গ্ৰাম-100 গ্ৰাম সুৱগা(Borax) মুকুট বন্ধন ৰোগত আক্ৰান্ত গছত প্ৰয়োগ কৰিব লাগে।কাণ্ড ৰসক্ষৰণ(Stem Bleeding) ৰোগৰ পৰা ৰক্ষা পাবলৈ ৰস ওলোৱা ঠাইখিনি চোকা কটাৰীৰে ৰুকি পৰিষ্কাৰ কৰি 5%(5 মিলি 100 মিলি পানীত)কেলিক্সিন প্ৰয়োগ কৰিব লাগে।
  • গড় পোকৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা তাঁৰৰ হাকোটাৰে পোক উলিয়াই মাৰি পেলাব লাগে।পাতৰ আগত 4 টা কফুৰ বল দিব পাৰে।
  • ৰঙা উইভিল পোকৰ পৰা ৰক্ষা পাবলৈ গছৰ মুকুটাংশ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু আক্ৰমণ কৰি মাৰি পেলোৱা গছবোৰ উভালি পুৰি পেলাব লাগে।ফেৰ’মন ট্ৰেপ ব্যৱহাৰ কৰি উইভিল পোকক আকৃষ্ট কৰিব পাৰি।এন্দুৰৰ পৰা ৰক্ষা পাবৰ কাৰণে এন্দুৰ ধৰা ফান্দ ব্যৱহাৰ কৰিব পাৰি।
  • নাৰিকল উৎপাদককাৰী সমিতি(Coconut Producers Society):-

     

    উদ্দেশ্য:-অসংগঠিত নাৰিকল কৃষকক উমৈহতীয়া মঞ্চ প্ৰদান কৰা।

    নাৰিকল উৎপাদক সমিতি নাৰিকল উন্ন্য়ন বোৰ্ডৰ নতুন পদক্ষেপ।বোৰ্ডৰ উন্নয়নমূলক আঁচনিসমূহ এই উৎপাদক সমিতিৰ জৰিয়তে ৰূপায়ণ কৰা হয়।

    সহায়কনিৰ্দেশক:-নাৰিকলউন্নয়নবোৰ্ড,প্ৰদৰ্শনসহ বীজ উৎপাদন পাম বাতাবাৰী,অভয়াপুৰী,জিলা:বঙাইগাওঁ,অসম,পিন:783384 ফোন নং-0364-210025 Email:cdbdspabhayapuri@gmail.com

    নাৰিকল উন্নয়ন বোৰ্ডৰ জাৰ্নেল প্ৰাপ্তিৰ বাবে:

     

    INDIAN COCONUT JOURNAL:

    বাৰ্ষিক মূল্য: 60 টকা

    প্ৰতিখনৰ মূল্য: 6 টকা

    BHARATIYA NARIYOL PATRIKA

    বাৰ্ষিক মূল্য: 40 টকা

    প্ৰতিখনৰ মূল্য:6 টকা

    আজীৱন 30 বছৰৰ মূল্য-1000 টকা

    উৎস:নাৰিকল উন্নয়ন বোৰ্ড(কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়,ভাৰত চৰকাৰ)

3.08108108108
Narayan Sonowal Sep 12, 2018 08:55 PM

Very nice

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top