মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / নাৰিকল-তামোল গছত পানীৰ ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকল-তামোল গছত পানীৰ ব্যৱস্থাপনা

নাৰিকল-তামোল গছত পানীৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

অসমৰ মাটি আৰু জলবায়ু নাৰিকল আৰু তামোল শস্যৰ বাবে অনুকূল যদিও উজনি অসমত মাটিৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি নাৰিকল, তামোল শস্যতকৈ চাহ শস্য বেছিকৈ কৰা হয়। তথাপি গৃহ থৰ ঘৰত তামোল-নাৰিকলৰ গছ দেখিবলৈ পোৱা যায়।

কিন্তু যোৰহাট জিলাৰ পৰা নামনি অসমৰ ধুবুৰী জিলালৈকে তামোল-নাৰিকলৰ প্ৰয়োভৰ দেখা যায়। নগাওঁ, কামৰুপ, নলবাৰী, বৰপেটা, মঙলদৈ, বঙাইগাওঁ, শোণিতপুৰ জিলাত বহুতো কৃষকে তামোল-নাৰিকলৰ বাগিচা পাতি খেতি কৰে ।

নাৰিকল-তামোল নাতিশীতোষ্ণ অঞ্চলৰ এক বীজপত্ৰী উদ্ভিদ । এই শস্য বিলাকৰ বাবে গৰম-সেমেকা জলবায়ু আৰু সাগৰীয় পাৰৰ সেমেকা মাটিৰ প্ৰয়োজন হয় যদিও অসমত বেছি বৰষুণ হোৱা বাবে ইহঁতৰ খেতি কৰিব পাৰি ।

তামোল-নাৰিকল গছক বাৰমাহে পানীৰ প্ৰয়োজন যাতে গছৰ গুৰিৰ মাটিভাগ সেমেকি থাকে অৰ্থাৎ জীপাল হৈ থাকে । কিন্তু অসমত খৰালি কালত বিশেষকৈ পুহ, মাঘ-ফাগুন, চ’ত মাহত বৰষুণ নোহোৱা বাবে গছৰ গুৰি শুকান হৈ থকাত গছে সঠিকভাৱে আহাৰ সংগ্ৰহ কৰিব নোৱাৰে, যাৰ বাবে গছত ফুলি থকা ফুলবোৰ সৰি পৰে ।

নাৰিকল গছত প্ৰতি মাহে এথোপাকৈ ফুল ফুলে বাবে বাৰমাহত বাৰ থোক ফুল ফুলে । আৰু ফুল ফুলাৰ পাছত ফুলৰ পৰা সংযোগ হৈ গৰ্ভধাৰণ হয় । আৰু গৰ্ভধাৰণৰ পৰা নাৰিক পকালৈকে বাৰমাহৰ সময় লাগে ।

এই সময়ছোৱাত নাৰিকল গছে সম পৰিমাণে পানী খাব লাগে । যদি খৰালি কালত গছজোপা পানীৰ অভাৱত ভোগে তেন্তে জাৰকালি ফুলবিলাক সৰি পৰিব ।

বায়ুমণ্ডলৰ উষ্ণতা কমি যোৱা বাবে ফুলৰ পাহি বিলাক মেল নোখোৱা হয় আৰু ফুল বিলাক থোপাতে লাহে লাহে শুকাবলৈ ধৰে ।

সেইবাবে জাৰ কালি চাৰি-পাঁচমাহত ওলোৱা চাৰি-পাঁচটা ফুলৰ থোকৰ পৰা আমি সাধাৰণতে ফল বা নাৰিকল নাপাওঁ ।

কিন্তু-

  • জেঠ,
  • আহৰ,
  • শাওন,
  • ভাদ,
  • আহিন,
  • কাতিমহীয়া গছত ওলোৱা ফুলৰ পৰা গৰ্ভধাৰণ হোৱা আৰু গৰ্ভধাৰণ হৈ ডাঙৰ হোৱা নাৰিকলবোৰৰ বাঢ়ন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয় ।

গতিকে বাঢ়ি থকা নাৰিকলৰ প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাৰ বাবে গছৰ গুৰিত পানীৰ সমতা ৰখাটো বৰ প্ৰয়োজনীয় ।

গৱেষণাৰ পৰা পোৱা গৈছে যে খৰাং বতৰত নাৰিকল গছত প্ৰতি ১০ দিনৰ ব্যৱধানত এবাৰকৈ পানীৰ যোগান ধৰিব লাগে । আৰু তামোল গছত প্ৰতি পোন্ধৰ দিনৰ ব্যৱধানত পানী যোগান ধৰিব লাগে ।

অসমত যিসকল কৃষকে নাৰিকলৰ পৰা যথেষ্ট উৎপাদন পাব বিচাৰে তেখেতসকলে এনেদৰে পানীৰ ব্যৱস্থা কৰিব লাগে ।

যিহেতুকে অসমত কৃষকসকলে ফলমূল আৰু শাক-পাচলি শস্যৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে ।

গতিকে নাৰিকল- তামোলৰ শস্যত গছৰ গুৰিত জীপ ৰাখিবৰ বাবে এবাৰ পানী যোগান ধৰাৰ পাছত বা এবাৰ বৰষুণ পৰাৰ পাছত ধানৰ নৰা, খেৰ, শুকান পাত বা জাবৰ, মেটেকা আদি জাপি দিব লাগে ।

নতুবা বজাৰত উপলব্ধ ক’লা পলিথিন কাপোৰ (৫০ মাইক্ৰম ডাঠ) পাৰি দিব পাৰে । ক’লা পলিথিন কাপোৰ গছৰ গুৰিৰ চাৰিওফালে পাৰি দিলে গছৰ গুৰিত জীপ ৰাখে আৰু বছৰজুৰি বন-বাত গজাত বাধা দিয়ে ।

নাৰিকল গছৰ গুৰিত নাৰিকল ফলৰ বাকলিবোৰ গছৰ চাৰিওফালে লোৰ খান্দি তাত জাপি দিলে প্ৰথমে বৰষুণৰ সময়ত ইহঁতে বহুত পানী শোষণ কৰি লয় ।

মাটিডোখৰ বহুত দিন জীপাল কৰি ৰাখে আৰু ৩-৪ মাহৰ পাছৰ পৰা নিজে পচি গৈ পচন সাৰ দিয়াৰ লগতে পটাছ সাৰৰ যোগান ধৰে । যিহেতুকে নাৰিকলৰ বাকলি জৈৱিক পটাছৰ এটা উৎস ।

তামোল শস্যতো খৰালি কালত পানীৰ যোগান নিয়মীয়া কৰি ৰাখিব লাগে । বিশেষকৈ মাঘ-ফাগুন, চ’ত মাহত গছৰ গুৰিত জীপাল ৰখাটো একান্তই আৱশ্যক ।

নহ’লে, পানীৰ অভাৱত প্ৰথমে জেঠ-আহাৰ মাহত ওলোৱা থোকটো পূৰঠ হ’বৰ সময়ত ভিতৰৰ সাহ অংশ শুকাবলৈ ধৰে কিন্তু পাছত চ’ত-বহাগ মাহত বৰষুণ পৰাৰ লগে লগে পানী ভাগ গছে শোষণ কৰে আৰু শুকাবলৈ ধৰা সাহখিনি ফুলি উঠে আৰু বগা পৰি সোৱাদ নাইকিয়া হয় যাক তামোল-ফুলা বুলি কয় ।

গতিকে মাহেকত দুবাৰ (১৫ দিনৰ ব্যৱধানত) পানী যোগান ধৰিব লাগে । গছৰ গুৰিত যথেষ্ট পৰিমাণে গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে আৰু গোবৰৰ ওপৰত ধান খেৰ বা নৰা, তুঁহ, মেটেকা আদি জাপি দিব লাগে ।

জেঠ মাহত যেতিয়া খৰাং বতৰ হয় তেনে সময়ত তামোল গছত ফুলৰ থোক ওলায় । গতিকে সেই সময়ত গছৰ গুৰিত ভালদৰে পানী যোগান ধৰিব লাগে ।

নহ’লে শুকান অৱস্থাত ফুলৰ থোকৰ পৰা ফুলবোৰ সৰি পৰিব বা পৰাগ যোগ যোৱাত বাধা হ’ব যাৰ বাবে ফল ধাৰণ ক্ষমতা কমি উৎপাদন কম হ’ব ।

তামোল-নাৰিকলৰ গছৰ গুৰিৰ পৰা বাৰিষা কালত সঘনাই বন-বাত নিৰাই থাকিব লাগে । খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে গছৰ ওচৰৰ পৰা বন-বাতবোৰ ভালদৰে নিৰাই দিব লাগে ।

লেখক :- ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস :- দৈনিক জনমভূমি

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top