অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আম খেতি

আম খেতি

সচঁ

লেঙেৰা , মালদহ , গোলাপ খাছ , কৃষ্ণভোগ ,ডুচেহেৰী , ফজলি , মল্লিকা আৰু আমৰাপালি ।

মাটি নির্ব্বাচন

সকলো ধৰণৰ মাটিয়েই আমৰ বাবে উপকাৰী যদি দৈ লকে থকা পলসুৱা মাটিয়েই উত্কৃষ্ট ।

প্রজনন

অঙ্গজ প্রজনন পদ্ধতি যেনে জোৰা কলম বা ইনচিং (Inarching) আৰু ভিনিয়েৰ জোৰা কলম(Veneer grafting) দ্বাৰা তৈয়াৰ কৰা পুলিহে জুলাই মাহত ৰোৱাৰ বাবে উপযুক্ত।

ৰোৱাৰ সময় : আম পুলি সদায় বাৰিষা কালত ৰোব লাগে ।সাৰ প্রয়োগ

ফল নধৰা অৱস্থাতে বছৰ (প্রতিজোপাত /বছৰি ) ফলধৰা গছ / প্রতিজোপাত বছৰি পুৰণি গছত / প্রতিজোপা বছৰি
১০-১৫ কি: গ্রাম পচন সাৰ ২০ -২৫ কি: গ্রাম পচন সাৰ ৫০-৬০ কি: গ্রাম পচন সাৰ
৭৩ গ্রাম নাইট্রজেন ৭৩০ গ্রাম নাইট্রজেন ১ কি:গ্রাম নাইট্রজেন
১৮ গ্রাম ফচফৰাচ ১৮০ গ্রাম ফচফৰাচ ০.৫ কি: গ্রাম ফচফৰাচ
৬৮ গ্রাম পটাছ ৬৮০ গ্রাম পটাছ ১ কি: গ্রাম পটাছ

পুৰণা গছত ৩ শতাংশ ইউৰীয়া এটা স্প্রে কলম দিয়াৰ পিচত প্রয়োগ কৰিলে ভালফল পোৱা যায় ।

পৰিচর্য্যা

ফল নলগা গছত যদি পুলি ৰোৱাৰ ২ -৩ বছৰৰ পিছত ফুল ফুলিছে তেন্তে ফুলবোৰ চিঙি দিব লাগে তেতিয়াহে পাছৰ বছৰবোৰত ফল বেছিকৈ লাগে । গছৰ গুৰিৰ পৰা নতুনকৈ লহপহকৈ বাঢ়ি অহা পোখাবোৰ গুৰিতে কাটি দিব লাগে ।

শস্য চপোৱা

ৰোৱাৰ ৪ বছৰৰ পিছত গছত ফল ধৰে আৰু জুনৰ পৰা আগষ্ঠ মাহৰ ভিতৰত ফলবোৰ চিঙিব লাগে ।

উত্পাদন

১০ বছৰ পুৰণি গছে ৪০০ -৬০০ টা মান ফল উত্পাদন কৰে আৰু ২০ বছৰ অথবা বেছি পুৰণি গছে ২০০ - ২৫০ টা ফল উত্পাদন কৰে ।

শস্য ৰক্ষা

১. ভাল ঘোণে খোৱা পোক (Stem baver)

এডোখৰ মাহত কেৰাচিন তেলত ডুবাই গছৰ পোকে ফুটা কৰা ঠাইত সোমোৱায় দিব লাগে ।

২. আমৰ হপাৰ অথবা জপিয়াই থকা পোক

০.১ শতাংশ মালাথিয়ন ঔষধৰে গছজোপাত স্প্রে কৰিব লাগে ।

৩. ৰঙা পৰুৱা

৫ শতাংশ মালাথিয়ন পাউদাৰ আৰু চালফাৰ ২:১ অনুপাতত মিহলি কৰি প্রয়োগ কৰিব লাগে ।

৪. ফলৰ শাহ খোৱা পোক 

(ক) এই পোক নিবাৰণৰ বাবে ০.১ শতাংশ মালাথিয়ন অথবা ডেলটামিথ্রিণ (Deltamethrien) অথবা ০.০১ শতাংশ এন্দ'চালফান (Endosulfan) ঔষধ স্প্রে কৰিব লাগে ।

(খ) গছৰ গুৰিটোত মাটিৰ পৰা কিছু অংশ ওপৰলৈকে চুপাৰ প্রলেপ জানিব লাগে , মাটিডৰাত কোৰ আদি মাৰি চাফা কৰি ৰাখিব লাগে।

(গ) ৰাসায়নিক দ্রব্যৰ প্রয়োগ আৰু সাংস্কৃতিকভাবে (Cultural practice) দমণ কৰা প্রণালী দুয়োটায়ে একেলগে প্রয়োগ কৰিব লাগে।

(৫) গোলপীয়া বেমাৰ (Pink disease) আৰু এনথ্রেকন'জ (Anthracnose) : তাম্রযুক্ত ঔষধ যেনে বেভিষ্টিন , ব্রাইটন বা কেপেটান ঔষধৰ ০.২ শতাংশ শক্তিৰ মিশ্রণ ১ সপ্তাহৰ ব্যৱধানত ২- ৩ বাৰ প্রয়োগ কৰিব ।

(৬) আমৰ বৃকিতি বেমাৰ (Mango malformation) : এই বেমাৰৰ দ্বাৰা আক্রান্ত ফলবোৰ চিঙি দিব লাগে আৰু গছজোপাই এন এ এ (NAA) নামৰ হৰমোন ২০০ পি পি এম মিশ্রণে তৈয়াৰ কৰি গছত স্প্রে কৰিব লাগে ।

(৭) ফলসৰা (Fruit drop) : সম্পূর্ণ ফুল ফুলাৰ সময়ত ২,৪ ডি হৰমেণেৰে গছ জোপাত স্প্রে কৰিব লাগে । প্রথমবাৰ স্প্রে কৰাৰ প্রায় ২ মাহৰ পিছত আকৈ এবাৰ স্প্রে কৰিব লাগে ।

লাভ আৰু খৰচৰ অনুপাত : ৪:১০ ফল ধৰা গছৰ বাবে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate