মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / পিঁয়াজৰ খেতি কৰো আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিঁয়াজৰ খেতি কৰো আহক :

পিঁয়াজৰ খেতি কৰো আহক, সেই বিষয়ে লিখা হৈছে ।

 

মচলাৰ উপৰি পিঁয়াজৰ নানা ঔষধি গুণো আছে । পিঁয়াজৰ কলেৰাৰ ভাইৰাছ আৰু টি বি ৰোগৰ বীজাণু প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে । পাইলছ হ’লে পিঁয়াজ এটা লৈ তাৰ লগত ১০ গ্ৰাম ঘিউ আৰু সমপৰিমাণৰ চেনি মিহলাই খাব লাগে । পিঁয়াজৰ ৰসে বদহজম, কাণৰ বিষ, ডায়েৰীয়া, দাঁতৰ বিষ, ডিপথেৰিয়া, ইনফ্লুয়েঞ্জা দূৰ কৰে । পিঁয়াজ হ’ল হাওঁফাওঁৰ টনিক । বৰলে বিন্ধিলে তাত পিঁয়াজ লগাই দিব লাগে । অসমৰ চৰ-চাপৰি অঞ্চলত পিঁয়াজৰ খেতি বেছিকৈ কৰা হয় । পানী জমা নোহোৱা বালিঅহীয়া মাটি পিঁয়াজ খেতিৰ বাবে প্ৰশস্ত । পিঁয়াজ চপোৱাৰ সময়ত বৰষুণ হ’লে গোটেই কষ্ট অথলে যাব । পিঁয়াজৰ লগতে ঠাৰিৰ চাহিদাও আছে কাৰণে তাৰ পৰাও পইচা পোৱা যায় । পিঁয়াজৰ খেতি শাৰী শাৰীকৈ কৰিলে মাজৰ অংশত দুশাৰী পালেং নাইবা ওলকবি, ফ্ৰেন্সবীন লগাব পাৰি । পিঁয়াজৰ খেতিৰ বাবে শীতকালীন জলবায়ুৰ লগতে ছেপ্টেম্বৰৰ ১৫ তাৰিখৰ পৰা অক্টোবৰৰ ভিতৰতে গুটি ছটিওৱা কাম সমাধা কৰিব লাগিব ।

মাটি শোধন -

ভালদৰে চহাই লৈ মাটিডৰা শেষৰবাৰ প্ৰস্তুত কৰা সময়ত ১০ শতাংশ শক্তিৰ বি এইচ চি পাউদাৰ প্ৰতিবিঘা মাটিত ৪ কি:গ্ৰা: হাৰত প্ৰয়োগ কৰিলে পোক-পৰুৱাই নধৰে ।

বীজ শোধন -

প্ৰতি কিলোগ্ৰাম বীজত ১ গ্ৰাম বেভিষ্টিন নাইবা ৩ গ্ৰাম ইন্দ’ফিল এম-৪৫ মিহলাই শোধন কৰিলে ৰোগে নধৰে ।

যদি মাটিডোখৰত আগতে আলু, বিলাহীৰ খেতি কৰোতে তাত ব্লাইট ৰোগ হৈছিল তেনে মাটিত পিঁয়াজ খেতি নকৰিব । প্ৰতিবিঘা মাটিত ৫ টন পচন সাৰ নাইবা ৩ টন কেঁচুসাৰ প্ৰয়োগ কৰিব । সৰু সৰু চগা পোক হ’লে মালাথিয়ন ৫০ ই চি দৰব ১০ লিটাৰ পানীত ২০ মি: লিটাৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব ।

সাৰ প্ৰয়োগ -

প্ৰতিবিঘা মাটিত পচন সাৰ দিয়াৰ লগতে ইউৰিয়া ১৮ কি:গ্ৰা:, একক ছুপাৰ ফছফেট ৪০ কি: গ্ৰাম আৰু ১০ কি: গ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব । সমুদায় ছুপাৰ, পটাছ সাৰ মাটিত গুটি দিয়াৰ তিনিদিন আগতে আৰু ১২ কেজি ইউৰিয়া সাৰহে প্ৰাথমিক সাৰ হিচাপে মাটিত প্ৰয়োগ কৰক । বাকী তিনি কিলো ইউৰিয়া বীজ সিঁচাৰ ৩০-৪০ দিন পাছত টপড্ৰেছিং কৰিব । লগতে বাকী ৩ কিলো ইউৰিয়া ৬০-৭০ দিন পাছত পাতত স্প্ৰে’ কৰিব ।

