অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকলৰ খেতি:

নাৰিকলৰ খেতিৰ বিষয়ে লিখা হৈছে

নাৰিকলৰ খেতিৰ বিষয়ে-


পানী জমা নোহোৱা বালিচহীয়া মাটি নাৰিকল খেতিৰ বাবে উৎকৃষ্ট। পুলি ৰোৱাৰ বাবে কিছুদিন আগেয়ে গাঁত খান্দি ল’ব লাগে। গাঁতবিলাকৰ জোখ সাধাৰণতে দীঘল, বহল আৰু দ এক মিটাৰলৈ হ’ব লাগে। গাঁত খান্দোতে ওপৰৰপৰা ৩০ ছেন্টিমিটাৰমান দলৈ থকা সাৰুৱা মাটিখিনি একাঘৰীয়াকৈ ৰাখিব লাগে। খন্দাৰ পিছত শুকান পাত, খেৰ আদিৰে গাঁতটো জ্বলাই পোক-পৰুৱা আদি নষ্ট কৰিব লাগে। গাঁতৰ তলত যাতে পানী জমা নহয় তাৰ বাবে ভঙা ইটা, কলহৰ টুকুৰা, এঙাৰ নাইবা নাৰিকলৰ বাকলি আদিৰে তৰপ এটি কৰিব লাগে। এই তৰপটোৰ ওপৰত ৭-১০ ছেন্টিমিটাৰ ডাঠকৈ বালি বা পলসুৱা মাটিৰ তৰপ এটি কৰিব লাগে। তাৰ ওপৰত প্ৰথমে খান্দি একাষৰীয়াকৈ থোৱা মাটিখিনিৰ লগত পলসুৱা মাটি মিহলাই গাঁতটোৰ ২০-৩০ ছেন্টিমিটাৰ ৰাখি পূৰাব লাগে। মাটিত থকা উই পোক নিবাৰণ কৰাৰ বাবে পুলিটো ৰোৱাৰ আগেয়ে গাঁতটোত ১০০ গ্ৰাম এলেডক্স ৫% ঔষধ চতিয়াই মাটিৰ লগত মিহলাই দিব লাগে। তদুপৰি প্ৰতিটো গাঁতত ২৫ গ্ৰামকৈ সুৱগা মিহলাই ৯ মাহৰ ওপৰৰ বয়সৰ, কমেও ৫-৬ খিলা পাত থকা নোদোকা নিৰোগী পুলিটো গাঁতটোত পুতি প্ৰথমে গাঁত খান্দোতে বেলেগে ৰখা ওপৰৰ মাটি বা পলসুৱা মাটিৰে গাঁতটো ভৰাই লাহে লাহে হেঁচি দিব লাগে। বাৰিষাৰ আগেয়ে পুলি ৰুলে গাঁতটো মাটিৰে পূৰ কৰিব লাগে, যাতে পুলিৰ গুৰিত পানী জমা নহয়। আনহাতে, বাৰিষাৰ শেষৰ ফালে পুলি ৰুলে সমতলৰপৰা ৭-১০ ছেন্টিমিটাৰ তললৈ গাঁতটো মাটিৰে ভৰাব লাগে, যাতে মাটিয়ে পানী ধৰি ৰাখিব পাৰি। পুলিটো ডাঙৰ হৈ অহাৰ পিছত মাটি চপাই গাঁতটো মাটিৰে ভৰাব লাগে, যাতে মাটিয়ে পানী ধৰি ৰাখিব পাৰে। পুলিটো ডাঙৰ হৈ অহাৰ পিছত মাটি চপাই গাঁতটো পূৰ কৰিব লাগে। পুলি ৰোৱাৰ এবছৰৰ পিছৰপৰা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। পুলি ৰোৱাৰ পিছতে পুলিটোৰ গুৰিত অলপ পানী চতিয়াব লাগে আৰু ছাঁ পৰাৰ ব্যৱস্থা কৰিব লাগে। মন কৰিবলগীয়া কথা যে নাৰিকলৰ পুলিৰ দুৰত্ব ৭.৫ মিটাৰ হ’ব লাগে। নাৰিকলৰ ইজোপাৰ পাত সিজোপাৰ পাতত লগ লাগিব নালাগে।

সাৰ প্ৰয়োগ:

 

নাৰিকল গছৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে মূলত: সাৰ প্ৰয়োগৰ ওপৰত। উপযুক্ত আপডাল পালে এজোপা নাৰিকল গছে ৫-৬ বছৰৰপৰা ফল দিবলৈ ধৰে আৰু কমেও ৬০ বছৰ পৰ্যন্ত উৎপাদনক্ষম হৈ থাকে। মন কৰিবলগীয়া কথাটো হ’ল যে লাগনি গছে মাটিৰপৰা যথেষ্ট পৰিমাণে পোষক দ্ৰব্য গ্ৰহণ কৰে। যদিহে নিয়মিতভাৱে সাৰ প্ৰয়োগ কৰা নহয়, তেতিয়াহ’লে মাটিৰ উৰ্বৰা শক্তি লোপ পোৱাৰ লগতে উৎপাদনক্ষমতা হ্ৰাস পায়। সেয়েহে ব্যৱসায় ভিত্তিত কৰা নাৰিকলৰ খেতিত বুজন পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ নিতান্তই আৱশ্যকীয় হৈ পৰে। তালিকা-১ত এজোপা নাৰিকল গছৰ অনুমোদিত জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ উল্লেখ কৰা হ’ল।

তালিকা-১

 

ৰাসায়নিক সাৰ(গ্ৰাম হিচাপত)

১ম বছৰ ৰোৱাৰ ছমাহ পিছত

২য় বছৰ

৩য় বছৰ

৪ৰ্থ বছৰ

৫ম বছৰৰপৰা

ইউৰিয়া

৩০০

৬০০

৯০০

১২০০

১৫০০

একক ছুপাৰ ফছফেট

৫০০

১০০০

১৫০০

২০০০

২৫০০

মিউৰেট অব পটাছ

৩৫০

৭০০

১০৫০

১৪০০

১৭৫০

বৰাক্স

৫০

৫০

৫০

৫০

৫০

 

তালিকাত উল্লেখিত সাৰখিনি সমানে দুই ভাগত ভগাই মাৰ্চ-এপ্ৰিল মাহত এটা ভাগ আৰু আনটো ভাগ ছেপ্টেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে।

সাৰখিনি প্ৰয়োগ কৰাৰ এটা পদ্ধতি আছে। গছজোপাৰ গুৰিৰপৰা বয়স অনুযায়ী ১ মিটাৰৰপৰা ১ মিটাৰ ৭৫ ছেন্টিমিটাৰ দূৰত্বত ১৫-৩০ ছেন্টিমিটাৰমান দ আৰু ১০-১৫ ছেন্টিমিটাৰমান বহল বৃত্তাকাৰ নলা খান্দি তাত সাৰখিনি সমভাৱে ছটিয়াই দি নলাটো মাটিৰে পূৰ কৰি দিব লাগে।

নাৰিকল গছত ৰাসায়নিক সাৰৰ লগতে জৈৱিক সাৰ প্ৰয়োগ কৰাটো সমানে প্ৰয়োজনীয়। মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এজোপা নাৰিকল গছত ২৫-৩০ কিলোগ্ৰামক হিচাপত পচন সাৰ ব্যৱহাৰ কৰিব লাগে। এই পচন সাৰখিনি ৰাখায়নিক সাৰ প্ৰয়োগৰ সময়তে কৰিব লাগে।

 

লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

 

2.86486486486
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top