মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / নাৰ্জী ফুলৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰ্জী ফুলৰ খেতি :

নাৰ্জী ফুলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ জলবায়ুত কৰিব পৰা ফুলৰ ভিতৰত নাৰ্জী ফুল অন্যতম । এই ফুল অবিহনে এখন বাগিচা সম্পূৰ্ণ নোহোৱা যেন লাগে । সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায় । এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে । এই ফুল সাধাৰণতে শীতকালত কৰা হয় যদিও গোটেই বছৰ অৰ্থাৎ ১২ মাহেই ইয়াৰ চাহিদা বজাৰত দেখিবলৈ পোৱা যায় । সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰীষ্মকালীন নাৰ্জী ফুলৰ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিবলৈ গৱেষণা চলাই আছে ।

অসমৰ বহু অঞ্চলত ইতিমধ্যে ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰি বহু নিবনুৱা যুৱক স্বাৱলম্বী হোৱা দেখা গৈছে । সেয়েহে উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি কৃষকসকল উপকৃত হ’ব পাৰে ।

জাত -

সাধাৰণতে নাৰ্জী ফুল দুবিধ- আফ্ৰিকান নাৰ্জী (গছ ওখ জাতৰ আৰু ফুল ১ ৰং হালধীয়া বা কমলা ৰঙৰ) ।

আফ্ৰিকান নাৰ্জীৰ জাতসমূহ :- পুচা নাৰেংগী গেন্ধা, জায়েণ্ট ডাবল, আফ্ৰিকান অৰেঞ্জ, পট অব গ’লড, গলডেন গ্ল’ পুচা বাসন্তী গেন্ধা, ভেলিনা ইত্যাদি ।

ফ্ৰেন্স নাৰ্জী :- এইবিধ ফুলৰ গছ চাপৰ, জোপোহা আৰু ইয়াৰ ফুলৰ আকাৰ সৰু । গছত বহু ফুল ধৰে । ফুলবোৰ মুগা, হালধীয়া, ৰঙচুৱা বা চকলেট ৰঙৰ হয় ।

ফ্ৰেন্স নাৰ্জীৰ প্ৰধান জাতবোৰ হৈছে- হাৰমনী, ৰাষ্টিৰেড, ৰেড, ব্ৰোকেড, ছানগোলড, স্পেনিচ ব্ৰেকেড, ভেলেনেচিয়া ।

হাইব্ৰিড জাত :- ইনকা, মাগেট আদিয়েই প্ৰধান ।

মাটি আৰু জলবায়ু :- নাৰ্জী ফুলৰ খেতি কৰিবৰ বাবে সাৰুৱা বালিচহীয়া পানী জমা নোহোৱা মাটি উত্তম । এই ফুলৰ উচ্চ গুণসম্পন্ন উৎপাদনৰ বাবে বেছি ঠাণ্ডা বা গৰম জলবায়ুৰ প্ৰয়োজন নহয় । নিয়মীয়া জলবায়ুত এই ফুলৰ উৎপাদন ভাল হয় ।

ৰোপণ প্ৰণালী :- নাৰ্জী ফুল সাধাৰণতে বীজৰ দ্বাৰাই বংশ বিস্তাৰ কৰা হয় । কোমল ডাল কাটি ৰোৱা পদ্ধতিৰ দ্বাৰাহে ইয়াৰ উত্তম বংশ বিস্তাৰ হয় ।

বীজৰ পৰিমাণ :- ১.৫ কেজি প্ৰতি হেক্টৰ ।

বীজ সিঁচাৰ বাবে পুলিবাৰীবোৰ ১ মিটাৰ বহল আৰু সুবিধা অনুযায়ী দীঘল হ’ব লাগে । প্ৰয়োজন অনুসাৰে পচন সাৰ ভেটিত দিব ল’ব লাগে (দৈৰ্ঘ্য ৫ মিটাৰ আৰু বহল ১ মিটাৰ ভেটিত ১০ কি:গ্ৰা: অৰ্থাৎ দুপাচি ) । ভেটিৰ মাটি আলতীয়া হ’লে দুপাচিমান বালি মিহলাই ল’ব লাগে ।

ভেটিৰ মাটিডোখৰ মাটিত জন্ম লোৱা বেমাৰৰ পৰা মুক্ত কৰিবৰ বাবে ০.১ শতাংশ কেপ্টান বা ফাইটলেন বা ৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ভেটিটোৰ ১০-১৫ ছে:মি: দলৈকে মাটিখিনি ভালদৰে ভিজি যোৱাকৈ মিহলাই ল’ব লাগে ।

বীজ সিঁচাৰ সময় -

নাৰ্জী ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্টেম্বৰ মাহ । পুলিবাৰীত পুলিবোৰ যেতিয়া ৫-৭ ছে:মি: (দুই –তিনি ইঞ্চি) ওখ হ’ব তেতিয়া পুলিবোৰ বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে । ফ্ৰেন্স নাৰ্জী (চাপৰ জাত) ফুল ১৫ ছে:মি: ৰ পৰা ৩০ ছে:মি: (৬-১২ ইঞ্চি) ব্যৱধানত আৰু ওখ জাতৰ নাৰ্জী (আফ্ৰিকান নাৰ্জী) ৬০ ছে: মি: (২ ফুট )ব্যৱধানত ৰোপণ কৰিব লাগে ।

সাৰ প্ৰয়োগ -

নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথেষ্ট । পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’ব লাগে ।

কিন্তু ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি ২৮ কেজি ইউৰিয়া, ৮৩ কেজি একক ছুপাৰ ফছফেট আৰু ২২ কেজি মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি । উপৰিউক্ত সাৰৰ আধাভাগ ইউৰিয়া (১৪ কেজি), সম্পূৰ্ণভাগ একক ছুপাৰ ফছফেট আৰু পটাছ সাৰ মাটি প্ৰস্তুতকৰণৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া (১৪ কেজি) পুলি ৰোৱাৰ এমাহ পাছত প্ৰয়োগ কৰিব লাগে । অথবা বিঘাই প্ৰতি ১৭ কেজি ইউৰিয়া, ২৮ কেজি ডি এ পি আৰু ২২ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে ।

পৰিচৰ্যা -

নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছে: মি: ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুঁতি গছবোৰ বান্ধি দিব লাগে । গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে । এনেক্ষেত্ৰত ক’লা প্লাষ্টিকৰ আচ্ছাদন ব্যৱহাৰ কৰি সুফল পাব পাৰি । গছত ফুল ফুলাৰ সময়ত বা তাৰ পাছত বৰষুণ আহিলে পানী ওলাই যাব পৰাকৈ সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে ।

শস্য চপোৱা :- ফুলবোৰ দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিবলৈ হ’লে বা গধূলি সময়ত ফুলবোৰ ছিঙিব লাগে । ফুল চপোৱাৰ এদিনৰ আগতে খেতিডৰাত পানী যোগান ধৰিলে ফুলবোৰ বহুদিনলৈ সতেজ হৈ থাকে । ফুলৰ উৎপাদন বঢ়াবলৈ নিয়মিতভাৱে ফুল ছিঙিব লাগে । ছিঙা ফুলবোৰ বাঁহৰ টুকুৰী বা মৰাপাটৰ বেগত ভৰাই বজাৰলৈ যোগান ধৰা হয় ।

উৎস :- অসমীয়া খবৰ

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top