অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল খেতিৰ প্ৰতিপালন

কল খেতিৰ বাবে কলপুলি নিৰ্বাচন নিৰোগী মাতৃগছৰ পৰা কৰিব লাগে। বাছনি কৰা পুলিবোৰৰ গুৰিটো শকত, আগফালে চিঞাপৰা আৰু পাতবোৰ তৰোৱালৰ দৰে হোৱা দৰকাৰ। পুলিবোৰ এফুটমান ওপৰত হেলনীয়াকৈ কাটি কলৰ মূঢ়াটো বোকাপানীত লেটিয়াই প্ৰতিটো মূঢ়াত ৪০ গ্ৰামকৈ ফুৰাডন ছটিয়াই দিব লাগে। কল ৰোৱাৰ এমাহ আগতে ৪৫ ছেঃ মিঃ বহল আৰু ৪৫ ছেঃ মিঃ বহল আৰু ৪৫ ছেঃ মিঃ দীঘলকৈ নৰ্দিষ্ট ব্যৱধানত গাঁতবোৰ খান্দি ৰুব লাগে। চাপৰ জাতৰ কলৰ বাবে দীঘে-প্ৰস্থই ১.৮ মিঃ, মধ্যমীয়া জাতৰ বাবে ২.১ মিঃ আৰু ওখ জাতৰ বাবে দীঘে-প্ৰস্থই ২.৪ মিঃ অন্তৰে অন্তৰে পুলিবোৰ লগাব লাগে। পুলিবোৰ লগাওঁতে গাঁতৰ ওপৰভাগ কাছ পিঠিয়া কৰি ৰাখিব লাগে। ১০ কিলোগ্ৰাম পচন সাৰ পুলি ৰোৱাৰ সময়ত দিব লাগে। পুলি ৰোৱাৰ ৩ মাহ পাছত ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাছ ২ ফুট আঁতৰত একে পদ্ধতিত প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ সময়ত মাটিত জীপ থকা দৰকাৰ। কল খেতিৰ মাজৰ অপতৃণবোৰ আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিলে পোক-পৰুৱাৰ আক্ৰমণ কমে। খৰাং বতৰত মাহত দুবাৰকৈ জলসিঞ্চন কৰাটো দৰকাৰ।

Help


কলৰ খেতিৰে স্বাৱলম্বী এখন ঠাই

কল গছৰ গুৰিত ওলোৱা পুলিবোৰ মূল গছজোপাৰ কলডিল নোলোৱালৈকে উভালি পেলাব লাগে। কলডিল ওলোৱাৰ পাছত এটাহে পোখা ৰাখিব লাগে। কলৰ থোক সম্পূৰ্ণকৈ ওলোৱাৰ পাছত থোকৰ পৰা ৪-৫ ইঞ্চিমান তলত কলডিলটো কাটি দিব লাগে। কল চপোৱাৰ এসপ্তাহৰ পাছত গছজোপা কাটিলে গছত থকা সাৰ অংশ পুনৰ মাটিলৈ উভতি আহে। কলৰ থোকবোৰ শুকান কলপাতেৰে ঢাকি দিলে কলবোৰ সূৰ্যৰ তাপত পুৰি নাযায়। কলৰ বাৰীখনত ধান খেৰ, তুঁহ, শুকান মেটেকা আদিৰে তৰপ দিলে বন-বাত কম হয় আৰু মাটিৰ উৰ্বৰা শক্তি বাঢ়ে আৰু উষ্ণতাৰ তাৰতম্য নহয়। ফলত গছৰ শ্ৰী বৃদ্ধি হয় আৰু উৎপাদন বাঢ়ে।

কলগছৰ বেমাৰ আৰু নিৰাময় ব্যৱস্থা

পানামা বেমাৰ

পাতবোৰ হালধীয়া হয় আৰু মূল গা-গছজোপাৰ ওচৰতে ভাগি হাউলি –পৰে আৰু শেষত গছজোপা মৰি যায়। আক্ৰান্ত গছজোপা মূঢ়াৰে সৈতে উভালি পেলাব লাগে আৰু বাৰীখনত পানী ওলাই যাব পৰা ব্যৱস্থা কৰিব লাগে। ১ শতাংশ বৰড’মিক্সাৰ বা ০.০৫ শতাংশ বেভিষ্টিন মাটিত দিলে সুফল পোৱা যায়।

বান্সী টপ

পাতবিলাক সৰু, ঘন আৰু হালধীয়া পৰিবলৈ ধৰে। পাতবিলাক থুপ খাই জটা বন্ধাৰ নিচিনা হয়। আক্ৰান্ত গছজোপা মূঢ়াৰ সৈতে উভালি শুকুৱাই পুৰি পেলাব লাগে। আক্ৰান্ত নোহোৱা গছবোৰত ০.১ শতাংশ ৰগৰ বা নুভাক্ৰণ প্ৰয়োগ কৰিব লাগে।

চিগাট’কা

এইবিধ বেমাৰত পাতবিলাকত মাকো আকৃতিৰ ঘন মুগা বৰণৰ দাগ পৰে আৰু লাহে লাহে শুকাই যায়। ০.১ শতাংশ বেভিষ্টিন প্ৰতি এমাহৰ অন্তৰে অন্তৰে বেমাৰ দেখা দিয়াৰ পৰা আৰম্ভ কৰি ৪ বাৰ দিলে সুফল পোৱা যায়।

পোক-পৰুৱা নিয়ন্ত্ৰণ

কলগছত ফলৰ বাকলি খোৱা পোক, গা-গছ ঘূণে খোৱা পোক, শস্যকৃমি আৰু মূঢ়া ঘুণে খোৱা আদি পোকে আক্ৰমণ কৰি যথেষ্ট ক্ষতি কৰে। বাকলি খোৱা পোকে আক্ৰমণ কৰিলে কলৰ বাকলিবোৰত ক’লা দাগ পৰি খহটা হয়। ফলত কলৰ মূল্য বজাৰত কমি যায়। মালাথিয়ান ৫০ ই চি ০.১ শতাংশ কলডিল ওলোৱাৰ লগে লগে আৰু আষি ওলোৱাৰ পাছত এবাৰকৈ স্প্ৰে’ কৰিব লাগে। ইয়াৰ উপৰি মৰাপাটৰ পাতল বস্তা দুয়োমূৰ খোলা কৰি কলডিল ওলোৱাৰ লগে লগে থোকটো ভৰাই দুয়োমূৰ গাঁঠি দিব লাগে। প্ৰতি ২-৩ দিনৰ মূৰে মূৰে তলৰ গাঁঠিটো খুলি ভিতৰৰ জাবৰবোৰ চাফা কৰিব লাগে। কলথোক সম্পূৰ্ণ ওলোৱাৰ পাছত বেগখন আঁতৰাই দিব লাগে।

গা-গছ ঘূণে খোৱা পোকৰ দ্বাৰা আক্ৰান্ত গছজোপাৰ পাতবিলাক হালধীয়া পৰে আৰু আক্ৰমণ কৰা অংশ গেলিবলৈ ধৰে। মালাথিয়ান ৫০ ই চি ঔষধ চাহ চামুচেৰে এচামুচ ১০ লিটাৰ পানীত মিহলাই ছটিয়ালে ভাল ফল পোৱা যায়।

শস্যকৃমিৰ পৰা ৰক্ষা পাবলৈ পুলি ৰোৱাৰ আগতে মূঢ়াটো বোকাত লেটিয়াই ৪০ গ্ৰাম ফুৰাডন প্ৰতিটো মূঢ়াত দিব লাগে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate