অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম মাটিত অধিক পুলি ৰোপণৰ কল খেতি

কম মাটিত অধিক পুলি ৰোপণৰ কল খেতি

কলৰ খেতি কম মাটিত অধিক পুলি ৰোপণেৰে উৎপাদন বঢ়াব পৰা যায় ৷ চাপৰ আৰু ওখ দুইবিধ জাতেই অধিক পুলি ৰোপণৰ বাবে উপযোগী৷ কলখেতি কম মাটিত অধিক পুলি ৰোপণেৰে কৃতকাৰ্য্যতাৰে কৰিব পৰাৰ মূলতে সুচৰুৰূপে অপতৃণ নিয়ন্ত্ৰণৰ লগতে সাৰ, পানী, ঔষধ আদিৰ সদব্যৱহাৰ কম মাটিতে অধিক পুলিৰে কলখেতি কৰিব পৰা কৃষি প্ৰণালী উল্লেখ কৰা হ'ল৷

জাত নিৰ্বাচন

(ক) চাপৰ জাত জাহাজী৷

(খ) মধ্যমীয়া, ওখ জাত-বৰ জাহাজী, মালভোগ৷

পুলি নিৰ্বাচন

তৰোৱাল আকৃতিৰ পাতৰ পোখা পুলি ৪-৬ মহীয়া বয়সৰ ২ কিলোগ্ৰাম ওজনৰ নিৰ্বাচন কৰিব লাগে৷

পুলি প্ৰস্তুত কৰণ আৰু শোধন

নিৰ্বাচিত পুলিৰ আলুৰ পৰা একফুট ওপৰত কাটি পৰিষ্কাৰ কৰি বোকাৰে প্ৰলেপ দি ফুৰাডন নামৰ দানা জাতীয় ঔষধ বিধ প্ৰতি পুলিত প্ৰলেপ দিয়া অংশত ২০ গ্ৰামকৈ চতিয়াই শোধন কৰা উচিত ৷

মাটি নিৰ্বাচন

পানী জমা নোহোৱা আৰু পানী ওলাই যোৱাৰ সুবন্দবস্ত থকা ওখ, জৈৱিক সাৰ থকা সাৰুৱা মাটি নিৰ্বাচন কৰিব লাগে ৷

পুলি ৰোপণ আৰু ৰোপণৰ  ব্যৱধান

১) ৪৫ চে:মি: দ, বহল আৰু দীঘল গাঁত ওপৰৰ মাটিৰ লগত ১২ কি:গ্ৰা: অৰ্থাৎ দুপাচি শুকান গোবৰ মিহলাই পূৰ্ণ কৰিব লাগে ৷

২) মাৰ্চ মাহৰ পৰা মে মাহলৈকে পুলি ৰোৱাৰ উপযুক্ত সময় ৷

৩) পুলিৰ ব্যৱধান ১.০ মি: শাৰীৰ ১.২ মি: আৰু ভেটিৰ দূৰত্ব ২.০ মি: কৈ চাপৰ জাহাজী আৰু মালভোগ কলত (প্ৰতি হেক্টৰত ৬২৫০ টা পুলি) আৰু বৰজাহাজীৰ বাবে পুলিৰ ব্যৱধান ১.২ মি: আৰু শাৰীৰ ব্যৱধান ১.৮ মি: (প্ৰতি হেক্টৰত ৪৬২৯ টা পুলি) ৰাখিব লাগে ৷

সাৰ প্ৰয়োগ

প্ৰতি জোপা গছত ২১০ গ্ৰা: ইউৰীয়া সাৰ আৰু ৫৫০ গ্ৰা: মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে৷

একক চুপাৰ ফচফেট প্ৰতি জোপা গছত সমুদায় ২০৬ গ্ৰাম ৰোৱাৰ ৩ মাহৰ পাচতে প্ৰয়োগ কৰা প্ৰয়োজন ৷ সাৰ গছৰ গুৰিৰ পৰা ৬০-৯০ চে:মি: গুলাকৃতিৰ  ১৫ চে:মি: দ আৰু বহল নলাত সমভাবে চতিয়াই দিয়া উচিত ৷

পানী যোগান

গছৰ বৃদ্ধিৰ প্ৰথমচোৱাত ডিল আৰু ফল ধাৰণৰ সময়ত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ

পুলিৰোৱাৰ ৯ মাহলৈকে বাৰীখনৰ অপতৃণ  নিয়ন্ত্ৰণ কৰা উচিত ৷ বাৰীখনত মাহজাতীয় শস্য সিঁচি মাটিত মিহলাই দি অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷

পৰিচৰ্য্যা

১) ডিল ওলোৱাৰ আগলৈকে পোখা পুলি কটা আৰু ডিল ওলোৱাৰ পাচত এটা বা দুটাকৈ পোখা পুলি প্ৰতি গছত ৰাখিব লাগে ৷

২) বাৰিষাৰ সময়ত গছৰ গুৰিত মাটি চপাব লাগে ৷

৩) শুকান আৰু মৰি যোৱা পাত পৰিষ্কাৰ কৰিব লাগে ৷

৪) গছত ঢোকা দিব লাগে ৷

৫) শীতৰ সময়ত পলিথিন মোনৰে কলৰ থোকৰ আবৰণ দিব লাগে ৷

পোক নিয়ন্ত্ৰণ

পাত আৰু ফল আচোঁৰা পোক গা-গছ বিন্ধা কৰা পোকে এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে আৰু মোৱা পোকে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈকে বেচি উপদ্ৰব কৰে ৷ শতকৰা ০.০৫ ভাগ শক্তিৰ ‘মনকটফচ’ স্প্ৰে কৰি মোৱা পোক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

বেমাৰ নিয়ন্ত্ৰণ

পাতত দাগ পৰা বেমাৰ প্ৰতিৰোধৰ বাবে শতকৰা ০.১ ভাগ শক্তিৰ ‘বেভিচটিন’ নামৰ ঔষধ স্প্ৰে কৰিব লাগে ৷ মুজুৰা পৰা বেমাৰ দেখা পালে প্ৰথম অৱস্হাতে গছ উভালি ধ্বংস কৰাৰ লগতে মোৱা পোক নিয়ন্ত্ৰণৰ ব্যৱস্হা লোৱা উচিত৷

ফল চপোৱা আৰু উৎপাদন

গছৰ ওপৰৰ পাত মৰি যোৱা আৰু কলৰ সীৰ বোৰ নাইকিয়া হোৱাৰ পাচতে প্ৰথম আশীৰ পৰা ২২.৫ চে:মি: ওপৰত আৰু তলৰ আশীৰ ৫ ছে:মি: তলতে কল গছ চপাব লাগে৷ জাত অনুযায়ী উৎপাদন চাপৰ জাহাজী ১০৪ টন, মালভোগ ৫৫ টন আৰু বৰ জাহাজী ৭.০ টন প্ৰতি হেক্টৰ মাটিত আধিক পুলি ৰোপণৰে পাব পৰা যায়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate