অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেমুৰ খেতি :

নেমুৰ খেতিৰ বিষয়ে লিখা হৈছে ।

নেমু অসমৰ অত্যন্ত জনপ্ৰিয় আৰু সমাদৃত ফল আৰু ৰাজ্যখনৰ সৰ্বত্ৰ ইয়াৰ খেতি হয়। অসমত নেমুৰ উৎপাদন প্ৰায় ৯৮,৪৫০ মেট্ৰিক টন। নেমু ভিটামিন ‘চি’ সমৃদ্ধ ফল।

নেমুৰ জাত -

কাঁজি আৰু গোল নেমু অসমত সকলোতে দেখা যায়। অলপতে কৃষি বিজ্ঞানীসকলে বিক্ৰম, প্ৰুমালিনী, পি কে এম আৰু ছাই চাৰবতি নামৰ চাৰিটা নেমুৰ জাত উদ্ভাৱন কৰিছে।

নেমুৰ উৎপাদন প্ৰযুক্তি -

মাটি:

নেমু পাতল দোমোজা আৰু নিষ্কাসনসম্পন্ন মধ্যম অম্লীয় মাটিত ভাল হয়।

গাঁত তৈয়াৰ:

পুলি ৰোপণ কৰাৰ ১৫-২০ দিন পূৰ্বে ২.৫*২.৫ বা ৩*৩ মিটাৰ দূৰত্বত ৬০*৬০*৬০ ছেন্টিমিটাৰ আকাৰৰ গাঁত কৰিব লাগে।

গাঁতৰ ওপৰৰ মাটিৰ সৈতে ১০-১৫ কিলোগ্ৰাম জৈৱ সাৰ, ২০০ গ্ৰাম এছ এছ পি আৰু ২০০ গ্ৰাম এম অ’ পি সাৰ ভালদৰে মিহলাই গাঁতত দি পানী প্ৰয়োগ কৰিব লাগে।

এই হিচাপত প্ৰতি হেক্টৰ মাটিত ১,১১১ৰ পৰা ১,৬০০ টা পুলিৰ দৰকাৰ হ’ব।

ৰোপণ পদ্ধতি:

নেমুৰ পুলি শাৰীকৈ বা বৰ্গাকাৰ প্ৰণালীত লগালে বাগিচাত আন্ত-পৰিচৰ্যা আৰু ফল সংগ্ৰহ সহজ হয়। পাহাৰীয়া এঢলীয়া মাটিত লাইন বা শাৰীকৈ পুলি লগালে মাটি ক্ষয় কম হয়।

ৰোপণ সময়:

মে’ৰপৰা অক্টোবৰ মাহ পৰ্যন্ত পুলি লগোৱাৰ উত্তম সময়। যদিহে পানী দিব পৰা সুবিধা থাকে, তেন্তে গোটেই বছৰটোৱেই পুলি লগাব পাৰি।

পুলি/কলম ৰোপণ আৰু পৰিচৰ্যা:

গাঁত প্ৰস্তুত কৰাৰ ১৫-২০ দিন পিছত পুলি বা কলম লগাব লাগে। পুলি গাঁতৰ ঠিক মাজভাগত থিয়কৈ লগাব লাগে আৰু পুলিৰ চাৰিওদিশৰ মাটি হাতেৰে চেপি ভালদৰে বহাই দিব লাগে। তাৰপিছত পুলিটো খুঁটিৰ সৈতে বান্ধি দিব লাগে। প্ৰয়োজনত প্ৰতিটো পুলিত পৃথকে বেৰৰ ব্যৱস্থা কৰিব লাগে।

গছত সাৰ প্ৰয়োগ:

পুলি লগোৱাৰ পিছত ভাল ফলন পাবলৈ হ’লে নিয়মিতভাৱে সময়তে সাৰ প্ৰয়োগ কৰিব লাগে। তালিকাৰ বয়স অনুপাতে প্ৰতিজোপা গছত সাৰৰ পৰিমাণ দিয়া হ’ল।

সাৰ প্ৰয়োগ পদ্ধতি:

তালিকাত উল্লিখিত সাৰ সমান তিনি ভাগত গুৰিৰপৰা কিছূ দূৰত ছটিয়াই কোৰেৰে খান্দি বা হালৰদ্বাৰা মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। পাহাৰৰ এঢলীয়া মাটিত ডিবলিং পদ্ধতি অনুসৰণ কৰিব লাগিব।

  • প্ৰথম কিস্তি বৰষুণৰ আৰম্ভণিতে(ব’হাগ-জেঠ),
  • দ্বিতীয় কিস্তি বৰষুণ(ভাদ-কাতি), ছেপ্টেম্বৰ-অক্টোবৰ মাহত আৰু
  • তৃতীয় কিস্তি মাঘ-ফাগুন(ফেব্ৰুৱাৰী)মাহত প্ৰয়োগ কৰিব লাগে।

পানী ব্যৱস্থাপনা:

খৰাং বতৰত ২-৩ বাৰ পানী দিয়া প্ৰয়োজন। পানী আৱদ্ধতা সহ্য কৰিব নোৱাৰা বাবে বৰ্ষাৰ বতৰত বৃষ্টিপাতৰ সময়ত গছৰ গুৰিতে যাতে পানী জমা নহয়, তাৰ বাবে নলা জমা নহয়, তাৰ বাবে নলা তৈয়াৰ কৰি পানী নিষ্কাসনৰ ব্যৱস্থা কৰিব লাগে।

নেমুৰ অন্যান্য পৰিচৰ্যা -

নেমুৰ প্ৰজাপতি পোক:

এইবিধ পোকে পাত খায়। তাৰ ফলত গছৰ উৎপাদন আৰু গছৰ শ্ৰীবৃদ্ধি ব্যাহত হয়।

প্ৰতিকাৰ:

কণী আৰু পোকযুক্ত পাত সংগ্ৰহ কৰি মাটিৰ তলত পুতি বা পুৰি পেলাব লাগে।

ছুমিথিয়ন ৫০ ই চি/লিবাচিড ৫ ই চি ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ১০-১৫ দিনৰ মূৰে মূৰে ২-৩ বাৰ প্ৰয়োগ কৰা অতি প্ৰয়োজন।

গছৰ বয়স(বছৰ)

সাৰৰ নাম আৰু পৰিমাণ

পঁচা গোবৰ(কিঃগ্ৰাঃ)

ইউৰিয়া(গ্ৰাম)

এছ এছ পি(গ্ৰাম)

এম অ’ পি(গ্ৰাম)

১-২

১৫

২০০

২০০

২০০

৩-৫

২০

৪০০

৩০০

৩০০

৬ আৰু তদুৰ্দ্ধ

২৫

৫০০

৪০০

৪০০

 

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top