জাতসমূহ -

পুচাৰেড, পুচা ৰতনাৰ, পুচা মাধুৰী, অৰকা নিকেতন, এগ্ৰিফাউণ্ড লাইটৰেড, পাঞ্জাব ৰেড ৰাউণ ড, পুচা হোৱাইট ৰাউণ্ড, পুচা হোৱাইট ফ্লেট আদি । পিঁয়াজ ৰোৱাৰ পৰা ৪-৫ মাহ হ’লে চপাবৰ হয় আৰু প্ৰতি হেক্টৰ মাটিৰ পৰা ১৭৫-২২০ কুইণ্টল পিঁয়াজ উৎপাদন পাব পাৰি ।

ৰোৱা পদ্ধতি -

শাৰী শাৰীকৈ বীজ ছটিয়াই ৰুলে প্ৰতি বিঘা মাটিৰ বাবে ৩ কিলো আৰু পুলি ৰোৱা পদ্ধতিত ২.৫ কি: গ্ৰা: বীজ লাগিব । চৰ-চাপৰি আৰু নৈপৰীয়া ৰাইজে পিঁয়াজৰ গুটি ছটিয়াই ৬-৮ সপ্তাহ পাছত পাতলাই দিয়ে । আনহাতে ৬-৮ সপ্তাহ বয়সৰ পিঁয়াজৰ পুলি দুশাৰীৰ মাজত ২০ ছে: মি: আৰু পুলিৰ পৰা পুলিলৈ ১০ ছে: মি: ব্যৱধানত ৰাখি শুকান বা বোকা কৰা মাটিত পুলি ৰোৱে ।

জলসিঞ্চন -

প্ৰতি সপ্তাহৰ মূৰে মূৰে পানী দিব আৰু শস্য চপোৱাৰ ১৫ দিন আগৰ পৰা পানী দিয়া বন্ধ কৰিব । ওপৰৰ ঠাৰি অংশ ডিঙি মেৰিওৱাৰ দৰে কৰিব । চপোৱাৰ পাছত শুকান ঠাৰি-পাত আদি গুচাব । লগতে পচা-আঘাত হোৱা পিঁয়াজ পৃথকে ৰাখিব । পিঁয়াজ চাফা কৰা কাম ছাঁত কৰিব । বায়ু চলাচল কৰিব পৰা বস্তাত পিঁয়াজ মজুত কৰিব । বৰষুণৰ বতৰত শস্য নচপাব ।

শস্য ৰক্ষা -

থ্ৰিপছ পোকে যাতে শস্য নষ্ট কৰিব নোৱাৰে তাৰ বাবে মালাথিয়ন ৫০ ই চি ঔষধ ২০ মিলিলিটাৰ ১০ লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব । এনে ঔষধ মিশ্ৰিত পানী প্ৰতিবিঘাত ৫০ লিটাৰ প্ৰয়োগ কৰিব । আনহাতে গছৰ কোনো অংশত পচা ৰোগ হোৱা দেখিলে ইন্দ’ফিল এম-৪৫ বা কেপটাফ ঔষধ ১০-২০ গ্ৰাম ১০ লিটাৰ পানীত গুলি স্প্ৰে’ কৰিব । মনত ৰাখিব কীটনাশক প্ৰয়োগ কৰাৰ ১০-১৫ দিনলৈ শস্য নচপাব বা নাখাব ।

ভালদৰে পিঁয়াজৰ খেতি কৰিলে বিঘাই প্ৰতি ২৫-৩০ কুইণ্টল উৎপাদন পাব পাৰি ।

উৎস :- অসমীয়া খবৰ

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top